প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৮ ) Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 15, 2021

প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ৮ ) Assamese Storyboard

 

আজি ২১ ডিচেম্বৰ শ্ৰুতিৰ জন্মদিন।ৰাতিপুৱাই গাৰ্গী জুৰি হঁ‌তে শুভেচ্ছা জনালে তাইক( Assamese Storyboard )।আজি তিনিমাহ মানৰ পিছত তাইক সিহঁ‌তে ভালকৈ মাত দিয়া বাবে তাইৰ মনটো বহুত ভাল লাগি গ'ল।অলপ সময় সিহঁ‌তৰ আগত অভিমাণো কৰিলে তাইক কিয় গুৰুত্ব নিদিয়া হৈছে বুলি।

তেতিয়া নিজক চম্ভালিব নোৱাৰি জুৰিয়ে কৈ উঠিল,

ঃতোক কিয় এনেকুৱা কৰিবলগীয়া হ'ল সন্ধিয়ালৈ গম পাবি নহয় সকলোবোৰ কথা।

ঃকি কথানো, তাই নুবুজি সুধি দিলে সিহঁ‌ত দুজনীক।

ঃএই যে জুৰি জনী বহুত বেছি পাগলী তাই।নকোৱাকৈ ৰ'বই নোৱাৰিলে।

মানে শ্ৰুতি আজি তোৰ জন্মদিন বুলি আমি সন্ধিয়ালৈ এটা চাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন কৰিছিলো।কিন্তু পাগলী জনীয়ে তোক কৈয়েই পেলানে জান।এতিয়া আৰু ক'ত চাৰপ্ৰাইজ পাৰ্টি হৈ থাকিল।

ঃজানিলো একো নহয় দে।মোক বেয়া পাই নাথাকিবি ও। তহত দুজনীৰ বাদে যে কথা পাতিবলৈয়ে লগ নাই মোৰ।কিবা বেয়াকৈ কৈছো যদি ক্ষমা কৰি দিবি।এইবুলি তাই কান্দি উঠিল

ঃনাকান্দিবিচোন তোৰ ভালৰ বাবেহে কৰিছিলো আমি এনেকুৱা।তোক বহুত ভাল পাও ও আমি।

ঃতহতে কি কৈ আছ মই বুজা নাই।কিনো ভাল হ'ব মোৰ বুজাই কচোন

ঃএকো নহয় দে।আমাৰ যে কলিগ প্ৰশান্তদা তেওঁ‌ আৰু আমি দুজনীয়ে লগ হৈ তোৰ বাবে আজিৰ পাৰ্টিটোৰ  আয়োজন কৰিছো।দুজনমান স্পেচিয়েল গেষ্ট ও আহিব।

ঃসচাইনে?আনন্দতে কৈ উঠিল তাই

ঃসচাইতো। গধূলি সোণকালে ওলাব লাগিব দেই বহুত মজা হব আজি।সচাকৈয়ে


 ডিচেম্বৰ মাহৰ সন্ধিয়াটো সোণকালে আহে।শ্ৰুতি,গাৰ্গী আৰু জুৰিয়ে সন্ধিয়াৰ পাৰ্টিৰ বাবে সোণকালেই প্ৰশান্ত দাদাক হঁ‌তৰ ঘৰলৈ বুলি ওলাই যায়।ওচৰতে ঘৰটো হোৱাৰ বাবে খোজ কাঢ়িয়েই যায় তিনিও।আজি শ্ৰুতিৰ মনতো বহুত ভাল লাগি আছে।মৰমৰ বান্ধৱী দুজনীক ঘুৰাই পোৱাৰ বাবে তাইৰ ওঠত হাঁ‌হি এটি লাগিয়েই আছে।আজি তাইক খুব ধুনিয়াও লাগিছে।ব্লু জিন্সটোৰ লগত অফ হোৱাইট জেকেটতো আৰু উলেন কেপটোৰ লগত মেলা দীঘল চুলিটাৰিৰে তাইক অপূৰ্ব সুন্দৰ দেখাইছে।( Assamese Storyboard )


জুৰিয়ে ৰব নোৱাৰি কৈয়েই উঠিল,

ঃআজি শ্ৰুতিক দেখি কোনোবাই ফিদা হব যেন পাওঁ‌।

ঃকিবোৰ যে কৈ থাক তহতে।মোৰ সকলো শেষ হৈছে তহত দুজনীৰ বিয়াখন হে খাও খাও লাগি আছে।

ঃকিজানি আকৌ আৰাম্ভনিহে হয় তোৰ জীৱন।গাৰ্গীয়ে কৈ উঠে।


   প্ৰশান্ত হঁ‌তৰ চোতালত জ্বলাই থোৱা জুইৰ ওচৰত তিনিওজনী বহিল  গৈ।চাদৰ ওপৰত চাগে খানাৰ যা-যোগাৰ কৰিছে।প্ৰশান্তৰ পত্নী মালাই সিহঁ‌তক ভিতৰলৈ আগবঢ়াই লৈ গ'ল।আৰু যাওতে কৈ গ'ল-

ঃশ্ৰুতি তুমি যে সদায় মন মাৰি থাকা প্ৰশান্তই কৈ থাকে।আজিৰে পৰা মন মাৰি নাথাকিবা দেই।তোমাৰ লগত আমি সকলোৱে আছো।


সকলোৰে ব্যৱহাৰত শ্ৰুতিৰ মনটো ভাল লাগি গৈছিল।উপহাৰবোৰ পাই আকৌ আগৰ জন্মদিন বোৰ মনত পৰি গৈছিল।পাৰ হৈ যোৱা দুটা বছৰত যেন তাই শেষ হৈ গৈছিল।


এতিয়া ব'লা আমি কেক কাটিব লাগে সেইবুলি মালাই সিহঁ‌তৰ ড্ৰইং ৰূমলৈকে আগবঢ়াই নিলে।ৰূমটোৰ এচুকত থকা হোমথিয়েটাৰ টোৰ পৰা মৃদু সুৰত বাজি আছিল তাইৰ প্ৰিয় গানটি-

 জিয়া ধৰক ধৰক জায়ে

তাই মনত পেলালে কিমান দিননো তাই গান শুনা নাই।আজিৰে পৰা আৰু নতুনকৈ গান শুনিবলৈ লব।জীৱনটো নতুনকৈ উপভোগ কৰিব।


ঃৰ'বা কেক কটাৰ আগতে আমাৰ স্পেচিয়েল গেষ্ট জন আহি লওক। প্ৰশান্তই কৈ উঠে।ইতিমধ্যে সিহঁ‌তৰ লগত কাম কৰা বেলেগ সকলোবোৰ মানুহ আহি পালে।


এনেতে পৰ্দাখন ঠেলি সোমাই আহে সমীৰ।শ্ৰুতি থমকি ৰয়।তাইৰ যেন মাত হেৰাই যাব।আচৰিত হৈ সকলোৰে মুখলৈ চাই ৰ'ল তাই।

ঃশ্ৰুতি আজি সমীৰৰ হৈ মই তোমাৰ লগত কথা পাতিব খুজিছো।নিশ্চয় তুমি সকলোবোৰ কথা মনযোগেৰে শুনিবা।

ই সমীৰ লৰাজন বহুত ভাল যিমান তোমালোকৰ পৰিয়ালে তাক বেয়া বুলি ভাবে তাতোকৈ বহুত ভাল।আমি একেলগে কলেজত পঢ়া।তাক মই ভালদৰে জানো।কেইদিন মান বেংকৰ আগত লগ পাই সিয়েই তোমালোকৰ কথাবোৰ মোক জনালে।তাৰ দুখবোৰ সহ্য কৰিব নোৱাৰি আমাৰ ঘৰলৈ তাক লৈ আহিলো।ইয়াৰে পৰা তাৰ স্কুলো ওচৰ হয়।


-এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in

( Assamese Storyboard )


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আজি আমাৰ ৱেবচাইটত প্ৰকাশ পাব লগীয়া কেইটামান বিশেষ লেখাৰ সময়সূচী।নিৰ্দিষ্ট সময়ত লেখা সমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব - smj24.in

Assamese Storyboard


বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।



No comments:

Post a Comment

Advertisement

Pages