ৰাতিপুৱা গা ধুই আহিছিলো । তিতা দীঘল চুলি খিনি গামোচা এখনৰে মেৰিয়াই থৈছিলো ( Assamese Storyboard )। সদায় ৰাতিপুৱা গা ধুই আহি আমাৰ পদুলি মুখত থকা বেল গছ জোপাত মোৰ প্ৰিয় ভগবান শিৱ ক আৰধনা কৰোঁ । মই মহাদেৱক পূজা অৰ্চনা কৰি আহিবৰ সময়ত পলাশৰ লগত মুখামুখি হলো । তাৰ মুখত ব্ৰাছ ।
- নবৌ !
- পলাশ উঠিলা ?
- উম , আজিৰ পৰা সদায় এইখিনি সময়তে উঠিব লাগিব ।
মই তাক আচৰিত হৈ সুধিছিলো ।
- কিয় ?
- ধুনীয়া মানুহ এজনী চাবলৈ ।
- ধুনীয়া মানুহ জনী ! কোন অ সেইজনী ?
- আপুনি ।
- মই ?
- উম , আপোনাক এনেকুৱা এজনী সহজ সৰল বোৱাৰীৰ ৰূপত বৰ ধুনীয়া লাগিছে । ৰঙা পাৰি ৰ বগা চাদৰ খন, লগতে কলা ৰং মেখেলা খনত ৰঙা , বগা ফুল জিলিকি থকা এই ৰূপত কি যে ধুনীয়া লাগিছে আপোনাক ।
মোৰ লাজ লাগিছিল । পলাশে বাৰু এইবোৰ কি কৈছে ।
- পলাশ তুমি থাকা মই যাও । এখেতক চাহ দিব লাগিব ।
- ঠিক আছে নবৌ ! কিন্তু কাইলৈৰ পৰা ঠিক এই একেসময়তে ।
- ধেৎ ।
মই তাৰ ওচৰৰ পৰা সেইদিনা গুছি আহিছিলো । কিন্তু সেইদিনা খন গোটেই দিনটো তাৰ কথা বোৰে ভাৱি আছিলোঁ । কিয় আজি সি কোনো দিন নোকোৱা কথা এষাৰ ক'লে ! আচলতে সি কি ক'ব খুজিছে । এবাৰ আকৌ ভাৱিছো মোৰে ভুল । হয়টো সি তেনেকুৱা দৃষ্টিৰে মোক চোৱা ই নাই । পিছদিনা খন ৰাতিপুৱা আকৌ একে সময়তে মই মহাদেৱক আৰধনা কৰিবলৈ আহিছিলো । এয়া কি আচৰিত পলাশে কেতিয়াবা ৰ পৰা তাত মোলৈ অপেক্ষা কৰি আছে ।
- নবৌ আহিলে ?
- উম ।
মই বিশেষ সহাৰি তাক জনোৱা নাছিলোঁ ।
- আপুনি কিয় ইমান ধুনীয়া ?
মই তাৰ কথাষাৰ প্ৰত্যাখান কৰি বেলেগ প্ৰশ্ন এটা হে সুধিলো ।
- তুমি আজি ইমান সোনকালেই উঠিলা যে ?
- কিয় কালিয়ে আপোনাক কোৱা নাই জানো !
- কিন্তু মোক চালে তোমাৰ কি হ'ব পলাশ ?
- আপুনি নুবুজিব নবৌ , এখন ভোকাতুৰ হৃদয়ৰ কথা ।
- পলাশ এইবোৰ ভাল কথা হোৱা নাই কিন্তু !
- ভাল কি বেয়া কি মই ও জানো নবৌ । কিন্তু অইন ৰ দৃষ্টিত এয়া বেয়া হ'লেও মোৰ দৃষ্টিত কিন্তু এয়া ভাল ।
মই আৰু পলাশক একো কোৱা ৰ প্ৰয়োজন বোধ নকৰিলোঁ । সেয়েহে মই তাৰ ওচৰৰ পৰা গুছি আহিলো ।
আচলতে আমাৰ ঘৰখনত মানুহ হৈছোঁ মই , মোৰ স্বামী , মোৰ সৰু ছোৱালী জনী আৰু মোৰ স্বামী ৰ ভনীয়েক জনী । ঘৰ খনৰ সকলো কাম, সকলো দায়িত্ব মোৰ ওপৰত পৰিছিল । ভনী গৰাকীয়ে একো কাম নকৰিছিল । প্ৰতি সময়তে মোবাইল ৰ লগতে ব্যস্ত থাকে । অইন কি যেতিয়া মোৰ ছোৱালী জনীয়ে মোক আমনি কৰে তেতিয়া ও তাই আগবাঢ়ি নাহে । মই ছোৱালী জনীৰ লগতে ঘৰৰ সকলো কাম চম্ভালিৱ লাগে । আমাৰ ভাড়া ঘৰ থকাৰ লগতে মোৰ স্বামীৰ এটা চাকৰি ও আছে । টকা পইচাৰ ফালৰ পৰা অসুবিধা একো নাই । কিন্তু আছে মোৰ বহুত অশান্তি । মানুহ জনে সদায় অফিচৰ পৰা আহোতে ডিঙিলৈকে গিলি আহে । ককায়েক অহাৰ লগে লগে ভনীয়েকে দিনৰ নানা কথা ককায়েকক লগাই দিয়ে । ভাত দেৰি হৈছে , চাহ দিয়াত দেৰি হৈছে । দিনত মই কেতিয়াবা মোৰ মা , দাদাৰ লগত কথা পাতো । কেতিয়াবা মোৰ স্কুলীয়া , কলেজীয়া দিনৰ বন্ধু বান্ধৱী বোৰে ফোন কৰে । সেইবোৰ কথা ও তাই স্বামীক লগাই দিয়ে । তাৰ পাছত মোৰ ওপৰত চলে অত্যাচাৰ । প্ৰায় ৰাতি মই ভাত নোখোৱা কৈ কান্দি কান্দি ছোৱালী জনীৰ লগত শুই থাকো । কিন্তু আজিলৈ এইবোৰ কথা মই কাৰো সৈতে শ্বেয়াৰ কৰা নাই । সদায় মোৰ স্বামী আৰু ভনীক ভাল বুলি য়ে সমাজৰ আগত গুন বখানো । কিন্তু মই প্ৰানে বিচাৰিছিলো মোৰ স্বামী ও বহুত ৰে ভাল স্বামী হওক । মোৰ লগত সুখ দুখৰ প্ৰতিটো কথা শ্বেয়াৰ কৰক । কিন্তু নাই তেওঁ সলনি নহয় । মোৰ জীৱন ত ছোৱালী জনী অহাৰ পৰা আমাৰ মাজত কোনো দিন মৰমৰ আদান প্ৰদান হোৱা নাই । কিন্তু মোৰো মন যায় কেতিয়াবা তেওঁ ৰ বুকুৰ মাজত মৰমৰে টোপনি যাৱলৈ । কিন্তু এয়া সম্ভৱ নহয় , কাৰন তেওঁ সদায় ৰাতি ৰাতি মদ খাই আহি টোপনি ত লালকাল হৈ থাকে ।
সেইদিনা খন তেওঁ বেছি কৈ খাই আহিছিল । মদৰ ৰাগীত তেওঁ ধলং পলং হৈছিল । আহিয়েই ভাত খাই চিধাই বিছনা ত পৰিছিল । তেওঁ ৰ ছোৱালী জনীৰ লগত উমলিবলৈ ও শক্তি নাছিল । তেতিয়া ৰাতি প্ৰায় ১০.৩০ হৈছিল । মই সকলোকে ভাত দি বাচন ধুই আজৰি হ'ব লৈছিলোঁ ।তেনেতে গেটৰ সন্মুখত গাড়ীৰ হৰ্ণ । মোৰ স্বামীক জগাইছিলো কিন্তু নাই তেওঁ ৰ সাৰ - সুৰ নাই । শেষত মই ওলাই আহিছিলো । এনেকুৱা প্ৰায়ে হয় । শেষত অহা ভাৰাতীয়া ক সদায় ময়ে গেট খুলি দিব লাগে । মই গেট খুলি দেখিলোঁ পলাশ ।
- কি হল ডেকা ল'ৰা ক'ৰবাত এই ৰাতিলৈ আড্ডা মাৰি আছিলা নিশ্চয় ?
মই কথা খিনি কৈ কৈ গেট বন্ধ কৰিছিলোঁ । সি বাইক খন থৈ মোৰ ওচৰলৈ আহিছিল । আহিয়েই মোৰ হাত এখনত থাপ মাৰি ধৰিছিল আৰু কৈছিল ।
- মই তোমাক ভালপাও ৰেখা ।
তাৰ মুখত সেইষাৰ কথা শুনাৰ লগে লগে মই আচৰিত হৈছিলোঁ ।
- তুমি ঠিকেই আছা নে পলাশ ?
- অ মই ঠিকেই আছোঁ ।
সি মোক জোৰকৈ তাৰ বুকুৰ মাজলৈ তানি নিবলৈ চেষ্টা কৰিছিল । এইবাৰ মই ৰৈ থাকিব নোৱাৰিলোঁ । তাক মই এটা প্ৰচণ্ড চৰ সোধাইছিলো । তাক হাত দুখন ৰে ঠেলি আতৰি আহিছিলো । তাৰ ফালে ঘূৰি ও চোৱা নাছিলোঁ ( Assamese Storyboard )।
আহিয়েই বিচনাত পৰি মাইনাক সাৱটি ধৰিছিলো । কথা বোৰ ভাৱিছিলো এইবোৰ মোৰ লগত কি হ'ব লৈছে । কিয় , আজি পলাশৰ মন সলনি হ'ল ! কিন্তু মনটো বেয়া ও লাগিছিল তাক চৰ এটা মাৰিলো । সি চাগে বহুত কষ্ট পাইছে । সি ভাত বা খালে নে নাই ! কি কৰিছে জানো । নাই কাইলৈ তাক ক্ষমা বিচাৰিব লাগিব ।
আজি সি মোৰ কাৰনে মহাদেৱৰ আশ্ৰয় থলৰ ওচৰত ৰৈ থকা নাই । মোৰ প্ৰাৰ্থনাৰ কাম শেষ কৰি বাৰে বাৰে তাৰ দৰ্জা খনলৈ চাইছিলো কিন্তু নাই দৰ্জা খোলা নাই । সি চাগৈ আৰু কেতিয়াও মোৰ কাৰনে অপেক্ষা নকৰে । ঘৰলৈ যাৱ লওতে হঠাৎ মোৰ চকু পৰিল তাৰ বিচানাৰ ওচৰৰ খিৰিকী খনলৈ । পৰ্দা খন অকনমান আতৰাই সি আইনাৰ ফাকেৰে মোলৈ চাই আছিল ।
- পলাশ !
লগে লগে সি পৰ্দা খন পেলাই দিছিল । মই ভাৱিছিলো সি চাগৈ ওলাই আহিব । আৰু মই এতিয়া ই ক্ষমা বিচাৰিব পাৰিম । কিন্তু নাই সি ওলাই নাহিল । মই ঘৰলৈ গুচি গলো । সেইদিনা মই প্ৰতি সময়তে এবাৰ তাক লগপোৱাৰ আশাতে থাকিলো । কিন্তু নাই মই তাক লগ পাবলৈ সক্ষম নহলো । নাই এনেকৈ নহ'ব ।
মই অৰুনা বালৈ ফোন কৰিলোঁ ।
- হেল্ল' বা
- অহ, ৰেখা ক'
- মোক পলাশৰ ফোন নং টো দিব পাৰিবি নেকি ?
- কিয় সৈইদিনা টো পলাশৰ ফোন নং তই মোক দিছিলি ?
- দিছিলোঁ ! তোক দি মই তাৰ ফোন নং ডিলিট কৰিছোঁ । মই তাক কিবা এটা বস্তু আনিবলৈ দিম সেয়েহে বিচাৰিছোঁ ।
- অহ , ঠিক আছে দিছোঁ ল' ।
ৰাতি সকলো টোপনি ত পৰিছিল । মই তালৈ ফোন লগাইছো । সি ৰিচিভ কৰিছিল ।
- হেল্ল'
- মই ৰেখা তুমি মোৰ এই নাম্বাৰত মেচেজ কৰা ।
- ঠিক আছে ।
মই তাক প্ৰথমতে সুধিছিলো " তুমি মোক বেয়া পাই আছা ? "
" নাই " । তাৰ চুটি উত্তৰ ।
" মই জানো তুমি মোক বেয়া পাই আছা । মোক ক্ষমা কৰি দিবা পলাশ "
সি কৈছিল " ফোন কৰা "
" তুমি নুবুজা কিয় "
সি কৈছিল "বাহিৰলৈ উঠি আহি কৰা ।"
উপায় নাই । মই মনে মনে বাহিৰলৈ উঠি আহিছিলো । আৰু তাক ফোন লগাইছিলো ।
- হেল্ল'
- কোৱা ।
- আচলতে মই তোমাক ভাল পাই পেলাইছো ।
- তুমি নুবুজা কিয় পলাশ মই বিবাহিতা ।
- মই দেখিছোঁ ।
- তেন্তে ?
- কিন্তু মই তোমাক ভালপাও । মই মোৰ মৰমৰে তোমাক উপচায় ৰাখিব বিচাৰোঁ ।
মৰম শব্দটো শুনি মই কিছু সময় মৌন হৈ পৰিছিলো । এৰা , মৰম ! এই মৰম পাবলৈ মোৰ হৃদয় খন আজি বলিয়া হৈ আছে । জীৱন ত টকা পইচা সৰ্বস্ব নহয় । মৰমৰ বান্ধোন হে আচল ।
- কি হল ?
- নাই একো নাই ।
মোৰ চকুপানী বৈ আহিছিল ।
- তুমি কিয় কান্দিছা ?
মই আচৰিত হলো মই কন্দা সি কেনেকৈ গম পালে ।
- নাই কন্দা ।
- কান্দিছা , ভালপোৱা জনৰ পৰা একো লুকুৱাব নোৱাৰা ৰেখা ।
- তুমি মোক কেতিয়াৰ পৰা ভালপোৱা ?
- তোমাৰ মাইনাৰ জন্মদিনৰ দিনা যে তুমি নীলা ৰং ৰ এজোৰ মেখেলা চাদৰ পিন্ধিছিলা সেই দিনাৰ পৰাই । বহুত ধুনীয়া লাগিছিল তোমাক । মোৰ কৰা হেঁপাহ জাগি উঠিছিল ।
- লাভ ইউ টু পলাশ ।
এয়াই আৰম্ভণি এক অন্য অধ্যায়ৰ ।
( এয়া , ৰেখাৰ বৰুৱা ৰ আগত স্বীকাৰ উক্তি )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment