এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 19, 2021

এগৰাকী নাৰীয়ে আৰু কিমান কৰিব লাগিব সহ্য ( খণ্ড ৩১ ) : Assamese Storyboard

Assamese Storyboard

 

 

   "বিষাক্তৰ কোলাশতাত যেন এতিয়া সুখৰ উল্কাৰ ছন। ছনৰ তালে তালে ছন্দৰ নাচোন (Assamese Storyboard )।"


          প্ৰায় দহমান বজাত ঘৰৰপৰা ওলাই চাৰে এঘাৰটামান বজাত ৰক্তিমহঁত গৈ মানসীৰ ঘৰ পালেগৈ। কথা-বতৰা পাতি ভাতপানী খাই মানসীক লৈ প্ৰায় চাৰিটামান বজাত সিহঁত মানসীহঁতৰ ঘৰৰপৰা ওলাল।  দিনটো সকলো ঠিকেই গ'ল। হাঁহি-ফূৰ্তিৰ মাজেৰেই পাৰ হ'ল দিনটো। মানসীহঁতৰ ঘৰৰ মানুহেও ৰক্তিমহঁতক সুন্দৰ আপ‍্যায়ন কৰিলে। সন্ধ‍্যাৰ আগে আগে আহি সিহঁত ঘৰ পালেহি। গাড়ীৰ পৰা নামি মানসী আৰু তাইৰ শাহুয়েক দুয়ো ভিতৰলৈ গ'ল। "মানসী তুমি গৈ ফ্ৰেচ হৈ লোৱা ময়ো মুখখন ধুই চাহ অকণ বনাও‌ঁগৈ একেলগে খাম চাৰিওটাই। 

 

"-নালাগে মা চাহ মই বনাম।"

-"একো নহয় তুমি আজি আহিছাহে কাম কাইলৈৰ পৰা কৰিবা। যোৱা।"

  

      শাহুয়েকৰ কথা শুনি তাইৰ মনটো ভৰি পৰিল। লাহে লাহে তাইৰ মনটো শাহুয়েকৰ প্ৰতি বিশ্বাসৰ এজাক কিনকিনিয়া বৰষুণ পৰিল। কিন্তু এবাৰ সাপে কামুৰিলে যে কেঁচুলৈকো ভয় সেই কথা তাই পাহৰি গ'ল।ৰুমলৈ গৈ তাই বাথৰুমত সোমাই মুখ হাতখন ধুলে। এনেতে বেগকেইটা লৈ ৰক্তিমো ৰুমটোলৈ সোমাই আহিল। ৰক্তিম আহা বুলি গম পাই তাই বাথৰুমৰপৰাই মাত দিলে--

"-ৰক্তিম।"

-"কোৱা জান।"

-"শুনা না মই মানে টাৱেলখন আনিবলৈ পাহৰিলোৱেই প্লিজ্ আনি দিয়ানা।"

-"অ'কে.........................….......দৰজাখন খোলা আকৌ তেতিয়াহে দিব পাৰিম।'"

-"অহহ্ ৰ'বা।" এইবুলি কৈ তাই দৰজাখন খোলি দি হাতটো আগবঢ়াই দিলে‌। কিন্তু ৰক্তিমে টাৱেলখন নিদি তাইৰ হাতখনত ধৰি বাথৰুমৰ ভিতৰলৈ সোমাই আহিল।

-"আৰে...!"

-"কি হ'ল?"

-"এনেকৈ সোমাই আহিলা যে?"

-"তাতেনো কি হ'ল নিজৰজনীৰ ওচৰলৈহে আহিছোঁ বেলৈগৰ ওচৰলৈ নাই যোৱা নহয়"

"কিন্তু কোনোবা আহি যাব পাৰে যোৱা এতিয়া।"

"ওহোঁ.. নাজাও‌।"

"যোৱা।"


        এনেকৈ সিহঁতৰ মাজত আকৌ এখন যুজঁ লাগিল। কিন্তু এইবাৰ সিহঁতৰ কপালেই বেয়া। মাকে চাহ লৈ আহি সিহঁতৰ ৰুম পালেহি। বাথৰুমত কাৰোবাৰ মাত শুনি মানুহগৰাকীয়ে ক'লে ---


"ৰক্তিম, মানসী কোন আছা ভিতৰত?"

"মই" দুয়োটাই একেলগে চিঞৰিলে। খা বাপ্পেকে! হ'ল এতিয়া মজাটো। দুয়োটাই দুয়োটাৰ মাত শুনি ইটোৱে সিটোলৈ চালে।


"কি কৰি আছা দুয়োটাই ভিতৰত? আহা মই ইয়াতে চাহ থৈছোঁ খাই লোৱাহি।" এইবুলি কৈ মাক হাঁহি মাৰি ওলাই গ'ল।


"চব তোমাৰ কাৰণে হৈছে। আজি আহিছোহে লাজ পালোৱেই মানে। এতিয়া মই মাৰ আগলৈ কেনেকৈ যাম?"

"মইহে চিঞৰিলো নেকি তুমিইটো চিঞৰিছা!"

"মই চিঞৰা নাই মই খালি মাক মাতিছিলোহে। হ'ব এতিয়া ব'লা। আৰু এটা কথা তোমাক মই টাৱেলখনহে খুজিছিলো তোমাক খোজা নাছিলোঁ নহয়। গতিকে চব ভুল তোমাৰেই। বুজিলা।"

"অ'কে অ'কে ব'লা।"

দুয়ো আহি চাহকণ খালে। "মই আজি বহুত সুখী মানসী।"

"কিয়?"

"তুমি যে আকৌ এবাৰ মোৰ জীৱনলৈ আহিলা।"

"হমম্( Assamese Storyboard )।"


   এনেতে দুয়োয়ে মাকৰ মাত।শুনিবলৈ পালে--

"ৰক্তিম মানসী দুয়োটা ওলাই আহা কথা আছে।"


          মাকৰ কথা শুনি দুয়োটা ৰুমৰ পৰা ওলাই গ'ল। কি কথা পাতিব এটায়েও নাজানে কিন্তু ৰক্তিমৰ বুকুখন কঁপিবলৈ ধৰিলে জানোচা মাকে ৰূপাংকৃতাৰ কথা কয় বা মাটিৰ কথা কয়। তথাপিও ভয়ে ভয়ে সি গ'ল। দুয়োটা গৈ মাকহঁতৰ ওচৰৰ চোফাখনতে বহিল।

"কোৱা মা, কি কথা?"


         ৰক্তিমৰ মাক-বাপেক দুয়ো বহুত গভীৰ চিন্তাত মগ্ন হৈ আছে।

"মা আপোনালোকক বহুত চিন্তাত থকা যেন লাগিছে কিবা ডাঙৰ সমস্যা হৈছে নেকি?"


"অ' মানসী সমস্যাটো অলপ ডাঙৰেই। মানে ৰক্তিমৰ বাপেকক কোনোবাই কিবা চক্ৰান্ত কৰি ফচাই ধৰা পেলাই দিলে। আৰু সেইবাবে এওঁক অফিচৰ পৰা উলিয়াই দিলে।"

"কি?"


     মাকৰ কথা শুনি ৰক্তিম আৰু মানসীৰ দুয়োৰে চকু কপালত উঠিল। ৰক্তিমে ভালকৈ জানে যে এইবোৰ চব মিছা কথা। কিন্তু মানসীয়ে....? 


"এতিয়া কি হ'ব মা?"

"তাকে ভাবিছোঁ এতিয়া মানসী। কাম কৰি থকা মানুহ ঘৰতে এনেই খাই-বহি থাকিবও নোৱাৰে। সেয়ে তেওঁ ব‍্যৱসায় কৰাৰ কথা ভাবিছে। কিন্তু ব‍্যৱসায়টো প্ৰথমতে গুৱাহাটীৰ পৰাহে আৰম্ভ কৰিব লাগিব বোলে। নহ'লে হেনো লোকচান হ'ব। তাৰবাবে গুৱাহাটীত এটা অফিচ বনাব লাগিব। কিন্তু আমাৰ গুৱাহাটীত অকণো মাটি নাই। এতিয়া কি কৰোঁ আমি?"


"মা আপুনালোকে যদি বেয়া নাপায় মই কথা এটা কওঁ?"


       ৰক্তিমৰ মাক যেন এইটো কথা শুনিবলৈকে অতপৰে ৰখি আছিল কথাটো শুনাৰ লগে লগে তেওঁ মানসীলৈ চাই ক'লে ---- "কোৱা মানসী?"


"মা আমাৰ গুৱাহাটীত মাটি অলপ আছে একো কৰা নাই তাত মানে এনেই আছে। আপোনালোকে যদি কয় সেইখিনিৰ কথা মই দেউতাৰ  লগত পাতি চাওঁ।"


         ৰক্তিমৰ মাকে মুখখন এনেকুৱা কৰিলে যেন তেওঁ এতিয়াই কৈ দিব "যোৱা মানসী মাটিৰ কাগজ-পত্ৰ খিনি লৈ আনাগৈ" কিন্তু কথাটো বেয়া হ'ব বুলি ভাবি তেওঁ ক'লে -- "নালাগে মানসী নালাগে। তুমি যদি তেনে কৰা মানুহে ক'ব  আমি তোমালোকৰ পৰা যৌতুক লৈছোঁ বুলি।"


"মানুহে যি কয় কৈ থাকক মা আচল কথাটো কি হয় আমি জানো নহয়। আৰু যেতিয়া দেউতাৰ ব‍্যৱসায় ডাঙৰ হ'ব তেতিয়া আমাৰ দেউতাক আন এডোখৰ মাটি দি দিলেই হ'ল।


"সেইটোতো তোমালোকৰ দেউতাই নলওঁ বুলি ক'লেও দিম। বাৰু মানসী তুমি তোমাৰ ঘৰৰ লগত আলোচনা কৰি জনাবা। এতিয়া যোৱা দুয়োটাই অলপ ৰেষ্ট লোৱাগৈ। আৰু শুনা তোমালোকৰ ঘৰত ইমান খোৱালে আৰু খালোঁ মই, আজি আৰু মই ভাত নাখাওঁ। তোমালোকে খালে বনাই ল'বা।"

"ঠিক আছে মা।"


      কথাখিনি পাতি দুয়ো গৈ আকৌ নিজৰ ৰুম পালেগৈ। 


"তোমাক কিন্তু মানিছোঁ দেই মিনাক্ষী, কাম কেনেকৈ আদায় কৰিব লাগে সেইটো তোমাৰ পৰা শিকা উচিত। "

"ধন্যবাদ মিষ্টাৰ সীমান্ত হাজৰিকা।"


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages