ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১২ ) : Assamese Storyboard

Assamese Storyboard

 

হেল্ল' মই খাৰঘৰীয়াই কৈছোঁ


: হয় , কওঁক ছাৰ


: মই আজি ডিউটিত জইন কৰিম , থানাৰ সকলো ঠিকেই আছে নে...( Assamese Storyboard )


: সকলো ঠিকেই আছে আপুনি চিন্তা কৰিব নালাগে ,


: ঠিক আছে লগ পাম সকলোকে ...


: ok ছাৰ......, শইকীয়া , ৰত্নাকৰ , খাৰঘৰীয়া ছাৰ আহি আছে , ছাৰৰ টেবুলখন অলপ ঠিক কৰি থব লাগিছিল , 


: সকলো ঠিক কৰি থোৱা আছে মেডাম , ..... হাঁহি এটা মাৰি ৰত্নাকৰে কলে.., 


: good, কেওত , তিদীপ নাই অহা নেকি....!


: তিদীপ অলপ ওলাই গৈছে , কিবা বজাৰ কৰিবলৈ আছে , 


: কিহৰ বজাৰ..?


: মানে মেডাম চাহপাত চেনী , খাৰঘৰীয়া ছাৰে সঘনাই চাহ খাই , তিদীপে গাখীৰ চাহ বৰ ধুনীয়াকৈ বনাই , তাৰ হাতৰ চাহকাপ ছাৰে বৰ ভাল পাই , 


        কথোকথন চলি থাকোঁতেই খাৰঘৰীয়া সোমাই আহিল , সকলোৱে খাৰঘৰীয়াক চেলুট কৰিলে , Good Morning All Of You....


: Good Morning ছাৰ , 


: আপুনিয়ে নিশ্চয় মাধুৰী..!


: হয় ছাৰ , ময়ে মাধুৰী ।


: এতিয়া কেৱল সকলোৱে মুখত আপোনাৰেই নাম , ভাল লাগিছে , অন্ততঃ মানুহখিনিৰ পুলিচ প্ৰশাসনৰ ওপৰত বিশ্বাস আহিছে , সুন্দৰপুৰ অঞ্চলত চুকে কোণে লুকাই থকা লোকেল হিৰ' কিছুমানে ভয় খাইছে । আপোনাক লৈ আমি গৌৰৱ কৰিব পাৰিছোঁ ।


: ধন্যবাদ ছাৰ , ছাৰ কথা এটা কওঁ ....!


: Sure.. কওঁক ।


: আপুনি মোক তুমি বুলিয়েই কব , 


: its ok মাধুৰী... তিদীপ নাই অহা নেকি ..! দেখা নাই যে তাক । 


: আহিছে , অলপ ওলাই গৈছে , 


: বাকী সকলোৱে ভাল নিশ্চয় ,  ৰত্নাকৰ মেডামৰ লগত কাম কৰি কেনেকুৱা লাগিছে ।


: ভাল লাগিছে ছাৰ , 


        মিচিকিয়া হাঁহি এটা মাৰি তিদীপ সোমাই আহিল , ছাৰ... কেতিয়া পালেহি....!


: অলপ সময় হল , তই ক'ত গৈছিলি , তোৰ হাতৰ গাখীৰ চাহকাপ বৰ মিছ কৰি আছিলোঁ , যা ভালকৈ চাহ একাপ বনাই আনগৈ...., 


: ঠিক আছে ছাৰ , আপুনি আহিব বুলি খবৰটো পায়ে চাহপাত আৰু গাখীৰ আনিব গৈছিলোঁ ।


: শইকীয়া চাবিতো লৈ যাওঁক মোৰ গাড়ীতে মিঠাই আছে লৈ আহকগৈ .....


: ছাৰ তিদীপে আমাক মাহীমাকৰ চকুৰে চালে সদায় ৰঙা চাহ খুৱালে ।


: হয়নে তিদীপ....! 


: ছাৰ আপোনাৰ লগত জৰুৰী কথা এটা আলোচনা কৰিবলগীয়া আছে ,( Assamese Storyboard )


: হয় কোৱাচোন , 


: ছাৰ এটা পুৰণি কেচ মই নতুনকৈ আৰম্ভ কৰিছোঁ , মানে কনিষ্টবল নৱ শইকীয়া আৰু মিতালি আত্মগোপন হৈ থকা নাছিল , দুয়োটাকে হত্যা কৰা হৈছিল...


: What...?


: হয় ছাৰ , মোৰ হাতত প্ৰমাণ আছে । যিটো হত্যাকাণ্ডৰ লগত ইন্সপেক্টৰ পল্লৱ লোচন শৰ্মাও জড়িত হৈ আছে , অৱশ্যে ৰাজু আৰু মৃণালক মই গ্ৰেপ্তাৰ কৰিছোঁ । এই মেমৰীখনতে সকলো তথ্য আছে , আপুনি ইচ্ছা কৰিলে চাব পাৰে।


: মাধুৰী তুমি এই কেচটো ইমানতেই সামৰি দিয়াই ভাল , শৰ্মা বৰ হাত দীঘল মানুহ , ইচ্ছা কৰিলে তোমাক Suspension কৰিবও পাৰে নাইবা Transfer কৰাই দিবও পাৰে । 


: সেইবুলি শৰ্মাক এৰি দিয়াটো উচিত হ'ব জানো....! খাকী পোচাকযোৰ পিন্ধি এইদৰে যদি আমি পলাই থাকোঁ তেন্তে হত্যাকাৰীয়ে আৰু সুবিধা নাপাবনে.....?


: তুমি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰা , চাকৰিটোৰ কথা চিন্তা কৰা...., 


: মাধুৰীয়ে ভৱিষ্যত চিন্তা কৰি হাত সাৱটি বহি নাথাকে ছাৰ , মই এই খাকী পোছাকযোৰক কেতিয়াও চেকা লাগিবলৈ নিদিও , আপুনি মোক সহায় কৰক ছাৰ , দোষীক উপযুক্ত শাস্তি দিবই লাগিব , নহলে মিতালিৰ আত্মাই কেতিয়াও শান্তি নাপাব ।


: তোমাৰ সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাক মই সন্মান জনাইছোঁ , মই যিমান পাৰোঁ তোমাক সহায় কৰিম , কথাবোৰ এবাৰ ওপৰত জনাব লাগিব  , শৰ্মাৰ বাবেই মোৰ suspension হৈছিল , এইটো এটা সুযোগ গতিকে শৰ্মাক এটা শিক্ষা দিব লাগিব , খাকী পোছাকযোৰক অসন্মান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হব পাৰে ।


: হয় ছাৰ , ময়ো সেইটোৱেই বিচাৰোঁ , সেইদিনা সংঘটিত হোৱা তায়েৰ দুৰ্ঘটনাটো মোৰ মতে পৰিকল্পিত হত্যাকাণ্ড ছাৰ , তায়েৰ অহাৰ আগতে শৰ্মাই মোক ফোন কৰিছিল , দুৰ্ঘটনাৰ কিছুসময়ৰ পাছত শৰ্মাই তায়েৰ খবৰ লবলৈ আকৌ ফোন কৰিছিল , গুৰুত্বপূৰ্ণ কথাটো হল মিতালি হত্যাকাণ্ডৰ লগত তায়ে জড়িত আছিল । আপুনি ভিডিঅ'টো চালে সকলো স্পষ্ট হৈ যাব ছাৰ ।


: নিশ্চয়....


 (ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ......... ক্ৰমশঃ

( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages