ৰোহিৰ কথা মনলৈ অহাত তাৰ মুখত হাঁহি বিৰিঙি উঠিল," একেবাৰে তোমাৰ দৰেই কথা কয়।"( Assamese Storyboard )
তেতিয়াই তাৰ ফোনটো বাজি উঠিল । ৰুদ্ৰৰ ফোন আহিছিল। সি ফোনটো উঠালে আৰু ইফালৰ পৰা ৰুদ্ৰয়ে কলে," ৰিংকু তাত কি চলি আছে? আৰু মোৰ তৃষ্ণা কেনে আছে?"
ৰিংকু: আৰে, তই আৰু পৃথিৱীত বেলেগ ছোৱালী বিচাৰি নাপালি নেকি যে মোৰ জনীয়েই পতাবলৈ পালি?
ৰুদ্ৰ: মই বুজা নাই?
ৰিংকু: যোৱাকালি তুমি যিগৰাকীৰ বিষয়ে মোৰ ওচৰত গুণ গাই আছিলা সেইজনী মোৰ পত্নী হয় ৰিয়া।
ৰুদ্ৰ: অ হয়তো, তাইৰ নামটো ও ৰিয়া হয়। ছ'ৰি ছ'ৰি , চোৱা ইয়াত মোৰ কোনো ভুল নাই। তুমিতো মোক বিয়া তো নামাতিলা আৰু তাৰ পাছতো চিনাকি কৰাই দিয়া নাই গতিকে চিনি পাম কেনেকৈ?
অৱশ্যে এটা কথা মানিব লাগিব যে একদম তোমাৰ দৰেই পাইছা। মই কৈছিলোঁ নহয় তোমাৰ কাৰ্বন কপি যেন লাগে।"
ৰিংকু: অ , আগৰ দৰে এতিয়াও ভোকাটোৰ বাঘিনি হৈ আছে।
ৰুদ্ৰ: কিন্তু , প্ৰথমে এইটো কোৱা যদি তাই তোমাৰ পত্নী হয় তেন্তে ইয়াত কি কৰিছে? আৰু তাইৰ ৰিয়া নাম তো লৈ কি সমস্যা আছে?
ৰিংকু: এইটো নাম ময়েই ৰাখিছিলোঁ যেতিয়া তাই সৰু হৈ আছিল।
তাৰ পাছত সি বিয়াৰ পৰা আৰম্ভ কৰি দুয়োৰে মাজত হোৱা কাজিয়ালৈকে সকলো কথা কলে।
ৰুদ্ৰ: তুমি যে মূৰ্খ হৈয়ে থাকিলা। এনেকুৱা নো কোনোবাই কৰে নে? তাই খং কৰাটো সম্পূৰ্ণ শুদ্ধ।
কিন্তু কোনো কথা নাই, তুমি চেষ্টা কৰি থাকা তাই নিশ্চয় মান্তি হব।
তেন্তে এই ৰোহি তোমাৰ ছোৱালী হয় নে?
ৰিংকু: তুমিও যে কি কোৱা। কপালত চুমা খোৱাৰ পৰা আৰু আগবাঢ়িবলৈ তাই নিদিলেই আৰু তুমি সন্তানৰ কথা কৈছা।
ৰুদ্ৰ এইবাৰ আচৰিত হল,"কিন্তু এই ৰোহি কোন হয়?"
ৰিংকু: হয়তো তাইৰ কোনোবা বান্ধৱীৰ ছোৱালী হব।
ৰুদ্ৰ: নহয়, তৃষ্ণা যিদৰে ৰোহিৰ লগত জড়িত হৈ আছে তাই কোনো বান্ধবীৰ ছোৱালী হব নোৱাৰে।
ৰিংকু: মোৰ ৰিয়া হয়েই এনেকুৱা। এবাৰ যেতিয়া কাৰোবাৰ লগত জড়িত হৈ পৰে আপোন, পৰ তাই একো নাজানে। উৰ্মিৰ লগত তাইৰ কোনো সম্পৰ্ক নাই কিন্তু সদায় ডাঙৰ বায়েকৰ দৰে তাইৰ লগত থিয় হৈ থাকে।
ৰুদ্ৰ: তেন্তে এতিয়া দেৰি কিয় ? যোৱা তাইক গৈ সোনকালে মান্তি কৰাই লোৱা।
ৰিংকু: তাইক মান্তি কৰোৱাতো ইমান সহজ নহয়। তাইৰ খঙটোৱে তাইৰ লগত কথা পাতিবলৈ নিদিয়ে। তাৰূপৰিও তোমাৰ ডেডলাইন। বাৰু সেইটো চিন্তা এতিয়া শেষ হল।
ৰুদ্ৰ: যদি মই অহালৈকে মান্তি কৰাব নোৱাৰা তেন্তে মইও লাগি যাম লাইনত।( Assamese Storyboard )
ৰিংকুয়ে মুখ বেঁকা কৰি কলে,"কেনেকুৱা বন্ধু হয় তুমি? মোক সহায় কৰাৰ সলনি মোক জোকাই আছা ।"
ৰুদ্ৰ: তেন্তে তোমাৰ কাম সোনকালে আৰম্ভ কৰি দিয়া। এতিয়া আৰু তিনিমাহ আছে তোমাৰ হাতত আৰু মাজত কোনো শত্ৰু ও নাই।
ৰিংকু: কিন্তু প্ৰথমে ৰোহিৰ দেউতাকৰ সমস্যা তো সমাধান কৰি লওঁ। কোন হয় আৰু কৰ পৰা আহি ওলাল নাজানো। বাৰু এতিয়া ফোন ৰাখোঁ বহুত চিন্তা হৈছে।
ৰুদ্ৰই বহুত কষ্টৰে নিজৰ ভাৱনা বোৰক নিয়ন্ত্ৰণ কৰিলে। ফোনত থকাৰ বাবে ৰুদ্ৰৰ ৰঙা পৰি যোৱাটো চেহেৰাটো ৰিংকুয়ে দেখা নাপালে। জীৱনত প্ৰথম বাৰ সি কাৰোবাক পছন্দ কৰিছিল কিন্তু তাইতো তাৰ বন্ধুৰ সম্পত্তি। সি ভাবিলে,"হয়তো মায়ে জানিছিল আৰু মোক সেইবাবে তাইৰ ওচৰলৈ যোৱাত বাধা দিছিল।"
তাৰ পাছত সি মিচিকিয়াই দিলে,"মইও তো তোমাৰ চেহেৰাত সুখ চাব বিচাৰিছিলোঁ। আৰু তোমাৰ চকুযুৰীয়ে সদায় তাকেই কয় যে তোমাৰ স্বামীক তুমি কিমান মৰম কৰা। কিন্তু ৰোহিৰ দেউতাক সাজি কোন আহিল?"
ইফালে সমীৰে সকলোকে লগত লৈ পার্কলৈ গল। তাত তাৰ হবলগীয়া পত্নী নিতো আগৰ পৰাই উপস্থিত আছিল। সকলোৰে লগত চিনাকি হোৱাৰ পাছত সমীৰে ৰোহিক লগত লৈ নিতোৰ সতে পাৰ্কৰ আন এটা ফালে গুচি গল। তৃষ্ণাই ৰাধিকাৰ সৈতে তাতেই বহি তেওঁলোকক চাই থাকিল।
তৃষ্ণা: মা , আপুনি কি ভাবে? এওঁলোকে ৰোহিৰ যত্ন লব পাৰিব নে?
ৰাধিকা: সমীৰ ৰোহিৰ খুড়া হয়। যদি তেওঁ ৰোহিক লগত লৈ যাব বিচাৰে তেন্তে মই কেনেকৈ বাধা দিওঁ?
তৃষ্ণা: কিন্তু ৰোহিক তেওঁলোকৰ উচৰত যাব দিয়াৰ কি দৰকাৰ আছে? মই আছো নহয় সদায় ৰোহিৰ যত্ন মই লম। যিদৰে যোৱা ৬ মাহৰ পৰা ৰাখিছোঁ তেনেদৰে উৰে জীৱন ৰাখিম।
ৰাধিকাই অলপ সময় তাইৰ ফালে চাই থাকিল আৰু মনৰ ভিতৰত ভাবিলে," তোমাৰ স্বামী ৰিংকু আহিল। আজি নহলে কাইলৈ সি তোমাক মান্তি কৰাই লব। তাৰ পাছত তুমি নিজৰ পৰিয়ালটোৰ ওচৰলৈ উভতি যাবা। মোৰ ৰোহি আকৌ অকলশৰীয়া হৈ ৰব। এতিয়া সমীৰে নিজেই আগবাঢ়ি আহিছে ৰোহিৰ দায়িত্ব লবলৈ। যদি মই এতিয়া মানা কৰি দিওঁ তেন্তে আগলৈ কি হব । কেতিয়ালৈকে আমি বুঢ়া- বুঢ়ীয়ে ৰোহিক চোৱা-চিতা কৰিব পাৰিম? গতিকে এতিয়া যি হৈ আছে সেইটো হবলৈ দিয়াটো দৰকাৰ আছে।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment