অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( খণ্ড - ৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 26, 2021

অভিমানেৰে ভৰা এটি প্ৰেম কাহিনী ( খণ্ড - ৫ ) : Assamese Storyboard

   Assamese Storyboard


    জানুৱাৰী মাহ.... শীতৰ এটা সেমেকা পুৱাত আমি ওলাই গৈছিলো এটি দীঘলীয়া যাত্ৰাত । সকলোৰে মনত বহুত আনন্দ  ( Assamese Storyboard )। গাড়ীৰ ভিতৰত গান নাচ কৰি সকলোৱে বহুত ফুৰ্টি কৰি গ'লো । ভালপোৱা জনৰ লগত এটা দীঘলীয়া যাত্ৰা কৰিব পাই মইও বহুত সুখী হৈছিলোঁ । গানৰ সুৰে সুৰে মইও গাইছিলোঁ মোৰ প্ৰিয় গীতটি -


          ক'ৰ এজাক সপোন যেন বৰষুণ

           ধূলিৰ উৰণি ঠেলি 

               ভাঁহি আহে........... ভাঁহি আহে..........

     কোমল মাটিৰ গান

            গুণ গুণ গুণ.....

                   এজাক সপোন যেন বৰষুণ........


          হঠাৎ গাড়ীখন ৰৈ দিলে আৰু মানুহবোৰ গাড়ীখনৰ পৰা নামিবলৈ  লৈছে । মানে আমি আমাৰ বনভোজ স্থলী পালোঁ । কেনেকৈ যে সময়বোৰ গ'ল গমেই নাপালোঁ । গাড়ীৰ পৰা নামি চাৰিওফালে দেখি অবাক হৈ পৰিছিলোঁ । ইমান সুন্দৰ পৰিৱেশ চাৰিওফালে মাথোঁ সেউজীয়া গছ-গছনি , নদী , পাহাৰ 


উসঃ..........!


মই এখোজ দুখোজ কৈ আগবাঢ়ি গৈছিলোঁ পাহাৰ খনৰ ওচৰলৈ । দূৰৰ পৰা ফুলৰ সুবাস পাইছিলোঁ দেখিছিলোঁ এজাক চঞ্চল পখিলা । সিহঁতে যেন মোক মাতিছে ... মোৰ মনত সিহঁতক চাবলৈ বহুত মন গ'ল  । মই ৰাজক চাবলৈ যাব কাৰণে লগ ধৰিলোঁ । ( ৰাজ ব'লা না আমি পাহাৰত যাওঁ তাত কি আছে চাই আহোঁ ) চোৱাচোন কিমান পখিলা উৰি আছে , এবাৰ ওচৰৰ পৰা চাই আহোঁ ব'লা ।


:: মই নাযাওঁ বৃষ্টি । মোৰ গাটো  ভাল লগা নাই ,  তুমি ৰাজাৰ লগত যোৱা । মই অলপ জিৰণি লৈ গৈ আছো । 


:: ৰাজা ব'লা না যাওঁ.....


:: ব'লা , মোৰো চাবলৈ  মন গৈছে ( ৰাজা যাবলৈ মান্তি হ'ল )


          ৰাজক তাতে এৰি আমি পাহাৰৰ ওপৰলৈ বুলি উঠি গ'লো । মোৰ বহুত অসুবিধা হৈছিল উঠিবলৈ । ৰাজাই দুহাতত ধৰি লৈ গৈছিল । অলপ পিছত আমি সেই বাগিছাখনৰ ওচৰ পাইছিলোঁগৈ । সেই ফুলনিৰ ফুলবোৰৰ মাজত পখিলাৰ এক মনোমোহা খেল , এক অপূৰ্ব সৌন্দৰ্য্যৰ মাজত মই নিজকে পাহৰাই পেলাইছিলো । মন গৈছিল সেই পখিলাবোৰৰ মাজত নিজকে এজনী ৰঙীন পখিলা হৈ সিহঁতৰ লগত খেলিবলৈ । হঠাৎ যেন মোৰ অনুভৱ হল ; মোক পিছফালৰ পৰা কোনোবাই সাৱটি ধৰিছে । ঘূৰি চাই দেখো সেইয়া ৰাজা । ৰাজাই যে মোক তেনেদৰে ধৰিব সেইটো মোৰ বাবে কল্পনাৰো অগোচৰ আছিল ।


:: ৰাজা...., কি কৰিছা এইবোৰ , পাগল হৈছা নেকি ? 


:: অ' মই পাগল হৈছো বৃষ্টি , মই তোমাক বহুত ভালপাওঁ অ' সোণ । তুমি ৰাজৰ ওচৰত এনে কি পালা , যি মোৰ ওচৰত নাই । যেতিয়া তোমাক মই তাৰ লগত দেখো মোৰ তাক শেষ কৰি দিবৰ মন যায় । বৃষ্টি তুমি মোৰ হৈ যোৱা...! মই তোমাক পৃথিৱীৰ সকলো সুখ দিম । দৰকাৰ হ'লে ৰাজক মই মাৰি পেলাম । তুমি মাত্ৰ মোৰ হৈ যোৱা ।


:: ৰাজা.....,  ( মই এটা চৰ ৰাজাৰ গালত  দিলোঁ । )কি বকি আছা তুমি,, মই এতিয়াই ৰাজক কৈ আছো । ইমান বিশ্বাস কৰা পিছত তুমি.........!!!!!


:: ৰাজক ক'বা তুমি... ! ঠিক আছে ক'বা..! আৰু লগতে এইটোও ক'বা যে তোমাক কোনোবাই ধৰ্ষণ কৰিলে....!!!


:: মানে.......??


:: মানে... !!! 

         মানে...  কি বুজাই আছো এতিয়া ......!!!! 


          কথাষাৰ কৈয়ে সি দানৱৰ দৰে মোৰ ওপৰত জঁপিয়াই পৰিল । মই চিঞৰিবলৈ  ধৰিলোঁ । মোৰ চিঞৰ শুনি সি দৌৰি আহিছিল ..! 


          শেষবাৰৰ বাবে ৰাজ বুলি মাতি মই সেই ফুলবোৰৰ মাজত অচেতন হৈ শুই পৰিছিলো  আৰু যেতিয়া মই  সাৰ পাইছিলো তেতিয়া মই নিজকে মেডিকেলত দেখিছিলো । ইতিমধ্যে মই  পাহৰি  গৈছিলোঁ  মোৰ  কি হৈছিল আৰু বহুত মানুহে মোক চাৰিওফালে  আগুৰি ধৰি আছিল । কিন্তু ৰাজক নেদেখি মাক শুধিছিলো ( মা ৰাজ ক'ত আছে ? তাক দেখা নাই যে ) মোৰ মনত কিবা এটা যেন ভয় হৈছিল ।


:: মা তোমালোকে মোক নামাতা যে ? কি হৈছে মোৰ ?


          মই যেন অসহায় হৈ পৰিলোঁ । মা - দেউতাই একো নকয় মোক সাৱটি ধৰি মাথোঁ কান্দিছিল । সকলোৱে মোক বেয়া চকুৰে চাব ল'লে । কোনো কোনোৱে কৈছিল, তাই ধৰ্ষিতা হ'ল । বেচেৰি জনীয়ে ইমান কম বয়সত কলঙ্কৰ বোজা ল'ব লগা হ'ল । কি হ'ব তাইৰ ভৱিষ্যত...?? কোনোবাই জানো তাইক নিজৰ কৰি ল'ব...??? তাইৰ বাবে দুটা জীৱন ধংস হৈ গ'ল । মই আকৌ চিঞৰি উঠিলোঁ ।


          ( সকলোৱে মুখত এইবোৰ  শুনা লগে লগে মই চিয়ৰি উঠিলো )


:: মই কাৰ কাৰ জীৱন ধ্বংস কৰিলো । মা তোমালোকে একো নোকোৱা কিয় ?


          তেনেতে কোনোবা এজনে কলে ! ৰাজ আৰু ৰাজাৰ মাজত কাজিয়া লাগি সিহঁত দুয়ো পাহাৰৰ পৰা পৰি মৃত্যু হ'ল ।  


          তেতিয়া কথাবোৰ মোৰ মনত পৰিল , সম্ভৱতঃ  সি চাগে মোৰ চিঞঁৰ শুনি আহিছিল মোক বচাবলৈ আৰু .............


          মই চিঞৰি চিঞৰি কান্ধিলোঁ । কি হৈ গ'ল তোমাৰ ৰাজ ? কিয় তুমি মোক অকলশৰে এৰি গলা !

কেনেকৈ জীয়াই থাকিম ৰাজ তুমি নহ'লে ! মোক লৈ যোৱা ৰাজ .......... (মাই মোক বুকুৰ মাজত সাবতি ধৰিলে) দিন বাগৰি গ'ল ।


          মা-দেউতাকো লাহে লাহে বহুতে বেয়া দৃষ্টিৰে চাইছিল । এফালে ৰাজক হেৰুৱা দুঃখ আৰু আনফালে কলঙ্কৰ বোজা । ৰাজক হেৰুৱা দুখত মই হাঁহি কি পাহৰি গ'লো । প্ৰতিটো মুহূৰ্তত ৰাজৰ কথাবোৰে , সেই ফুলনিখনে মোক মানসিকভাৱে শেষ কৰি পেলাইছিল । মা-দেউতাই আগতকৈও মোক বেছি মৰম কৰিব ল'লে । কেতিয়াবা ফুৰাবলৈ লৈ যায় । সকলো সময়তে মা মোৰ লগতে থাকে । অলপ সময়ৰ বাবেও মোক এৰি নিদিয়ে অকলশৰে। 

   

          আমাৰ খুড়াৰ ঘৰ গুৱাহাটীত । খুড়াৰ ছোৱালী এজনী..... নাম পৰী । তাই মোৰ বয়সৰে । মা-দেউতাই মোক তালৈকে পঠিয়াই দিলে , তাত থাকিলে মনটো অলপ ভাল লাগিব বুলি । এটা বছৰ তাত থকাৰ পিছত মনটো অলপ পাতল লাগিছিল । তাইৰ লগত ধেমালি কৰিছিলো , ফুৰিবলৈ গৈছিলো । তাই মোক বহুত  বুজাইছিল.. "পুৰণি কথাবোৰ পাহৰি যা..... এটা বেয়া সপোন বুলি ভাবি ল' ..... ইত্যাদি ইত্যাদি..."। 


          মইও চেষ্টা কৰিছিলো। মা-দেউতাই অনুভৱ কৰিছিল মই যেন পুৰণি কথাবোৰ পাহৰি পেলাইছো । এদিন মা-দেউতা খুড়াহঁতৰ ঘৰত আহিল । পৰীৰ লগতে মোকো তাইৰ কলেজতে তাইৰ লগত পঢ়াৰ কথা ক'লে ।  ( Assamese Storyboard )


          মইয়ো আপত্তি নকৰিলো । কাৰণ পৰী কলেজ গ'লে মোৰো অকলশৰে থাকি বেয়া লাগিব । খুড়ীৰ লগতনো কি কথা পাতিম । মইয়ো কলেজ যাম বুলি ক'লো আৰু তেতিয়া পৰা কলেজ যোৱা আৰম্ভ কৰিলো । তেতিয়াই তোমাক প্ৰথম দেখিছিলো । পিছফালৰ পৰা তোমাক ৰাজৰ দৰেই লাগিছিল । 

মই পৰীক কৈছিলো..."পৰী, সেইটো ৰাজ....ৰাজ..."। পৰীয়ে মোক তেতিয়া তোমাৰ ওচৰলৈ লৈ গৈছিল আৰু কৈছিল....


:: চা..,!  ৰাজ নহয় এইটো আকাশ , আমাৰ কলেজৰে হয় , কিন্তু কলেজ নহা বাবে তই লগ পোৱা নাছিলি । সেই মূহুৰ্তত মই বৰ লাজ পাইছিলো । 


         তুমি তেতিয়া হাঁহি এটা মাৰি কৈছিলা । কি হে , মোৰ নামটো সলনি কৰি দিলা নেকি ??


          তোমাৰ মনত আছে নে ???? মই যে লাজে লাজে কৈছিলো.... "নহয়, ভুল হ'ল ক্ষমা কৰি দিব।"


:: না একো নাই...!  হৈ যায় কেতিয়াবা ..! অৱশ্যে ৰাজ হ'ব পালেও ভালেই পালো হেঁতেন মই ।


          সেইদিনাৰ পৰাই তোমাৰ লগত কথা পতা আৰম্ভ হ'ল । পৰী লগত ক'ৰবাত গ'লে তুমিও গৈছিলা আৰু মই গম নোপোৱাকৈয়ে পৰীয়ে মোৰ নম্বৰটো তোমাক দিছিল । তুমি ফোন কৰা প্ৰতিটো মুহূৰ্তই মোৰ অকলশৰীয়া সময়বোৰ দূৰ কৰিছিল । হাঁহিব পাহৰি যোৱা মইজনীক হহুৱাইছিলা তুমি আৰু এনেকৈয়ে আমি এটা বছৰ পাৰ কৰিছিলো । তুমি ন'হলে মোৰ ভাল নলগা হৈছিল । তুমি কলেজ নাহিলে ক্লাছত মন বহা নাছিল । হয়তো মই লাহে লাহে তোমাৰ প্ৰেমত পৰিছিলো । কিন্তু মোৰ অতীতৰ কথা ভাৱি কোনোদিন তোমাক কোৱা নাছিলো । জানিছিলো.. ! গম পালে তুমি আঁতৰি যাবা , মোক ঘিণ কৰি ।


          ( চকুপানীবোৰ মচি মচি বৃষ্টিয়ে আকাশক কৈ সোঁৱৰাই গ'ল অতীতৰ সকলো কথা , আকাশে ভবাই নাছিল তাইৰ যে সিহঁতৰ প্ৰথম দেখাৰ পৰা সকলো কথা এনেদৰেই মনত আছে... ) 


তাই আকৌ কৈ গ'ল...


:: তোমাৰ মনত আছেনে আকাশ... এদিন যে বেলেগ কলেজৰ ল'ৰা এটা আহিছিল মোৰ পিছে পিছে মই কলেজৰ পৰা আহোঁতে আৰু মোক আগভেটি ধৰি চিনাকি হ'ব খুজিছিল । তেতিয়াই ক'ৰ পৰা যে আহি তুমি তাৰ বুকুত ধৰি  কৈছিলা , "আহ , প্রথম মোৰ লগতে চিনাকি হৈ ল' "। সেইদিনা কিয় নাজানো মোৰ বহুত মন গৈছিল তোমাক সাৱটি ধৰি চিঞৰি চিঞৰি ক'বলৈ.... "আকাশ,...!  তুমি সদায় এইদৰে মোৰ হৈ ৰোৱা" । 

কিন্তু বাৰে বাৰে সেই অতীতে মোক বাধা দিছিল । মোক হাঁহিছিল , তই কাৰো হ'ব নোৱাৰ । ক'ব খুজিও ৰৈ যাওঁ সেই অতীতৰ বাবেই । 

কিন্তু আমাৰ ফাইনেল পৰীক্ষাৰ আগত তুমি যিদিনা মোক সকলোৰে আগত ৰঙা গোলাপ পাহি দুহাতত দি প্ৰেমৰ প্ৰস্তাৱ দিছিলা , মই বাধা দিব পৰা নাছিলো । কিয় জানা..?? 

কাৰণ তাত সকলোৱে আমাক চাই আছিল আৰু মই বিচৰা নাছিলো সকলোৰে আগত তুমি অপমান পোৱাটো । সেইবাবে গোলাপ পাহি দুহাতত লৈ মই কান্দি কান্দি তাৰ পৰা আঁতৰি আহিছিলো । তাত থকা সকলোৱে চিঞৰিছিল তোমালোকৰ প্ৰেম যুগমীয়া হওঁক । সকলোৰে দৰে তুমিও ভাবিছিলা মই প্ৰস্তাৱ গ্ৰহণ কৰিলো । তুমি মোৰ পিছে পিছে আহিছিলা আৰু মই কলেজৰ সেই গছজোপা তলত বহি কান্দি কান্দি বহি পৰিছিলোঁ । এফালে তোমাক পোৱাৰ আশা , আনফালে মোৰ অতীতৰ কথা ভাবি তোমাক হেৰুৱাৰ ভয় । মই উত্তৰবিহীন হৈ পৰিছিলো । আৰু.... তুমি আহি মোৰ চকুপানী মছি দি কৈছিলা.....


:: "কি হ'ল বৃষ্টি, কিয় কান্দিছা...!! মোৰ হ'বানে তুমি ? যদি তুমি আন কাৰোবাক ভালপোৱা কোৱা ? মই তোমাৰ সুখৰ বাবে তোমাৰ পৰা আঁতৰি যাবলৈ সাজু আছো ।" মই আনৰ নহয় । মই... মই কাৰো হ'ব নোৱাৰো" ।

 

          দুচকুত চকুপানী লৈ মই তুমি দিয়া গোলাপ পাহ তোমাৰ দুহাতত আকৌ গুজি দিছিলো আৰু তোমাৰ কাষৰ পৰা আঁতৰি আহিব খুজিছিলো । 


          মনত আছেনে তোমাৰ ? তুমি যে পিছফালৰ পৰা মোৰ হাতত ধৰি ৰাখিছিলা আৰু যেতিয়া মই তোমাৰ চকুলৈ চাইছিলো... তোমাৰ চকুত মই চকুপানী দেখিছিলো আৰু তুমি মোক সুধিছিলা "কিয় নোৱাৰা ?"  পাহৰিলা নেকি আকাশ মই যে কৈছিলো....


:: "মোৰ এটা ক'লা অতীত আছে । যাৰ বাবে মই কাৰো হ'ব নোৱাৰো আকাশ । তুমি মোক পাহৰি যোৱা , মই মাথোঁ তোমাৰ বন্ধু হৈ থাকিব পাৰিম।" মই অতীতৰ কথা ক'ব খুজোঁতে তুমি মোৰ মুখখন তোমাৰ হাতেৰে বন্ধ কৰি দিছিলা আৰু কৈছিলা...


:: " যি অতীতে তোমাক মোৰ হ'ব নিদিয়ে সেই অতীত মই কেতিয়াও সোৱঁৰিব নোখোজো আৰু তোমাৰ অতীতক নালাগে মোক । বৰ্তমান তোমাৰ হৈয়ে থাকিবলৈ  দিয়া মোক.... মাথোঁ তোমাৰ । মই তোমাক নিজৰ কৰি ল'ব খোজো , সেই অতীত লাগিলে যিমানেই ভয়ানক নহওঁক কিয় মই তোমাৰ হ'ব খোজো আৰু তুমি মাথোঁ মোৰ হোৱা। 


          আৰু মোৰ হাতখন তোমাৰ মূৰত ৰাখি কৈছিলা....


:: " মোৰ শপত তোমাৰ সেই অতীতৰ কথা মোক আৰু কেতিয়াওঁ নকবা । আজিৰ পৰা মই তোমাৰ বৰ্তমান , ভৱিষ্যত । তোমাৰ কোনো অতীত নাই ।"


          মইযে সকলো পাহৰি তোমাৰ বুকুৰ মাজত সোমাই পৰিছিলো । মোৰ চকুপানীবোৰ মছি দি তুমি মোৰ কপালত চুমা আঁকি দিছিলা আৰু মই কৈছিলো, "আকাশ,, বৃষ্টিক মাথোঁ তোমাৰ বুকুৰ মাজত ৰাখা । আনৰ হ'ব নোৱাৰে বৃষ্টি , মইও তোমাক বহুত ভালপাওঁ । মাথোঁ তোমাক হেৰুৱাৰ ভয়ত মৌন হৈ ৰৈছিলো ।"  পৰীক্ষা দি তুমি গুচি গ'লা , কোম্পানীত কাম পালা। কিন্তু কোনোদিন অনুভৱ নকৰিলো তুমি আঁতৰি আছা । প্ৰতিটো মুহূৰ্ততে তোমাৰ সেই মৰম-ভালপোৱা মই অনুভৱ কৰিছিলো । সেই অতীতক পাহৰি মইয়ো তোমাৰ হৈ পৰিছিলো আকাশ আৰু আজি সেই অতীতৰ বাবেই তোমাকো হেৰুৱাবলৈ লৈছোঁ । যদি সেইদিনাই ক'বলৈ  দিলা হেঁতেন হয়তো আকৌ এবাৰ মোৰ ভগ্ন হৃদয়খন ভাঙি ন'গল হেঁতেন হয়.. আকাশ মই ধৰ্ষিতা..... কিয় মোক সপোন দেখুৱাইছিলা তুমি...?? কিয় সজাইছিলা তুমি মোৰ ভাঙি যোৱা সপোনবোৰ..?? 

 

          ( কান্দি কান্দি  বাউলী হৈ পৰিছিল তাই ) 


:: আকাশ মই যাওঁ , মোক ক্ষমা কৰি দিবা । তোমাৰ মৰমেৰে মোক পাহৰাই  পেলাইছিল মই যে ধৰ্ষিতা ।  ( তাই তাৰ চকুলৈ চাব পৰা নাছিল ) 


          (বৃষ্টি আকাশৰ কাষৰ পৰা লাহে লাহে আঁতৰি আহিলে )


          আকাশে কি কৰিব ভাবি পোৱা নাই , তাৰ সেই অভিমানীজনী দুচকুত চকুপানী আৰু তাইৰ সেই অতীতে তাক শব্দহীন কৰিলে । নিজকে বাৰে বাৰে ধিক্কাৰ দিলে , তাইৰ কি ভুল আছিল ? তাইটো ক'ব বিচাৰিছিল সি বাধা দিছিল তাইক.. তেন্তে আজি কিয় সুধিব লাগে ...?  আকৌ কিয় সি কিয় তাইক সমাজৰ আগত কলংক সানি দিব খুজিছে । তাই একো ভুল নাছিল , কাৰোবাক বিশ্বাস কৰা বাবে তাই ধৰ্ষণৰ বলি হ'ল আৰু তাক ভালপোৱা বাবে তাই আজি নিজকে হেৰুৱাই পেলালে । এদিন পিছত বিয়া । কি ক'ব তাই সমাজক ? আকৌ এবাৰ তাইক সেই অতীতলৈ ঠেলি দিব খুজিছে সি ...


          সি আৰু অপেক্ষা নকৰিলে... বৃষ্টি যোৱা ফালে দৌৰ দিলে ....


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

 ( Assamese Storyboard )


     (আগলৈ)....


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages