: আহা আহা
মাক , মানসী, আৰু মানসীৰ দেউতাক ভিতৰলৈ গ'ল। তেওঁলোকৰ পিছে পিছে দিপজ্যোতিও ভিতৰলৈ ধাৱমান হ'ল (Assamese Storyboard )।
খোজৰ গতি লেহেমীয়া যদিও এক স্বস্তিৰ নিশ্বাস এৰি সি নিজৰ আপোন ঘৰখনৰ ভিতৰলৈ খোজ ল'লে। নিজৰ ঘৰখন হয়তো এনেকুৱাই। যিমানেই সোণৰ ৰঙচ'ৰাত নাথাকক কিয়, নিজৰ ভগা জুপুৰিটোৰ সমান সুখ কেতিয়াও দিব নোৱাৰে। ইয়েই হ'ল আপোন ঘৰখনৰ বৈশিষ্ট্য, ইয়েই হ'ল আপোন ঘৰখনৰ প্ৰতি থকা মানুহৰ টান। আৰু এই টানেই জীৱশ্ৰেষ্ঠ মানৱক সমাজ পাতি বাস কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
"মা, বৌয়ে মোক এইযোৰ দিছে চোৱা।" কথাটো কৈ মানসীয়ে ৰঙা ৰঙৰ টোপোলাটোৰ পৰা কাপোৰযোৰ উলিয়াই মাকৰ হাতত তুলি দিলে। "বৰ ধুনীয়া দেই" মাকৰ কাপোৰ যোৰ মনটো ভাল লাগিল। তেওঁৰ চকুত এনে ভাৱৰ উদ্ভৱ হ'ল যে তেওঁ আগতেই জানিছিল এইটো কথা। মোৰহে হ'বলগীয়া বোৱাৰী এনে অলপ অহংকাৰী ভাৱৰ ঢৌ তেওঁৰ নেত্ৰৰ সমুদ্ৰত ভাহি আহিল।
"দাদকো দিছে।"
"কি দিছে তাক?" তেওঁ যেন উত্তৰটো শুনিবলৈ উত্ৰাৱল হৈ পৰিল। মৰমৰ হ'বলগীয়া বোৱাৰীয়ে পুতেকক প্ৰথম কিবা এটা উপহাৰ দিছে। মাকৰ মনে তৰানৰা চিঙি বস্তুটোৰ নাম জানিবলৈ উদগ্ৰীৱ হৈ পৰিল। কাৰণ তেওঁ জানিছিল যে মানসীক হয়তো এযোৰ কাপোৰেই দিব কিন্তু দীপক.......! তাক কি দিব?
"গামোছা আৰু ৰুমাল এখন, এইটো বেগতে আছে।" টোপোলাটোলৈ ইংগিতেৰে দেখুৱাই তাই পুনৰ ক'লে -" মা, মই গাটো ধুই আহো, তাৰপিছত কথা পাতি আছো ৰ'বা।"
"যোৱা"।
ভনীয়েকৰ কথাৰ সুৰতে সুৰ মিলাই দীপেও ক'লে - "মা, ময়ো গাটো ধুই আহোঁ।"
"যোৱা দীপ"।
কিন্তু মাকৰ মনটো এতিয়াও যেন ক্ষান্ত হোৱা নাই। টোপোলাটোত হ'বলগীয়া বোৱাৰীয়েকে তেওঁৰ একমাত্ৰ পুতেকক কি দিছে সেইটো জানিব পাৰিলেহে যেন তেওঁ ক্ষান্ত হ'ব। অৱসান পৰিব তেওঁৰ উৎকণ্ঠাৰ। আৰু এটি ক্ষণৰো অপব্যৱহাৰ নকৰি তেওঁ টোপোলাটো খুলিলে। এখন পাটৰ গামোছা, তাত হাতে বোৱা ৰঙা ৰঙৰ পদুম ফুলৰ ফুল দেখিয়েই তেওঁৰ মনটো ভৰি পৰিল। এটি আনন্দৰ হাঁহিয়ে তেওঁৰ ওঁঠৰ জোৱাৰ ভাটাত উঠা নমা কৰিলে। "এইখন কিনিব গ'লে যে হাজাৰতকৈ বেছিহে লাগিব পাই। তাই কিন্তু কম ভাল ছোৱালী নহয় দেই। ইমান দামী গামোছা এখন উপহাৰ হিচাপে দিছে। নিদিবনো কিয়? নিজেই বোৱা যিহেতু দিবলৈনো কি আকাল লাগিছে।" মনৰ ভিতৰতে বোৱাৰীয়েকৰ গুণ বখানি তেওঁ সন্তুষ্টি লভিলে।
ইফালে ৰক্তিমেও অফিচৰ পৰা আহি ঘৰ পালেহি। ঘৰ পাই সি মানসীক কিমান বাৰ যে ফোন কৰিছে তাৰ সীমা সংখ্যা নাই। সৌ দুপৰীয়া নহওঁতেই যি ফোন কৰা তাৰপিছত তাই ফোন কৰিম বুলিও কৰা নাই। কথাবোৰ ভাবি ভাবি তাৰ মানসীলৈ চিন্তা হোৱাৰ লগতে খঙো উঠিল। মানসীৰ আকৌ দেহা বেয়া হোৱা নাইতো? নে আহি থাকোঁতে সিহঁতৰ কিবা অঘটন.....! এইবোৰ দুঃচিন্তাই তাৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে। অফিচৰ পৰা আহিয়েই সি বেগটো বিছনালৈ দলিয়াই কথা নাই বতৰা নাই কাৰোবালৈ ফোন কৰি থকা দেখি মাক আচৰিত হ'ল। আনকি আহি সি মাকক এষাৰো মাত লগোৱা নাই। কেতিয়াও সি এনে নকৰে। সদায় বাহিৰৰ পৰাই সি মা মা কৈ টেটুফালি চিঞৰি ঘৰত সোমাই। তেন্তে আজি তাৰ হ'ল কি? পুতেকৰ পৰিৱৰ্তন আৰু অৱস্থা দেখি মাক মিনাক্ষী হাজৰিকাও কিছু পৰিমাণে চিন্তিত হ'ল। গিৰিয়েকৰ লগত কথা পাতিবলৈও তেওঁ এতিয়ালৈকে আহি পোৱাই নাই। গিৰিয়েক আৰু পুতেকৰ লগত নতুন ভৱিষ্যতৰ কথা পাতিম পাতিম বুলি ভাবি থাকোঁতেই তেওঁৰ আশাত চেচাঁ পানী পৰিবলৈ অকণো সময় নালাগিল।পুতেকৰ অৱস্থাটো দেখি তেওঁ বুজিলে যে এতিয়া সি সেইবোৰ কথা পাতিব পৰা অৱস্থাত নাই। জোৰ কৰি মাকৰ কথা মতে কথা পাতিলেও তাৰ মনটো বেলেগতহে থাকিব। আৰু এনেকৈ কথা পাতি একো লাভ নাই। হয়তো কিবা অফিচৰ কথাও হ'ব পাৰে বুলি ভাবি তেওঁ পিছত কথা পাতিম বুলি ঠিক কৰিলে।
গা-পা ধুই আহি মানসীয়ে বেগৰ পৰা মোবাইলটো উলিয়াই আচৰিত হ'ল। ৫৬ টা মিছ্কল ৰক্তিমৰ। "হে ভগৱান তাৰ চাগৈ কিমান খং উঠিছে ঠিকনা নাই। ফোন কৰিলেই যে গালি পাৰিব সেইটো ধ্ৰুৱ সত্য। কৃষ্ণ কৃষ্ণ প্ৰভু বচাবা আৰু। নকৰিলে পিছত আকৌ বেছিকৈহে গালি খাম। পিছত গালি খোৱাতকৈ এতিয়াই খোৱা ভাল।" এইবুলি ভাবি তাই মনতে কৃষ্ণৰ নামটো মন্ত্ৰৰ দৰে মাতি ৰক্তিমলৈ ফোন লগালে।
ফোনটো বজাৰ শব্দ শুনি বাথৰুমত গা ধুই থকা ৰক্তিমে টাৱেল এখন পিন্ধি তেনেকৈয়ে ওলাই আহি ফোনটো ৰিচিভ কৰিলে। মোবাইলটোৰ স্কীণত "❤️Manashi❤️" নামটো দেখিয়েই তাৰ শৰীৰটোলৈ জীৱটো ঘূৰি আহিল যদিও খঙো উঠিল (Assamese Storyboard )।।
"হেল্ল', ৰক্তিম।"
"সময় পালা?"
"ছৰী ৰক্তিম মানে মোৰ মোবাইলটো চাইলেন্ট হৈ আছিল কাৰণে গম নাপালোঁ।"
"অহহ্, জাষ্ট চাট্আপ মানসী। যদি তোমাৰ মোলৈ ফোন কৰিবলৈ মনেই নাছিল তেন্তে ফোন কৰিম বুলি কৈছিলা কিয়? আচলতে মুখেৰে ক'লেও তুমি মোক এতিয়ালৈকে মনেৰে ক্ষমা কৰিব পাৰাই নাই। সেইকাৰণেই মোৰ কথা তোমাৰ মনলৈ এবাৰো নাহিলে। আৰু সেইবাবেই তুমি মোক ফোন কৰা নাই।"
"তুমি ভুল বুজিছা ৰক্তিম। মই.... আচলতে........"
"মই ঠিকেই বুজিছোঁ মানসী।"
তাৰ কথা শুনি মানসীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে। মৰম নদীৰ সিপাৰে আকৌ দুখৰ উপত্যকাৰ পৰা পানী ব'বলৈ ধৰিলে। তাইৰ বেদনাসিক্ত কান্দোন শুনি ৰক্তিম থত্ মত্ খাই বাস্তৱলৈ ঘূৰি আহিল। সি ইমান সময়ে মানসীক যি কৈ আছিল সেয়া তাৰ তাইৰ প্ৰতি থকা চিন্তাইহে কৈ আছিল। প্ৰেম নামৰ ঘৰটোৰ চিন্তাও জানো এজন সদস্য নহয়.....। কিন্তু অত্যাধিক চিন্তাই মানুহক ৰুগীয়া কৰি তোলে। আৰু কেতিয়াবা এই ৰোগৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰা দৰৱেও কাম নিদিয়ে। তেতিয়া প্ৰেম অৰ্থাৎ প্ৰিয়জনৰ অলপ মৰমেই সুস্থ কৰি তোলে। কিন্তু চিন্তাত কৰা অপব্যৱহাৰে প্ৰিয়জনৰ মনত যি আঘাত দিয়ে সেই আঘাতৰ গুলীৰ শব্দই সদায় মানুহৰ অন্তৰআত্মা কঁপাই থাকে। এটা ভয় জগাই তোলে। হেৰুৱাৰ ভয়। আৰু এই ভয়ৰ বশৱৰ্তী হৈয়েই বহুতে নকৰিবলগীয়া কামো কৰি পেলাই। লক্ষ্য আৰু উদ্দেশ্য মাথোঁ এটাই তেওঁলোকে কেতিয়াও আপোনজনক হেৰুৱাব নোখোজে।
"মানসী ......ছৰী। আকৌ মই ভুল কৰিলোঁ। প্লিজ্ আকৌ এবাৰ ক্ষমা কৰি দিয়া মোক।আচলতে মই তোমাৰ যোগ্যই নহয়। তোমাক কষ্ট নিদিওঁ বুলি কৈও তোমাক আকৌ কষ্ট দিলোঁ। আচলতে মই কি ক'লো কিয় ক'লো নিজেও গম নাপালোঁ মানসী। আই এম এক্সটিমলি ছৰী মানসী...... একছুৱেলি...
"মই বুজি পাইছোঁ আৰু বুজিও পাইছোঁ।"
"মানসী...... চব ভুল আচলতে তোমাৰেই। তুমিয়েই মোক গালি দিবলৈ বাধ্য কৰালা। চব তোমাৰেই চাল। মই ইমানো বেয়া নহয় তোমাৰ প্ৰেমত পৰিহে বেয়া হ'লো।
"ইচ্ ইচ্ ইচ্ অই, দেখা নাই গোটেইটো একেবাৰে মহাপুৰুষহে যেন!"
"উমম্ তোমাৰ কাৰণেটো মহাপুৰুষেই ন'। তোমাৰ স্বামীদেৱতা নহয় নেকি?"
"অই শুনা না"।
সকলো ঠিকে থকাত তাৰ মনটো ভাল লাগিল। তাইৰ লগত অলপ ধেমালি কৰাৰ ছলেৰে সি বদমাছীৰ সুৰতে কথাটো ক'লে।
"কোৱা?"
"বস্তু এটা দিবা?"
"কি?"
"কিচ্"
"ধেৎ মোৰ লাজ লাগে।"
"একো নহয় দিয়া না। এবাৰহে মাত্ৰ। বিয়াৰ আগতে যেনেকৈ দিছিলা তেনেকৈ এটা দিয়ানা। প্লিজ্.......
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment