#অতীতৰ_পৃষ্ঠা
: তাৰপিছত মা আৰু দেউতাই মোক তুলি ল'লে। কিন্তু তেতিয়াই তেওঁলোকে সেইখন ঠাই এৰি ৰঙিয়ালৈ গুছি আহিছিল আৰু তেতিয়াৰ পৰাই আমাৰ ঠিকনা হ'ল ৰঙিয়া( Assamese Storyboard ) । তাত থকা দেউতাৰ সকলোবোৰ সম্পত্তি মাটি-বাৰী বিক্ৰী কৰি ইয়াত মাটি কিনিলে, আৰু ঘৰ বনালে কিন্তু দেউতাই তাত কৰা চাকৰিটো এৰিব লগীয়া হৈছিল। সেইটো এটা প্ৰাইভেট বেংকৰ চাকৰি আছিল যদিও দৰমহা বহু ভাল আছিল আৰু দেউতাৰ পদবীও দিনক দিনে ওপৰলৈ গৈছিল। আনহাতে দেউতাই বৰ্তমান কৰি থকা চাকৰিটো সেই চাকৰিটোৰ তুলনাত ভাল নহয়।কিন্তু.....
: কিন্তু কি......?
: কিন্তু একমাত্ৰ মোৰ বাবেই যাতে মোক সমাজে জজৰা সন্তান বুলি অভিহিত নকৰে তাৰ বাবেই মা আৰু দেউতাই সকলোবোৰ ত্যাগ কৰিছিল আৰু মোক নিজৰ নাম দিছিল,,, পঢ়াইছিল শুনাইছিল আৰু নিজৰ ভৰিত থিয় হ'ব পৰা কৰি তুলিলে। তেওঁলোকে মোৰ বাবে যিমানখিনি ত্যাগ কৰিলে সেইখিনি মোৰ আচল মা দেউতাই কৰাটো বহুত দূৰৰে কথা তেওঁলোকে মোক নিজৰ নামো দিবলৈ অসমৰ্থ হ'ল।
: কিন্তু ৰক্তিম তুমি কৈছা তুমি তোমাৰ নিজৰ ভৰিত থিয় হৈ আছা...... কিন্তু তোমাৰ মায়ে....!
: মানে... তুমি নাজানা নেকি মোৰ যে এটা চৰকাৰী চাকৰি আছে। এতিয়া সোমোৱাৰ বেছিদিন হোৱা নাই বাবে প্ৰমো'চন হোৱা নাই কিন্তু প্ৰমো'চন হ'লেই মোৰ দৰমহা বাঢ়ি যাব।
: সেইবোৰ বাৰু থিকে আছে কিন্তু ৰক্তিম তোমাৰ মায়ে মোক এদিন কৈছিল যে তোমাৰ হেনো একো চাকৰি-বাকৰি নাই। তুমি হেনো এজন অকৰ্মণ্য। দেউতাৰ পইছাৰ ওপৰত চলা। সেইবাবেই মই তোমাক মিছলীয়া, বদমাছ, দগাৱাজ বুলি ভাবি আছিলোঁ।
: মায়ে কিয় তোমাক তেনেদৰে কৈছিল মই তোমাক কৈ আছোঁ ৰ'বা।
আচলতে মাৰ অন্তৰখন ভাল হ'লেও অভাৱে তেওঁক কিছুমান এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাই যিবোৰ তেওঁ নিজেও কৰিব নিবিচাৰে। মইটো তোমাক কৈছোয়ে যে দেউতাৰ আগৰ চাকৰিটো বহুত ওপৰৰ আছিল আৰু আইতায়ো যিহেতু চৰকাৰী চাকৰি কৰিছিল সেয়ে পেঞ্চন পাইছিল। ঘৰখনত তেতিয়া দুজন উপাৰ্জনকাৰী আছিল বাবে মাৰ চখবোৰ ডাঙৰ আছিল। টকা-পইছাৰ অভাৱ কোনোদিনেই অনুভৱ কৰা নাছিল। যেতিয়াই যিটো বিচাৰিছিল সেইটোৱেই খাইছিল আৰু পিন্ধিছিল। কিন্তু আইতাৰ ঘটনাটোৰ পৰা এজন উপাৰ্জনকাৰী কমি গৈছিল লগতে আগৰ দৰে দেউতাই দৰমহাও পোৱা নাছিল। আনহাতে মোৰ লগতো যথেষ্ঠ ধন ব্যয় হৈছিল। মোৰ অৱস্থা ভাল হোৱাৰ পিছত যেতিয়া তেওঁলোকে ইয়ালৈ আহিছিল তেতিয়া বহুতো আৰ্থিক সমস্যাই দেখা দিছিল। সকলো বস্তুয়েই কিনিব লগীয়া হৈছিল। আগতে গাঁৱত নিমখ আৰু দুই-এপদ বস্তুৰ বাদে বাকীবোৰ সকলোবোৰ বস্তু প্ৰায় ঘৰতেই হোৱাৰ নিচিনা হৈছিল সেয়ে বজাৰত বেছি পইছা ক্ষতি হোৱা নাছিল কিন্তু ইয়াত ঘৰৰ বস্তু বুলিবলৈ একোৱেই নাছিল। সকলোবোৰ বস্তুয়েই কিনিব লাগিছিল। আনফালে এটা কেঁচুৱাৰ লগত থাকিলেটো কিমান খৰছ জানাই!সদায় এটা এটা নতুন খৰছ, নতুন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। ক্ৰমান্বয়ে আমাৰ ঘৰখনক দৰিদ্ৰতাই কোঙা কৰিবলৈ আৰম্ভ কৰিলে। সেইবোৰৰ বাবেই মা-দেউতাৰ মাজতো বহুত কাজিয়া হ'বলৈ ধৰিলে। এনেবোৰ সমস্যাৰ বাবেই দেউতাই নিজৰ কামত ভালদৰে মন দিব পৰা নাছিল আৰু এদিন দেউতাক চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। এনেকৈ আন্ধকাৰে আমাৰ ঘৰখনত ছানি ধৰিছিল। আনফালে দেউতাৰ এটা সপোন আছিল নিজাকৈ এটা ব্যবসায় কৰাৰ কিন্তু তেতিয়া আমাৰ খাবলৈও পইছা নাছিল ব্যৱসায় কৰাতোটো বহুত দূৰৰে কৰা।
এনেকুৱাতে এদিন ৰাতি আমাৰ ঘৰলৈ দেউতাক কামৰ পৰা বাহিৰ কৰি দিয়া সেই অফিচৰ অফিচাৰ জন আহিছিল। দেউতাই অত্যাধিক চিন্তা আৰু সমস্যাৰ বাবে মদত ধৰিছিল আৰু সেইদিনাও তেওঁ তেতিয়া মদৰ ঘাটিতেই আছিল।
তেওঁ অহা দেখি মায়ে ভালদৰে মাত-বোল কৰিলে। তেঁৱো অতি ভদ্ৰভাৱেই কথা পাতিছিল। তেতিয়া মোৰ বয়স খুব সম্ভৱ দুই বছৰ মান হ'ব। মই তেতিয়া পালেঙি খনতে বহি খেলি আছিলোঁ।
: আপুনি বহকচোন মই আপোনালৈ চাহ কৰি আনোগৈ।
: ঠিক আছে কিন্তু সীমান্তক নাই দেখা যে...?
: তেওঁৰ কথানো কি ক'ম সন্ধিয়া হ'লেই মদৰ ঘাটি পাইগৈ। ৰাতি বাৰটা এটা বজাতহে আহি পাইহি আৰু আহিয়েই এখন মহাভাৰত। মোক পাৰা মাৰ-পিট, গালি-গালাজৰটো একো অন্ত নাই। তথাপিও একমাত্ৰ ল'ৰাটোৰ মুখলৈ চায়েই সকলোবোৰ সহি আছোঁ আৰু। বাৰু বহকচোন....
তাৰ পিছত মা পাকঘৰলৈ চাহ বনাবলৈ গ'ল। কিন্তু অলপ সময়ৰ পিছতে সেই মানুহজনো মাৰ পিছে পিছে গৈ পাকঘৰ পালেগৈ। আৰু পাকঘৰ পায়েই মাক তেওঁ পিছফালৰ পৰা জোৰকৈ সাৱটি ধৰিলে( Assamese Storyboard )।
: কি কৰিছে আপুনি এইবোৰ?
: তুমি গম পোৱা নাই নেকি মই কি কৰিছোঁ?
: হা...... এইবোৰ পাপ... মই এগৰাকী বিবাহিত নাৰী আৰু আপুনি মোৰ বাবে এজন পৰপুৰুষ...
: আজিৰ যুগত এইবোৰ একো নাই... মই যি বিচাৰিছোঁ সেইটো যদি তুমি মোক দিয়া তেন্তে মই আজি তোমাক বিছ হাজাৰ টকা দিম আৰু সীমান্তৰ চাকৰিটোও পুনৰ উভতাই দিম।
: কিন্তু....
: কিন্তু একো নাই যদি তুমি বিচাৰা.... তেতিয়া
মাৰ হাততো একো বিকল্প নাছিল। তেওঁ তেতিয়া গোটেই পাকঘৰটো চাইছিল। দেখিছিল সকলোবোৰ টেমা খালি হৈ পৰি আছিল। নাই দালি, নাই চাউল, নাই তেল, নাই নিমখ, নাই শাক-পাচলি,, মাথোঁ নাই নাই আৰু নাই। একোৱেই নাই। এফালে পেটৰ ভোক আৰু আনফালে সতীত্ব। এফালে যদি মমতাৰ মৰম আৰু আনফালে সতীত্ব।
এনেদৰেই পেটৰ ভোক আৰু মমতাৰ মৰমৰ আগত হাৰি গৈছিল মাৰ সতীত্ব। মোৰ পেটৰ ভোক নিবাৰণ কৰিবলৈ মা কামনাৰ বলি হ'ল। শুনিবলৈ কঠোৰ হ'লেও সতে যে "মোৰ মা সেইদিনা বেশ্যা হ'ল।"
"নাৰী তোমাৰ তুলনা নাই,
নাৰী তোমাৰ প্ৰতিদ্বন্দী নাই,
নাৰী তোমাৰ সমান নাই,
নাৰী তোমাৰ প্ৰশংসাৰ ভাষা নাই।"
===============================
: মই ৰিদিপ্তক সচাঁ অন্তৰৰে ভাল পাইছিলোঁ আৰু সি মোক। কিন্তু তোমালোকে এই ভালপোৱাৰ প্ৰতিদান কি দিলা? মোক মোৰ ভালপোৱাৰ পৰা আঁতৰাই আনিলা। আৰে নালাগে মোক দামী দামী কাপোৰ, গহনা; নালাগে মোক এগালমান টকা; নালাগে মোক এসোপামান মাটি সম্পত্তি। মোক মাত্ৰ সচাঁ মৰমহে লাগে। যিটো আজি তোমালোকে মোৰ নিজৰ মা-দেউতা হয়ো দিব নোৱাৰিলা। সা-সম্পত্তি, ধন, টকা-পইছা এইবোৰ এদিন নাইকীয়া হৈ যাব কিন্তু মৰমবোৰ আজীৱন থাকি যাব। ক'লৈও নাযায় ই। আৰু এই মাটি-সম্পত্তি বোৰটো আমি মৰিলে লগত লৈ যাব নোৱাৰে। এইবোৰ আজি আছে কিন্তু কাইলৈ নাই। আজি নাই কিন্তু কাইলৈ আকৌ এইবোৰ উপাৰ্জন কৰিব পাৰিম। কিন্তু মৰম আৰু বিশ্বাস বোৰ জানো এবাৰ ভাঙি গ'লে আকৌ গঢ়িব পাৰি। নোৱাৰি। আজি তোমালোকৰ কাৰণে মই মোক ইমান ভালপোৱা এজনক হেৰুৱালো। তাৰ বহুত ভাল ভৱিষ্যত আছে। মোতকৈও সি বহুত ভাল ছোৱালী পাব কিন্তু মই তাতকৈ ভাল ল'ৰা মোক তাতকৈ বেছি মৰম কৰা ল'ৰা কেতিয়াও নাপাওঁ মনত ৰাখিবা। আজি তুমি তাৰ লগত যিখিনি কৰিলা তাৰ শাস্তি তুমি নোপোৱা দেউতা চাবা এদিন ইয়াৰ শাস্তি মই ভুগিম। কাৰণ মই তাৰ বিশ্বাস ৰাখিব নোৱাৰিলোঁ। যেনেকৈ আজি মই তাৰ বিশ্বাস ভাঙিলো তেনেকৈয়ে এদিন আন এজনে মোৰ বিশ্বাস ভাঙিব চাবা।
: মাজনী,, মাজনী।
মৰমবোৰ পৰিবৰ্তন হ'ল বিষাদলৈ। বিশ্বাস বোৰ পৰিৱৰ্তন হ'ল অবিশ্বাসলৈ। আৰু প্ৰেম পৰিবৰ্তন হ'ল বিৰহলৈ। আজি মানসীৰ কাষত কোনো নাই । কিয়?? কাৰ ভুলৰ বাবে? তাইৰ নিজৰ নে আনৰ? নে তাইৰ ভাগ্যৰ।
"যজ্ঞৰ আহুতি হ'ম আজি
অবিশ্বাসীৰ মৃত্যুদণ্ডী হ'ম আজি
তোমাৰ প্ৰেমৰ বিৰহী হ'ম আজি
কিন্তু তোমাৰ বিষাদৰ লগৰী নহ'ম আজি।"
অ' সোণ মোক ভুল নুবুজিবা
নাজানো মই একো। একো কৰা নাই। তুমিয়েই টো কৈছিলা মোক কেতিয়াও এৰি নাযাওঁ বুলি কিন্তু আজি কি হ'ল? মানিছোঁ মোৰ ভুল হ'ল। নোৱাৰিলোঁ মই তোমাৰ অন্তৰৰ, মনৰ , হিয়াৰ আৰু চকুৰ ভাষা বুজিবলৈ। অসমৰ্থ হ'লো মই আজি।। আনৰ ছলনাৰ বলি হ'লো মই আজি। কিন্তু যিমানেই যি নহওঁক মইটো তোমাৰেই ন'। ভুল কৰিছোঁ শাস্তি দিয়া, বুজা নাই মই বুজাই দিয়া অ' সোণ কিন্তু মোক এৰি থৈ নাযাবা অ' সোণ!! নোৱাৰোঁ মই থাকিব। জীয়াই জীয়াই মৰি থাকিম। তোমাৰ অবিহনে,,,, তোমাৰ মৰমৰ অবিহনে। তোমাৰ মনত আছেনে তুমি যে মোক এদিন এটা পুতলা দি কৈছিলা-"তুমি মোৰ বাবে এই পুতলাজনীৰ দৰে, একেবাৰে আজলী। তোমাক মই কথা দিছোঁ তুমি যদি কেতিয়াবা ভুল কৰা তেন্তে মই তোমাৰ চুলিকেইডাল টানি শুধৰাই দিম আৰু মই ভুল কৰিলে তুমি দিবা দেই।" কি হ'ল ৰিদিপ্ত?? আহা এবাৰ মোৰ কাষলৈ। টানি দিয়া মোৰ চুলিখিনি আৰু শুধৰাই দিয়ানা মোৰ ভুলবোৰ। দিয়ানা,,,, দিয়ানা,,,,, দিয়া আকৌ নিদিয়া কিয়?? কিয় নিদিয়া?? কিয় ৰিদিপ্ত কিয়??
"মোক এটি সুৰ কৰি তোলা, তোমাৰ প্ৰেমেৰে প্ৰেমেৰে।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment