চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১৪ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 7, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১৪ ): Assamese Storyboard

Assamese Storyboard

চাৰিজন বন্ধুৱে যাবলৈ ল'লে আৰু ৰামচন্দ্ৰই সিহঁতক আশীৰ্বাদ দি ক'লে যদি কিবা বিপদ আহে দেৱীৰ নাম লবা 

( Assamese Storyboard )

। সেই দুষ্ট ৰত্নাকৰে দেৱীমালৈ ভয় কৰি থাকে আৰু এইখন দেৱীৰ তৰুৱাল লগত লৈ যোৱা ।দেৱী মায়ে তোমালোকক সহায় কৰিব। তাৰ পাছত আহিব সময়ত সিহঁতৰ কাণত তেওঁ কিবা ফুৱাই দিলে যাৰ ফলত সিহঁতৰ চকু উজ্জ্বল হৈ উঠিল।  

চাৰিজন বন্ধুৱে ৰামচন্দ্ৰৰ ভৰি চুই আশীৰ্বাদ ল'লে আৰু যেনেতেনে চিৰি বগাই ওপৰলৈ উঠি আহিলে।যেতিয়াই মন্দিৰৰ বাৰাণ্ডা পালে । সিহঁতি চক্ খাই থিয় হৈ থাকিল। সন্মুখত ৰত্নাকৰ ৰৈ আছিল আৰু সিহঁতক ৰঙা ৰঙা চকুৰে দি খঙত চাই আছিল।


সি নিজৰ হাতখন ২০ফুট মান দীঘল কৰি দিলে। সিহঁতি ভয়তে পিছোৱাই গ'ল আৰু ৰত্নাকৰে ক'লে ,মোক চমৎকাৰী পাথৰটো দিয়া! মই তোমালোক বহুত ভাল পুৰস্কাৰ দিম।দিয়া!!

নীলৰ হাতত দেৱীৰ তৰুৱালখন আছিল।সি ৰত্নাকৰক উদ্দেশ্যি ক'লে , দুষ্ট ৰাসক্ষক! আমি সকলো গম পালোঁ তোৰ আচল কথা !তই আমাক যাবলে দে নহ'লে চন্দালিকাৰ মূৰ কটাৰ দৰে তোৰো এই তৰুৱালে দি মূৰ কাটি পেলাম।

( Assamese Storyboard )

   

ৰত্নাকৰে জোৰে জোৰে হাঁহি ক'লে,সঁচাকৈ সেই দুষ্ট চন্দালিকাৰ মৃত্যু হ'ল নেকি ? বাহঃ বাহঃ! তোমালোক বহুত সাহসী । কিন্তু মোক এনেকৈ কিয় কৈছা? মই কোৱা কিবা কথা ভুল নেকি? মই যিবোৰ কৈছিলো সেইবোৰেই হ'ল ন? তেতিয়া হ'লে মোক খঙ কিয় কৰিছা । দিয়া! চমৎকাৰী পাথৰটো মোক দিয়া তাৰ পিছত মই পূজা কৰি তোমালোকক জংঘলৰ পৰা দূৰলৈ সুৰক্ষিত স্থানলৈ পঠিয়াই দিম।


নীলে ক'লে , "প্ৰথমতে আপুনি আমাক জংঘলৰ পৰা বাহিৰলৈ লৈ যাওক আমি আপোনাক পাথৰটো দি তাৰ পৰা গুচি যাম। আমাৰ আপোনাৰ ওপৰত ভৰসা নাই।" কথাটো শুনি ৰত্নাকৰৰ খঙ উঠিল আৰু কিবা মন্ত্ৰ গালে ।তাৰ পাছত দুটা সিংহ তাৰ  ওচৰত ঘূৰিবলৈ ধৰিলে। সিংহ দুটাই গুজৰি গুজৰি সিহঁতক ভয় খোৱাই আছিল। ৰত্নাকৰে সিহঁতক ক'লে পাথৰটো দিবা নে মই সিহঁতক এৰি দিওঁ।ইহঁতি কিন্তু জপিয়াই তোমালোকক মাৰি পেলাব। চাৰিজন বন্ধুৱ ভয়তে কঁপিবলৈ ধৰিলে । সিহঁতৰ ওচৰত মণি নাছিলেই ক'ৰ পৰা দিব ? ৰত্নাকৰে দুয়োটা সিংহক ইংগিত দিলে আৰু সিহঁতৰ ওপৰত জপিয়াই পৰিল। 


সিহঁতি ইফালে সিফালে পলাল নীলে তৰুৱাল খন মাৰি  পঠালে কিন্তু সিংহৰ গাত নালাগিল। বেলেগত গৈ সেইখন পৰি গ'ল। তেতিয়া সিহঁতি গম পালে যে সিংহ দুটা সঁচাকৈ নাই । সেইয়া সিহঁতৰ দৃষ্টি ভ্ৰম হে।সি চিঞৰি লগৰকেইটাক মাতিলে নয়ন, ৰমেন আৰু ৰক্তিম আহি তাৰ ওচৰত উপস্থিত হ'ল।

(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages