তৃষ্ণাই অধ্যক্ষৰ ৰুমলৈ গৈ এডমিছনৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে( Assamese Storyboard )। অধ্যক্ষ গৰাকী নৱমীৰ বান্ধৱী এগৰাকীৰ মা আছিল আৰু তেওঁ ৰোহিৰ বিষয়ে সকলো জানিছিল। তেওঁ তৃষ্ণাক ৰোহিক ভালদৰে চোৱাচিতা কৰিব বুলি আশ্বাস দিলে। কিছুসময় পাছত তৃষ্ণাই ৰোহিক লগত লৈ অফিচৰ পাৰ্টিৰ বাবে ওলাই গল। তৃষ্ণাই পাৰ্টি পছন্দ নকৰে বাবে তাই ভাবিলে অলপ সময় তাত থাকি উভতি আহিব।
তৃষ্ণাই যেতিয়া ৰোহিক লগত লৈ অফিচলৈ গল তেতিয়া সকলোৰে চকু মাত্ৰ তাইৰ ওপৰত। সকলোৰে চকুত তাইক লৈ প্ৰশ্ন আছিল। তৃষ্ণাই যেতিয়া সকলোৰে চকুত প্ৰশ্ন দেখা পালে তাই নিজেই ৰোহিৰ পৰিচয় দিলে," এইয়া মোৰ ছোৱালী ৰোহি।"
সকলো আচৰিত হল কিয়নো তাইক দেখি কোনেও কব নোৱাৰে যে তাই এটা সন্তানৰ মা হয়। আৰু অফিচত তো কোনেও গম পোৱা নাছিল তাই বিবাহিত নে অবিবাহিত? সকলোৱে নিজৰ মাজতে ফুচফুচাব ধৰিলে।
তৃষ্ণাই সকলোকে স্পষ্টভাৱে কলে," আপোনালোকে কিবা কোৱাৰ আগতেই মই কৈ দিওঁ শুনক , মোৰ বিয়া হৈ গৈছে। কিন্তু মই এগৰাকী চিংগেল মাদাৰ হয়। ইয়াতকৈ বেছি আৰু মই কাকো মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰশ্ন কৰিবলৈ অনুমতি নিদিওঁ।"
তেতিয়া অফিচৰ সকলো কৰ্মচাৰীয়ে কথা পাতিব ধৰিলে," গিৰিয়েকৰ লগত নাথাকে কাৰণেই চাগে আজিলৈকে কোনেও তাইৰ গিৰিয়েক আছে নে নাই দেখাও নাই শুনাও নাই । মুখখন ইমান চোকা কাৰণেই চাগে গিৰিয়েক আৰু শহুৰৰ ঘৰৰ মানুহৰ লগত মিলিব নোৱাৰিলে। তাই ধুনীয়া কাৰণে সদায় লৰাবোৰ তাইৰ আগে পিছে লাগি থাকে। হয়তো এই কাৰণেই তাইক গিৰীয়েকে এৰি দিলে। বাৰু বাদ দিয়া যি হয় হব।" এনেধৰণৰ চৰ্চা মানুহবোৰে কৰিব ধৰিলে। কিন্তু তাইক পোনে পোনে কিবা প্ৰশ্ন কৰিবলৈ কাৰো সাহস নাই। কাৰণ সকলোৱে জানিছিল যে তাই নিজৰ ব্যক্তিগত জীৱনৰ কথা চৰ্চা কৰিবলৈ পছন্দ নকৰে আৰু আনৰ বিষয়ে কোনো প্ৰশ্ন নকৰে। সেইকাৰণে সকলো মৌন হৈ পৰিল আৰু পাৰ্টিৰ মজা ললে।
মিঠুয়ে আগবাঢ়ি আহি ৰোহিক কোলাত তুলি লৈ কলে,"তৃষ্ণা, তুমি এইটো ভুল কৰিলা। ইমান ধুনীয়া পুতলা জনীক আমাৰ পৰা লুকুৱাই ৰাখিলা ।" লাহে লাহে বাকীসকলেও ৰোহিৰ লগত খেলিব ধৰিলে। ৰোহিৰ ফুটা নুফুটা মাতবোৰ শুনি সকলোৱে ভাল পালে। তৃষ্ণাইও ৰোহিক সকলোৰে লগত মিলি জুলি থকা দেখি সুখী হল।
ইফালে ৰুদ্ৰই তৃষ্ণাৰ এই ৰূপটো দেখি আচৰিত হল। সি লাহেকৈ তৃষ্ণাৰ ওচৰলৈ আহিল," আজিটো তুমি সকলোকে আচৰিত কৰি দিলা। প্ৰথমে নিজৰ নামটো লুকাই ৰাখিলা, তাৰ পাছত বিবাহিত জীৱন আৰু ছোৱালী আৰু এতিয়া স্বামী লুকাইছা। অৱশ্যে তোমাৰ স্বামীক মই নিশ্চয় লগ পাব বিচাৰিম। কত থাকে তেওঁ?"
কথাবোৰ শুনি তৃষ্ণাৰ খং উঠিল," ছাৰ, মই ব্যক্তিগত জীৱনৰ কথা কাৰো লগত পাতিব নিবিচাৰো। আপুনি মোৰ বিষয়ে যি ইচ্ছা তাকেই ভাবিব পাৰে। সেইয়া আপোনাৰ নিজৰ চিন্তাধাৰা হব। কোনে মোৰ বিষয়ে কি ভাবে মোৰ তাত কোনো দৰকাৰ নাই।"
ৰুদ্ৰ: সদায় ইমান খঙত কিয় থাকা? তোমাৰ স্বামীয়ে কেনেকৈ তোমাক চম্ভালি আছে চাগে ঠিক নাই। মোৰটো এনে লাগে তেওঁ তোমাক এৰি পলাই গল চাগে।" এনেদৰে কৈ সি হাঁহি মাৰি তাৰ পৰা গুচি গল। ৰুদ্ৰইও লাহে লাহে তৃষ্ণাক পছন্দ কৰিব ধৰিছিল।
ৰুদ্ৰৰ মাকে যেতিয়া এই কথাটো অনুভৱ কৰিলে তেওঁ ৰুদ্ৰক ওচৰলৈ মাতি আনি বুজালে," চোৱা ৰুদ্ৰ, তৃষ্ণাই নিজৰ মনৰ মাজত বহুত দুখ সামৰি নিজক শান্ত কৰি থৈছে। প্লিজ তুমি আগলৈ এনেকুৱা একো নকৰিবা যাতে তাই নিজক আকৌ চম্ভালিবলৈ কষ্ট হয়।"
কিছুসময় পাছত তৃষ্ণাই ৰোহিক লগত লৈ ঘৰলৈ উভতি আহিল। ৰোহিয়ে ৰাধিকাৰ ওচৰলৈ গৈ গোটেই দিনটোৰ কথা কব ধৰিলে। তৃষ্ণাই নিজৰ ৰুমলৈ আহি বিছনাত শুই পৰিল। অফিচৰ সকলো কথা ভাবি তাইৰ দুচকু সেমেকি উঠিল আৰু চকু মুদি দিলে।
"হে ভগবান! মোৰ দুখ বোৰৰ কোনো অন্ত নাই নেকি? ভাইটি দিলা কিন্তু মোক তাৰ পৰা দূৰ কৰি দিলা। মায়েও মোক এৰি গুচি গল। যাৰ লগত বিয়া ঠিক হল তেওঁ বিয়াৰ মণ্ডপলৈ আহিবলৈ মানা কৰি দিলে। ৰিংকু দাই বিয়া কৰালে কিন্তু পত্নীৰূপত স্বীকাৰ নকৰিলে। কিন্তু যেতিয়া সকলো লাহে লাহে ঠিক হব ধৰিলে তেতিয়া আকৌ এবাৰ মোৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠিল। ভগবান, মই সচাই ৰিংকুদাই মোক অস্বীকাৰ কৰাৰ পাছতো তেওঁৰ টকা পইচা, আৰামৰ জীৱন এটাৰ বাবে মই তেওঁৰ ঘৰত আছিলোঁ নেকি? কাৰণ তেওঁৰ মতে তো মই শিৱসাগৰত সেইবোৰ পোৱা নাছিলোঁ।( Assamese Storyboard )
কিয় মই এইবোৰ কথা শুনিব লগা হল? সৰুৰে পৰা আজিলৈকে মই কাকো একো বস্তু বিচৰা নাই। আপোনাকো একো বিচৰা নাই প্ৰভু। আপুনি যি দিলে তাকেই মূৰ দুৱাই মানি ললোঁ। ৰিংকুদাক ভাল পোৱাৰ পাছতো মই আপোনাক কেতিয়াও নকলো যে ভগবান মোক মোৰ ভালপোৱাৰ লগত লগ কৰাই দিয়া। আপুনি নিজ ইচ্ছাৰে মোক ৰিংকু দাক দিলে কিন্তু মোক ইমান এটা মিছা অপবাদ দিলে যে মোৰ নিজৰ সুখৰ বাবে মই মোৰ ভাইটোকো নেৰিলোঁ।" ভাবি ভাবি তাইৰ চকুলো নিগৰি আহিল।
তেতিয়াই ৰাধিকা ৰুমলৈ আহিল," তৃষ্ণা, কি হল? আহিয়েই শুই পৰিলা, গা ভাল নাই নেকি?"
তৃষ্ণাই চকুলো মোহাৰি কলে," নাই মা, একো হোৱা নাই।"
(আচলতে এদিন গোপালেই তৃষ্ণাক কৈছিল 'যিদৰে তুমি ৰোহিক তাইৰ মাক উভতাই দিলা , তেনেদৰে আমাকো আমাৰ ছোৱালীজনী উভতাই দিয়া।' তেতিয়াৰ পৰা তৃষ্ণাই তেওঁলোকক মা-দেউতা বুলি সম্বোধন কৰিব ললে।)
ৰাধিকাই তাইৰ ওচৰত বহি তাইৰ মূৰত হাত ফুৰাই কলে," চকু ৰঙা হৈ গৈছে তোমাৰ কান্দি কান্দি আৰু একো হোৱা নাই বুলি কৈছা। মাজনী মনত যি আছে তোমাৰ এই মাক কৈ মনটো পাতল কৰি লোৱা। মই তোমাক দেখিছোঁ, যেতিয়া সকলো ৰাতি শুই যায় তুমি তেতিয়া শব্দহীন ভাবে কান্দা। এনেকুৱা কি কথা আছে যে তোমাক ইমান কষ্ট দিছে। কি কথা আছে মাজনী কোৱাচোন মোক?"
তৃষ্ণাই এইবাৰ ৰাধিকাৰ ডিঙিত ধৰি কান্দিলে। তাৰ পাছত তাই লাহে লাহে তেওঁক সকলো কথা কলে নিজৰ বিষয়ে," মা , মই বেদান্তৰ চকুত মোৰ বাবে মৰম দেখিছোঁ। মই তাত থকা হলে দুয়ো ককাই ভাইৰ মাজত বহুত দূৰত্ব বাঢ়ি গলহেঁতেন। বেদান্তই যেতিয়াই মোৰ দুখ দেখে সি ৰিংকুদাৰ পৰা আঁতৰি যায়। কল্পনা মায়ে বেদান্তক নজৰ সন্তান বুলি ভাবি ডাঙৰ দীঘল কৰিলে। এতিয়া সি সেইখন ঘৰৰ লৰা। সেইকাৰণে মোৰ বাবে তেওঁলোকৰ দুয়োজন লৰাৰ মাজত দূৰত্ব বাঢ়ি যোৱাটো বিচৰা নাছিলোঁ।
মোৰ ভয় আছিল যে বেদান্তই হয়তো মোক বিচাৰি উলিয়াব সেইবাবে মই মোৰ নামটো সলাই তৃষ্ণা ৰাখিলো। মোক বিচাৰি সি তাৰ সময় নষ্ট কৰাটো মই নিবিচাৰো। সি কপ্লনা মা আৰু অমৰ দেউতাৰ সপোনবোৰ পূৰণ কৰিব লাগিব। সি মোক বিচাৰি পোৱা হলে কেতিয়াও দিল্লীলৈ নগল হয়।"
ৰাধিকা: তেওঁলোকে তোমাক বিচৰাৰ কোনো চেষ্টা নকৰিলে তাৰমানে?
তৃষ্ণা: নহয় মা, ৰিংকুদা, উৰ্মি ,বেদান্তই মোক এতিয়াও বিচাৰি আছে। কিন্তু কোনেও কাকো কোৱা নাই । আৰু উৰ্মিয়েতো মোক বিচাৰি পাইছিলেই কিন্তু মোৰ নাম সলনি হোৱাত মোৰ সহায় হল। আৰু তাই ৰিয়াক বিচাৰি উভতি গল। কিন্তু এতিয়া বেদান্ত গুৱাহাটীলৈ আহিল। এতিয়া দুয়োটা ককাই ভাই মিলি মোক বিচাৰি উলিয়াবলৈ সম্পূৰ্ণ চেষ্টা কৰিব।"
তেতিয়াই ৰোহিয়ে তৃষ্ণাক বিচাৰি আহি ৰুম পালেহি। তাই তৃষ্ণাৰ চকুত চকুলো দেখি বিছনাত উঠি তাইৰ ওচৰলৈ গৈ কণমানি হাত দুখনেৰে চকুলো মোহাৰি কলে," মা, তুমি কিয় কান্দিছা? তোমাক আইতাই গালি দিলে নেকি? আইতা তুমি মোৰ মাক গালি নিদিবাচোন। চোৱাচোন, কন্দাৰ বাবে তেওঁৰ গাল দুখন আৰু নাকটো ৰঙা হৈ গল।" ৰোহিৰ কথা শুনি তেওঁলোকে হাঁহিব ধৰিলে।
তৃষ্ণাই তাইক বুকুত সাৱটি ললে," নহয় জান, মোক আইতাই গালি দিয়া নাই। মইতো এনেই বহি আছো। বাৰু মোৰ মাজনীয়ে গাখীৰ খাই শেষ কৰিলে নে?"
ৰোহি: অ মা, মই গাখীৰ খাই শেষ কৰিলোঁ আৰু ককাৰ লগত গেম খেলিও সম্পূৰ্ণ কৰিলো। মা মোৰ টোপনি ধৰিলে।" তাই তৃষ্ণাৰ কোলাত শুই দিলে।
তৃষ্ণাই তাইক সাৱটি ধৰিলে," ভগৱানে মোৰ পৰা সকলো কাঢ়ি তোমাক লগ কৰাই দিছে। ভগৱানৰ এই উপহাৰ তোৰ বাবে মোৰ অতীতক লৈও এতিয়া কোনো আপত্তি নাই। কিয়নো এতিয়া মোৰ জীয়াই থকাৰ কাৰণে তুমি হয় । এতিয়া তুমিয়েই মোৰ বাবে সকলো হয়।" তাৰ পাছত ৰোহিৰ কপালত চুমা আঁকি তাইক শুৱাব ললে।
ৰাধিকাই সেমেকা দুচকুৰে দুয়ো মাক- জীয়েকক চালে," তেজৰ সম্পৰ্ক নোহোৱাৰ স্বত্তেও দুয়ো নিজৰ নিজৰ দুখৰ বাবে আজি ইজনে আনজনৰ সুখৰ কাৰণ হৈ পৰিছে।" তাৰ পাছত তেওঁ ভাবিলে," ৰিংকুয়ে এনেকুৱা কিয় কৰিলে বাৰু? কিন্তু তৃষ্ণাই যে তেওঁক এতিয়াও ভাল পায় সেইটো ঠিক। আৰু যিগৰাকীয়ে বেলেগৰ সন্তানক ইমান মৰম দিব পাৰে তেওঁ নিজে মাক হলে নিজৰ সন্তানক কিমান মৰম কৰিব?"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment