তাৰ পাছত তৃষ্ণাই পাকঘৰলৈ গৈ তেওঁৰ বাবে কফি কৰি আনিলে।
সমীৰ: আপোনাক আগতে ইয়াত দেখা নাই?( Assamese Storyboard )
তৃষ্ণা: মই তৃষ্ণা কলিতা ইয়াতে ভাড়াঘৰত থাকোঁ। আপোনাক কথা এটা সোধো?
সমীৰ: হয় শুধক।
তৃষ্ণা:আপোনালোকক আজিলৈকে ৰোহিৰ খবৰ লোৱা দেখা নাই।
( "আধৰুৱা বিবাহ" ধাৰাবাহিক খনৰ সমূহ পাঠকবৃণ্ডক জনাই দিব বিছাৰো যে এতিয়াৰে পৰা ৪ বজাৰ সলনি দিনৰ ১১ বজাত প্ৰতিদিনে ধাৰাবাহিক খন প্ৰকাশ পাব।সেয়ে সময়মতে ধাৰাবাহিকখন উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব smj24.in ধন্যবাদ।)
এইবাৰ সমীৰে গভীৰ উশাহ লৈ কলে,"ৰোহিৰ মা দেউতা মানে মোৰ দাদা বৌৰ প্ৰেম বিবাহ আছিল আৰু যাৰ বাবে মোৰ মা দেউতা সুখী নাছিল। তাৰ পাছত যেতিয়া দাদাহঁতৰ এক্সিডেন্ট হল তেতিয়া ৰোহি অসুস্থ হৈ পৰিল। মা হতে বৌৰ ওপৰত খং কৰি আছিল বাবে ৰোহিৰ ওপৰত ধ্যান নিদিলে। ৰোহিক তেতিয়া বহুত যত্নৰ প্ৰয়োজন আছিল আৰু মইও কামৰ বাবে লণ্ডণলৈ যাব লগা হৈছিল। সেইবাবে মই ৰোহিক ইয়াত ৰখাটোৱেই ভাল বুলি ভাবিলোঁ।"
তেতিয়াই ৰাধিকাই ৰোহিক লৈ ঘৰলৈ আহিল। সমীৰক দেখি আচৰিত হল,"সমীৰ তুমি ইয়াত?"
সমীৰে তেওঁৰ ভৰিত ধৰি সেৱা জনাই কলে," হয় , আজিয়েই লণ্ডনৰ পৰা আহিছোঁ আৰু ৰোহিক লগ পাবলৈ আহিলোঁ।"
ৰাধিকা: ঘৰত সকলো ভালে আছে নহয়।
সমীৰ: হয় খুড়ী।
তাৰ পিছত ৰোহিৰ ওচৰলৈ অহাত তাই অলপ সময় চালে তাৰফালে আৰু তৃষ্ণাৰ ওচৰলৈ গৈ তাই লুকাই দিলে,"মা এইয়া কোন হয়?"
সমীৰে ৰোহিক পুনৰ কথা কোৱা শুনি ৰাধিকাৰ ফালে চোৱাত কলে," আমিতো আশা এৰি দিছিলোঁ। তাৰ পাছত হঠাৎ তৃষ্ণা আমাৰ বাবে চমৎকাৰ হৈ আহিল। আৰু আমাৰ ৰোহি আকৌ সুস্থ হৈ উঠিল।"
সমীৰেও তৃষ্ণাক ধন্যবাদ জনালে," কিন্তু খুড়ী ৰোহিয়ে মোক চিনিয়েই পোৱা নাই। মইতো এইটো ভাবি আহিছিলোঁ যে বিয়াৰ পাছত দাদা বৌৰ শেষ চিনটোক মোৰ লগত লৈ যাম।"
ৰাধিকাই ফুৰ্তিত কলে," তোমাৰ বিয়া কেতিয়া?"
সমীৰ: এতিয়া কথা পাতি থকাহে হৈছে।
তৃষ্ণা: আপুনি যেতিয়ালৈকে ইয়াত থাকিব ৰোহিৰ ওচৰলৈ আহি থাকিব। লাহে লাহে তাই আপোনাক চিনি পাব।
তাই আকৌ ৰোহিক কলে," এইয়া তোমাৰ খুড়া হয়, চিনাকি কিয় হোৱা নাই?"
তৃষ্ণাই ৰোহিক সমীৰৰ ওচৰলৈ লৈ আনিলে," মাৰ জান, তোমি খুড়াৰ লগত ফ্রেণ্ডশ্বিপ কৰা।"
ৰাধিকাই সিহঁতক বাহিৰত এৰি পাকঘৰলৈ গল। ৰোহিয়েও লাহে লাহে সমীৰৰ লগত খেলিব ধৰিলে। কিছুসময় পাছত সমীৰে তৃষ্ণাক কলে," মই কাইলৈ ৰোহিক মোৰ লগত ফুৰাবলৈ নিব বিচাৰো। তাইতো মোৰ লগত অকলে নাযায়, গতিকে আপুনি যাব নেকি মোৰ লগত?"
তৃষ্ণাই তাৰফালে চোৱাত সি কলে," যদি আপোনাৰ কোনো অসুবিধা নহয়।"
তৃষ্ণাই হাঁহি দিলে,"ঠিক আছে কিন্তু এটা চৰ্তত যাম।"
সমীৰে ফুৰ্তিত কলে," ঠিক আছে , মোৰ তোমাৰ সকলো চৰ্ত মঞ্জুৰ আছে।"
তৃষ্ণা: কিন্তু আপুনি প্ৰথমে মোৰ চৰ্ততো শুনি লওক।
সমীৰ: যি চৰ্তয়েই নহওক কিয় , কিন্তু ৰোহিৰ সুখতকৈ ডাঙৰ তো একো হব নোৱাৰে।( Assamese Storyboard )
তৃষ্ণা: ঠিক আছে, তেনেহলে অহাকালি মোক ১ বজাত মোৰ অফিচৰ পৰা নিবলৈ আহিব। কিন্তু তালৈ আপুনি ৰোহিৰ দেউতাক হৈ আহিব কাৰণ তাত সকলোৱে মোক ৰোহিৰ মাক বুলি জানে। আৰু আপুনি ৰোহিৰ দেউতাকৰ ৰূপত আহিব লাগিব। এতিয়া মঞ্জুৰ আছে নে?
সমীৰে অলপ সময় তৃষ্ণাৰ ফালে চাই কলে," অৱশ্যে মোৰ সকলো চৰ্তই মঞ্জুৰ আছে কিন্তু ইয়াৰ কাৰণ জানিব পাৰিম নেকি?"
তৃষ্ণা: নাই মই এই বিষয়ে কব নোৱাৰিম। যদি আপুনি আহিব বিচাৰে তেন্তে আহিব নতুবা ৰোহিৰ ক্ষেত্ৰত মোৰ পৰা কোনোধৰণৰ সহযোগিতা আশা নকৰিব।
এনেদৰে কৈ তাই ৰোহিক লগত লৈ ভিতৰলৈ গুচি গল। ইফালে সমীৰেও কিবা ভাবি হাঁহি দিলে।
পিছদিনা ৰাতিপুৱাৰ পৰাই তৃষ্ণা চিন্তাত আছিল,"কি কৰিম? অফিচলৈ যাম নে নাযাম? সদায় তো অফিচৰ পৰা পলাই থাকিব নোৱাৰো। মা দেউতাৰো সন্দেহ হব। সমীৰক দেখি ৰিংকুদাৰ পৰা আঁতৰি যোৱাৰ কথা মনলৈ আহিছিল কিন্তু তেওঁ একো নোকোৱাকৈ গুচি গল।"
তাই এইবোৰ ভাবি থাকোতেই ৰাধিকাই আহি ৰোহিৰ ইউনিফৰ্ম জোৰ তাইৰ হাতত দি থৈ কলে," লোৱা, নিজৰ ছোৱালীক নিজেই ৰেডী কৰি দিয়া। মোক তো অশান্তি কৰি দিছে। তুমি মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই দিলা। তুমি যোৱাৰ পাছত মই এইক কেনেকৈ চম্ভালিম নাজানো?"
তৃষ্ণা: মা, মইতো কতো নাযাওঁ। তেন্তে আপুনি এনেকুৱা কথা কিয় কৈছে?
ৰাধিকা: মই এইটো কব বিচৰা নাছিলোঁ মাজনী। মাত্ৰ মুখৰ পৰা ওলাই গল। কিন্তু সঁচা এইটো যে ৰিংকুয়ে যেতিয়া তোমাক নিবলৈ আহিব তুমিতো তেতিয়া গুচি যাবা। এতিয়া সমীৰেও ৰোহিক লগত নিয়াৰ কথা কৈছে যেতিয়া এদিন নহয় এদিন ৰোহি তোমাৰ পৰা আঁতৰ হবই লাগিব।
তৃষ্ণাই ৰিংকুৰ নাম শুনি উদাস হৈ পৰিল আৰু আনফালে ৰোহিৰ পৰা দূৰ হোৱাৰ কথা কল্পনা কৰি সিঁহৰি গল। তাই ৰোহিৰ লগত বহুত বেছি মিলি গল,"মা, আজিৰ পৰা আৰু এনেকুৱা কথা নকব। মই সকলোকে এৰি থাকিব পাৰিম কিন্তু ৰোহিক এৰি এক মিনিটো থাকিব নোৱাৰো। মই ৰোহিক নিজৰ পৰা দূৰ কেতিয়াও নকৰো।" তাই ৰোহিক সাৱটি ধৰিলে।
ৰোহি:মা তুমি কত যাবা নো? আমাৰ পাপা আহিব নেকি?
তৃষ্ণা: কি ক'লা তুমি পাপা? তোমাক কোনে কলে যে তোমাৰ দেউতা আহিব?
ৰোহি: মা ,মোৰ লগৰবোৰৰ পাপা আছে যেতিয়া মোৰো থাকিব ন।
তৃষ্ণাই কথা তো সলাই কলে," বাৰু, প্ৰথমে স্কুলৰ বাবে ৰেডী হোৱা। মই ৰোহিক ৰেডী কৰি লওঁ মা আৰু মোক ৰোহিৰ পৰা আপুনিও আঁতৰ কৰিব নোৱাৰে।"
ৰাধিকাই তাইৰ কপালত চুমা যাচি মনৰ ভিতৰতে ভাবিলে," এতিয়া আৰু মই তাইৰ চিন্তা কৰিব নালাগে। এতিয়া ৰিংকু আহিল তোমাক উভতাই নিবলৈ আৰু সমীৰেও ৰোহিক লৈ যাব। প্ৰথমতে অলপ কষ্ট হব কিন্তু যেতিয়া তোমাৰ নিজৰ সন্তান হব তেতিয়া তুমি ৰোহিক পাহৰি যাবা।"
কিছুসময় পাছত তৃষ্ণাই ৰোহিক লগত লৈ ঘৰৰ পৰা ওলাই গল। তৃষ্ণাই ৰোহিক স্কুলত থৈ ভয়েৰে অফিচলৈ আহিল। তাই নিজৰ লগত যুঁজি ৰিংকুৰ সন্মুখীন হবলৈ নিজকে প্ৰস্তুত কৰি আছিল। অফিচৰ ভিতৰলৈ সোমোৱাত তাই দিম্পিক আহি থকা দেখা পালে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment