সেইদিনা আকাশক ৰাধিকা ৰ মাহী মাকে ফোন কৰি কৈছিল যে তাইক মোমায়েকৰ ঘৰলৈ পঠাইছে । কিন্তু মাক মহাচিন্তাত পৰিছে ( Assamese Storyboard )। কাৰণ ৰাধিকা ই ইতিমধ্যে নিজে পুলিচৰ ওচৰত যে আত্মসমৰ্পন কৰিব সেই কথা মাকে গম পাইছিল । সেয়েহে যিকোনো প্ৰকাৰে ৰাধিকা ক মাকে আত্মগোপন কৰিবলৈ বাধ্য কৰাইছে । কিন্তু এই কথাত আকাশ বলিয়াৰ দৰে হ'ল ।
প্ৰথম কথা পলাশৰ মৃত্যুৰ কেইদিন মান আগতে আকাশ আৰু পলাশৰ মাজত বৰ ডাঙৰ বাক - বিতণ্ডা হৈছিল । সিহঁতৰ কাজিয়া ৰ সূত্ৰপাত হৈছিল পইচাক লৈ । যি বাক-বিতণ্ডাৰ চাক্ষুষ সাক্ষী আছিল ৰাধিকা । সিহঁতৰ কাজিয়াৰ কাৰনে বেশ্যালয় ( এই ঘৃনা লগা ব্যৱসায় খন দুভাগ হোৱা ৰ দিশে গৈছিল । ) । যি কথা আকাশে সহ্য কৰিব পৰা নাছিল । সেয়েহে খংৰ ভমকত আকাশে প্ৰকাশক প্ৰানে মৰাৰ ভাবুকি দিছিল । যি কথা গম পাইছিল ৰাধিকা ই । যদিহে আৰক্ষীয়ে ৰাধিকা ক এৰেষ্ট কৰে তেন্তে ৰাধিকা ই নিশ্চয় প্ৰথম আকাশৰ নামে কব ।
এই সকলোবোৰ কথা আকাশে ৰাধিকা ৰ মাকৰ লগত আলোচনা কৰিছিল । এই ক্ষেত্ৰত ৰাধিকা ৰ মাকৰ ও ভয় আছিল । কাৰন ৰাধিকা ৰ মাকে ৰাধিকা জোৰদাবস্তি এই বেয়া লাইনত আহিবলৈ বাধ্য কৰাইছিল । আৰু অংকুৰণ ৰ লগত বেয়া ভিডিঅ' বনাই তাইক ব্লেক মেইল কৰাৰ চিন্তা চৰ্চা কৰিছিল । মই আছিলোঁ আকাশৰ প্ৰেমিক । কাৰন আকাশৰ তলত কাম কৰিয়েই এতিয়া মই মোৰ অভাৱ বোৰ পূৰণ কৰি এটা বিলাসিতা জীৱন কটাব পাৰিছো । মাজে মাজে আকাশে মোক অকলশৰীয়াকৈ ও বিচাৰিছিল । সেয়েহে আকাশ ধৰা পৰিলে মোৰ জীৱন ৰ কি হ'ব ! বেশ্যালয় বন্ধ হ'লে মোৰ এই বিলাসিতা জীৱন থাকিব নে ।
সেয়েহে আকাশে সিদ্ধান্ত লৈছিল ৰাধিকা ক হত্যা কৰি এই কাহিনী ৰ ইমানতে পৰি সমাপ্তি ঘটাব । আৰু ধুনীয়া কৈ চলি থাকিব বেশ্যালয় । আকাশে মোক বেশ্যালয়ৰ মালিকনী কৰা ৰ প্ৰতিশ্ৰুতি দিছিল । এনে লোভনীয় প্ৰতিশ্ৰুতি মই কেনেদৰে অগ্ৰাহ্য কৰোঁ । নিজৰ জীৱন টোতকৈ ৰাধিকাৰ জীৱন ডাঙৰ নহয় । সেয়েহে ৰাধিকা ক হত্যা কৰা ৰ ক্ষেত্ৰত মই সন্মতি প্ৰদান কৰিলোঁ । ভাবিলো ৰাধিকা নো মোৰ কোন ! মোৰ স্বামীৰ ভাগিন হে । যিহেতু এতিয়া মোৰ স্বামীয়ে নাই গতিকে ৰাধিকা মোৰ দৃষ্টিত এতিয়া এজনী অচিনাকী ছোৱালী । কাৰন বৰ্তমানৰ মোৰ ব্যক্তিগত জীৱনত সামাজিক বান্ধোন নহ'লে ও মনে প্ৰাণে মই আকাশ কে স্বামী বৰণ কৰিছোঁ । গতিকে মোৰ স্বামী তকৈ ৰাধিকা ডাঙৰ নহয় । মোৰ স্বামী সুৰক্ষিত থকাটো বেছি জৰুৰী । আমি ৰাধিকা হত্যাৰ যি পৰিকল্পনা কৰিছিলোঁ এই পৰিকল্পনা ৰাধিকাৰ মাকক অবগত কৰাইছিলো । তেওঁ জীয়াই থকাৰ স্বাৰ্থত , জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত ৰাধিকা হত্যাৰ সন্মতি দিছিল । সেয়েহে সেইদিনা ই মই ৰাধিকা ক ফোন কৰি মোৰ ৰুমলৈ মাতিছিলো । তাই কিছু সময় পাছত গৈ মোৰ ৰুমত উপস্থিত হৈছিল ।
- মামী ! কিন্তু তুমি ইয়াত ?
- অহ, আচৰিত হলা যে ?
- নহয় মানে এই ঠাই দোখৰ ভাল নহয় ।
- ভাল বেয়া নো কি চলিব জানিলে হ'ল ।
তেনেতে ভিতৰৰ পৰা ওলাই আহিছিল আকাশ দাস । আকাশ ক দেখাৰ লগে লগে ৰাধিকা আচৰিত হ'ল ।
- তাৰ মানে মামী আপুনি ?
- হয়, তুমি কৰা কামটো মই ও কৰোঁ ।
- মই কৰিছোঁ , কিন্তু মই মোৰ মন বিবেকৰ বিৰুদ্ধে এই কাম কৰিছোঁ । কিন্তু আপুনি ?
- মই জীয়াই থকাৰ কাৰনে এই কাম কৰিছোঁ ।
- কিন্তু মামী জীয়াই থকাৰ কাৰনে বহুতো ভাল কাম আছে । তেনেস্থলত আপুনি এই কামটো ,,,,
- কিয় তুমি ও টো কৰি আছা ।
- হাৰে মই দেখোন আপোনাক কৈছোঁ । মই ব্লেক মেইলৰ ষড়যন্ত্ৰ ৰ বলি হৈছোঁ । যদি মই এই কাম নকৰোঁ তেন্তে বজাৰ ত উলিয়াই দিব মোৰ উলংগ দেহা ।
- পলাশ ক কোনে হত্যা কৰিছে তুমি জানা ?
- পলাশৰ হত্যাকাণ্ড ৰ কথা কিয় সুধিলা ?
- এনেই সুধিছো ।
ৰাধিকা ই আকাশ দাসৰ ফালে এক বিশেষ চাৱনিৰে চাইছিল । আচলতে ৰাধিকা ৰ চাৱনিৰ অৰ্থ আছিল তই মোৰ মামীক ও এই কামত লিপ্ত কৰিলি । কিন্তু আকাশে আকৌ ভাৱিলে সেইদিনা ৰ সেই কথাটোৰ কাৰনে ৰাধিকা ই পলাশ ৰ হত্যাকাণ্ড সি সংঘটিত বুলি সন্দেহ কৰি আছে ।
ঠিক সেই সময়তে আমি ৰাধিকা ক ভিতৰলৈ লৈ গৈছিলো । আকাশে তাইক তাইৰ দোপাট্ৰা খনৰে ডিঙিত ফাচি লগাই দিছিল । মই তাইৰ ভৰিৰ ফালে ধৰিছিলো । তাই কিবা কব বিচাৰিছিল কিন্তু কব পৰা নাছিল । এনেকৈ কিছু সময় ধৰা ৰ পাছত ৰাধিকা বেহুচ হৈছিল । আমি এই হত্যাকাণ্ড ক এক্সিডেন্টৰ ৰূপ দিব বিচাৰিছিলো । সেয়েহে পিছত লোহা এডালৰে ৰাধিকা ৰ মূৰত আকাশে উপৰ্যুপৰি আঘাট কৰিছিল । শেষত মৃতদেহ টো পেলাবলৈ আমি প্ৰকাশ কুমাৰৰ গাড়ী খন লৈ আহিছিলো । এই হত্যাকাণ্ড আমি বহু সাৱধানে কৰিছিলোঁ কিন্তু তথাপি আমি ধৰা পৰিছো ।
যেতিয়া এই সংক্ৰান্তত ক'ৰ্টত বিচাৰ প্ৰক্ৰিয়া চলি আছিল । তেনেতে এদিন ৰূপালী বাইদেউ মোলৈ ফোন কৰিছিল ।
- হেল্ল'
- মই ৰূপালী য়ে কৈ আছোঁ ।
- হয় , বাইদেউ কওক ।
- আমাৰ বিপদ ঘন্টা বাজিছে । হয়টো আমি অতি সোনকালেই ধৰা পৰিম ।
বাইদেউ ৰ কথা শুনি মোৰ বুকুখন কপিছিল । কি কৰোঁ এতিয়া ।
- বাইদেউ কি হল ভালকৈ বুজাই কওকচোন ।
- হ'বলৈ কি আছে । প্ৰতিদিনে এটা দোষত আমি দোষী প্ৰমান হৈ আহিছোঁ । যিজন অফিচাৰ ৰ সন্মুখত অতি সহজে ধৰা পৰাৰ সম্ভাৱনা আছিল তেখেতক বদনামী কৰি খেদিছিলো । কিন্তু তাত আমি ধৰা পৰি গলো । আকৌ উক্ত অফিচাৰ জনে এই কেছ ৰ দায়িত্ব পালে । যিজন অফিচাৰ মই হাতত ৰাখিছিলো । হঠাৎ তেওঁ সলনি হৈ গ'ল । আৰু ক'ৰ্টত সকলো কথাই কবলৈ সাজু হ'ল । সেই ভয়তে মই আৰু মোৰ অধিবক্তা খাৰঘৰীয়া ই তেওঁ ক হত্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ । ( Assamese Storyboard )
- কি ! তাৰমানে আপোনালোকে অফিচাৰ জনক ! সেইজন মৰিল নে ?
- মৰিলেটো ভালে আছিল । তেওঁ এতিয়া মেডিকেল ত । যদি তেওঁ ভাল হয় তেতিয়া হ'লে আমি সকলো ফচিম । কাৰণ মই ফচিলে তোমালোক ও ফচিবা ।
- কিন্তু আমি এতিয়া কি কৰিম বাইদেউ !
- মই খাৰঘৰীয়া মেডিকেলত গৈছিলো । ভাবিছিলো এইবাৰ মেডিকেল ৰ ভিতৰত শেষ কৰি থৈ আহিম ভাগৱতী ক । কিন্তু চতুৰ বৰুৱা ই আমাৰ সেই পথ বন্ধ কৰি থৈছে । আৰক্ষী ৰ বাহিৰে অইন কোনো ব্যক্তিক ভাগৱতী ক লগ কৰিম বুলি অনুমতি নিদিয়ে ।
- মোৰ কিন্তু বহুত ভয় লাগিছে । পিছে এতিয়া কি কৰিম বুলি ভাৱিছে ?
- মই এটা কথা ভাৱিছো যদিহে নকল পুলিচ বনাই আকাশ ক ভাগৱতী ক মাৰিবলৈ পঠাই দিওঁ তেতিয়া !
- কিন্তু আকাশে !
- যদি নোৱাৰে তেন্তে জেললৈ যাবলৈ সাজু হোৱা ।
মই উপায় নাপায় এজন নকল পুলিচৰ বেশ ধৰি মেডিকেল লৈ যাবলৈ আকাশ ক বাধ্য কৰালো । নহ'লে আমি সকলো জেলৰ ভাত খাব লাগিব । কিন্তু আমাৰ সেই চেষ্টা ও বৃথা হ'ল । শেষত গৈ আমি ধৰা পৰিলোঁ ছাৰ ।
- তাৰমানে সৈইদিনা নকল পুলিচ হোৱা জন আকাশ দাস ।
- হয় ছাৰ ।
- ঠিক আছে এতিয়া আপোনালোকৰ শাস্তি কি হয় সেয়া ক'ৰ্টত বিচাৰ হ'ব । কিন্তু মই মোৰ ফালৰ পৰা ফাচি হোৱা টো বিচাৰোঁ ।
- ছাৰ তেনে সিদ্ধান্ত নলব ছাৰ । মোৰ ঘৰত দেউতাক নোহোৱা ল'ৰা এজন আছে । তাৰ মই সকলো, মোৰ ৰূগীয়া মা আছে । ইহঁতৰ অৱস্থা কি হ'ব ছাৰ ।
- সেই কথা আগতে চিন্তা কৰিব লাগিছিল ।আপোনাৰ ল'ৰা ৰ দায়িত্ব ৰাধিকা ই লৈছিল । কিন্তু আপুনি ৰাধিকা ক কি কৰিলে ?
- সেয়া মোৰ ভুল হৈছিল ছাৰ ।
- এৰা আপুনি ভুল হোৱা বুলি ক'লে ৰাধিকা জীয়াই নুঠে । বৰ্মন ইহঁত জেলত যোৱা ব্যৱস্থা কৰক ।
জেলৰ নাম শুনি আকাশ আৰু পূৰ্ণিমা ই বৰুৱা ৰ ভৰিত ধৰিলে । কিন্তু ভৰিত ধৰি জানো কিবা লাভ আছে । হত্যাকাৰী ৰ শাস্তি কিমান ভয়ানক সেই উপলব্ধি কৰিবলৈ সিহঁতে অপেক্ষা কৰিব লাগিব । কিন্তু যি নহওঁক শেষত অপৰাধী যেনেকৈ নহক ধৰা পৰিল ।
মনমোহন মাষ্টৰ আচৰিত হৈছিল কাবেৰী ৰ সিদ্ধান্ত শুনি । যদি হে মনমোহন মাষ্টৰৰ সন্মতি ক্ৰমে নিয়ৰে কাবেৰী ক বিয়া নাপাতে তেতিয়া হ'লে মাষ্টৰ গাঁৱলৈ উভতি যাব । আৰু কাহানিও উভতি নাহে নিয়ৰ ৰ ওচৰলৈ । চাহ খাই মনমোহন মাষ্টৰ কাবেৰী ৰ ঘৰৰ পৰা বিদায় ল'বলৈ ওলাইছিল তেনেতে কাবেৰী য়ে মাত দিছিল ।
- ছাৰ ৰব । মই আপোনাক থৈ আহিম ।
- নালাগে কাবেৰী । আমি গাঁৱৰ মানুহ খোজ কাঢ়িব পাৰোঁ ।
- কিন্তু মই আপোনাক থৈ আহিব লাগিব ছাৰ ।
- কিয় ?
- নহ'লে মোক নিয়ৰে বেয়া পাব ।
- নিয়ৰে বেয়া পালে নো তোমাৰ কি ক্ষতি হ'ব । সি নিজৰ দেউতাকৰ পৰা এতিয়া ও বহু কথাই লুকাই আছে ।
- হ'ব ছাৰ । এতিয়া খং এৰক ।
শেষত কাবেৰী ৰ অনুৰোধ ৰক্ষা কৰি মনমোহন মাষ্টৰে কাবেৰী ৰ গাড়ী ত আহিলে । গাড়ীৰ পৰা নামিয়ে চিধাই কাবেৰী আৰু মাষ্টৰে ফ্লেটৰ নিয়ৰৰ ৰুমলৈ গ'ল । নিয়ৰে দেউতাকক দেখাৰ লগে লগে কলে ।
- দেউতা তুমি ও ভাল টেনশ্যন দিব পাৰা দে । কাবেৰী ৰ ঘৰলৈ গৈছা মোকটো কৈ যাব পাৰা ।
- তোক কব লাগিব বুলি টো কোনো কথা নাই । তই মোৰ ল'ৰা কিন্তু মোৰ পৰাই তই ইমান কথা লুকাই ৰাখিছ ।
- কি কথা দেউতা ?
নিয়ৰ আচৰিত হৈছিল ।
- মই গাঁৱৰ ঘৰলৈ যাম । তই আৰু মোক কেতিয়াও বিচাৰি নাযাবি ।
- দেউতা তুমি এইবোৰ কি কৈছা !
- মই ঠিকেই কৈছোঁ ।
- কিন্তু মই আকৌ কি অপৰাধ কৰিলোঁ দেউতা ?
- অপৰাধ ! শুন প্ৰত্যেক মাক - দেউতাক ৰ দায়িত্ব ৰ দৰে মোৰ ও এটা দায়িত্ব আছিল । মোৰ পছন্দ মতে এজনী ভাল ছোৱালী তোৰ জীৱন সংগিনী কৰা । কিন্তু
- কিন্তু কি দেউতা ?
- কিন্তু তই মনে মনে বেলেগ ছোৱালী ঠিক কৰি থৈছ । অথচ মই গম নাপাওঁ ,মোক কোৱা ৰ প্ৰয়োজন বোধ নকৰিলি ।
- এৰা , ভালপাইছিলো ৰাধিকা ক । কিন্তু তাই এতিয়া ,,,,,
- মই তোৰ কাৰনে কাবেৰী ক ঠিক কৰিছিলোঁ কিন্তু কাবেৰী য়ে !
- কাবেৰী য়ে কি দেউতা ?
লগে লগে কাবেৰী য়ে মাত দিছিল ।
- ছাৰ যদিহে নিয়ৰে বিচাৰে তেন্তে মই আপোনাৰ বোৱাৰী হ'ব লৈ সাজু ।
কাবেৰী ৰ কথা শুনি মাষ্টৰ আচৰিত হ'ল ।
- তাৰমানে তুমি ?
- সেইদিনা খন আপুনি নিয়ৰ ৰ ছোৱালী গাঁৱত চোৱা বুলি মোক যি চাৰপ্ৰাইজ দিলে আজি মই তাৰে প্ৰতিশোধ লৈছোঁ ।;লগে লগে নিয়ৰ আৰু মাষ্টৰে জোৰকৈ হাহিলে । আজি বহু দিনৰ মূৰত মাষ্টৰৰ মুখেৰে খোলা হাহি ওলাই আহিছে । লগে লগে মাষ্টৰে এখন হাতেৰে নিয়ৰক আৰু অইন এখন হাতেৰে কাবেৰী ক সাৱটি লৈছিল ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment