তাৰ পাছত সি ঘৰৰ দৰ্জা , খিৰিকীবোৰ খুলি দিলে আৰু সোনকালেই ধুঁৱাবোৰ বাহিৰলৈ উলাই গ'ল!!( Assamese Storyboard )
তাৰ পাছত সি পানী বিচাৰি গৈ পানী পায় লৈ আহি ছোৱালীজনীৰ চকুত চেঁটিয়াই দিলে !! তাৰ পাছতো তাই চেতনা ঘূৰাই নাপালে!!
সি চিন্তা কৰিবলৈ ধৰিলে আৰু লগৰজনীয়ে কান্দিবলৈ ধৰিলে!! সি আকৌ এবাৰ পানী চেঁতিয়াই চালে !! কিন্তু তাইৰ অচেতন অৱস্থাতে থাকিল!!
এতিয়া সি একো ভাবি নাপায় লগৰজনীক সুধিলে-
এতিয়া কোৱা কি কৰোঁ?? চিকিৎসালয়লৈ লৈ যাওঁ নেকি?? লগৰজনীয়ে কান্দি কান্দি ক'লে - অ' তাইক চিকিৎসালয়লৈ লৈ ব'লা!! তাই সোনকাল ভাল হ'লে হয় !! ইয়াত কোনো নাই ও!!
মনোজে ফোন কৰি গাড়ী এখন মাতিলে আৰু ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যাবলে ঠিক কৰিলে!!
গাড়ী অহালৈকে সিহঁতি ছোৱালীজনীৰ হাত ভৰি মালিচ কৰি আছিল যাতে হাত ভৰি গৰম হৈ থাকে!!
লগৰজনীয়ে কান্দি থকা দেখি সি ক'লে - তুমি ভয় নকৰিবা !!গাড়ী আহি পাব এতিয়া !!
গাড়ীখন আহি পালত মনোজে তাইক গাড়ীখনত শুৱাই দিলে আৰু চিকিৎসালয়লে লৈ গ'ল !! তাৰ পাছত তাত সোনকালেই তাইক চিকিৎসা আৰম্ভ কৰিলে!!
মনোজে ডাক্তৰজনক সুধিলে একো ভয় কৰিব লগা কথা নাই নহয় ন ডাক্তৰ??ডাক্তৰজনে ক'লে ভয় কৰিব লগা কথায়ে হয়!! ধুঁৱা বেছি হৈ যোৱা কাৰণে উশাহ নলীত সোমাই গ'ল আৰু অলপ দেৰি হোৱা হ'লে কি হ'ল হেঁতেন ঠিক নাই!!
চিকিৎসা কৰি হোৱা পাছত আমি তাইক লৈ যাব পাৰিম নে?
ডাক্তৰজনে ক'লে - তাই ইয়াত থাকিব লাগিব দুদিন মান!!
মনোজে লগৰজনী ফালে চালে তাই ভয় কৰি ক'লে - মই অকলে ইয়াত কেনেকৈ থাকিম!!
মনোজে ভাবি পোৱা নাছিল সি এতিয়া কি কৰিব!! এনেকৈ ছোৱালীকেইজনীক অকলে এৰি যাবওঁ নোৱাৰি...............!! সিহঁতৰ লগত থাকিবলে সি সিহঁতৰ একো সম্বন্ধীয় মানুহো নাছিল!! লগৰজনীয়ে কান্দি কান্দি ক'লে-"তুমি ইয়াত থাকা !! নহ'লে আমি অকলে অকলে কেনেকৈ থাকিম!!"
সি ফোন কৰি নিবিৰক ক'লে- মই ইয়াত কাম এটাত ফঁচি আছোঁ!! তই গৈ মাক কৈ দিবি মই মাক কোৱা নাই!! নহ'লে বহুত প্ৰশ্ন কৰি থাকিব!!
"কি ইমান কামত ফঁচি আছ !! নিবিৰে অলপ ডাঙৰকে কোৱা দৰে ক'লে!
এতিয়া একো ক'ব নোৱাৰোঁ !!লগ পালে সকলো কম!!
"হ'ব দে!! মই যাঁও তোৰ মাক কথাটো কৈ আহোঁ!!
"ৰাতি হৈ আহিছিল!!লাইটবোৰো জ্বলি উঠিছিল!! লগৰ ছোৱালীজনীয়ে মনোজক ক'লে- "মই তোমাক মোৰ নাম কোৱাই নাই নহয়....!!! মই বহুত ভয় খাইছিলো !! মোৰ নাম বৃস্তি আৰু তাইৰ নাম নেহা.....!!!! তাই মোৰ সম্পকীয় মানুহৰ ছোৱালী মোৰ ভন্টী !! তাই ইয়াত নাথাকে !! গুৱাহাটীত তাই ঘৰ ফুৰিবলৈ ইয়ালৈ আহিছে!!"( Assamese Storyboard )
মাক-দেউতা কালি গুৱাহাটীলৈ গ'ল!! মোৰ ভাইটিয়ে তাত থাকি পঢ়ে!! তাৰ স্কুলৰ পৰা ফোন আহিছিল তাৰ গা বেয়া বুলি................ সোনকাল মাতিলত যাব লগা হ'ল !! দেউতা অকলে যাব লৈছিল কিন্তু মা লগত যাম ক'লে আৰু তেওঁলোক কালি গুৱাহাটীলৈ গ'ল!! আমাক কৈ গৈছিল যাতে আমি দুৱাৰ ভিতৰফালৰ পৰা মাৰি থৈ দিওঁ !! কাৰণ ইয়াত বেছি মানুহ নাই!!
ঠাণ্ডা বেছি হ'লত আমি জুই জ্বলাই লৈছিলোঁ !! ভিতৰৰ পৰা দুৱাৰ মাৰি থোৱা আছিল !!
কিন্তু এই দূৰ্ঘটনাটো কেনেকৈ হ'ল???
সেইটোৱে কৈ আছোঁ জুই জ্বলাই হেকি হ'লত আমি শুবলৈ গুচি গ'লো !!অঙঠাবোৰ ধুঁৱাই ধুঁৱাই গোটেই ঘৰত ভৰি গ'ল!! তাৰ পাছত মই হাৰ পাই ৰুমৰ পৰা বাহিৰলৈ আহিলো !! মই উশাহ ভালদৰে ল'ব নোৱাৰা দৰে হৈ পৰিলোঁ আৰু চিঞৰিবলৈ ধৰিলো!!
ধুঁৱা বহুত হৈ গ'লত দুৱাৰখনো মই খুলিব পৰা নাছিলোঁ!! ভগৱানক ধন্যবাদ যে তেওঁ তোমাক ইয়ালৈ পঠালে আৰু তুমি খিৰিকী ভাঙি ভিতৰত সোমাই নেহাক বচালা!!! তাইৰ কিবা হৈ যোৱা হ'লে কি হ'ল হয় বুলি আকৌ তাই কান্দিলে!!
নেহায়ে চেতনা ঘূৰাই পালে কিন্তু তাইক দেখাটে দূৰ্বল যেন লাগিছিল!! মনোজে একো বুজি পোৱা নাছিল যে সি হাঁহিব নে কান্দিব!! তাৰ কাৰণে সুখৰ কথা এটা আছিল যে সি ইমান দিনে যাক বিচাৰি আছিল তাইক লগ পালে!!
কিন্তু কান্দিব লগা কথা এইটো আছিল যে তাই আজি এইয়া অৱস্থা!!
বৃস্তি আৰু মনোজে গোটেই ৰাতি নেহাক চোৱা চিতা কৰিয়ে পাৰ কৰি দিলে!! ভাগ্যৰ যে কি খেল আজি মনোজে ইমান দিনৰ পাছত নেহাক লগ পালে!! হয়তো এইয়া সঁচা ভাল পোৱা !! নেহা শুই আছিল আৰু সি তাইক চাই আছিল!!
তাই আকৌ যেতিয়া চেতনা ঘূৰাই পালে তাই দূৰ্বল মাতেৰে সুধিলে-
"মই ক'ত আছোঁ??ইয়ালে কেনেকৈ আহিলো??
মনোজক সন্মুখত দেখি তাই বৃস্তিৰ ফালে চালে আৰু বৃস্তিয়ে তাইক ক'লে- "যদি মনোজে তোক নবচালে হয় !!আজি তই নাথাকিলি হয়!! ভগৱানে তাক পঠিয়ালে আৰু সি আমাক বচালে!!
মই উশাহ লব পৰা নাছিলোঁ আৰু দুৱাৰো খুলিব পৰা নাছিলোঁ!! কিন্তু সি খিৰিকী ভাঙি সোমাই আমাক বচালে!!!
ডাক্তৰে কৈছিল আৰু অলপ দেৰি হোৱা হ'লে তোৰ কি হ'ল হয় ঠিক নাই!!
নেহাই তাৰ পাছত হাঁহি মাৰি তাক চালে আৰু হাত জোৰ কৰিলে!! মনোজে ক'লে-"হাত জোৰ কৰিব লগা একো কথা নাই!! এইটো মোৰ কৰ্তব্য............!!
এতিয়া লৈকে সিহঁতি একো খোৱা নাছিল!! এতিয়া যেতিয়া নেহা ভাল হ'ল সিহঁতৰ মনতো অলপ ভাল লাগিল!!
মনোজে বহুত মৰমেৰে তাইক সুধিলে - তুমি কিবা খাবা নেকি?? মই ডাক্তৰক সুধি আহোঁ!!
অলপ পাছত সি চাহ আৰু বিস্কুট লৈ আহিলে আৰু নেহাক উঠাই খাবলৈ দিলে !!তাৰ পাছত বৃস্তিকো খাবলৈ দি নিজেও খালে!! কিন্তু তাৰ বহুত ভুক লাগি আছিল সি বাহিৰলৈ উলাই গুচি গ'ল আৰু যেতিয়া আহিলে তাৰ হাতত বহুত চিংৰা আছিল!! সিহঁতৰ ৰাতিৰ আহাৰ এইয়া য়ে হৈ গৈছিল!!
পাছ দিনা ডাক্তৰে ঘৰলৈ লৈ যাব পাৰিব বুলি ক'লত মনোজে সিহঁতক লৈ ঘৰলৈ আহিল আৰু বৃস্তিৰ মাক-দেউতাক ঘৰলৈ আহি পোৱা নাছিল!!
মনোজে সিহঁতক ঘৰত থৈ আহিবলৈ উলাল আৰু সিহঁতি তাক বহুত থাকিবলৈ অনুৰোধ কৰিলে!! এতিয়া দুয়োটাৰে মাজত বন্ধুত্ব গঢ়ি উঠিল!! বন্ধুত্ব এই কাৰণে যে নেহায় কৈছিল আৰু সি তাই যি কয় তেনেকৈ কৰিব বিচাৰিছিল!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment