#অতীতৰ_পৃষ্ঠা
"সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰঙ"
হঠাতে মানসীৰ মোবাইলটো বাজিল। চকুযুৰি তাইৰ তেতিয়াও সেমেকিয়েই আছিল। স্পষ্ট কৈ দেখা পোৱা গৈছে তাই যে কান্দি আছিল( Assamese Storyboard )। মাক বাপেকক পাকঘৰতে এৰি তাই তেতিয়াৰ পৰাই দৰজাখন মাৰি ভিতৰতে সোমাই আছে। নয়নযোৰ কৰি তুলিছে অশ্ৰুশিক্ত। বৈ আছে দুখৰ প্ৰৱাহ। জ্বলামুখীৰ দৰেই উদ্বগীৰণ হৈছে প্ৰতাৰিত হৃদয়ৰ গোপন সূত্ৰ। আজি যেন তাই দুখতে মতলীয়া হৈছে। প্ৰতাৰণাই, মিছা কথাই আজি পছোৱা বতাহ বলাইছে। আৰু কোনে বা কি কৰিছে?
তাই লাহে লাহে গৈ ফোনটো ৰিচিভ কৰিলে।
: হেল্ল'......
: হয় কোনে কৈছে?
: মমোৰ নাম ৰবীন আপুনি ৰিদিপ্তৰ কোনোবা হয় নেকি?
: কিয় লাগে আপোনাক?
: মানে অলপমান আগতে হৈ যোৱা এটা এক্সিডেন্টত ৰিদিপ্তৰ মৃত্যু হৈছে। তেওঁৰ পাৰ্চৰ পৰা তেওঁৰ পৰিচয় পোৱা গৈছে আৰু তেওঁৰ মোবাইলত ডাইলপেডত সকলোতকৈ আগতে আপোনাৰ নম্বৰটো আছে বাবে আপোনাকে ফোন কৰিলোঁ। তেওঁক এতিয়া পোছমৰ্টনৰ বাবে লৈ যোৱা হৈছে আপুনি থানালৈ আহিব। পুলিচে সকলোবোৰ ক'ব আপোনাক। আৰু তেওঁৰ বস্তুবোৰো তাতেই পাব......
ৰাখিছোঁ দিয়ক।
কি হৈ গ'ল এয়া নিমিষতে। খন্তেকতে কেনেকৈ ঘটিব পাৰে ইমান ডাঙৰ ঘটনা?? এইয়া সপোন নে দিঠক? আদি নে অন্ত?? বাস্তৱ নে অবাস্তৱ? কি এইবোৰ? মানুহৰ মূৰৰ ওপৰৰ প্ৰত্যেক সময়তে মৃত্যুয়ে কিৰিলি পাৰি থাকে বুলি শুনিছিলোঁ আৰু আজি...?? হাতে হাতে প্ৰমাণ পালোঁ!! কেনেকৈ থাকিম মই তাৰ অবিহনে? ল'ব পাৰিম জানো উশাহ মই সি নোহোৱাকৈ? আনৰ ভুলৰ শাস্তি কিয় সি ভুগিব লগীয়া হ'ল? মৰিব লাগিছিল কোন আৰু মৰিল কোন? ভগৱান সচাঁই বৰ নিষ্ঠুৰ! সকলোৱে ঠিকেই কয় ভাল মানুহবোৰ কেতিয়াও বেছিদিন জীয়াই নাথাকে। খালি বদমাছ বোৰহে জীয়াই থাকে? যিবোৰ মানৱৰ নামত দানৱ,,, পৃথিৱীৰ বোজা,,, মানুহৰ নামত কলংক।।
"দিওঁ নেকি শেষ কৰি নিজকে?
যাওঁ নেকি গুছি মই মোৰ অস্তিত্বৰ সৈতে?
বিলীন হৈ যাওঁতে নেকি এই ধৰণীৰ পৰা?
ত্যাগ কৰি দিওঁ নেকি এই সকলোবোৰ?
মইনো কোন? কি মোৰ অস্তিত্ব?
মায়াৰে বান্ধিত্ব এজনী বন্দী মই?
বিচাৰিলেই জানো হ'ব সকলোবোৰ?
পাম জানো দুনাই সকলোবোৰ?
ঘূৰি পামনে মই মোৰ সোণোৱালী অতীত?"
ভগৱান কিমান আৰু দিবা মোক দুখ? কিমান আৰু দিবা মোক যন্ত্ৰণা?? তাই খবৰটো শুনিয়েই বিবেকহীন হৈ পৰিল। বেগটো লৈ তাই পুলিচ ষ্টেচনলৈ বুলি ওলাই আহিল।
: মাজনী ক'লৈ যোৱা?
: মই মোৰ বাবে এজন ধনী ল'ৰা চাবলৈ যাওঁ।
কঠোৰতাৰে পৰিপূৰ্ণ প্ৰতিটো শব্দ। কি কৈছে কি কৰিছে একো ধৰিব আৰু বুজিব পৰা নাই তাই? শেলে বিন্ধাতকৈও এটা ডাঙৰ বিষাদ বিন্ধিছে আজি তাইক। কি কৰিব?কাক বকিব? মানে এক অনিশ্চয়তা? বুকুভেদি ওলাই আহিছে সকলোবোৰ শেষ হৈ যোৱাৰ এটি কৰুণ হুমুনিয়াহ।
: মানে?
: আজি তোমালোকৰ বাবে এটা গুড নিউছ অ' নহয় নহয় এটা হট্ নিউজ আছে।
: কি?
: তোমালোকৰ আৰু চিন্তা নাই। তোমালোকৰ একমাত্ৰ শত্ৰু আজিৰ পৰা আৰু কেতিয়াও তোমালোকৰ আগলৈ নাহে। একেবাৰে চিৰদিনলৈ গুছি গ'ল।
: কোন? কাৰ কথা কৈ আছা তুমি? কাৰ কি হ'ল?
: ৰিদিপ্তৰ কথা কৈছোঁ মই। তাৰ আজি এটা এক্সিডেন্টত অলপ আগতে মৃত্যু হ'ল এতিয়াতো সুখী ন' তোমালোক?
: হা......
আৰু এটা শব্দও নকৈ তাই সেই ঠাইখনৰ পৰা গুছি গৈছিল থানালৈ। থানাৰ পৰা ৰাতি প্ৰায় ৯ টা মান বজাতহে তাই ঘূৰি আহিছিল। সকলো বোৰ শেষ তাইৰ। নাই আৰু একো তাইৰ লগতে ( Assamese Storyboard ) ।
: মাজনী..!!
: হু... কোৱা?
: ৰিদিপ্তৰ মাক-বাপেকক লগ পাইছিলানে?
: তোমাক কিয় লাগে?
: নহয় মানে সিহঁতে তোমাক কিবা বেয়াকৈ কৈছিল নেকি?
: অহহ্ সেইটো কথা.... তেওঁলোকৰ একমাত্ৰ ল'ৰাটোৰ মৃত্যু হৈছে মাকৰ চেতনা নাই হস্পিতালত পৰি আছে এবাৰ গৈ চাই আহাগৈচোন তেওঁৰ অৱস্থাটো!! তেতিয়া বুজি পাবা তুমি! আজি যদি ৰিদিপ্তৰ ঠাইত দাদা হ'ল হৈ কি কৰিলা হয়?
: তোৰ দাদাৰ ইমান নিচ নহয়। সি নিজৰ ষ্টেচাচ জানে। তাক বৰ্তাই ৰাখিহে সি সকলোবোৰ কৰিব।
: প্ৰেমো কৰিব! মৰমো কৰিব! দেউতা প্ৰেম টো নহয় বহুত বেলেগ বস্তু ই তোমাৰ সেই ষ্টেচাচ বংশৰ মৰ্যাদা এইবোৰ নামানে। ই কেৱল হৃদয়ৰ কথাহে মানে বুজিলা।
: বাৰু আহ এতিয়া। আজিৰ পৰা আৰু তাক পাহৰি যা। নতুনকৈ জীৱনটো আৰম্ভ কৰ। যি হ'বলগীয়া আছিল সেইবোৰ হৈ গ'ল।
: তাৰ কথা ভাবিবলৈ আৰু সি কেতিয়াও নাহে মা। শেষ কৰি দিলা তোমালোকে মোৰ সকলোবোৰ।
: মাজনী যি হয় সকলো ভালৰ বাবে হয়।
: কাৰোবাৰ মৃত্যু কিহৰ ভালৰ জাননী মা?
: তোৰ ভৱিষ্যতৰ। কোনে জানে হয়তো ৰিদিপ্ততকৈ তোক বেছি ভালপোৱা বেছি মৰম কৰা কোনোবা ৰৈ আছে। সময়ৰ ইংগিতক বুজ মাজনী তেতিয়াহে জীৱনত আগৱাঢ়ি যাব পাৰিবি। নহ'লে গোটেই জীৱন এনেকৈয়ে কটাব লাগিব।
===================================
গোটেই ৰাতিটো মাৰ সতীত্বৰ লগত এখন খেল খেলা হ'ল। নাইকিয়া হৈ গ'ল সকলো মানৱীয়তা, মৰম, আন্তৰিকতা, দয়া। ধ্বংসৰ গৰাহলৈ আৰু এখোজ আগৱাঢ়ি গ'ল মানৱ।
ৰাতিপুৱা প্ৰায় পাঁচ টা মান বজাতে তেওঁ কোনেও নেদেখাকৈ গুছি গৈছিল। মাৰ হাতত দি থৈ গৈছিল টকা। কিন্তু ই জানো ঘূৰাই আনিব পাৰিব মাৰ হেৰাই যোৱা সতীত্ব। মুচি দিব পাৰিব জানো সেই অভিশপ্ত ৰাতিটো? নোৱাৰে কোনো কাহানিও কোনেও নোৱাৰে। তেনেহ'লে এই পইছাৰ মূল্য কি? যি একো ঘূৰাই আনিব নোৱাৰে তাৰ প্ৰয়োজনীয়তা কিমান?
যোৱাৰ সময়ত দুপৰীয়ালৈ তেওঁ দেউতাক অফিচলৈ পঠিয়াই দিবলৈ কৈছিল। সেইমতে মায়ে দুপৰীয়া দেউতাক অফিচলৈ পঠিয়াই দিছিল। কথামতে তেওঁ দেউতাক চাকৰিটো পুনৰ ওভতাই দিছিল। আৰু চাকৰিটো ঘূৰাই পাই দেউতাও লাহে লাহে সলনি হৈছিল। কামৰ ব্যস্ততাৰ বাবে তেওঁ আগৰ নিচিনা মদ নাখাইছিল। ভগৱানেও যেন আমালৈ চকু মেলি চাইছিল। দেউতাই বহুত মনপুতি কাম কৰিছিল। যাৰ বাবে তেওঁৰ পদোন্নতি হৈছিল। লাহে লাহে ঘৰখনলৈ আগৰ পৰিৱেশ ঘূৰি আহিবলৈ ধৰিছিল। ময়ো স্কুল যাবলৈ ধৰিলোঁ। আৰু কিছুদিনৰ পিছতে মায়ো সেইখন স্কুলতে শিক্ষয়িত্ৰী হিচাপে জইন কৰিছিল। প্ৰাইভেট স্কুল দৰমহা কম যদিও মা ব্যস্ত হৈ আছিল। তেনেকৈয়ে দিনবোৰ বাগৰি গৈছিল। কিন্তু তাৰ মাজতো দেউতাৰ এটা সপোনে পোখা মেলিবলৈ নাপাইছিল। সেইটো আছিল তেওঁৰ নিজাকৈ এটা ব্যৱসায় গঢ়াৰ সপোনটো। আৰু সেই তেনেকৈয়ে মই এদিন মেট্ৰিক পাছ কৰিলোঁ তাৰ পাছত হায়াৰ চেকেণ্ডাৰী বিজ্ঞান শাখাত। তাৰ পিছত বি.এ.ছি আৰু শেষত ইঞ্জিনিয়াৰৰ বাবে এন্টেছ দিছিলোঁ আৰু দুই নম্বৰত পাছ কৰি এতিয়া এজন চৰকাৰী ইঞ্জিনিয়াৰ মই।
: কিন্তু তোমাৰ আচল মা-দেউতাৰ খবৰ তুমি কেনেকৈ গম পালা?
: সেইবোৰো বহুত কথা মানসী। অন্য এক যাত্ৰা আছিল সেয়া মোৰ জীৱনৰ। আচলতে বি.এ.ছি পাছ কৰিহে মই এই সকলোবোৰ কথা গম পাইছিলোঁ আৰু তেতিয়াই মই নিজৰ মা-দেউতাৰ সন্ধান আৰম্ভ কৰিছিলোঁ। জানিব বিচাৰিছিলো কাৰণটো কি আছিল যাৰ বাবে তেওঁ লোকে মোৰ লগত এনেকুৱা কৰিছিল? মোৰ কি ভুল আছিল? যদি সামৰ্থ্যই নাছিল প্ৰতিপালন কৰাৰ তেন্তে জন্ম দিছিল কিয়? এই সকলোবোৰ কথাৰ পৰা পৰ্দা আঁতৰাবলৈ মই মোৰ জীৱনৰ অতীতত বিচৰণ কৰিবলৈ আৰম্ভ কৰিলোঁ।
"সংগ্ৰামীৰ সংগ্ৰাম
নিসংগতাৰ নিসংগ
পাৰি জানো খন্দাব এই মিলন?"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment