এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৫ ) : Assamese Storyboard

Assamese Storyboard

 

মাৰ এই জাল খনত অংকুৰণ দাই বৰ বেয়াকৈ ফচিলে ।‌ মায়ে ব্লেক মেইলিং ৰ সহায় লৈ অংকুৰণ দাৰ পৰা বহু টকা ই আত্মসাৎ কৰিলে ( Assamese Storyboard )। কিন্তু তাৰ লগে লগে মই মাৰ প্ৰতিটো কাম লক্ষ্য কৰি গৈছিলো ।


২৮/০৫/২০২০


            সেইদিনা আমাৰ ঘৰলৈ এজন অচিনাকী ল'ৰা আহিছিল ।‌ সেই ল'ৰা জনক আগতে দেখা বা লগ পোৱা মোৰ মনত নাই । ল'ৰা জন আহি সেইদিনা মাৰ লগত কোঠাত বহি বহু কথাই পাতিছিল । ইতিমধ্যে মই মাৰ চৰিত্ৰ বুজি পোৱা হৈছিলোঁ ।‌সেয়েহে সেইদিনা মই মা আৰু ল'ৰা জনে কি কথা পাতিছিল শুনিবলৈ চেষ্টা কৰিছিলোঁ ।


- তুমি যিহেতু এইটো কামত অভিজ্ঞ সেয়েহে মই তোমাক মাতি পঠাইছো ।

- হয় ।

- তুমি এইবোৰ কামত কেতিয়াৰ পৰা জড়িত ?

- আজি দুইবছৰ মানৰ পৰাই মই এইবোৰত জড়িত ।

- এইবোৰ কামত তুমি কেতিয়াবা সমশ্যাৰ সন্মুখীন হৈছিলা নেকি ?

- এষাৰ কথা আছে নহয় জাগি খাবা বাছি শুবা । আমি ও সেই কথা ফাকিয়ে গুৰুত্ব দিওঁ ।

- মই ভাৱিছো আমাৰ ছোৱালী জনীক ও মই এই লাইনত এৰি দিম ।

- অহ, ভাল কথা । কিন্তু ছোৱালী জনী !

- বুজিছো তুমি কি ক'ব বিচাৰিছা । ঠিক আছে মই মাতি দিছোঁ । ৰাধিকা , ৰাধিকা 


           মায়ে মতাৰ লগে লগে মই মাৰ কোঠাত সোমায় আহিলো । কাৰন মাৰ কথাক অগ্ৰাহ্য কৰাৰ মোৰ সাহস নাই । কাৰন মাৰ কথা অগ্ৰাহ্য কৰিলে মই চৰম শাস্তিৰ মুখামুখি হ'ব লাগিব । 


- মা 

- এইজনীয়ে মোৰ ছোৱালী জনী পলাশ ।

পলাশ , তাৰ মানে গম পাইছিলো সেই ল'ৰা জনৰ নাম পলাশ ।ল'ৰা জনে মোৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিছিল । ল'ৰা জনৰ চাৱনি বোৰ মোৰ কিবা ভাল লগা নাছিল । 

- ৰাধিকা তই এতিয়া যা ।


            মাৰ আদেশ পাই মই কোঠাৰ পৰা ওলাই আহিছিলো । কিন্তু পিছৰ কথা খিনি শুনিবলৈ কোঠাটোৰ কাষৰ কোঠাতে ৰৈ থাকিলো ।


- হ'ব নে পলাশ ?

- হ'ব নে মানে ! এনেকুৱা ছোৱালী পোৱাটো আমাৰ কাৰনে ভাগ্যৰ কথা । দেখাত অপূৰ্ব সুন্দৰী ৰাধিকা ক দেখিলে সকলো পাগল হ'ব । 

- তেন্তে মই খাটাং বুলি ধৰিব পাৰোঁ ?

- নিশ্চয় ।

- কিন্তু দৰ দাম ?

- এজন গ্ৰাহক ৰ বিনিময়ত আঠ হাজাৰ কৈ দিম ।

লগে লগে মোৰ মাৰ মুখৰ পৰা হাহি ওলাই আহিছিল । কিন্তু মই এটা কথা বুজি নাপালোঁ । মাহতে এইবোৰ কি কথা পাতিছে ! গ্ৰাহক, দৰ দাম , অপূৰ্ব সুন্দৰী ইত্যাদি । কাৰণ মই সহজ সৰল পৃথিৱী খনৰ বাহিৰে অন্য ৰঙীন পৃথিৱী খনৰ কথা মই বুজি নাপাওঁ ।


             আজি ৰাতি মায়ে মোৰ ওচৰলৈ আহিছিল । আহি মোৰ কাষতে বহি মোক কৈছিল 


- ৰাধিকা 

- কোৱা মা ।

- মই তোৰ এটা কাম ঠিক কৰিছোঁ । এই যে আজি দিনত আমাৰ ঘৰলৈ পলাশ নামৰ ল'ৰা জন আহিছিল ল'ৰা জন বৰ ভাল ।

- মা কামটোৰ কথা কোৱা ।

- অহ, সিয়েই তোৰ কাৰনে ভাল কাম এটা লৈ আহিছে । কামটোত অতি সোনকালেই তই বহুত উন্নতি কৰিব পাৰিবি ।

- আস মা কামটোৰ কথা কোৱা ।

- এয়া তই কামটোৰ কথা নকওতে জানিবলৈ ইমান আগ্ৰহী , ক'লে তই ৰব এ নোৱাৰিবি । কি জান আজিকালি গাভৰু ছোৱালী , ধুনীয়া বোৱাৰী বোৰে নিজৰ দেহ বিক্ৰী কৰে ।

- দেহ বিক্ৰী কৰে মানে ?


           মই কথাটো বুজা নাই । কিন্তু আচৰিত হৈছোঁ । কি দেহ বিক্ৰী কৰে ! 


- তই যে এজনী মস্ত আকৰী হৈ আছ ! তাৰমানে সেইদিনা যে তই অংকুৰণ ৰ লগত কৰিছিলি সেই একে খিনি কাম কৰিব লাগিব ।


             মাৰ কথাষাৰ শুনাৰ লগে লগে মোৰ বুকু খন কপি উঠিছিল ।‌ কি আচৰিত ! মাত্ৰ কেইটা মান টকা ৰ কাৰনে মায়ে মোক ইমান তললৈ নমাই দিব ! নাই মই এই কাম কৰিব নোৱাৰোঁ ।


- কি হল ৰাধিকা !

- মা মই এইবোৰ কৰিব নোৱাৰোঁ ।

- কিয় ! শুন এজন গ্ৰাহকৰ পৰা আমি আঠ হাজাৰ কৈ পাম ।

- টকাই ডাঙৰ কথা নহয় । ইমান বেয়া পথেৰে মই টকা ঘটিব নোৱাৰোঁ ।

- তই নোৱাৰোঁ বুলি ক'লে নহ'ব নহয় । মই হে জানো ঘৰ খন চলাবলৈ কিমান কষ্ট । মুঠৰ ওপৰত  তই এই কাম কৰিব লাগিব । নহ'লে মই তোক জীয়াই জীয়াই মাৰি পেলাম ।( Assamese Storyboard )


             এই কথা খিনি কৈ মা কোঠাৰ পৰা ওলাই গৈছিল । মাৰ কথা এটাই এই কাম মই কৰিব লাগিব । আজি মোৰ নিজৰ জন্ম দাত্ৰী মালৈ বৰকৈ মনত পৰিছিল । আচলতে যিজনী মায়ে দহ মাহ দহ দিন গৰ্ভত ৰাখি জন্ম দিয়ে সেইজনী মাকে কেতিয়াও নিজ সন্তানক বিপথে নপথায় বা নোৱাৰে । কিন্তু এনেকুৱা মাহী মাকে কি বুজিব সন্তানৰ মূল্য । তাৰ ভিতৰত আমাৰ সমাজত বহুত এনে মাহী মাক আছে যে সন্তানৰ কাৰনে সৰ্বস্ব ত্যাগ কৰিব পাৰে । কিন্তু মোৰ এই ভাগ্য নাই। মই এজনী অভাগিনী । 


           সেই দিনা ৰাতি মোৰ টোপনি অহা নাছিল । বিছনা খনত এফালৰ পৰা এফালে বাগৰি আছিলোঁ ।চকু মুদিব খুজি ও মুদিব পৰা নাছিলোঁ । কাৰন প্ৰতি মূহুৰ্তত চকুৰ পতাত ভাহি উঠিছিল এখন ভয় লগা ছবি । মনত পৰিছিল অংকুৰণ ৰ লগত সেইদিনা ৰাতি বাধ্যত পৰি কৰা জঘন্য কাম বোৰ । নাই এই কাম মই কৰিব নোৱাৰোঁ । কিন্তু মই এইটো কথা ও জানো যদি হে এই কাম মই নকৰোঁ তেন্তে মায়ে যে মোক জীয়াই নাৰাখিব সেইটো খাটাং । সেইদিনা ৰাতিয়ে মই এটা সিদ্ধান্ত ললো কাইলৈ মই মামাৰ ঘৰলৈ যাম ।


২৯/০৬/২১


               মই আজি মামাৰ ঘৰলৈ আহিছিলো । মাৰ মৃত্যু ৰ পাছত মামাৰ ঘৰলৈ মই বেছি অহা হোৱা নাই । কাৰণ মামাৰ ঘৰলৈ আহিলে মোক মাৰ স্মৃতি বোৰে খেদি ফুৰে । কিন্তু আজি উপায় নাই । আজি মই বাধ্য ত পৰি আশ্ৰয় বিচাৰি ,নিজৰ সুৰক্ষা বিচাৰি মামাৰ ঘৰলৈ আহিছোঁ । কাৰণ তাৰ বাহিৰে মোৰ আৰু বেলেগ নিৰাপদ আশ্ৰয় স্থল নাই । আজি চাগৈ মামা,মামি হতে মোক দেখি বলিয়া হৈ পৰিব । কাৰণ মাৰ মৃত্যু ৰ পাছত আজি প্ৰথম বাৰ মামাৰ ঘৰলৈ আহিছোঁ । মামা ৰ ঘৰ হৈছে গাৱত । সেয়েহে মামাৰ ঘৰৰ পৰিবেশ বোৰ মই বহুত ভাল পাও । গাড়ীৰ পৰা নামি মই মামাৰ ঘৰলৈ আগুৱাই গৈছিলো ।‌ গাওঁ খনৰ বহুত পৰিবৰ্তন হ'ল ।‌ আগতে ডাঙৰ বকুল গছ জোপাথকা চাৰিআলিত বহুতো দোকান হ'ল । চহৰৰ দৰে জাকজমকতা ৰে আৰম্ভ কৰিছে গাৱৰ শিক্ষীত নিবনুৱা ই ব্যৱসায় । বৰ ভাল লাগিছিল পৰিবেশ বোৰ । ক্ৰমান্বয়ে মই আগুৱাই গৈছিলো মামাৰ ঘৰলৈ । আহি আহি মামা হতৰ পদুলি মুখ পাইছোঁ । কিন্তু আচৰিত !


            মামা হতৰ পদুলি মুখত থকা প্ৰকাণ্ড নাৰিকল গছ কেইদাল নাই । কিন্তু তাতকৈ ভাল লাগিছে খেতিয়ক মামাৰ জুপুৰি ঘৰটোৰ পৰিবৰ্তে এটা ধুনীয়া পকী ঘৰ । ঘৰটো সুন্দৰ ৰং ত জিলিকি আছিল । পদুলি মুখত এখন প্ৰকাণ্ড লোহাৰ গেট । আচৰিত মামাই এজন খেতিয়ক হৈ বহু খিনি উন্নতি কৰিছে । লোহাৰ গেট খন খুলি ভিতৰলৈ সোমায় গৈছিলো । বাহ: চোতাল খনৰ চৌদিশে ফুলি আছিল ভিন ভিন ৰঙীন ফুল । নিশ্চয় এইবাৰ মামাৰ ঘৰত থাকি বহুত ভাল লাগিব । মামা হতক আচৰিত কৰিবলৈ বাহিৰতে থকা কলিং বেল টো দুবাৰ বজাই দিলোঁ ।


            মোৰ মৰমিয়াল মামি চাগে ওলাই আহি মোক সাৱটি ধৰিব । কিমান যে মৰম কৰিব মোক । হঠাৎ দৰ্জা খুলি ওলাই আহিছিল এজনী অচিনাকী ভদ্ৰ মহিলা । 


- কাক বিচাৰিছে ?

- মই মানে মোৰ মামা মামিক বিচাৰিছোঁ ।

- মামা মামি মানে !

- বিনন্দ হাজৰিকা মোৰ মামা হয় ।

- অহ , হয় নেকি ! আহা ভিতৰলৈ সোমায় আহা ।


          মানুহ জনী মামি সত্ৰ কাম কৰা মহিলা নেকি বাৰু ! কিন্তু দেখাত তেনেকুৱা নালাগে ! হয়টো মামা হতৰ অইন কোনোবা আলহী হ'ব পাৰে । মই মহিলা জনীয়ে পাছে পাছে সোমাই গলো । বাহ কি সুন্দৰ কোঠা ইমান ধুনীয়া কৈ সজোৱা আছিল । মই কিছু সময় বহিলো । মানুহ জনীয়ে হাতত পানী এগিলাছ লৈ আহিছিল । আৰু মোৰ ওচৰতে বহিছিল ।


- তোমাৰ ঘৰ ?

- গুৱাহাটী ত । মামা মামি নাই নেকি ?

- নাই । আচলতে তেখেত সকলৰ মাটি খিনি আমি কিনিছো ।

- তেন্তে মামা হতৰ বৰ্তমান ঠিকনা ?

- তোমাৰ মামি বৰ্তমান মাকৰ ঘৰত । আৰু তোমাৰ মামা !

- মামা !

- তোমাৰ মামা ৰ মৃত্যু হব ৰ আজি আঠ মাহ মান হ'ল ।

- কি !


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages