এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 3, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২৩ ) : Assamese Storyboard

Assamese Storyboard

 

ভাগৱতী য়ে মৰিলো বুলি চিঞৰাৰ লগে লগে পুলিচ জন দৌৰি ভাগৱতী থকা কোঠাৰ পৰা বাহিৰলৈ দৌৰ দিছিলে । ভাগৱতী য়ে বহুত ভয় খাইছিল ( Assamese Storyboard )। ভাগৱতী ৰ চিঞৰ শুনি ইতিমধ্যে মেডিকেলত মানুহৰ চিঞৰ বাখৰ লাগিছিল । পুলিচ জনে দৌৰি দৌৰি গেটৰ মুখ পাইছিল ।‌চিকিউৰিটিয়ে থাপ মাৰি হাতত ধৰিছিল যদি ও পুলিচ জন পলাই সাৰিছিল । কিন্তু চিকিউৰিটি ৰ হাতত ৰৈ গৈছিল পুলিচ জনৰ হাতত থকা ব্ৰেছলেট এপাত। 


          ইতিমধ্যে উক্ত খৱৰ বৰুৱা ক মেডিকেল ৰ ফালৰ পৰা জনোৱা হৈছিল । বৰুৱাই এটা বৃহৎ পুলিচ ফ'ৰ্চ লৈ মেডিকেল লৈ আহিছিল । আহিয়েই ভাগৱতী ৰ ওচৰলৈ গৈছিল বৰুৱা । 


- আপুনি ঠিকেই আছে ভাগৱতী ?

- উম ঠিকেই আছোঁ বৰুৱা । কিন্তু 

- কথা কবলৈ কষ্ট হৈছে নেকি ?

- নাই হোৱা । কিন্তু মোক সিহঁতে মাৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে বৰুৱা ।

- কোনে ভাগৱতী ?

- মই সকলো কম বৰুৱা । মই কাইলৈ ক'ৰ্টত সকলো কম ।

- আপুনি ক'ৰ্টলৈ যাৱ পাৰিব ভাগৱতী ?

- পাৰিম , হুইল চেয়াৰত বহি হ'লে ও মই ক'ৰ্টত যাম ।

- ঠিক আছে । কিন্তু আজি আপোনাক মাৰিবলৈ চেষ্টা কৰা পুলিচ জনক আপুনি চিনি পায় ?

- মই ধৰিব নোৱাৰিলোঁ বৰুৱা । কাৰন সেই মানুহ জনে মুখত মাস্ক পিন্ধি আহিছিল ।

- আমাৰ ষ্টাফৰ মাজৰ কাৰোবাক আপোনাৰ সন্দেহ হয় নেকি ?

- নহয় , এয়া আমাৰ ষ্টাফৰ নহয় ।

- ঠিক আছে আপুনি এতিয়া শুৱক । কাইলৈ ক'ৰ্টলৈ আপুনি যাৱ লাগিব ।

- কিন্তু মোৰ শুৱলৈ ভয় লাগিছে । যদি সিহঁতে আৰু !

- ঠিক আছে আমাৰ দুজন ষ্টাফ আজি ৰাতি আপোনাৰ ৰখিয়া হৈ থাকিব ।

- ধন্যবাদ বৰুৱা ।

- ধন্যবাদ দিব নালাগে । এয়া মোৰ কৰ্তব্য । মই আহিছোঁ ভাগৱতী ।


              ভাগৱতী ৰ ওচৰৰ পৰা বিদায় লৈ বৰুৱা ওলাই আহিল । বৰ ডাঙৰ ঘটনা এটা ঘটিবলৈ গৈছিল । কিন্তু ইহঁত ধৰা পৰাৰ পাছত কোনো কাৰণতে সাৰি যাৱ‌ নোৱাৰিব । 


- ছাৰ 

তেনেতে চিকিউৰিটি জন বৰুৱা ৰ ওচৰলৈ আহিছিল ।

- হয় কোৱা ।

- ছাৰ এইডাল  লওক ।

- কি এইডাল ।

- সেই পুলিচ জনৰ হাতত পিন্ধা ব্ৰেছলেট  ।‌ মই মানুহ জনক ধৰিবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু নোৱাৰিলোঁ । হাতত ৰৈ গ'ল মাত্ৰ মানুহ জনৰ ভাগৰ এইডাল ।

- বঢ়িয়া ! নিশ্চয় এইডাল কামত আহিব এইবাৰ ।তোমাৰ সাহসক মই ধন্যবাদ জনাইছোঁ ডেকা লৰা ।

- ধন্যবাদ ছাৰ ।


               নিশা বহুত হৈছিল । কিন্তু এই নিশা ও খাৰঘৰীয়া আৰু ৰূপালী দত্ত একেলগে আছিল । আজি যেন ৰূপালী দত্ত ৰ পেটত ভাত নাই , ভয়তে কণ্ঠ কণ্ঠ শুকাই আছে । কাৰন ৰূপালী দত্ত এতিয়া সকলোৰে সন্দেহ ত ।


- খাৰঘৰীয়া বলক । মোক ট্ৰেইন এখনত উঠাই দিয়ক ।

- কত যাৱ আপুনি !

- যাম ! কোনোবা পাহাৰ অঞ্চলৰ এডোখৰ ঠাইলৈ । সাধাৰণ জীৱন যাপন কৰি তাত আত্মাগোপন কৰিম ।

- কিন্তু কিয় ?

- কিয় আপুনি নাজানে ?

- আপুনি প্ৰয়োজনত কৈ বেছি ভয় খাইছে । ইমান ভয় খোৱা ৰ প্ৰয়োজন নাই । এতিয়া ও কেছ বহুত বাকি ।

- কিন্তু প্ৰতিটো খোজতে এতিয়া মই ধৰা পৰিছো । আৰু পৰিমে । কি প্ৰয়োজন আছিল মোৰ এটা বিলাসিতা জীৱন কটোৱা ৰ । এই বিলাসিতা ই মোক শেষ কৰি পেলালে । ৰাধিকা ৰ ডায়েৰী খনে মোক বেছি বিপদত পেলাইছে ।

- ডায়েৰী খনত নো কি আছে ?

- আছে বহু কথাই ডায়েৰী খনত আছে । সেই ডায়েৰী খনে সচা দলিল । 

- আপুনি আগতে ডায়েৰী খন হস্তগত কৰিব নোৱাৰিলে ?

- মই এইবোৰ ভাৱি চোৱা ই নাছিলোঁ । কিন্তু আজি সেই ডায়েৰী খনে মোৰ কাৰনে কাল হ'ল ।

- হ'ব এতিয়াও কিবা এটা কৰিব লাগিব ।

- কি কৰিব ! কাক বিশ্বাস কৰিম মই আৰু ! ভাগৱতীয়ে ওলোটাই পাক মাৰিলে ।

- ভাগৱতী ! এই ভাগৱতীয়ে আমাক জ্বলাই জ্বলাই মাৰিছে । 

- খাৰঘৰীয়া মই এতিয়া পলোৱাৰ বাহিৰে বেলেগ উপায় নাই ।

- ধৰ্য ধৰক। এই বৰুৱা ক মাৰি পেলাব পাৰিলে সকলো খেল খতম হৈ গ'ল হৈ । কিবা এটা কৰিব লাগিব ।


              নিয়ৰৰ দিনক দিনে চিন্তা বোৰ বাঢ়ি গৈছে । কেছ বহু দূৰ আগুৱাই যাৱ পৰা নাই । দিনক দিনে ইটোৰ পিছত সিটো বিপদ আহিয়েই আছে । কি হ'ব সি একো ভাৱি পোৱা নাই । এই ফালে চাকৰিৰ পৰা তাক নিলম্বন কৰি থৈছে । যদিহে অপৰাধী চিনাক্ত হয় তেন্তে চাকৰি তাৰ ইমানতে শেষ । কি ধুনীয়া জীৱন তাৰ । কিন্তু আজি অনিশ্চিত ভৱিষ্যতৰ ৰ লগত যুদ্ধ । এয়াই জীৱন কাল জীৱন ত কেতিয়া অজানিতে নামি আহে বিপদ কোনেও কব নোৱাৰে ।


              ৰাতিপুৱা শুই উঠিয়েই অফিচাৰ বৰুৱা ই বাতৰি কাকত খনত চকু ফুৰাই আছিল । তেনেতে সন্মুখৰ পেজত ডাঙৰ ডাঙৰ আখৰেৰে লিখাই থকা হেডলাইনটো বৰুৱা ৰ চকুত পৰিল । " তিনিচুকীয়া জিলাৰ ডুমডুমা বৰপথাৰত ম'ৰেল পুলিচিং ৰ এক জঘন্য ঘটনা " । বৰুৱাই একে উশাহতে সম্পূৰ্ণ বাতৰিটো পঢ়িলে । আৰু বৰুৱা ৰ বুকু খন কপি উঠিল । এই খন অসমত যে ইমান জঘন্য মানুহ আছে , মানুহ ৰূপী এচাম দানব আছে কথাটো ভাৱিব এই নোৱাৰি । শৰৎ মৰাণ নামৰ ল'ৰা এজনক বৰ পথাৰৰ স্থানীয় কেইজন মান যুৱকে ইমান নৃসংশ ভাৱে হত্যা কৰিছে যে সেয়া ভাৱিব ও নোৱাৰি । আমি গৌৰৱ কৰোঁ আমি অসমীয়া । আমি সহজ সৰল অসমীয়া , এয়া সেউজীয়া অসম । কিন্তু সেউজীয়া অসমত আজি  ৰঙাৰ চেকুৰা ! কোনে কৈছে আমি সহজ সৰল অসমীয়া ! সহজ সৰল অসমীয়া ই এজন নিজৰেই ল'ৰাক ব্লেডেৰে কাটি নিমখ ঘহি মাৰিব পাৰে নেকি ! সহজ সৰল অসমীয়া ই নিজৰেই লৰা ক কুবাই কুবাই জীৱ জন্তু ক মৰাৰ দৰে হত্যা কৰিব পাৰে নেকি ! যেনেকৈ নীল অভিক মাৰিছিল । এয়া নিষ্ঠুৰ জাতিৰ পৰিচয় । এই হত্যাকাৰী বোৰ হিংস্ৰ জন্তুতকৈ ও উন্মাদ । মানুহ ৰ ভুল হয় , শ্ৰেষ্ঠ মানৱ জাতিৰ ভুল ৰ ক্ষমা ও থাকে । আৰু মানুহ ৰ ভুল ৰ সত্যতা উদঘাটন কৰিবলৈ পুলিচ প্ৰশাসন আছে । কিন্তু এই ম'ৰেল পুলিচে অধিকাৰ পালে কত ! এটা নহয়, দুটা নহয় বহু কেইটা ম'ৰেল পুলিচ ৰ ঘটনা অসমত হৈ গ'ল । কিন্তু ন্যায় কেইজনে পালে ! কেইখন ঘৰে ন্যায় পালে ।  হত্যাকাৰী ৰ কোনো তেজৰ সম্পৰ্ক নাই , জাতি নাই । হত্যাকাৰী মুছলমান হিন্দু নহয় । সি দানৱ হয় , অসুৰ হয় ।  কিছু সময়ৰ কাৰনে নিশ্চুপ হৈ বহি থাকিলে বৰুৱা । বৰুৱাই নিজৰ মাজতে দৃঢ়তাৰে খোপনি পুতিলে । আমি কিন্তু পলাশ ,ৰাধিকা ৰ হত্যাকাৰী ক কোনো কাৰনতে সাৰি যাৱ নিদিওঁ ।


                 আজি ক'ৰ্টৰ এটা বিশেষ দিন ।‌ কাৰন এই ক'ৰ্টত আজি ভাগৱতী প্ৰবেশ কৰিব কিছুমান সত্য কথা ফাদিল কৰিবলৈ । কিন্তু খাৰঘৰীয়া আৰু ৰূপালী দত্ত ই নাজানে যে আজি ক'ৰ্টত ভাগৱতী আহিব । তথাপি ও ভয়ে খেদি ফুৰিছে ৰূপালী দত্ত ক । ক'ৰ্টৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হল । ভাগৱতী ক লৈ অনা হুইল‌ চেয়াৰত । কাবেৰী য়ে পোন প্ৰথমে ভাগৱতী ক বিচাৰিলে । ৰূপালী দত্ত ই ভাগৱতী ৰ ফালে চাইছিল । কিন্তু ভাগৱতী ৰ খংৰ চাৱনি আজি প্ৰথম ৰূপালী য়ে দেখিছে ।

কাবেৰী য়ে শপত বাক্য পাঠ কৰাই ভাগৱতী ক প্ৰশ্ন কৰিলে ।


- মিষ্টাৰ ভাগৱতী আপুনি কওকচোন সেইদিনা আপোনাৰ এক্সিডেণ্ট কেনেকৈ হৈছিল ?( Assamese Storyboard )

- সেয়া এক্সিডেন্ট নহয় । সেয়া এক হত্যাৰ চেষ্টা ।

ভাগৱতী ৰ কথা শুনি ৰূপালীয়ে খাৰঘৰীয়া ৰ চকুলৈ চাইছিল ।

- আজি মই এই ক'ৰ্টৰ মজিয়াত সকলো কথা খুলি কব বিচাৰোঁ । আচলতে মই এজন সৎ পুলিচ বিষয়া নাছিলোঁ । মই আছিলোঁ এজন ঘোচখোৰ পুলিচ বিষয়া । মই বহুত নিৰীহ মানুহ ক অত্যাচাৰ কৰিছিলোঁ । কিন্তু এতিয়া মোৰ চকু মেল খালে । কাৰণ মই ও কাৰোবাৰ বাপেক । যদি কোনোবাই মোৰ সন্তান ক ও এনেকৈ হত্যা কৰে ! আৰু সেই থানাৰ পুলিচ অফিচাৰে যদি ঘটনাটো মোৰ দৰে ! নাই নাই মই বহুত ডাঙৰ ভুল কৰিছোঁ । পলাশ , ৰাধিকা ৰ দৰে বহুতো দুৰ্ভগীয়াৰ অভিশাপ মই পাইছোঁ । কিন্তু আৰু নোৱাৰোঁ ।  ৰত্নাকৰ বাল্মিকী হৈছিল । কিন্তু মই বাল্মিকী হ'ব বিচৰা নাই মই পাপৰ প্ৰায়চিত্ত কৰিব বিচাৰিছোঁ । দাগ লগোৱা গাখীৰ পোছাক জোৰ ৰ এটা দাগ মছি পেলাৱ বিচাৰিছোঁ ।


        মই ৰাধিকা ৰ ডায়েৰী জ্বলোৱা টো সত্য । পিছত ক'ৰ্টত মই যিখন ডায়েৰী জমা কৰিছিলোঁ সেইখন মিষ্টাৰ খাৰঘৰীয়া , ৰূপালী দত্ত আৰু মই সাজি উলিওৱা নকল ডায়েৰী ।


ভাগৱতী ৰ কথা শুনি খাৰঘৰীয়া আৰু ৰূপালী দত্তৰ বুকু কপি উঠিছিল । 


- মই নিয়ৰ পৰা নিৰ্দোষী প্ৰমান কৰাৰ নামত একলাখ টকা লৈছিলোঁ । আৰু ৰূপালী দত্তৰ নিৰ্দেশ ত কোনো প্ৰমান অবিহনে অংকুৰণ বৰাক ৰাধিকা ৰ হত্যাকাৰী সজাইছিলো ।


ৰূপালী দত্ত ই যেন এতিয়া ই ক'ৰ্ট এৰি পলাই যাৱ ! ভয়তে মানুহ জনীৰ অৱস্থা শোচনীয় হৈ পৰিছিল ।


আকৌ আৰম্ভ কৰিছিল ভাগৱতী য়ে ।

- মই যিদিনা অনুশোচনাত দগ্ধ হৈছিলোঁ সেইদিনা খাৰঘৰীয়া আৰু মই ৰূপালী দত্ত ৰ ঘৰতে দ্ৰিংকচ কৰিছিলোঁ । সেইদিনা মোৰ মনটো যথেষ্ট বেয়া আছিলে । কাৰন আইনৰ ৰক্ষক হৈ কিমান দিন আৰু ভক্ষকৰ অভিনয় কৰিম । খাৰঘৰীয়া আৰু মিছেছ দত্তই মোৰ মনৰ কথা বাৰে বাৰে জানিবলৈ বিচৰাত মই এই সকলো কথা খুলি কৈ তাৰ পৰা নিজে গাড়ী চলাই গুছি আহিছিলো । সেইদিনা মোৰ অত্যাধিক নিছা হৈছিল । সেয়েহে পাহাৰৰ কিনাৰতে গাড়ী ৰখাই গাড়ীতে টোপনি গৈছিলো । সেই সময়তে মোৰ ওপৰত এটা চাৰি পাচজনীয়া দলে আক্ৰমণ চলাইছিল । মোৰ মুখ মণ্ডলত ঘূচিয়াইছিল , বুকুত জোতাৰে গচকিছিল আৰু ভৰিত তাঙোনেৰে কুবাইছিল । জোনাকৰ পোহৰত মই দুখন চিনাকী মুখ ধৰা পেলাইছিলো । সেয়া অইন কোনো নহয় এজনী মিছেছ ৰূপালী দত্ত আৰু এজন অধিবক্তা খাৰঘৰীয়া । সিহঁতে মোৰ গাড়ী খনৰ আইনা বোৰ ভাগি পেলাইছিল । শেষত মোৰ লগতে গাড়ী খন ওচৰতে থকা দ' খাৱৈত বগৰাই দিছিল । ৰূপ দিব খুজিছিল এটা ভয়ংকৰ দুৰ্ঘটনা । হয়টো তেখেত সকলে ভাৱিছিলে মোৰ মৃত্যু হৈছিল । কিন্তু মই মৰা নাছিলো । তেখেত সকল গুছি অহাৰ পাছত অতি সাৱধানে মই খাৱৈৰ পাৰলৈ উঠি আহিছিলো । কিন্তু তাৰ পাছত মই একো গম নাপাওঁ ।


                 ভাগৱতী ৰ মুখেৰে এক ভয়ংকৰ বৰ্ণনা পায় সকলো আচৰিত হ'ল । অধিবক্তা খাৰঘৰীয়া ও ভয় খালে । কাৰন এতিয়া খাৰঘৰীয়া নিজে উঠিব লাগিব ক'ৰ্টৰ কাঠগঢ়াত । ৰূপালী দত্ত ক কাঠগঢ়াত বিচৰা হল । ৰূপালী দত্ত ভয় ভয়কৈ গৈ কাঠগঢ়াত থিয় হ'ল । কাবেৰী য়ে মিছেছ দত্ত ক শপত বাক্য পাঠ কৰালে ।


- মিছেছ দত্ত এটাৰ পাছত এটাকৈ গোচৰত আপুনি য়ে খলনায়িকা হিচাপে চিনাকী হৈ আহিছে । আমি গম পালোঁ আপুনি এজনী ভাল খলনায়িকা । কিন্তু কি কাৰনত আপুনি ভাগৱতী ক হত্যাৰ চেষ্টা চলাইছিল ? ৰূপালী দত্ত ৰ চকুৰে তপত চকুপানী বৈ আহিছিল ।‌ দুয়োখন হাতেৰে চকুপানী মছি লৈ ৰূপালী দত্ত ই কবলৈ আৰম্ভ কৰিছিল ।


- আপোনালোকে জানে ই মই এজনী অসহায় অকলশৰীয়া মহিলা । মোৰ স্বামীৰ মৃত্যুৰ পাছত মোৰ ছোৱালী জনীৰ সৈতে সুখত দিন কটাই আছিলোঁ । কিন্তু কোনে জানো মোৰ ছোৱালী জনীক হত্যা কৰিলে ! আপোনালোকে জানেই তাইৰ ন্যায় ৰ কাৰনে দিন ৰাতি মই কিমান কষ্ট কৰিছোঁ । কিন্তু সেইদিনা অফিচাৰ ভাগৱতীয়ে মোক দহ লাখ টকাৰ ডিমাণ্ড কৰিছিল । আৰু যদি নিদিওঁ তেন্তে তেওঁ মোক ৰাধিকা ৰ হত্যাকাণ্ড ৰ হত্যাকাৰী চিনাক্ত কৰিব । কাৰণ মই হেনো ৰাধিকা ৰ মাহী মাক। মই পইচা দিম কৰ পৰা ! সেয়েহে এনেকুৱা সিদ্ধান্ত এটা ল'বলৈ বাধ্য হলো ।

- মিষ্টাৰ ভাগৱতী মিছেছ দত্তই কোৱা কথা বোৰ সচা নেকি ?

- ইতিমধ্যে মই আপোনালোকক মই কৰা ভুলৰ স্বীকাৰ কৰিছোঁ । গতিকে তাৰ পাছত আৰু এনেকৈ কাৰোবাক পইচা দাবী কৰাটো কল্পনাৰ ও বাহিৰত ।

- ভাগৱতী আপুনি মিছা নকব । আজি আপুনি বাধ্যত পৰি বাল্মিকী হ'বলৈ চেষ্টা কৰিছে ।

- মিছেছ দত্ত ভাগৱতী য়ে আপোনাক পইচাৰ ডিমাণ্ড কৰা কিবা প্ৰমাণ আছে নে ?

 কাবেৰী য়ে প্ৰশ্ন কৰিছিল ।

- প্ৰমান একমাত্ৰ খাৰঘৰীয়া ।

- খাৰঘৰীয়া প্ৰমান হ'লে নহ'ব । অন্য কিবা কল ৰেকৰ্ডিং , ভিডিঅ' ৰেকৰ্ড ।

- মই এনে বোৰ মোবাইল ব্যৱহাৰ কৰিব নাজানো ।

- মিছা কথা ।

ভাগৱতী য়ে চিঞৰি উঠিছিল ।

- হয় মিষ্টাৰ ভাগৱতী আপুনি কওক ?

ভাগৱতী য়ে ৰৈ গৈছিল ।

- আপুনি কি ক'ব বিচাৰিছে ভাগৱতী ?

- মই অইন এটা ভুল কৰিছিলোঁ । হয়টো এই কথা শুনাৰ পাছত মোৰ পত্নী , মোৰ সন্তানে মোক ভুল বুজিব । কিন্তু সকলো আওকাণ কৰি মই কবলৈ ওলাইছো । মই ৰূপালী দত্তৰ ৰূপত বন্দী হৈ ৰূপালী দত্ত ৰ লগত যৌন সম্পৰ্ক কৰিছিলোঁ । আৰু সেই সময়ৰ ভিডিঅ' এটা ৰূপালী দত্ত ই মোবাইল ৰ কেমেৰাত বন্দী কৰিছিল । পিছলৈ মোক ব্লেক মেইল কৰিব আৰম্ভ কৰিছিল । যদিহে ৰূপালী দত্ত ই এই মোবাইল ৰ ব্যৱহাৰ নাজানে তেন্তে এই ভিডিঅ' কেনেকৈ কৰিছিল ?


             ৰূপালী দত্ত ৰ ঘৃনা লগা ইতিহাস বোৰ শুনি সকলোৰে চকু কপালত উঠিল । কি আচৰিত মহিলা এইজনী ।কথাবোৰ সত্য নেকি ?

- মানে ,,,, মানে !

- মানে সত্য ?

- হয় ।


             আজিৰ বিচাৰ প্ৰক্ৰিয়া ৰ অন্তত ন্যায়াধীশ ৰ ৰায়দান । মিছেছ ৰূপালী দত্ত এতিয়া ৰ পৰা পুলিচৰ জিম্মাত থাকিব । আৰু বৰুৱা ক নিৰ্দেশ দিয়া হ'ল ৰাধিকা ৰ ডায়েৰী খুলি সেইমতে কেছ আগুৱাই নিবলৈ ।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


আগলৈ…

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard




Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages