এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২১ ) : Assamese Storyboard

Assamese Storyboard

 

বৰুৱা ৰ কথা শুনি খাৰঘৰীয়া আৰু ৰূপালী দত্ত ই খুব হাহিলে ।‌ যিখন ডায়েৰী ভাগৱতীয়ে জ্বলাই দিছে সেইখন ডায়েৰী আকৌ বৰুৱা ৰ ওচৰত আছে বুলি স্বয়ং বৰুৱা ই নিজে দাবী কৰিছে ।‌ বৰুৱা পাগল হোৱা নাইটো ।‌ খাৰঘৰীয়া ই  বৰুৱা ক কাঠগঢ়াত বিছাৰিলে । বৰুৱা আহি কাঠ গঢ়াত থিয় হ'ল আৰু খাৰঘৰীয়া ৰ মুখে মুখে শপত বাক্য আওৰালে ।( Assamese Storyboard )


- বাৰু মিষ্টাৰ বৰুৱা আপুনি কওকচোন ! যিখন ডায়েৰী ভাগৱতীয়ে ন্যায়াধীশ মহাশয়ৰ ওচৰত জমা দিলে । আকৌ আপুনি‌ দাবী কৰিছে যে সেইখন ডায়েৰী আপোনাৰ হাতত !

- হয় , ৰাধিকা ৰ ডায়েৰী খন মোৰ হাতত আছে ।

- আপুনি কব খুজিছে যে ভাগৱতীয়ে জমা কৰা ডায়েৰী খন নকল !

- হয় ।

- কিন্তু কিহৰ ভিত্তিত আপুনি কৈছে যে উক্ত ডায়েৰী খন নকল ?

- ইতিমধ্যে অংকুৰণ বৰাই স্বীকাৰ কৰিছে যে ভাগৱতীয়ে সেইদিনা অংকুৰণ বৰাৰ সন্মুখত ডায়েৰী খন জ্বলোৱা টো সচা । অন্য এটা প্ৰমান হল মোৰ হাতত ৰাধিকা ৰ ডায়েৰী খন আছে ।

খাৰঘৰীয়া ই এটা হাহি মাৰি কৈছিল ।

- I object my lord .  ইতিমধ্যে প্ৰমান হল যে বৰুৱা এজন মানসিক ৰোগী । তেওঁ কি কৈছে সেয়া হয়টো তেওঁ নিজে নাজানে । এবাৰ তেওঁ দাবী কৰিছে ভাগৱতীয়ে ৰাধিকা ৰ ডায়েৰী খন জ্বলাইছে আকৌ আজি দাবী কৰিছে ৰাধিকা ৰ ডায়েৰী খন তেওঁ ৰ হাতত আছে ।

- মিষ্টাৰ খাৰঘৰীয়া আপুনি ও এটা কথা মনত ৰাখক । এবাৰ ভাগৱতীয়ে কৈছিল তেওঁ ৰাধিকা ৰ ডায়েৰী খন পোৱা নাই । কিন্তু আজি আকৌ তেওঁ ক'ৰ্টত ৰাধিকা ৰ ডায়েৰী খন জমা কৰিছে তাৰমানে কি ?

কাবেৰী য়ে কৈছিল ।

- সেয়া আপোনালোকক জুখি চোৱা হৈছিল ।

- শুনক মিষ্টাৰ খাৰঘৰীয়া ! আমি বজাৰৰ আলু , পিয়াজ নহয় যে আপুনি আমাক তুলাচনিত জুখিব ।

- সেইবোৰ বৰ বেছি যুক্তি দি লাভ নাই মিছেছ কাবেৰী ।‌ ইতিমধ্যে ভাগৱতী য়ে ক'ৰ্টত ৰাধিকা ৰ ডায়েৰী জমা কৰিছে ।

- কিন্তু ৰাধিকা ৰ ডায়েৰী মিষ্টাৰ বৰুৱা ই ক'ৰ্টত জমা কৰিব ।

- নিশ্চয় সেয়া নকল ডায়েৰী ।

- সময়ত নিশ্চয় গম পাব খাৰঘৰীয়া ।


            ন্যায়াধীশ মহাশয়ে বৰুৱা ক কাইলৈ ক'ৰ্টৰ মজিয়াত ডায়েৰী খন জমা কৰিবলৈ আদেশ দিলে । আৰু আজিৰ বিচাৰ প্ৰক্ৰিয়া ইমানতে অন্ত পেলালে। সকলো ক'ৰ্টৰ পৰা ওলাই আহিল । বৰুৱা আৰু কাবেৰী ৰ সন্মুখেৰে খাৰঘৰীয়া,ভাগৱতী আৰু ৰূপালী দত্ত ই হাহি স্ফুৰ্তি কৰি ওলাই গ'ল ।


- দেখিছে কাবেৰী মানুহ জনী ইমান নিৰ্দয় মাতৃ তেওঁ নিজৰ সন্তানৰ মৃত্যু পাহৰি গৈছে ।

বৰুৱাই কাবেৰী ক কৈছিল ।

- এইজনী ৰাধিকা ৰ মাতৃ হ'ব নোৱাৰে ছাৰ ।

- নোৱাৰে , পৰা হ'লে তেও আমাৰ পক্ষত থাকিল হেঁতেন ।

- এৰা , হয়টো ৰাধিকা ৰ ডায়েৰী খনৰ পৰা সকলো উদ্ধাৰ হ'ব ।


            কিন্তু ৰাধিকাৰ চিন্তা হ'ল ! বৰুৱাই কাইলৈ কৰে পৰা ৰাধিকা ৰ ডায়েৰী জমা কৰিব । বৰুৱা ৰ যে এই কথাটো কাবেৰী ও বুজি পোৱা নাই ।


- কিন্তু ছাৰ আপুনি কাইলৈ কৰ পৰা ৰাধিকা ৰ ডায়েৰী জমা কৰিব ?

- আপোনাৰ মোৰ ওপৰত বিশ্বাস আছে নে কাবেৰী ?

- এশ শতাংশ আছে ছাৰ ।

- তেন্তে বিশ্বাস ৰাখক । মই আহিছোঁ ।


            বৰুৱা কাবেৰী ৰ ওচৰৰ পৰা বিদায় মাগিছিল ।‌ হয় , কাবেৰী ৰ বৰুৱা ৰ ওপৰত বহু খিনি বিশ্বাস আছে ।‌ মানুহ জন সাহসী ,নিজৰ কামক ফাকি নিদিয়া ব্যক্তি ।


                   অফিচাৰ ভাগৱতীৰ মূৰ গৰম । ভাগৱতীয়ে একো বুজি নাপালে । হাৰে যিখন ডায়েৰী ভাগৱতীয়ে জ্বলাই পেলাইছে সেইখন ডায়েৰী আকৌ বৰুৱা ই কেনেকৈ ক'ৰ্টত জমা কৰিব ।‌ 


- খাৰঘৰীয়া আপুনি কওকচোন যিখন ডায়েৰী মই জ্বলাই দিলোঁ সেইখন ডায়েৰী আকৌ বৰুৱা ই কেনেকৈ ক'ৰ্টত দাখিল কৰিব ?

- আচলতে বৰুৱা নামৰ মানুহ জনে মানসিক ভাৰসাম্য হেৰুৱায় পেলাইছে । মই যিকোনো প্ৰকাৰে বৰুৱা ক ক'ৰ্টত মানসিক ৰোগী হিচাপে প্ৰমান কৰিম ।

- একো লাভ নহ'ব খাৰঘৰীয়া ! আপুনি জানে নে মোৰ ওপৰত দুটা কেছ হ'ব । এটা দুৰ্ভগীয়া ছোৱালী জনীৰ ডায়েৰী জ্বলোৱা আৰু অন্য এটা ক'ৰ্টত নকল ডায়েৰী দাখিল কৰাটো ।

- আপুনি চিন্তা নকৰিব ভাগৱতী ।‌ কাৰন আপোনাৰ লগত আছে খাৰঘৰীয়া ।

- হাতত মাত্ৰ এটা ৰাতি ! এই ৰাতিয়ে আমাৰ সকলো পৰিকল্পনা কৰিব লাগিব ।

- উম ! কি কৰা যায় !


              কিছু সময় ভাগৱতী আৰু খাৰঘৰীয়া ই চিন্তা কৰিলে । কি কৰিব পৰা যায় । 


- খাৰঘৰীয়া , বৰুৱা ক মাৰি পেলাও নেকি ?

- আপুনি পাগল হোৱা নাইটো ভাগৱতী । এই সময়ত বৰুৱা ৰ মৃত্যু হ'লে আমিয়ে যে ফচিম সেয়া সচা ।

- উম ! সেইটো হয় ।

- বলক আমি ৰূপালী দত্তৰ ওচৰলৈ যাও তাত আমি সিদ্ধান্ত ল'ব লাগিব ।

- ঠিক আছে বলক ।


               আজি প্ৰথম বাৰৰ কাৰনে ভাগৱতী ৰ বুকু কপিছে । জীৱন ত বহুত বেয়া কাম কৰিলে ভাগৱতীয়ে কিন্তু আজিলৈ কতো ধৰা পৰা নাই । ভাগৱতী ৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী । যদি ভাগৱতী এইবোৰ কেছত ফচি যায় তেন্তে ভাগৱতী ক পত্নীয়ে কেতিয়াও ক্ষমা নকৰিব । ভাগৱতী ৰ ঘৰ খনত অভাৱ নামৰ শব্দটো নাই ।তাৰ পাছত ও ভাগৱতীৰ কিয় জানো দুইনম্বৰী টকাৰ প্ৰতি ইমান লালসা । জীৱন ত আজি প্ৰথম বাৰৰ বাবে অনুতপ্ত হৈছে ভাগৱতী । পলাশ , ৰাধিকা ৰ দৰে ভাগৱতীৰ ও এজন ল'ৰা আৰু এজনী ছোৱালী আছে । যদি সিহঁতক ও কোনোবাই এনেকৈ হত্যা কৰে ! তেতিয়া যিখন থানাত গোচৰ ৰুজু হয় সেই খন থানাৰ অফিচাৰ জন যদি দোষী ৰ পক্ষত থাকে তেতিয়া ভাগৱতী য়ে কি কৰিব ! আজি ভাগৱতী য়ে টকা আৰু নাৰীৰ লোভত দোষী ৰ পক্ষ লৈছে । সেয়া জানো উচিত হৈছে !


               ইতিমধ্যে ভাগৱতী আৰু খাৰঘৰীয়া আহি  ৰূপালী দত্তৰ ঘৰ পাইছিল । খাৰঘৰীয়া ই ভাগৱতী ক লক্ষ্য কৰিছিল ভাগৱতী য়ে যেন কিবা গভীৰ চিন্তা ত ব্যস্ত । ( Assamese Storyboard )


- হাৰে , ভাগৱতী ইমান চিন্তা কৰিবলৈ কি হল ! মই আছোঁ , ৰূপালী দত্ত আছে । বলক বলক ভিতৰলৈ বলক ।

সিহঁত ভিতৰলৈ সোমায় গৈছিল ।‌ ৰূপালী দত্ত ই হাহি হাহি ভাগৱতী আৰু খাৰঘৰীয়া ক সম্ভাষন জনাইছিল । 


- বৰ গৰম পৰিছে নহয় জানো খাৰঘৰীয়া ?

- উম ! এইবাৰ গৰমৰ প্ৰকোপ বাঢ়িব যেন পাইছোঁ ।

- গৰমৰ কাৰনে মই এইমাত্ৰ আকৌ এবাৰ গা ধুই আহিলো ।

- এৰা গৰমত গা ধোৱা মজাটো বেলেগ ।

- উম সেই কাৰনে মই আৰু গৰমৰ দিনতে এবাৰ গোৱা ৰ পৰা ফুৰি আহিম ।

- ওৱাহ :মজা, পিছে আপোনালোকৰ লগত মই যাৱ পাৰিম নে ?

- উম পাৰিব । কিন্তু আপোনাৰ লগত আপোনাৰ পত্নী থাকিব লাগিব । 

- তাৰ মানে ভাগৱতী আৰু আপুনি !

ৰূপালী দত্ত আৰু খাৰঘৰীয়া ই উচ্চ স্বৰত হাহিলে ।

- পিছে আজি আমাৰ ভাগৱতী মহোদয়ৰ কি হল ? সম্পূৰ্ণ নিৰব যে !

- কি ক'ব মিছেছ দত্ত মানুহ জন আজি হতাশ হৈছে ।

- হতাশ ! কিন্তু কিয় ?

- আচলতে ভয় খাইছে । ভাগৱতী ফচিব বুলি ।


            কথাৰ মাজতে খাৰঘৰীয়া ই তিনিটা গিলাছ ত পেক ধালিব আৰম্ভ কৰিলে । ভাগৱতী সম্পূৰ্ণ মৌন হৈ মদৰ ৰাগীত মাতাল । এইফালে খাৰঘৰীয়া আৰু ৰূপালী দত্ত ই দ্ৰিংকচ ৰ মাজে মাজে কথাৰ মহলা মাৰি আছে ।


- ভাগৱতী !

ৰূপালী দত্ত ই মাতিছিল ।

- হু !

- কি হল আপোনাৰ ?

- এজাক ধুমুহা আহিছিল মিছেছ দত্ত । যি ধুমুহা ই মোক শেষ কৰি পেলালে ।

- শেষ ! হাৰে আপোনাৰ দৰে এজন ,দক্ষ , সাহসী পুলিচ অফিচাৰ ক এজাক বতাহে শেষ কৰি পেলাব ?

- কোনে কৈছে মই দক্ষ ? কোনে কৈছে মই সাহসী ? মই এজন স্বাৰ্থপৰ পুলিচ অফিচাৰ ।

- হাৰে ভাগৱতী আপুনি এইবোৰ কি কৈছে ?

- মই ঠিকে কৈছোঁ ।

- আপোনাৰ চাগে গা বেয়া , মিছেছ দত্ত ভাগৱতী ক বিচনাত শুৱাই থওক ।

- খবৰদাৰ খাৰঘৰীয়া মিছা পুতৌ নকৰিব ।

- দেখিলে মিছেছ দত্ত ভাগৱতী ৰ কথা দেখিলে ।

- আপুনি মনে মনে থাকক খাৰঘৰীয়া । ভাগৱতী কি হৈছে আপোনাৰ ?

- মই পাপ কৰিছোঁ ।

- পাপ !

- অহ, পাপ আজিলৈ কিমান মানুহ ক ঠগিছো । কিমান মানুহ ৰ অভিশাপ খাইছো । পোছাক জোৰক অপমান কৰিছোঁ মই ।

- মিছেছ দত্ত এইবোৰ কি হৈছে । ভাগৱতী ৰ এইবোৰ ৰ কাৰনে আমি এতিয়া জিকিবলৈ যোৱা কেছটো হাৰি থাকিম ।

- এজন দুৰ্ভগীয়া ল'ৰা আৰু এজনী দুৰ্ভগীয়া ছোৱালী ক ন্যায় দিয়াৰ কাৰনে মই সাজু আছোঁ ।

- আপুনি সচাই পাগল হৈছে ভাগৱতী ।

- অহ, মই পাগল হৈছিলোঁ । মই টকা আৰু নাৰীৰ নামত পাগল হৈছিলোঁ । কিন্তু এতিয়া মই পাগল নহয় । আজি মোৰ এই পাগলামী বোৰ সংসাৰ খন শেষ কৰিবলৈ ওলাইছে ।

- মিছেছ দত্ত ভাগৱতী ৰ নিছা হৈছে । শুৱাই থওক ।

খাৰঘৰীয়া ই ৰূপালী দত্তক কৈছিল ।

- মোৰ নিছা হোৱা নাই । আজি মই এজন প্ৰকৃত পিতৃ হৈছোঁ । আজি পলাশ ৰ পিতৃ হৃদয় খনে জানিছে শোক । আৰু ৰাধিকা ৰ নিজৰ মাক থকা হ'লে অনুভৱ কৰিলে হৈ এজনী গাভৰু ছোৱালী হেৰুৱাৰ দুখ কিমান ।

- তাৰ মানে মই ৰাধিকা ৰ মাতৃ নহয় ?

- হয়, সমাজৰ চকুত আপুনি ৰাধিকা ৰ মাতৃ আছিলে । কিন্তু ভিতৰি আপুনি আছিলে তেজিমলাৰ মাহী আই ।

- ভাগৱতী ।

- মই আহো । মই হাৰি গলো সত্যৰ হাতত । মই হাৰি গলো সচা অফিচাৰ বৰুৱাৰ হাতত । চেল্যুট মিষ্টাৰ বৰুৱা ।

- সকলো শেষ কৰি পেলাব আপুনি ।

খাৰঘৰীয়া ই খংত ভাগৱতী ক কৈছিল ।

- শেষ ! কৌৰৱ বংশ টো শেষ হ'বয়ে খাৰঘৰীয়া । এদিন এদিন নহয় এদিন আমি শেষ হমে । গতিকে সময় থাকোঁতেই মই প্ৰায়চিত্ত কৰোঁ । আহো

- ভাগৱতী 

ৰূপালী দত্ত আৰু খাৰঘৰীয়া ই চিঞৰিছিল । কিন্তু দুয়োৰো চিঞৰ ক আওকাণ কৰি ভাগৱতী গুছি গৈছিল । ৰূপালী দত্ত আৰু খাৰঘৰীয়া ই দুয়ো দুয়োৰে চকুলৈ চাই থাকিল ।


                    ইতিমধ্যে ক'ৰ্টত নিৰ্দিষ্ট সময়ত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হল । কিন্তু ক'ৰ্টত এতিয়া ও আহি উপস্থিত হোৱা নাই ভাগৱতী । বহু সময় হ'ল কিন্তু ভাগৱতী নাই । বৰ্মনে কোৱা মতে কালি ভাগৱতী য়ে বৰ্মনলৈ ফোন কৰি কৈছিল ভাগৱতী ৰ গা বেয়া ঘৰলৈ ও যাৱ পাৰে । এতিয়া ভাগৱতী ক ফোন কৰা হৈছে যদি ও ফোনটো ৰিচিভ কৰা নাই । ন্যায়াধীশ ৰ নিৰ্দেশমতে বৰুৱাই ন্যায়াধীশ মহাশয়ক ডায়েৰী খন জমা দিছিল ।


- আচলতে মই এক বিশেষ সূত্ৰ ৰ পৰা গম পাইছিলো মোৰ পৰিবৰ্তে সেইখন থানাত অফিচাৰ ভাগৱতী আহিব । ভাগৱতী ৰ বহু কেলেংকাৰীৰ কথা মই জানো । ভাগৱতী য়ে টকাৰ খেল খেলে । সেয়েহে মই ৰাধিকা হত্যাৰ উপযুক্ত দলিল খন ফটোষ্টেট কৰি থানাত ফটোষ্টেট কপি এটা থৈ গৈছিলো । আৰু সচা কপি এইটো হে । এইটো যদি ও মোৰ লগত ৰাখিছিলো খুলি চোৱা হোৱা নাই । যদি কপি টো মোৰ লগত ৰাখি কিবা ভুল কৰিছোঁ মোক উচিত শাস্তি দিব পাৰে ।


              ক'ৰ্টত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিছিল । সেই সময়ত খাৰঘৰীয়া আৰু ৰূপালী দত্ত ৰ অৱস্থাটো চাবলগীয়া হৈছিল । তেনেতে এজন কনিষ্টবলে দৌৰি দৌৰি আহি ক'ৰ্টত প্ৰবেশ কৰিছিল আৰু সকলোৱে শুনা কৈ কৈছিল ।


" ভাগৱতী ছাৰৰ এক্সিডেন্ট হৈছে "

(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard

-এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages