-"তাৰপিছত,,,,,,, তেওঁলোকে মোক হস্পিতালখনত ভৰ্ত্তি কৰিলে উন্নত চিকিৎসাৰ বাবে। আৰু লগতে পুলিচকো হেনো খবৰ দিছিল( Assamese Storyboard )। মোৰ অৱস্থা তেতিয়া বহুত বেছি বেয়া হৈ গৈছিল আৰু ক্ৰমান্বয়ে ই আৰু বেয়াৰ ফালে ধাল খাবলৈ ধৰিছিল। আনফালে তেওঁলোকে অকল মোকহে পাইছিল মোৰ পৰিচয়ৰ বাবে আন একো বস্তু মানে কাগজ-পত্ৰ বা অন্য কিবা একোৱেই পোৱা নাছিল। সেয়েহে পুলিচেও একো কৰিব পৰা নাছিল। মোৰ পৰিচয়,, মোৰ মা-দেউতা কাৰোৰেই একো শুং-সূচনা উলিয়াব পৰা নাছিল। আৰু উলিয়াবনো কেনেকৈ? মই জন্ম হোৱাৰ দিনাটো কেৱল মই অকলেই জন্ম হোৱা নাছিলোঁ আন বহুত শিশু জন্ম হৈছিল তাৰ মাজৰ পৰা মোৰ মা-দেউতাক বিচাৰি উলিওৱাটো অসম্ভৱৰ দৰে আছিল। তথাপিও তেওঁলোকে অশেষ কষ্ট কৰিছিল কিন্তু বিফল হৈছিল। কাৰণ মোৰ মা-দেউতাৰ নামেই তেওঁলোকে উলিয়াব পৰা নাছিল.......বাকীটো বহুত দূৰৰ কথা। এসপ্তাহ পাৰ হৈ গ'ল কিন্তু লাহে লাহে মোৰ অৱস্থা আৰু বেয়া হৈ গৈছিল। ডক্তৰে শেষত মোক আই.চি.ইউত ভৰ্ত্তি কৰিলে। তথাপিও একো ফল নাপালে। একোৱেই উন্নতি নহ'ল মোৰ স্বাস্থ্যৰ বৰঞ্চ আৰু বেয়াহে হৈ গৈছিল। এনেকৈয়ে এবাৰ জেনেৰেল ৰুম এবাৰ আই.চি.ইউলৈ অনা-নিয়া কৰিয়েই এমাহ পাৰ হৈ গ'ল। এফালে মোৰ এই অৱস্থা আনফালে আইতাৰ খেছখেছনি। সদায় হেনো মোক ক'ৰবাত এৰি থৈ আহিবলৈ মা আৰু দেউতাক কয়। আৰু এদিন যেতিয়া ৰাতি প্ৰায় আঠমান বজাত দুয়ো হস্পিতালৰ পৰা মানে মোৰ ওচৰৰ পৰা আহি ঘৰ পাইছিলহি তেতিয়া-----
-"ইমান ৰাতিখন তোমাৰ ঘৰত মন নবহে বোৱাৰী। কোনো ভদ্ৰ ঘৰৰ মহিলাই ৰাতি গা ঘেলাবলৈ বাহিৰলৈ নাযায়।"
-"মা মই কোনো পাৰ্টি কৰিবলৈ বাহিৰলৈ যোৱা নাই। হস্পিতালত এটা কণমানি ল'ৰা মৃত্যুৰ সৈতে যুঁজি আছে আৰু আপুনি....."
-"সি মৃত্যুৰ সৈতে যুঁজি আছে তাতে মোৰ কি আহে যায়। সি মোৰ নাতি নহয় নহয় কিবা। নাজানো কাৰ পাপৰ ফল।"
-"মা,,, মুখেৰে যদি ভাল কথা নুলাই তেন্তে বেয়া কথাও নক'ব আৰু এটা কথা সি যাৰেই পাপৰ ফল নহওঁক কিয় এতিয়া সি মোৰ লগত আছে....
-"মানে তুমি কি বুজাব বিচাৰিছা এতিয়া সি তোমাৰ লগত আছে মানে এতিয়াৰ পৰা সি তোমাৰ সন্তান?"
-"ঠিক বুজিছে মা।"
-"আৰু কিমান দুখ দিবি তঁহতে মোক হা। আনৰ পাপৰ ফল ভোগ কৰিবলৈহে তোক মই এইখন ঘৰলৈ বিয়া কৰাই আনিছিলোঁ নেকি? সন্তান দিব নোৱাৰ' নালাগে কিন্তু আনৰ ছিঃ,,,,,,,,, এইবোৰ দিন দেখাৰ আগতে মোক তঁহতে মাৰি নেপেলালি কিয়?"
-"বহুত হ'ল আৰু মা,, মোল ধৈৰ্যৰ আৰু পৰীক্ষা নল'বা। তুমি যদি ইয়াত থাকি ইমানেই অশান্তি পাইছা তেন্তে ওলাই যোৱা এইখন ঘৰৰ পৰা।"
-"কি ক'লি তই সীমান্ত? আনৰ এটা পপীয়াৰ বাবে তই মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'লি!! তই কোন হয় মোক ইয়াৰ পৰা উলিয়াবলৈ? এইখন মোৰ ঘৰ হয়....মোৰ। ইয়াত আনৰ হুকুম নচলিব। এইখন ঘৰৰ এটা এটা ইটাত মই তেজক পানী কৰি কৰা কষ্ট জড়িত হৈ আছে আৰু আজি তই মোকেই......। বাপেৰে এৰি থৈ যোৱাৰ পিছত তোকেই একমাত্ৰ সম্বল কৰি মই অ'তদিনে জীয়াই আছিলোঁ আৰু আজি.....।
-"মা মই আজিহে বুজিলোঁ দেউতাই তোমাক কিয় এৰি থৈ গৈছিল। তোমাৰ এইবিলাক স্বভাৱৰ বাবেই এদিন দেউতাই তোমাক এৰি থৈ গৈছিল। কিন্তু তোমাৰ তথাপিও এইবোৰ উচ্চ-নীচ,, জাত-পাত,, এইবোৰৰ লেঠা নুগুছিল। আৰে কি কৰিলে তুমি সুখী হ'বা?...... আৰু তোমাৰ এই স্বভাৱৰ বাবেই ময়ো অতিষ্ঠ হৈ পৰিছোঁ নোৱাৰোঁ আৰু মই তোমাৰ লগত থাকিব। সদায় সদায় খালি অশান্তি। ক'তো অকণো শান্তি নাই। দিনটো ইমান কষ্টেৰে হস্পিতালত থাকি একো এটা খাবলৈ পোৱা নাই আৰু ঘৰলৈ আহিও এয়া...!! তুমি নাথাকিলেই কিজানি আমি শান্তি পাম।।
এক অজান দেশৰ অজান সভ্যতাৰ বাসিন্দা আমিবোৰ ন'! কি যে আমি মানুহবোৰ? কিমান নিষ্ঠুৰ? কোনে আমাক এনেকুৱা কৰিলে বাৰু? আদিম সভ্যতাৰ কালজয়ী গীতৰ সুৰৰ ছন্দে ছন্দেও ইয়াৰ প্ৰতিচ্ছবি প্ৰতিবিম্ব পোৱা নাযায় কিন্তু এতিয়া আধুনিক সভ্যতাৰ আমি আধুনিক মানুহৰ প্ৰতিটো ক্ষণতে যেন হিংস্ৰতাই বিৰাজ কৰি সকলোকে হিংস্ৰ কৰি তুলিছে। পাহৰি গৈছোঁ আমি সম্বন্ধ,, পাহৰি গৈছোঁ আমি মৰম-স্নেহ,, ভাতৃত্ববোধ,,, মানবীয়তাৰ কথা বাৰু নকওঁৱেই।। এজাক উৰণীয়া পক্ষী হ'বলৈ আমি মন মেলোঁ। আৰু তাৰ নাম দিওঁ আমি হেনো "মুক্ত বিহংগ"। কিন্তু পক্ষীৰ মাজত থকা এটাও গুণো জানো আমাৰ মাজত আছে। অকল আমি পক্ষীৰ উৰিব পৰাটোহে দেখোঁ কিন্তু তাৰ ভিতৰৰ থকা এটাৰ আনটোৰ প্ৰতি মৰম,, ভালপোৱা আদিবোৰ কেতিয়াও নেদেখো। যিসময়ত আমি জাত-পাত,, পাপ-পুণ্যৰ কথা ভাবি সেইবোৰ বিচাৰ কৰি সময় নষ্ট কৰি নিজৰ মাজতে কাজিয়া কৰি আছোঁ তেতিয়া কিন্তু সিহঁতৰ মাজত ইয়াৰ একো প্ৰভাৱেই নাই। সচাঁকৈয়ে অনন্য এক জীৱ। উন্মুক্ত এক জীৱন।
-"অহহ্ এতিয়া মইহে তহঁতৰ অশান্তিৰ কাৰণ হ'লো মানে। মই এটা গলগ্ৰহ হে তহঁতৰ জীৱনৰ।"
-"তুমি যি বুলি ভাবা ভাবি থাকা খালি আমাক অলপ শান্তি দিয়া। আৰু ওলাই যোৱা এইখন ঘৰৰ পৰা( Assamese Storyboard )।"
=====================================
অলপ সময়ৰ পিছতে ৰিদিপ্ত আহি মানসীহঁতৰ ঘৰৰ দৰজাত টোকাৰ মাৰিলেহি। মানসীয়ে পোনপ্ৰথমে গৈ দৰজাখন খুলি দিলে আৰু তাক দেখিয়েই সাৱটি ধৰিলে। এটা সুঘ্ৰাগ্নিত বিলীন হোৱাৰ অসীম পলৰ সুক্ষ্ম অনুভূতি। সকলোৰে আগত হ'লেও নিজৰ প্ৰিয়পাত্ৰ জনৰ এখন মৰমৰ বুকুত সোমোৱাৰ আনন্দ। এক হেপাঁহ। হেপাঁহৰ নৌকাক চলন্ত গতি উপহাৰ দিবলৈ কৰা এক দুৰ্দান্ত্য চেষ্টা ই। অশেষ চেষ্টা। চিৰদিনলৈ কাৰোবাৰ মৰমৰ মাজত থকাৰ এক চেষ্টা। কিন্তু ই মিথ্যা চেষ্টা নহয়তো?
-"কি হ'ল তোমাৰ? আৰু মোক এনেকৈ মাতিলা যে?"
-"মোক মাহঁতে তোমালৈ বিয়া নিদিয়ে কিন্তু মই তোমালৈয়ে বিয়া হ'ম,, আজিয়েই।"
-"কি?"
-"উমম্.... নহ'লে মই আৰু জীয়াই নাথাকিম।"
-"হা..."
এক চংকিত সময়। আশ্বৰ্যতাৰে ভৰা এক সময়। স্পষ্টকৈ পৰিষ্ফূটিত হৈছে প্ৰেমাস্পন্দৰ মৰ্মাহত হৃদয়ৰ কৰুণ যন্ত্ৰণা। আবেষ্টনিয়ে চিঙিব নোৱাৰে এই স্পন্দন। কিন্তু এক শক্তি এক জাগৰণ...!!
-"কিন্তু মই তোমাক বিয়া কৰাব নোৱাৰোঁ।"
-"কিন্তু কিয়?"
-"আচলতে মই তোমাক ভাল নাপাওঁ... মই কেৱল পইছাৰ বাবেহে তোমাক ব্যৱহাৰ কৰিছিলোঁ। তোমাৰ পৰা পইছা সৰকোৱাতোয়েই মোৰ একমাত্ৰ উদ্দেশ্য আছিল। সেইবাবে মই তোমাক বিয়া কৰাব নোৱাৰোঁ.. আৰু এতিয়া মোৰ বিয়া পতাৰ বয়স নহয়।"
তাইৰ নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাছিল। দুখোজ পিছুৱাই আহিছিল তাৰ কাষৰ পৰা তাই। প্ৰথমটো প্ৰতাৰণা পাইছিল তাই তাইৰ জীৱনত আৰু তাৰপৰা পাইছিল যাৰ তাই নিজৰ সৰ্বস্ব হিয়া উজাৰি ভাল পাইছিল। সকলোতকৈ বেছি মৰম কৰিছিল যাক সিয়েই আজি তাইক..!!
-"তোমাক যদি টকাই লাগিছিল মোক আগতেই নক'লা কিয়? মোৰ অন্তৰৰ লগত কিয় খেলিলা তুমি? ক'ত সাহস পালা তুমি? কোনে তোমাক অধিকাৰ দিলে এইবোৰ কৰাৰ? তোমাক টকা লাগে নহয় ৰ'বা.........
কথাখিনি কৈ তাই ভিতৰলৈ গৈ হাতত অলপ পইছা লৈ আনি ৰিদিপ্তৰ গালৈ মাৰি পঠিয়ালে।
-"ভিকহুৰ জাত,, এইসোপা ল' আৰু ভাগ ইয়াৰ পৰা। আৰু কেতিয়াও নাহিবি মোৰ সন্মুখলৈ নহ'লে মই কি কৰিম পেলাম মই নিজেও গম নাপাম। যা কুকুৰৰ বাচ্ছা ইয়াৰ পৰা।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment