ৰিংকুৰ অন্তৰ জোৰেৰে ঢপধপালে 'ৰিয়া।'
সি মূৰ দাঙি সন্মুখত ৰিয়াক দেখা পালে। সি নিজক চম্ভালিব নোৱাৰি তাইক সাৱটি ধৰিলে,"ৰিয়া, মই তোমাক শেষত বিচাৰি পালোঁ( Assamese Storyboard )। আৰু চোৱা মই তোমাৰ কথা ও মানিলোঁ। মই তোমাক একেবাৰে বিচৰা নাছিলোঁ। কিন্তু মোক বেদন্তই ক্ষমা কৰি দিলে আৰু তোমাক ঘৰলৈ উভতাই নিব কোৱাৰ বাবে মই নিজকে ৰখাব নোৱাৰিলোঁ। তুমি কৈছিলা নহয় যে এতিয়া আমি আৰু কেতিয়াও লগ নাপাওঁ কিন্তু মোৰ বিশ্বাস আছিল যে এদিন তোমাক নিশ্চয় লগ পাম। আৰু চোৱা, তুমি আজি মোৰ সন্মুখত আছা।"
ৰিয়াইও নিজক চম্ভালিব নোৱাৰি সেমেকা দুচকুৰে তাৰ চকুলৈ চালে। তাই এনেদৰে চাই থকাৰ বাবে ৰিংকুয়ে তাইৰ কপালত লাহেকৈ চুমা আঁকি দিলে। ৰিংকুয়ে তাইক আকৌ সাৱটি ধৰিলে।
হঠাৎ ৰিয়াই জ্ঞান ঘূৰাই পায় নিজক ৰিংকুৰ দুবাহুৰ মাজত দেখি আচৰিত হৈ গল। তাৰ পাছত তাই তাৰ পৰা আঁতৰি আহিল," চাওক ছাৰ, মই ৰিয়া নহয় তৃষ্ণা হয়। এনেদৰে কোনোবাই দেখা পালে আপোনাক তো কোনেও একো নকয় কাৰণ আপুনি কোম্পানীৰ চি. ই.ও হয় কিন্তু সকলোৱে মোৰ ওপৰত আঙুলি উঠাব।"
ৰিংকুয়ে মিচিকিয়াই কলে,"এতিয়া অলপ সময় আগত তুমি যিদৰে মোৰ দুবাহুৰ মাজত আছিলা ,তুমি তাৰ পাছত যিমান কলেও নিজেই ৰিয়া হোৱাৰ প্ৰমাণ দিলা। এতিয়া মানুহে কি কব তাক লৈ মোৰ মা
কোনো মতলব নাই। অৱশ্যে যোৱাকালীয়েই মই ভাবিছিলোঁ যে তুমি মোৰ ওচৰে পাজৰে আছা কিন্তু তুমি মনে মনে গুচি গলা।"
ৰিয়া: 'আপোনাৰ কোনো মতলব থাকক বা নাথাকক কিন্তু মোৰ আছে যেতিয়া কোনোবাই মোৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাই।' তাই এনেদৰে কৈ টেবুলৰ ওপৰত ফাইলটো থৈ বাহিৰলৈ যাব লোৱাত ৰিংকুয়ে তাইৰ হাতত খামুচি ধৰিলে।
"গম পাইছোঁ ৰিয়া, যে মই বহুত ডাঙৰ ভুল কৰিলোঁ, মই তোমাৰ কথা শুনিব লাগিছিল কিন্তু মই খঙত সকলো পাহৰি পেলালো।কিন্তু এতিয়া মই একেবাৰে খং নকৰো। তুমি মোক ক্ষমা নকৰা যেতিয়া নালাগে কিন্তু মোৰ পৰা আঁতৰি নাযাবা। তুমি অবিহনে এতিয়া আৰু জীয়াই থাকিব নোৱাৰো।" এনেদৰে কৈ সি কাণত ধৰিলে আৰু ৰিয়াই মনে মনে হাঁহি দিলে কিন্তু ওপৰত খং দেখুৱাই থাকিল।
তাইক এনেদৰে মৌন হৈ থকা দেখি ৰিংকুয়ে কলে,"অৱশ্যে ভুল তোমাৰো আছিল, এনেকৈ এৰি থৈ অহাৰ সলনি যদি জোৰেৰে এটা থাপৰ মাৰি নতুবা যি মনলৈ আহে তাকে কৰা হলেও হয়।"
কথাষাৰ শুনি ৰিয়াৰ দুচকু সেমেকি উঠিল। তেতিয়াই পিয়নে আহি কলে,'তৃষ্ণা মেম, বাহিৰত ৰোহিৰ দেউতাক ৰৈ আছে।'
তৃষ্ণা: আপুনি তেওঁক বহিবলৈ কওঁক , মই গৈ আছোঁ।
পিয়ন গুচি যোৱাৰ পাছত ৰিয়াই ৰিংকুক কলে," এতিয়া আপুনি যিয়েই নকওঁক কিয় মোৰ ওপৰত কোনো প্ৰভাৱ নপৰে। মই এতিয়া মাত্ৰ তৃষ্ণা হয় তৃষ্ণা। আৰু এতিয়া মই যাওঁ । মই মোৰ ছোৱালীক বাহিৰত খুৱাবলৈ লৈ যাব লাগে।তাইৰ দেউতাকে বাহিৰত অপেক্ষা কৰি আছে।" ৰিংকুক একো কবলৈ সুযোগ নিদিয়াকৈ বাহিৰলৈ ওলাই গল।
তাই তাৰ পৰা ৰিংকুক খং দেখুৱাই আঁতৰি আহিল কিন্তু নিজৰ টেবুলত আহি আকৌ সেই অনুভৱ বোৰলৈ মনত পেলালে।তাই নিজৰ মাজতে মগন হৈ মিচিকীয়াই থাকোতেই পূজাই আহি তাইক মাত লগালে,"কি হল তৃষ্ণা? অকলে অকলে মিচিকিয়াই আছা যে। কিবা বিশেষ কথা আছে নেকি?"
তৃষ্ণাৰ মুখৰ পৰাও ওলাই পৰিল," অ বিশেষ হয়, ইমান দিনৰ পিছত মই মোৰ স্বামীক লগ পাইছোঁ।"
পূজা: অ , সেই কাৰণে ইমানকৈ হাঁহি আছা।
তৃষ্ণাই লাজত ৰঙা পৰিল। তেতিয়াই তালৈ দিম্পি আহিল,"তৃষ্ণা তুমি এতিয়ালৈকে ইয়াত আছা, বাহিৰত তোমাৰ স্বামীয়ে অপেক্ষা কৰি আছে তোমালৈ।"
তৃষ্ণাই একো বুজিব নোৱাৰিলে ,"কেনেবাকৈ ৰিংকু দায়ে তো?"
তেতিয়াই দিম্পিয়ে ফাইলবোৰ সামৰি কলে," ইমান কিয় ভাবি আছা? তোমাক পিয়নে কোৱা নাই নেকি? তেওঁ বাহিৰত বহুত দেৰিৰ পৰা তোমালৈ অপেক্ষা কৰি আছে।"
তেতিয়া তৃষ্ণাৰ মনত পৰিল," অ, অলপ সময় আগত পিয়নে আহি কৈ গৈছিল যে সমীৰ আহি ৰৈ আছে।" তাই নিজৰ বেগটো লৈ ওলাই গল।( Assamese Storyboard )
বাহিৰলৈ ওলাই আহি সমীৰক তাইৰ বাবে ৰৈ থকা দেখা পালে।
"ছ'ৰি , মই ভাবিলোঁ আপুনি নাহিব চাগে।"
তাৰ পাছত মনৰ ভিতৰতে ভাবিলে,"একদম সঠিক সময়ত আহিছে। আৰু অলপ সময় ৰিংকু দাৰ ওচৰত ৰৈ থকা হলে মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালো হয়। আৰু এতিয়ালৈকে চাগে অফিচত হুলস্থুল লাগিল যে ৰোহিৰ দেউতাক আহিছে।"
সমীৰ," তৃষ্ণা, খুৰীয়ে কৈছিল কিদৰে ৰোহি তোমাৰ লগত মিলি পৰিল, গতিকে মই অহাটোৱেই উচিত বুলি ভাবিলোঁ।
তৃষ্ণা: ধন্যবাদ, আপুনি আপোনাৰ হবলগীয়া পত্নীক কলে নে ? তেওঁ আহিছে চাগে?
সমীৰ: হয়, নিতো আহিছে।
তৃষ্ণা: সমীৰ, চাওক মই এনেদৰে আপোনাৰ হবলগীয়া পত্নীক মাতি পঠালোঁ, প্লিজ বেয়া নাপাব। মইতো বিচাৰো যে তাই নিজৰ লগতে আপোনালোকৰ লগতো যাতে মিলিব পাৰে ,আগলৈ গৈ একো অসুবিধা নোহোৱাটো বিচাৰো।
তাৰ পাছত তাই গাড়ীত ৰাধিকাৰ ওচৰত বহিল গৈ। সমীৰেও গাড়ী ৰোহিৰ স্কুলৰ ফালে ঘূৰালে।
ইফালে ৰিংকুয়ে নিজৰ কেবিনত বহি মিচিকিয়াই আছিল," ৰিয়া তুমি একেবাৰেই সলনি নহলা। আজিও তুমি মোক মিছা কব পৰা নাই। আগতেও যেতিয়া তুমি মোক মিছা কোৱা তেতিয়া তোমাৰ মিছা ধৰা পৰিলে পলাই গুচি যোৱা। আজিও তুমি তাকেই কৰিলা। ৰিয়া মই ভালদৰেই জানো যে তুমি মোক মিছা কৈছা, তুমি ৰোহিৰ মা নহয়। এতিয়া মই এইটো জানিব লাগিব যে ৰোহিৰ লগত তোমাৰ কি সম্পৰ্ক আছে। কিয়নো যোৱাকালি যেতিয়া ৰোহিক মই তোমাৰ ফটোখন মোৰ হাতৰ পৰা কাঢ়ি নিয়া দেখিলোঁ তেতিয়াই গম পালোঁ যে তোমালোক ইজনে আনজনৰ লগত কিমান জড়িত হৈ আছা। যদি ৰোহিক লৈ তুমি সুখী তেন্তে তাইক আমি 'জুনিয়ৰ ৰিয়া' বনাই লম।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment