ৰিয়া: মই একো শুনিব নিবিচাৰোঁ,মই যাওঁ। যদি আৰু কোনোবাই আমাৰ বিয়াৰ বিষয়ে গম পায় তেন্তে মই এই চাকৰিটো এৰি দিম।( Assamese Storyboard )
ৰিংকুয়ে মিচিকিয়াই কলে," সেইটো তুমি এতিয়াও এৰিব পাৰা। মইতো কওঁ যে তুমি এই ডিজাইনাৰৰ চাকৰিটো এৰি দিয়া। নিজৰ কোম্পানীত কোনোবাই চাকৰি কৰে নেকি?ৰুদ্ৰ অহালৈকে তাৰ এই আসন তুমি চম্ভালা। মইও অলপ আৰাম কৰিব পাৰিম। যোৱা ৩ বছৰৰ পৰা একেৰাহে কাম কৰিয়েই গৈ আছোঁ। বহুত ভাগৰি পৰিলোঁ।"
ৰিয়া: আপুনি যি ভাবে ভাৱক যি কৰিব লগা আছে কৰি থাকক। মই আৰু ইয়াত থাকিব নোৱাৰো, মই যাওঁ।
ৰিংকু এইবাৰ চিন্তাত পৰিল,"তাই কেনেবাকৈ সচাই গুচি নাযায় তো?" তাৰ পাছত সি কলে,"ঠিক আছে যোৱা।মইও পাপাক ফোন কৰি কৈ দিম যে তেওঁৰ মৰমৰ জীয়ৰীৰ বাবে এইটো কোম্পানী ডুবিব।"
তেতিয়া ৰিয়াই খঙেৰে তাৰ ফালে চোৱাত সি তৎক্ষণাত কলে," এনেকৈ কিয় চাই আছা? মই মিছা কোৱা নাই। আধাতকৈও বেছি দিল তোমাৰ ডিজাইনৰ ওপৰতেই আছে। তুমি নাথাকিলে তো সকলো ক্লাইণ্টে নিজৰ দিল নাকচ কৰিব। তাৰ পাছত মাৰ্কেটত খবৰ ওলোৱাৰ পাছতেই বাকীবোৰ ক্লাইণ্টেও নিজৰ হাত পিছ কৰি দিব। তাৰ পাছত তেওঁ কোম্পানী বন্ধ হৈ যাব ন।"
কথাখিনি শুনি ৰিয়াৰ খঙটো অলপ কমিব ধৰিলে,"নাই নাই, মই দেউতাৰ কোনো লোকচান হব নিদিওঁ । মই কতো নাযাওঁ। কিন্তু আজিৰ পৰা আপুনিও মোৰ কাষ চাপিবলৈ চেষ্টা নকৰিব। এতিয়া মোৰ পৃথিৱী মাত্ৰ ৰোহি হয়।"
ৰিংকুয়ে মিচিকিয়াই কলে," যদি ৰোহি আমাৰ ছোৱালী হয় তেন্তে মইও সেইখন পৃথিৱীৰ অংশীদাৰ হয় ন ।"
ৰিয়া: আপুনি ৰোহিৰ দেউতাক নহয়।ৰোহি মাত্ৰ মোৰ ছোৱালী হয়।
ৰিংকু: মইও তাকেই কৈছোঁ যে ৰোহি আমাৰ ছোৱালী হয়।
এইবাৰ ৰিয়াৰ খং উঠিল,"হয়তো আপুনি যোৱাকালি ভালকৈ নুশুনিলে। যোৱাকালি ৰোহিৰ দেউতাক আহিছিল যাৰ সৈতে মই ফুৰিবলৈ গৈছিলোঁ।" ৰিয়াই ভাবিলে এইটো শুনাৰ পাছত তো তেওঁ নিশ্চয় খং কৰিব।( Assamese Storyboard )
কিন্তু ৰিংকুয়ে সম্পূৰ্ণ শান্ত ভাৱেৰে মিচিকিয়াই কলে,"এবাৰ ভুল কৰিলোঁ , এতিয়া আকৌ সেইটো ভুল দুনাই নকৰো। মই ভালদৰেই জানো যে সেইজন ৰোহিৰ খুড়া আছিল। আচলতে ৰোহি কোন হয় মই সেই বিষয়েও জানো।"
ৰিয়াই অবিশ্বাসৰ দৃষ্টিৰে চাই কলে,"আপুনি কেনেকৈ জানিলে?"
ৰিংকু: মই সকলো কথা গম পাইছোঁ। যোৱাবাৰৰ ভুলটো আকৌ কৰিব বিচৰা নাছিলোঁ সেইকাৰণে তুমি যোৱাৰ পাছত যোৱাকালি সকলো কথা বেলেগৰ পৰা গম পাইছোঁ।"
ৰিয়াই আচৰিত হৈ তাৰ ফালে চাই ৰল," এইজন ৰিংকু সেইজন হয় নে যিয়ে সেইদিনা ৰাতি তাইৰ এষাৰ কথাও শুনিব সাজু নাছিল? মাত্ৰ সেই ফটোবোৰকেই সঁচা মানি ললে।"
ৰিংকুয়ে তাইৰ খঙটো কম হোৱা দেখি তাইক লাহেকৈ মৰমেৰে চকীখনত আনি বহুৱালে," মই জানো যে তোমাৰ অন্তৰত মই বহুত আঘাত দিলোঁ। কিন্তু বিশ্বাস কৰা, সেইদিনাৰ পাছত আজিলৈকে মই শান্তিৰে শুব পৰা নাই। প্ৰতিপলে তোমাৰ কথা মনত পেলাই উচুপি উঠোঁ। এনেকুৱা এটা পল নাই যি পলত মই তোমাক মনত পেলোৱা নাই। মোৰ সেই ভুলটোৰ শাস্তি আজিলৈকে মই ভুগি আছোঁ। আৰু তুমি যেতিয়ালৈকে বিচৰা মই সেই ভুলৰ শাস্তি পাবলৈ সাজু আছোঁ। এতিয়া মাত্ৰ এৰি থৈ যোৱাৰ কথা নকবা। হয়তো এতিয়া আৰু মই তুমি অবিহনে জীয়াই থাকিব নোৱাৰিম। আৰু যি বিশ্বাসেৰে তুমি ৰোহিক আপোন কৰি লৈছা সেই বিশ্বাস কেতিয়াও হেৰাই যাব নিদিওঁ। ৰোহি সদায় আমাৰ পৰি জনী হৈ লগত থাকিব আমাৰ।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment