নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 26, 2021

নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩৮ ) : Assamese Storyboard

Assamese Storyboard


প্ৰেম হেনো অন্ধ। প্ৰেমে নামানে একো। নামানে সমাজৰ নিয়ম, নামানে বয়স,নামানে প্ৰতিদান, নামানে প্ৰাপ্তি, নামানে ঐশ্বৰ্য-বিভূতি( Assamese Storyboard )। কিন্তু এইয়া কি প্ৰেম....! কেৱল কেইটামান পইছাৰ বাবেই জানো এজন মানুহে আন এজনৰ হৃদয়ৰ লগত খেলিব পাৰে। ভৰিৰে মোহাৰি চিৰচ্ছেদ কৰিব পাৰে জানো আনৰ মৰম, অনুভৱক। মনত দস্তাবেজত আপ্লুতাৰ অভাৱত পৰি ই যেন মাতাল সুৰাৰ ঘাটিত পৰিণত হৈছে। জাহ যাবলৈ ধৰিছে প্ৰেমৰ ওপৰত থকা বিশ্বাস,, শেষ হ'বলৈ ধৰিছে সকলো। কিয় কৰে মানুহে এনেকুৱা? কিয় কৰে প্ৰতাৰণা,, কি আহে এনেকুৱা সময়,,?"


"সময়ৰ গভীৰতা বুজি পোৱা

সচাঁ মৰমক চিনি পোৱা,

আনক সপি দিয়া নিজৰ হৃদয়

নৌকাত এৰি দিয়া এসোপা ব‍্যথা।"


      জীৱনৰ চন্দে চন্দে লুকাই আছে এক শিক্ষা। কিন্তু ইয়াক আহৰণ কৰিব জানিব লাগিব। নহ'লে ইয়াৰ বিপৰীত অৰ্থ বুজিলে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ'ব। আনৰ জীৱনৰ নেশ্বপট চোৱা সহজ,, আনৰ মৰ্মান্তিক ঘটনাবোৰ শুনাটো উজু কিন্তু সেইবোৰ যেতিয়া নিজৰ লগত হ'বলৈ ধৰে তেতিয়াহে ভয়ংকৰ বৰ্তমানৰ স্বৰূপ জনা যায়। মানুহে প্ৰেম কৰিব লাগে,কিন্তু চকু মেলি। যাতে আপোনাৰ প্ৰেমে আপোনাক প্ৰতাৰণা কৰিব নোৱাৰে ইয়াৰ প্ৰতি সজাগ হ'ব লাগে।


ৰিদিপ্ত যোৱাৰ পিছত মানসী নিজৰ কোঠাটোলৈ সোমাই দৰজাখন বন্ধ কৰি দিলে। অলপ সময়লৈ একো সাৰ-সুৰ নাই। যেন এটা ডাঙৰ বৌমা হে বিষ্ফোৰণ হ'ল। সম্পূৰ্ণ নিতাল। 


-"দদাইদেউ মই গৈ থাকোঁ দিয়ক।"

-"ভাল বাৰু যা তেন্তে।"

-"নবৌ আহিছোঁ।"

-"যোৱা।"


এতিয়া সকলো গ'ল তাইৰ জীৱনৰ পৰা। মাথোঁ থাকিল তাইৰ একমাত্ৰ মা-দেউতাক। নিজৰ হৃদয় খনেই আজি তাইক প্ৰতাৰণা কৰিলে। ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? আজি তাই অঞ্জলি হ'ল প্ৰতাৰণাৰ,, নিৰ্মালি হ'ল প্ৰবঞ্চনাৰ আৰু বা কি হ'বলৈ বাকী আছে? বিছনাতে পৰি তাই কান্দিবলৈ ধৰিলে। ভাবিবলৈ ধৰিলে ৰিদিপ্তৰ লগত কটোৱা মধুলগন বোৰৰ কথা,,, তাৰ সৈতে দেখা দিচাং নদীৰ পাৰত বহি দেখা সোণালী ভৱিষ্যতৰ কথা। আৰু আজি সিয়েই.... মনত পৰিল তাইৰ যেতিয়া সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল তেতিয়া তাই প্ৰথমতে অপ্ৰস্তুত হৈছিল। সেয়া দেখি সি তাইৰ মনটো ভাল লগাবলৈ কৈছিল----


"চৰাই যায় বাহলৈ,, ৰাতি বাহত শুবলৈ;

মাইনা তোমাক ভাল পাওঁ বিদ‍্যা কচম সচাঁকৈ।"

(ইন্টাৰনেটৰ পৰা সংগ্ৰহীত)


     কথাটো শুনিয়েই তাইৰ একেবাৰে লাজতে লাজুকী লতা হৈ পৰিছিল। কুচিমুচি তাৰ বুকুত তাইৰ সোমাবলৈ মন গৈছিল। আজিও তাইৰ সেই বাক‍্যষাৰ মনত পৰিল। কিন্তু আজি তাইৰ হাঁহি নুঠিল। কথাষাৰে তাইক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে। আৰু নোৱাৰে তাই সহ‍্য কৰিবলৈ। সহ‍্যৰো এটা সীমা থাকে‌। তাইৰ সহ‍্যৰ মথাউৰি চিঙি কোমল দেহৰ ভাজে ভাজে বানপানী হ'বলৈ ধৰিলে। সপোনৰ দেশত ৰাণী হৈ থকা ছোৱালীয়ে জনী আজি সম্পূৰ্ণ অকলশৰীয়া অনুভৱ কৰিছিল প্ৰথমবাৰৰ বাবে।


-"মাজনী দৰজাখন খোলাচোন,,......খোলা আকৌ !"

.............

কি কৰি আছা ইমান সময় ভিতৰত ওলাই আহা বাহিৰলৈ। মাজনী....... মাজনী......"


     নাই তাইৰ কোনো সহাঁৰিয়েই নাই,,। সম্পূৰ্ণ অগ্ৰাহ‍্য কৰিছে আজি তাই মাকক,, বাপেকক আৰু সকলোকে‌। দৰজাখনটো খোলা নায়েই এষাৰি মাতো মাতা নাই তাই। লাহে লাহে মাকৰ চিন্তা বাঢ়িবলৈ ধৰিলে। "কিবা নকৰিবলীয়া কামটো কৰা নাইটো তাই?" খিৰিকীৰে তাইৰ ৰুমৰ ভিতৰত আন চাবলৈ চেষ্টা কৰিলে যদিও পৰ্দাখন ভিতৰৰ পৰা মেলা হৈ আছিল বাবে একো নেদেখিলে। সেইটো দেখি তেওঁৰ আৰু চিন্তা হ'বলৈ ধৰিলে‌। "তাই আত্মহত্যা কৰা নাইটো?" লগে লগে তেওঁৰ মনলৈ জিয়েকৰ মৃত্যুৰ দৃশ্যটো দৃশ্যমান হ'বলৈ ধৰিলে( Assamese Storyboard )


"এটা মৃত শৰীৰ,, ফেনখনত উলমি আছে। চকুকেইটা সম্পূৰ্ণ ৰঙা। এখন কাপোৰেৰে ডিঙিটো আৰু ফেনখন সংলগ্ন কৰি বন্ধা। এটা জীৱনৰ পৰিসমাপ্তি। মৃত্যুৰ দুৱাৰখন লাহেকৈ খোল খাইছে। বহুত মানুহ গোট খাইছে। কেইজনমানে তাইৰ শৰীৰটো ওপৰৰ পৰা নমাই আনিছে। পুলিচ আহিছে। তাইৰ বাপেকে কান্দিছে,, দিপজ‍্যোতিয়ে কান্দিছে,, তেওঁ নিজেও কান্দিছে। অলপ সময়ৰ পিছতে বগা কাপোৰেৰে তাইৰ শৰীৰটো ঢাকি কিবা এখনত উঠাই গাড়ীত হস্পিতাললৈ লৈ গৈছে। পোছমৰ্টন কৰিব। এবেলাৰ পিছতে আকৌ সেইখন গাড়ীতে তাইক লৈ আনিছে। এনেই সাজেৰে,, বগা কাপোৰেৰে আবৃত তেওঁৰ গৰ্ভত দহমাহ দহদিন থিতাপি লোৱা সেই কণমানিজনীক। হেৰুৱাই পেলালে তেওঁ চিৰদিনলৈ তাইক। এতিয়া কেৱল তাইক তেওঁ ফ'টোতহে চাব পাৰিব। কান্দি কান্দি তিনিও অৱশ হৈ পৰিছে। আজিৰ পৰা কোনে তেওঁক ইটো নাখাওঁ সিটো নাখাওঁ বুলি ক'ব,, আজিৰ পৰা তেওঁ কাৰ চুলিত তেল ঘঁহিব? কাৰ লগত ভাত খাবলৈ দিনটো অপেক্ষা কৰি থাকিব? ইত্যাদি ইত্যাদি কথাবোৰে তেওঁক হতভম্ব কৰিলে। গাড়ীখনৰ পৰা নামিয়েই চোতালৰ তুলসী জোপাৰ কাষতে তাইৰ মৃতদেহটো থৈছে। ধূপ-ধূনা, ফুলেৰে নধৰা হৈ পৰিছে। অলপ পিছত ধূতি আৰু চেলেং কাপোৰ পিন্ধি বাপেক আৰু ককায়েকে ওলাই আহি চাঙীখন কান্ধত তুলি লৈ মৰিশালীলৈ যাত্ৰা কৰিছে। তেওঁ পাগলীৰ দৰে হৈ পৰিছে। দীঘল চুলিসোপা আউলী-বাউলি হৈ পৰিছে। সেন্দূৰৰ ফোটটোৱে গোটেই কপালত ৰাঙলী কৰি তুলিছে। চিঞৰি চিঞৰি হাত মেলি মেলি তেওঁ কৈছে--- "ঐ নিনিবি মোৰ ছোৱালীজনীক,, ঘূৰাই আন তাইক,, ঐ শুনিছনে নাই মই কি কৈছোঁ ঘূৰাই আন তাইক,,!"


-"চন্দনা, চন্দনা কি হৈছে তোমাৰ?"

-"হা.... মাজনী মাজনী...." গিৰিয়েকৰ মাত শুনিয়েই তেওঁৰ ভুল ভাঙিল। 

-"কি হ'ল মাজনীৰ?"

-"তাই দৰজাখন খোলা নাই? অথনিৰে পৰা মই তাইক মাথি আছোঁ।"

-"মা,,,"

    

       পিছফালৰ পৰা মানসীয়ে আহি তেওঁক আকল মাৰি ধৰিলেহি। "মাজনী" বুলি কৈ তেঁৱো তাইক আকল মাৰি ধৰিলে।


=======================================


-"ঠিক আছে ওলাই যাম মই এইখন ঘৰৰ পৰা নাথাকো আৰু তহঁতৰ নিচিনা কুলাংগাৰ পুত্ৰৰ লগত মই।"


-"আৰে যোৱা যোৱা,, এনেই বকি থাকিব নালাগে।"


তাৰপিছত আইতা ঘৰৰ পৰা ওলাই গৈছিল। এবাৰো হেনো উভতি নাহিল। ইমান ৰাতি ক'লৈ তেওঁ,, কি হ'ল তেওঁৰ,, ? এইবোৰ কিছুদিনৰ পিছতহে মাঁহতে গম পাইছিল। আচলতে মাহঁতে ভাবিছিল আইতা সোনাকালেই উভতি আহিব ,ক'তনো যাব তেওঁ? তেওঁলোকৰ বাহিৰেনো আইতাৰ আছে কোন? অলপ অভিমান কৰিছে কিন্তু অতি সোনকালে সেইবোৰ ভাঙি যাব। আকৌ তেওঁ উভতি আহি আগৰ দৰেই থাকিব।


 কিন্তু আইতা বহুত স্বাভিমানী আছিল। সেই যে তেওঁ ওলাই গ'ল এদিনো আৰু উভতি নাহিল। আইতা ঘৰৰ পৰা যোৱাৰ এসাপ্তাহৰ পিছৰ কথা-- তেতিয়া মোৰ অৱস্থা লাহে লাহে ভাল হ'বলৈ ধৰিছিল। ডাক্তৰে কৈছিল আৰু এসপ্তাহমানৰ পিছতে মোক লৈ যাব পাৰিব বুলি। কিন্তু ক'লৈ নিব সেইটোও এটা ডাঙৰ প্ৰশ্ন! কিন্তু সত‍্যহতে মই ঠিক হৈ লওঁচোন বাৰু সেইটোৱেই আটাইতকৈ ডাঙৰ কথা। আনফালে আইতা তেতিয়াও উভতি নহা দেখি মাহঁতৰ চিন্তা বাঢ়িবলৈ ধৰিছিল। তেনেতে এদিন দেউতাই টি.ভি চাই আছিল তেতিয়া তেওঁ গম পালে যে গুৱাহাটীৰ ভৰলুৰ পাৰত বস্তাত কাটি কাটি মুঠ নটা মান টুকুৰা কৰি থোৱা এটা মৃতদেহ পোৱা গৈছে। মৃতদেহটোৰ পৰা উদ্ধাৰ কৰা বেগ, চেইন, কাপোৰ এইবোৰ চব হেনো আইতাৰ আছিল। দেউতা আৰু মায়ে টি.ভি.ত দেখিয়েই ধৰিব পাৰিছিল। লগে লগে দেউতা গুৱাহাটীলৈ গৈছিল। মাও যাব লাগিছিল কিন্তু মোক অকলে এৰিব নোৱাৰে বাবে তেওঁ যাব নোৱাৰিলে।

ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


✍️✍️...............…...আগলৈ...................✍️✍️

( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages