বৰুৱা ৰ নিচিনা পুলিচ অফিচাৰ থাকিলে কোনো কাৰণতে অপৰাধী সাৰি যাব নোৱাৰে ( Assamese Storyboard )। আকাশ আৰু পূৰ্ণিমাই যদিও ৰাধিকা হত্যা কৰি গাড়ীৰ ডিগিত ভৰাই পেলাবলৈ লৈ আহিছিল । কিন্তু তেতিয়া লৈ ৰাধিকা ই জীয়াই আছিল । হয়টো সময়তে তাই সকলো যন্ত্ৰনা পাহৰি গাড়ীৰ নাম্বাৰটো ডায়েৰী ৰ পৃষ্ঠাত লিখি ৰাখিছিল । সেই কাৰণে আজি অপৰাধী সহজতে বৰুৱা ই ধৰা পেলালে । কিন্তু আমি আজিৰ এই সময়ত যিবোৰ মানুহ ক আপোন বুলি ভাৱো সেইবোৰ মানুহে শেষত আমাৰ জীৱন ৰ প্ৰতি চৰম ভাবুকি হয় । যেনেকৈ ৰাধিকা ক হত্যা কৰা হৈছিল ।
পলাশ হত্যাৰ অপৰাধত অভিযুক্ত হ'ল #অবিনাশ_দুৱৰা । যিয়ে বাধ্যত পৰি, জ্বলি-পুৰি পলাশক হত্যা কৰিছিল ।
পলাশৰ মৃত্যু কাল হ'ল ৰাধিকা ৰ বাবে সকলোৱে নিজে বাচিবলৈ ৰাধিকা ক হত্যা কৰিলে । ৰাধিকা হত্যা অপৰাধত অভিযুক্ত হ'ল । #আকাশ_দাস , #পূৰ্ণিমা_ডেকা আৰু ধৃত #ৰূপালী_দত্ত ।
পুলিচ অফিচাৰ #ভাগৱতী অভিযুক্ত হ'ল অপৰাধী ক ৰক্ষনা বেক্ষনা দিয়া অপৰাধত , অপৰাধী ৰ পৰা ঘোচ লোৱা কাৰ্যত লগতে ৰাধিকা ৰ নকল ডায়েৰী সংক্ৰান্তিয় কেছত ।
#আকাশ_দাস অইন এটা অপৰাধত অভিযুক্ত হৈছিল সেয়া হল নকল পুলিচ ৰ বেশ ধৰি মেডিকেল ত ভাগৱতী ক হত্যাৰ চেষ্টা কৰা অপৰাধত ।লগতে বেশ্যালয় খুলি সমাজক বিপথে পৰিচালিত কৰা ৰ অপৰাধ ।
#অংকুৰণ_বৰা অভিযুক্ত হ'ল এজন সহজ সৰল ব্যক্তিৰ সহায়ত বৰুৱা ক বদনামী কৰা ৰ ষড়যন্ত্ৰৰ কাৰনে । লগতে যিকোনো সময়ত ৰূপালী দত্তক সংগ দি অপৰাধ ৰ ভাৰ পলাশৰ ওপৰত আৰোপ কৰাৰ কাৰনে ।
অধিবক্তা #খাৰঘৰীয়া নিজে অভিযুক্ত হ'ল ৰাধিকা ৰ নকল ডায়েৰী লিখি ক'ৰ্টত ৰূপালী দত্তক নিৰ্দোষী প্ৰমান কৰাৰ যি চেষ্টা তাৰ কাৰনে ।লগতে ভাগৱতী ক হত্যাৰ চেষ্টা ৰ অপৰাধ ।
#ৰূপালী_দত্ত এই কাহিনী ৰ আচল খলনায়িকা ৰ অপৰাধ বোৰ হ'ল
* ৰাধিকা ক বেশ্যা হ'বলৈ বাধ্য কৰোৱা অপৰাধ ।
* অংকুৰণ বৰা আৰু ভাগৱতী ক ব্লেক মেইলিং ৰ অপৰাধ ।
* ৰাধিকা হত্যাৰ অপৰাধ ।
* ৰাধিকা ৰ নকল ডায়েৰী লিখাৰ অপৰাধ ।
* ভাগৱতী ক হত্যাৰ চেষ্টা ৰ অপৰাধ ।
* বৰুৱা ৰ ওপৰত মিছা বদনাম আৰোপ কৰা ৰ অপৰাধ ।
ইতিমধ্যে আজি তিনি বছৰে ৰাধিকা হত্যা আৰু পলাশ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া ক'ৰ্টত চলিছে । বৰুৱা ই সকলো বোৰ প্ৰমান ক'ৰ্টত জমা দিছে । নিশ্চয় এই বিচাৰ প্ৰক্ৰিয়া ত চৰম শাস্তিৰ মুখামুখি হ'ব আকাশ দাস , পূৰ্ণিমা ডেকা আৰু ৰূপালী দত্ত ।
সন্মুখৰ বাগিচা খনত বহি মনমোহন মাষ্টৰে উমলাই আছে মৰমৰ নাতিনী কুৱলীক । ঠুনুক ঠানাক খোজেৰে আগবাঢ়ি যোৱা কুৱলি মাজে মাজে পৰি যায় । নাতিনীয়েক ৰ এই মৰম লগা দৃশ্য বোৰে মনত খুব আনন্দ দিছিল মাষ্টৰক । হয়টো সকলো ককাকে ৰৈ থাকে এনেকুৱা দিনৰ অপেক্ষা ত । তাৰ পাছতো এচামে কেনেকৈ পাৰে নাতি /নাতিনীৰ সন্মুখৰ পৰা লৈ গৈ মাক দেউতাকক বৃদ্ধ আশ্ৰমৰ বাসিন্দা বনাবলৈ ।
- কাবেৰী শুনাছোন ।
নিয়ৰে কাবেৰী ক কৈছিল ।
- কি হল কোৱা !
- মোৰ অফিচ লৈ দৌৰা দৌৰি হৈছে ভাত কেইটা খুৱাই দিয়া না, এই সময়তে মই বাকী কাম বোৰ কৰোঁ ।
- মোৰো ক'ৰ্টলৈ দৌৰা দৌৰি হৈছে । এতিয়া মই কাকো ভাত খুৱাই দিব নোৱাৰোঁ নিজে খালে হ'ল ।
- হয় নেকি ! তেন্তে মই নোখোৱাকৈ আহিলো । বাই
লগে লগে কাবেৰী আহি নিয়ৰক পাছ ফালৰ পৰা সাৱটি ধৰিলে ।
- মই যাৱ নিদিম নহয় । এয়া লোৱা ভাত খোৱা ।
- নাখাও ।
- মই কৈছোঁ নে !( Assamese Storyboard )
কাবেৰীয়ে মৰ্মে খুৱাই দিছিল । নিয়ৰে বৰ তৃপ্তি ৰে ভাত কেইটা খাইছিল । আচলতে এয়াই এহাল স্বামী স্ত্ৰী ৰ প্ৰকৃত মৰম । বিশ্বাস , মৰমৰ মাজত আজি এখন সুখৰ সংসাৰ নিয়ৰ - কাবেৰী ৰ । কুৱলীৰ দায়িত্ব এজনী মহিলা ৰ ওপৰত এৰি নিয়ৰ , কাবেৰী য়ে সদায় নিজ নিজ কৰ্ম লৈ যায় । কুৱলীয়ে বেছি সময় ককাকৰ লগতে উমলে । অবিনাশ দুৱৰা ৰ অনুপস্থিতিত ৰেখাৰ ছোৱালী জনীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব লৈছে নিয়ৰে । যিহেতু ৰেখা এতিয়া তাৰ মৰমৰ বায়েক ।
নিয়ৰে কাবেৰী ক ক'ৰ্টত নমাই থবলৈ আহিছিল । তাৰ পৰা নিয়ৰ নিজৰ অফিচ লৈ যাব । আহি থাকোঁতে সিহঁতৰ " অঞ্জলী-ৰাধিকা বৃদ্ধা আশ্ৰম " খনলৈ হঠাৎ চকু গৈছিল । হয় এইখন হ'ল নিয়ৰৰ মাতৃ অঞ্জলী আৰু নিয়ৰ ৰ এসময়ৰ প্ৰেমিকা ৰাধিকা ৰ স্মৃতিত খোলা এখন বৃদ্ধা আশ্ৰম । হয়টো নিয়ৰ কাবেৰী য়ে সজীৱ কৰি ৰাখিব খুজিছে নিজ মাতৃ আৰু দুৰ্ভগীয়া ৰাধিকা ক ।
- কাবেৰী আমাৰ মা কেইজনী বাৰু ?
- শুদ্ধ মনৰে চিন্তা কৰিলে দেশমাতৃ , জন্ম দাত্ৰী ৰ পাছত নিজ পুত্ৰ বোৱাৰী ৰ হাতত লাঞ্ছিত হোৱা প্ৰত্যোক গৰাকী আমাৰ আশ্ৰমৰ মহিলাই হ'ল আমাৰ মা ।
নিয়ৰে এটা প্ৰশান্তিৰ হাহি এৰিছিল । এৰা কাবেৰী ৰ দৰে সমাজ খনত কেইজনী পত্নী আছে সেয়া হয়টো এপাচি শাকত এটা জালুকৰ লেখিয়া । নিয়ৰে আকৌ গাড়ী চলাইছিল সিহঁতৰ গন্তব্য স্থলীলৈ ।
যিজন পৃথিৱীৰ পৰা গ'ল । তেওঁ লৈ আমি দুখ কৰি লাভ নাই । প্ৰকৃতাৰ্থত তেওঁ মুক্তি পালে । আমি তেওঁ ৰ ব্যক্তিত্ব ক মৃত্যু ৰ পাছতো উচিত সন্মান দিব লাগিব । তেওঁ ৰ ব্যক্তিত্ব ক জীয়াই ৰাখিব লাগিব । যিহেতু মৃত্যু চিৰন্তন সত্য । গতিকে আমি মানি ল'ব লাগিব । কিন্তু ৰাধিকা ৰ দৰে মৃত্যু , মৰিগাঁও ৰ ধৰ্ষিতা জনীৰ দৰে মৃত্যু ,নীল-অভীৰ দৰে মৃত্যু আমি মানি ল'ব নোৱাৰোঁ । গতিকে আমি সদায় এই সকলৰ ন্যায় ৰ বাবে চিঞৰি থাকিব লাগিব । এই সকলে ন্যায় নাপালে সমাজত আকৌ এনেকুৱা হাজাৰ টা নৃশংস হত্যা কাণ্ড সংঘটিত হ'ব সেয়া খাটাং । গতিকে আমি সোনকালেই সেই সকল মৃতকৰ ন্যায় বিচাৰিছোঁ ।।।
© ৰাগ ৰঞ্জন
..............................সমাপ্ত................................
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
© ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
val lagil pohi...
ReplyDelete