ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( অন্তিম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 3, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( অন্তিম খণ্ড ) : Assamese Storyboard

Assamese Storyboard

 

আজিহে মোৰ মনটো অলপ পাতল লাগিছে ছাৰ , দোষীয়ে উপযুক্ত শাস্তি পালে , আপোনাৰ সহায়ৰ অবিহনে ই সম্ভৱ নহলেহেঁতেন , মিতালি আৰু শেৱালিৰ আত্মায়ো শান্তি পালে , পল্লৱৰ নিচিনা খাকী পোচাক পৰিধান কৰা প্ৰতিজন ব্যক্তিয়েই উচিত শিক্ষা পালে , ( Assamese Storyboard )


: তোমাক যে কি বুলি ধন্যবাদ জনাম , তোমাৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই আজি দোষীয়ে উপযুক্ত শাস্তি পালে , 


: ছাৰ কাইলৈ মই যামগৈ...., মোৰ দায়িত্ব শেষ , ছমাহৰ বাবেহে মই সুন্দৰপুৰলৈ আহিছিলো , 


: ধেমালি কৰিছা কিয়...? 


: ধেমালি নাই কৰা ছাৰ , মই সঁচাকৈ কৈছোঁ । আজি ৰাতিৰ ভাতসাঁজ সকলোৱে মোৰ কোৱাটাৰতে খাব , আপুনি সকলোকে কথাটো কৈ দিব , মই আহিছোঁ ছাৰ , বৰ ভাগৰ লাগিছে ।


          খৰখেদাকৈ মাধুৰী থানাৰ পৰা ওলাই গল , কোৱাটাৰৰ গেটখন খুলি বৰ দুখ মনেৰে ভিতৰলৈ সোমাই গল , চাওঁতে চাওঁতে চকুৰ আগতে ছয়মাহ পাৰ হৈ গল , অতি কম সময়ৰ ভিতৰতে আপোন হৈ পৰিছিল সকলো , কাপোৰযোৰ সলাই অলপ ফ্ৰেচ হৈ চাহকাপ খাই আৰামী চকীখনতে বহি চকুহাল জপাই ভৰি দুটা দীঘলকৈ মেলি দিলে , কিছুসময়ৰ পাছত চকীখন লৰিবলৈ ধৰিলে , মাধুৰীয়ে চকুহাল মেলি চালে নাই কোনো নাই , তেনেতে কেৰেক কেৰেক কৰি দুৱাৰখন বন্ধ হৈ গল , মাধুৰীৰ সমুখত থিয় দিলে দুটা ছায়ামূৰ্তি.........  ধন্যবাদ মেডাম , আপুনি কথা দি কথা ৰাখিলে , পল্লৱ , মৃণাল আৰু ৰাজুক ফাঁচী দিয়া কথাটো শুনি মই বহুত সুখী , এতিয়া আৰু সুন্দৰপুৰত কোনেও নাৰীক ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ নকৰে , আজিহে মোৰ আত্মাই শান্তি পাইছে , আজিৰ পৰা আৰু আপোনাক কেতিয়াও আমনি নকৰোঁ..... আমি মুক্ত , কথাষাৰ কৈ ছায়ামূৰ্তি দুটা অদৃশ্য হৈ গৈছিল আৰু খিৰিকীৰ গ্লাছখন ভাঙি কিবা এটা বৰ বেগেৰে বাহিৰলৈ ওলাই গৈছিল , ভূত ভগৱান এইবোৰৰ ওপৰত বিশ্বাস নথকা মাধুৰী আত্মাৰ অৱস্থিতিৰ কথা ভাবি আচৰিত হৈছিল , মাধুৰীয়ে উপলব্ধি কৰিছিল আত্মা অক্ষয় অবিনাশী মিতালি আৰু নৱই তাৰ প্ৰমাণ , কথাবোৰ ভাবি বহি থাকোঁতেই কলিং বেলটো বজা শুনি মাধুৰী লাহেকৈ উঠি গৈ দুৱাৰখন খুলি দিলে , ...... তিদীপ আহিলা..., মুৰ্গী কত..?


: ইয়াত কাটিবলৈ অসুবিধা হব বুলিয়েই দোকানতে কটাই আনিছোঁ ।


: ভালেই কৰিলা...., আহাঁ..! বহা... মই চাহ কৰোগৈ....


: চাহ নালাগে মেডাম...., খাই আহিছোঁ । 


: তিদীপ মেডামৰ সলনি বাইদেউ বুলি মাতিব নোৱাৰি নে.... এইখন মোৰ ঘৰ হয় থানা নহয়...!


: ঠিক আছে মেডাম...!


: আকৌ মেডাম...?


: sorry বাইদেউ..., তিদীপে বেগটো খুচৰি উপহাৰৰ টোপোলা এটা মাধুৰীলৈ আগবঢ়াই দিলে, ......বাইদেউ এইটো লওঁক , আপোনালৈ কিবা এটা আনিছোঁ ।


: এইবোৰ কিয় আনিব লাগে নো মই মোৰ Birthday পতা নাই নহয় , কাইলৈ যামগৈ সেয়ে সকলোৱে একেলগে এসাঁজ খাম বুলি ভাবিহে তোমালোকক মাতিছোঁ ।


: আপুনি খুলি চাওক বৰ বিশেষ একো অনা নাই !


         উপহাৰ পেকেতটো খুলি চালে মাধুৰীয়ে , পুলিচৰ পোছাকত মাধুৰীৰ এখন ফটো , .......বৰ ধুনীয়া হৈছে ফটোখন , কোনে আৰ্ট কৰিছিল ।


: মই নিজেই আঁকিছোঁ বাইদেউ....


: ধন্যবাদ তিদীপ , ইমান সুন্দৰ উপহাৰ এটা আগবঢ়োৱাৰ বাবে , এইটো মোৰ কৰ্মজীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ , তুমি এইবোৰ কৰিবলৈ কেতিয়া সময় পোৱা , 


: ডিউটি পৰা গৈ এইবোৰকে কৰি থাকোঁ ,


: good , বৰ সুন্দৰ প্ৰতিভা । চেষ্টা অব্যাহত ৰাখিবা । এতিয়া তুমি বহা মই পাকঘৰলৈ যাওঁ....


: নালাগে বাইদেউ , আপুনি অলপ আৰাম কৰক মই পাকঘৰলৈ যাওঁ...., 


: তুমি কিয় ৰান্ধিবা , তুমি আজি আলহী , 


: একো নহয় বাইদেউ , আপুনি মোক বস্তুবোৰ দেখুৱাই দিয়ক ময়ে ৰান্ধিম , 


: ঠিক আছে বলা , দুয়ো মিলি ৰান্ধোঁগৈ । 


     দুয়ো পাকঘৰলৈ সোমাই গল , বিধে বিধে ব্যঞ্জন ৰান্ধিলে তিদীপে , কলিংবেলটো বজা শুনি মাধুৰী বাহিৰলৈ ওলাই আহি দুৱাৰখন খুলি দিলে..... ছাৰ আহিলে , শইকীয়া , ৰত্নাকৰ আহিলা , বহা , কেওত নাই অহা নেকি....! 


: আহিছে মেডাম , কিবা এটা আনিবৰ বাবে দোকান এখনত সোমাইছে ,  শইকীয়াই মাত লগালে ।


: ঠিক আছে আপোনালোক বহকচোন , মই চাহ কৰোগৈ ।


: মাধুৰী এইটো লোৱাচোন....! সৰু কিবা এটা দিছোঁ সুন্দৰপুৰৰ স্মৃতি ..... বহাৰ পৰা উঠি খাৰঘৰীয়াই উপহাৰটো আগবঢ়াই দিলে মাধুৰিলৈ ( Assamese Storyboard )


: ধন্যবাদ ছাৰ , এইবোৰ কিয় আনিব লাগে নো...! 


: তোমাৰ সাহসিকতা আৰু কৰ্তব্য নিষ্ঠা দেখি মই সঁচাই আপ্লুত হৈছোঁ মাধুৰী , সেয়ে নটৰাজৰ মূৰ্তি এভাগকে তোমালৈ লৈ আহিলোঁ ।


: ঠিক আছে মই চাহ কৰোগৈ


       মাধুৰী ভিতৰলৈ সোমাই যোৱাৰ পাছতেই কেওত দুৱাৰখন খুলি সোমাই আহিল , ..... ছাৰ সঁফুৰা এখনকে লৈ আহিলোঁ মেডামমলৈ...,


: ভালেই কৰিলা , বহা , মাধুৰীয়ে চাহ কৰিব গৈছে , মাধুৰী কেওত পালেহি , তেওঁলৈয়ো চাহ লৈ আনিবা ।     ....খাৰঘৰীয়াই চিঞৰি কলে মাধুৰীক ।


          চাহ খাই সকলোৱে কথা পতাত ব্যস্ত হৈ পৰিল , তেনেতে তিদীপ ওলাই আহিল...... বাইদেউ সকলো আইটেম ৰেডী হৈ গল , মাধুৰীয়ে ঘড়ীটোলৈ চালে দহ বাজি পোন্ধৰ মিনিট পাৰ হৈ গল , তিদীপ মই গৈছোঁ তুমি ভাতকেইটা বাহাগৈ.... মাধুৰী সোমাই যাব খোজোঁতেই কেওতে সঁফুৰাখন মাধুৰীৰ হাতত দিলে , 


:  ধন্যবাদ ৰত্নাকৰ , কিন্ত মই বেয়া পাইছোঁ আপোনালোকক এইবোৰ কিয় আনিব লাগেনো..!বাৰু মই ভাত ৰেডী কৰোঁ আপোনালোকে হাতমুখ ধুই লওঁক ......, হাঁহি ধেমালিৰ মাজেৰে ভাত পানী খাই সকলো ঘৰাঘৰী গ'ল.....। মাধুৰীয়ে নিজৰ বয়-বস্তুবোৰ বেগত সামৰি ললে , আৰু বিচনাত পৰি দিলে । ইকাটি সিকাটি কৰি থাকোঁতেই ৰাতি পুৱাল , গাড়ীখন আহি পদূলিত ৰ'ল...., ড্ৰাইভাৰজনেই বয় বস্তুবোৰ গাড়ীত তুলি দিলে , দুৱাৰখন জপাই মাধুৰী গাড়ীত বহিল , খবৰটো চুবুৰীত বিয়পি পৰাত ৰাতিপুৱাই থানাত ভীৰ কৰিলেহি , গাড়ীখন দেখি মানুহবোৰ আগুৱাই আহিল , সকলোৱে চকুত কেৱল চকুপানী , দুই এজনে হাতযোৰ কৰি সুন্দৰপুৰ থানা এৰি নাযাবৰ বাবে অনুৰোধ কৰিলে , মাধুৰীয়ে বৰ দুখ মনেৰে সকলোকে হাতযোৰ কৰি গাড়ীত উঠিল , ধূলি উৰুৱাই লাহে লাহে গাড়ীখন আগুৱাই গল .....

       ( সমাপ্ত )


( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages