ৰিংকুৰ মোবাইলত ৰিয়াৰ ফটো দেখি ৰোহিয়ে কলে,"এইয়াতো মোৰ মা হয়।"
ৰিংকুয়ে তাইৰ কথা শুনি আচৰিত হল," এই ছোৱালীজনীয়ে কি কৈ আছে? নাই নাই হয়তো তাই চিনি পোৱাত কিবা ভুল কৰিছে( Assamese Storyboard )।কিন্তু কোনো এটা শিশুৱে নিজৰ মাকক চিনি পোৱাত কেনেদৰে ভুল কৰিব পাৰে?"
( "আধৰুৱা বিবাহ" ধাৰাবাহিক খনৰ সমূহ পাঠকবৃণ্ডক জনাই দিব বিছাৰো যে আজিৰে পৰা অৰ্থাৎ ২৩/৮/২১ ৰ পৰা ৪ বজাৰ সলনি দিনৰ ১১ বজাত প্ৰতিদিনে ধাৰাবাহিক খন প্ৰকাশ পাব।সেয়ে সময়মতে ধাৰাবাহিকখন উপভোগ কৰিবলৈ গুগুলত চাৰ্ছ কৰিব smj24.in ধন্যবাদ।)
ৰিংকুক মনে মনে থকা দেখি ৰোহিয়ে কলে,"আপুনি মনে মনে কিয় আছে?আপুনি কোন হয় আৰু মোৰ মাৰ ফটো আপুনি কিয় ললে?"
ৰোহিৰ মাত শুনি সি সজগ হল,"মাজনী, তুমি তোমাৰ মাক চিনি পোৱাত ভুল হৈছে। এইয়া তোমাৰ মা নহয় মোৰ পুতলা হয়।"
ৰোহিয়ে এইবাৰ জীদ কৰিলে,"নহয় এইয়া মোৰ মা হয়। আপুনি চুৰ হয় চুৰ , আপুনি মোৰ মাৰ ফটো চুৰ কৰিছে।"
ৰিংকু এইবাৰ চিন্তিত হল,"কিন্তু এইয়া কেনেকৈ হব পাৰে? এইয়া তোমাৰ মা হব নোৱাৰে।"
ৰোহি:'আপুনি মোৰ আইতাক সুধি লওক।' আৰু তাই ৰিংকুক ৰাধিকাৰ ওচৰলৈ লৈ আনিলে,"আইতা চোৱা মই চুৰ ধৰি আনিছোঁ।"
ৰাধিকাই আচৰিত হৈ এবাৰ ৰোহিৰফালে আৰু এবাৰ ৰিংকুৰ ফালে চাই," ৰোহি তুমি এইয়া কি কৈছা আৰু এইজন কোন হয়? তুমি এওঁক এনেদৰে আমনি কিয় কৰিছা?"
তাৰ পাছত তেওঁ ৰোহিক কোলাত দাঙি ৰিংকুক ক্ষমা বিচাৰি কলে,"বেয়া নাপাবা , সৰু ছোৱালী ভুল হৈ গল।"
ৰিংকু: আচলতে খুড়ী, ৰোহিয়ে...
ৰোহি: আইতা,মই সঁচা কৈছোঁ। এওঁ মোৰ মাৰ ফটো চুৰ কৰিছে।আৰু তেওঁক নিজৰ পুতলা বুলি কৈছে।
এতিয়া ৰাধিকাই ৰিংকুৰ ফালে চোৱাত ৰোহিয়ে ৰিংকুৰ পৰা মোবাইলটোত ৰিয়াৰ ফটো উলিয়াই তেওঁক দেখুৱালে,"চোৱা না আইতা, এই আংকল জনক কোৱা না মাৰ ফটো আমাক দি দিবলৈ।"
ৰাধিকাই এইবাৰ ৰিয়াৰ ফটোৰফালে এবাৰ চালে আৰু এবাৰ ৰিংকুৰ মুখলৈ। ৰিংকুৰ মনলৈ ও হাজাৰটা প্ৰশ্ন আহিল। ৰাধিকাই ৰিংকুৰফালে চাই কলে," আমাৰ ছোৱালীৰ ফটো তোমাৰ ওচৰলৈ কেনেকৈ আহিল? তুমি কোন হয়?"
ৰিংকু: নহয় খুড়ী,এইয়া মোৰ পত্নী ৰিয়াৰ ফটো হয়। হয়তো আপোনাৰ ছোৱালী দেখিবলৈ ৰিয়াৰ দৰে একেই। কিন্তু এইটো সঁচা যে এওঁ মোৰ পত্নী হয়। আৰু মই আৰ .কে. ফেশ্বন হাউচৰ চি. ই.ও ৰিংকু কলিতা হয়।"
এইবোৰ শুনি ৰাধিকাই বুজি পালে যে আজি তৃষ্ণা অফিচৰ পৰা সোনকালে ঘৰলৈ কিয় আহিল। তেওঁৰ ৰিংকুক সকলো কথা কবলৈ মন গল। কিন্তু আকৌ ভাবিলে যেতিয়ালৈকে তৃষ্ণাই ৰিংকুৰ সন্মুখলৈ আহিবলৈ নিজক প্ৰস্তুত নকৰে তেতিয়ালৈকে ৰিংকুক কোনো কথা কোৱাৰ তেওঁৰ অধিকাৰ নাই।
ৰাধিকাক মৌন হৈ থকা কাৰণে ৰিংকুয়ে কলে," খুড়ী আপুনি মনে মনে কিয় আছে? আপুনি প্লিজ মোক কওক যে মোৰ পত্নীক কিয় আপোনাৰ ছোৱালী বুলি কৈছে?"
ৰাধিকা: 'চোৱা, তুমি কোন হোৱা নাজানো কিন্তু এইখন মোৰ ছোৱালী তৃষ্ণাৰ ফটো হয়।' তাৰ পাছত তেওঁ নিজৰ মোবাইলটো উলিয়াই তৃষ্ণা আৰু ৰোহিৰ ফটোবোৰ ৰিংকুক দেখুৱালে।
ৰিংকুয়ে ফটোবোৰ দেখি আচৰিত হল,' এইজনী তো ৰিয়াই হয়। কিন্তু ৰোহি তাইৰ ছোৱালী কেনেকৈ হব পাৰে?'( Assamese Storyboard )
ৰাধিকাই আগলৈ কলে," দেখিলা নহয়, এইয়া মোৰ ছোৱালী তৃষ্ণা হয় আৰু তাই তোমাৰ কোম্পানীতেই চাকৰি কৰে।" এনেদৰে কৈ তেওঁ ৰোহিক ঘৰলৈ লৈ গুচি গল।
ৰিংকুয়ে ভাবিলে" এইয়া কেনেকৈ সম্ভৱ? ইয়াত নিশ্চয় কিবা এটা আছে। মই প্ৰথমে ৰিয়াৰ লগত কথা পাতিব লাগিব। কিন্তু তাইক লগ পাওঁ কেনেকৈ?"
তেতিয়াই তাৰ মনলৈ আহিল যে খুৰীয়ে তেওঁৰ ছোৱালী তাতেই চাকৰি কৰে বুলি কৈছিল।
"এইজনী তৃষ্ণা ৰুদ্ৰই কোৱা জনী নহয় তো?কেনেবাকৈ মই অহাত দেৰি কৰিলোঁ নেকি? নাই নাই ৰিয়াই কেৱল মোক ভাল পায়। তাই বেলেগ কাৰো হব নোৱাৰে। মই আৰু এতিয়া তাইৰ ওপৰত সন্দেহ কৰিব নোৱাৰো। তাই মোক কিমান ভাল পায় সেইয়া মই জানো। কাইলৈ অফিচত সকলো কথা পাতি লম ভালদৰে আৰু যিমান সোনকালে পাৰো ইয়াৰ পৰা ঘৰলৈ লৈ যাম। ঘৰত মা,পাপা, উৰ্মি আৰু বেদন্তই তাইৰ বাবে অপেক্ষা কৰি আছে।"
ঘৰলৈ গৈ থাকোতে ৰাধিকাই মনত বহুত ফুৰ্তি পালে যে ৰিংকুয়ে এতিয়াও তৃষ্ণাক ইমান ভাল পায়। ইফালে ৰাধিকা ওলাই যোৱাৰ পাছতে গোপাল ওলাই গল বজাৰলৈ। ঘৰত তৃষ্ণাই অকলে বহি ৰিংকুৰ কথা ভাবি আছিল। তাইৰ কানত ৰিংকুয়ে কোৱা সেই কথাবোৰ এতিয়াও বাজি আছিল যেতিয়া সি তাইক এজনী বেয়া তল পৰা ছোৱালী বুলি কৈছিল। শব্দবোৰ সহ্য কৰিব নোৱাৰি দুয়োখন কান বন্ধ কৰি জোৰেৰে তাই চিঞৰি উঠিল,' মই বেয়া ছোৱালী নহয়।'
তাৰ পাছত নিজক শান্ত কৰি কলে," এতিয়া আপোনাৰ মোৰ লগত মতলব ৰখাৰ , মোৰ ওচৰলৈ অহাৰ কোনো অধিকাৰ নাই। আপুনি মোক দুবাৰকৈ অস্বীকাৰ কৰিছে। মোৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন কৰিলে। আপোনাৰ বাবে মই আকৌ মোৰ ভাইটোৰ পৰা আঁতৰি আহিব লগা হল। এতিয়া আৰু নহব। মোৰ কাষ চাপিবলৈ আৰু সুবিধা নিদিওঁ আপোনাক।"
তেতিয়াই ঘৰৰ বেল তো বাজি উঠিল। ঘৰৰ দুৱাৰ খুলি তাই সন্মুখত এজন সুঠাম ৩০ বছৰীয়া ডেকা লৰাক থিয় হৈ থকা দেখা পালে।
তৃষ্ণা: হয় , কাক লগ পাব বিচাৰিছে কওকচোন?
সেই লৰাজনে প্ৰথমে তৃষ্ণাক দেখি অবাক হল আৰু সুধিলে,"এইটো গোপাল ডাঙৰীয়াৰ ঘৰ হয় নে?"
তৃষ্ণা: হয় ,এইটো তেওঁৰেই ঘৰ হয়। কিন্তু তেওঁ এতিয়া ঘৰত নাই বজাৰলৈ গৈছে। কিন্তু আপুনি কোন?
তেতিয়া লৰাজনে কলে,"মই ৰোহিৰ খুড়া হয় সমীৰ।"
কথাষাৰ শুনি তৃষ্ণাই কলে," ছ'ৰি মই আপোনাক চিনি পোৱা নাই।ভিতৰলৈ আহি বহক। খুৰীয়ে ৰোহিক লৈ আহিছেই চাগে।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment