অধিবক্তা খাৰঘৰীয়া ! যিয়ে আইনৰ ৰক্ষক । সেইজন ৰক্ষক ও আজি আইনৰ চকুত অপৰাধী হৈ পৰিল ( Assamese Storyboard )। খাৰঘৰীয়া ই দুটা অপৰাধ কৰিছিল এটা হ'ল ক'ৰ্টৰ মজিয়াত ৰাধিকা ৰ নকল ডায়েৰী প্ৰতিষ্ঠা ৰ বৃথা চেষ্টা । আৰু এটা ভাগৱতী ক হত্যা কৰাৰ চেষ্টা । এজন নিজে অধিবক্তা হৈ খাৰঘৰীয়া নিজে এই কেছ ত ফচাটো লজ্জাজনক । সেয়েহে খাৰঘৰীয়া ই উধাতু খাই দৌৰিছে কাবেৰী ৰ ওচৰলৈ ।
কাবেৰী ৰ ঘৰত কলিং বেল বাজি আছিল । কিন্তু সেই সময়ত কাবেৰী ব্যস্ত অধ্যয়নত । কাৰণ এজন অধিবক্তা , এজন লিখক, বা এজন সাংবাদিক হ'বলৈ জীৱন ৰ প্ৰতিটো দিনতে অধ্যয়নৰ প্ৰয়োজন । সেয়েহে কাবেৰী য়ে ভাৰতবৰ্ষৰ বিভিন্ন নাম জ্বলা উকীল ৰ কিতাপ বা আত্মজীৱনী বোৰ পঢ়ে । তাৰ পৰাই বহুতো কথা শিকিব পাৰি । হঠাৎ কলিং বেলৰ শব্দ শুনি কাবেৰী য়ে কিতাপ খন টেবুল ত থৈ উঠি আহিল ।আহিয়ে দৰ্জা খন খুলি সন্মুখত দেখে খাৰঘৰীয়া ক ।
- আপুনি !
- অহ, কাবেৰী মই । আপোনাৰ লগত দুটা মান কথা আছিলে ।
- আহক সোমাই আহক ।
কাবেৰী য়ে লক্ষ্য কৰি দেখিছিল আজি খাৰঘৰীয়া ৰ মুখত নাই কোনো সাহস ৰং , নাই বিপৰীত পক্ষক প্ৰতিহিত কৰিব পৰা শক্তি । সেতা পৰা এখন মুখ ।
- আপুনি বহক। মই চাহ বনাও ।
- নাই নাই আজি মোৰ চাহ খোৱা মন নাই কাবেৰী । আপুনি বহক মোৰ ওচৰত কথা দুটা মান আছে ।
খাৰঘৰীয়া ৰ কথা শুনি কাবেৰী য়ে বহিলে ।লগে লগে খাৰঘৰীয়া ই হাত জোৰ কৰি কাবেৰী ক অনুৰোধ কৰিলে ।
- আপুনি মোক বচাওক কাবেৰী । মই বৰ বেয়াকৈ ফচিলো ।
- মানে !
- আপুনি জানে মই নকল ডায়েৰী ক'ৰ্টত প্ৰতিষ্ঠা কৰাৰ অপৰাধত ফচিলো । আকৌ ভাগৱতী ক হত্যা ৰ অপচেষ্টা ত ফচিলো । আপুনি কওক মই এতিয়া কি কৰোঁ ?
- প্ৰথম কথা আপুনি মোতকৈ যথেষ্ট অভিজ্ঞ । গতিকে আপুনি সকলো কথা ভালকৈ বিশ্লেষণ কৰি আগবাঢ়িব লাগিছিল ।
- মই ইয়াৰ বিনিময়ত যথেষ্ট টকা ৰূপালী দত্ত আৰু ভাগৱতী ক দাবী কৰিছিলোঁ । কিন্তু মই ভবা নাছিলোঁ যে এই কেছত মই আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিম । কিন্তু আজি বহুত সহজতে পৰাজয় স্বীকাৰ কৰিলোঁ ।
- আপুনি কিয় পাহৰি গৈছিল যে লোভে পাপ ,পাপে মৃত্যু ।
- মই পাহৰি গৈছিলো । কিন্তু আজি মই নিজে এজনৰ আইনৰ ৰক্ষক হৈ !
- আপুনি বেয়া নাপাব খাৰঘৰীয়া দা । মই আপোনাক একো সহায় কৰিব নোৱাৰিম । কাৰণ মই কেতিয়াও অসৎ মানুহ ৰ পক্ষ নলও ।
- কাবেৰী !
- অহ, মই সৎ পথত থাকিয়ে যুদ্ধ কৰিম ।
লক আপৰ ভিতৰত মিছেছ ৰূপালী দত্ত ।কান্দি কান্দি ভাগৰি পৰিছে মিছেছ দত্ত ই । ইমান দিন যদি ও জাল খন পতাই আছিলে সুৰুঙাৰে পাৰ হৈ গৈছিল ৰূপালী । কিন্তু আজি ! জাল খনত ফচি গৈছে ৰূপালী দত্ত । বৰ্মনে আহি ৰূপালী দত্ত ক বৰুৱা ৰ ওচৰলৈ লৈ গ'ল ।
- বহক ।
ৰূপালী দত্ত বহিছিল ।
- আপোনাৰ ওপৰত মোৰ আপোনাক প্ৰথম দেখাৰ পৰাই সন্দেহ হৈছিল । যে আপুনি এজনী অভিযুক্ত হয় ।
- নাই ছাৰ । মই ৰাধিকাক হত্যা কৰা নাই আপুনি বিশ্বাস কৰক ।
- মই জানো আপোনাক কৈছোঁ যে আপুনি য়ে ৰাধিকা ক হত্যা কৰিছে ।
- নাই কোৱা ছাৰ ।
- তেন্তে আপুনি নিজে কৈছে ?তাৰমানে আপুনি য়ে হত্যা কৰিছে ৰাধিকা ক ?
- নাই ছাৰ মই ৰাধিকা ক হত্যা কৰা নাই ।
- তেন্তে আপোনাৰ কাৰ ওপৰত সন্দেহ ৰাধিকা হত্যাকাণ্ড ৰ ওপৰত ?
- মই কেনেকৈ কম ছাৰ ! কব পৰা হ'লে কলো হেঁতেন ।
- কিন্তু আপুনি য়ে ভাগৱতী ক কৈছিল যে ৰাধিকা ক হত্যা কৰিছে অংকুৰণ বৰাই ।
ৰূপালী দত্ত নিমাত ।
- সচা কথা কৈ দিয়ক আপুনি হৈছিলে নাই ?
- কৈছিলো !
- কিহৰ সন্দেহ ত আপুনি অংকুৰণ বৰাক আপুনি হত্যাকাৰী সজাইছিল ?
- ছাৰ,,,,,
- সচা কথা কওক !
- কম ছাৰ ! ( Assamese Storyboard )
অংকুৰণ মোৰ ঘৰৰ ওচৰৰ ল'ৰা । তাৰ আৰু মোৰ সম্পৰ্ক বহুত ভাল আছিলে । অংকুৰণ বৰা ৰ আমাৰ স্থানীয় বিধায়ক ৰ লগত ভাল সম্পৰ্ক । সেয়েহে সি ডাঙৰ ডাঙৰ ঠিকা পায় । সি যেতিয়া আমাৰ ঘৰলৈ আহে মই তাৰ ওচৰত বহুত টকা দেখিছিলো ।টকাৰ লোভত মই অংকুৰণ ক যিকোনো প্ৰকাৰে হাতত ৰাখিব বিচাৰিছিলো ।কাৰন মোৰ জীৱন ত এটা সপোন আছিল । মই এটা বিলাসী অট্ৰালিকাত থাকিম । বিলাসী জীৱন কতাম । সেইমতে মই অংকুৰণ বৰাৰ পৰা বহুত টকা লৈছিলোঁ ।
- কিমান মান টকা লৈছিল ?
- আনুমানিক সাত-আঠ লাখ মান হ'ব ।
- বাহ: বঢ়িয়া , কিন্তু এতিয়া অংকুৰণ বৰা ৰ লগত আপোনাৰ সম্পৰ্ক কিয় বেয়াৰ ফালে আহিলে ?
- আজি কেইদিনমান ৰ পৰা অংকুৰণে মোৰ পৰা পইচা বিচাৰি আছিল । তাক মই কিছুমান মিছা কথা কৈ ধৰ্য ধৰিব কৈছিলো । শেষত মই পইচা জোগাৰ কৰিব নোৱাৰি ,,,,,
- অংকুৰণ বৰা ক ৰাধিকা ৰ হত্যাকাৰী সজাই দিলে ?
- হয় ছাৰ।
- বাহ বঢ়িয়া মিছেছ দত্ত । টকাই আপোনাক পাগল কৰি পেলাইছিল । বাৰু মই ৰাধিকা ৰ ডায়েৰী খনৰ দুটা মান পৃষ্ঠা পঢ়ি গম পালোঁ যে আপুনি ৰাধিকা ক বেয়া কামত লিপ্ত কৰাই হানি ট্ৰেপিং ৰ জাল পাতি হে অংকুৰণ ক ফচাইছিল !
- ছাৰ !
- মই আপোনাক সুধিছো কথাটো সঁচা নে ?
- হয় ছাৰ ।
- যদি হয় তেন্তে আপুনি প্ৰথমতে মিছা ৰ আশ্ৰয় কিয় ল'লে ?
- ভয়তে ছাৰ ।
- ভয় !
বৰুৱাই এটা হাহি মাৰিছিল ।
- ছাৰ ! মই জনাত আপোনাৰ এই ভয় বোলা শব্দটোৰ লগত চিনাকী নাই । আৰু থকা হ'লে আপুনি ইমান ডাঙৰ অপৰাধ কৰিবলৈ সাহস কৰিব নোৱাৰে ।
- মই গমে নাপালোঁ ছাৰ এইবোৰ কেনেকৈ হ'ল !
- আপুনি সকলো গম পায় মিছেছ দত্ত । অসমীয়াত কেইটা মান শব্দ আছে যেনে ধুৰন্ধৰ ,দগবাজ, নৰপিশাচ , ডাইনী ইত্যাদি । এই শব্দ ৰ গোটেই কেইটাৰ চিনাকী আপুনি মিছেছ ৰূপালী দত্ত ।
বৰুৱাই বাহিৰলৈ চাই চিঞৰিলে
- কবিতা , এই মানুহ জনীক আকৌ লক আপত ভৰাই থৈ দিয়া ।
বৰুৱাই মহিলা কনিষ্টবল জনীক আদেশ দিলে ।
৪/০৫/২০
সময় সন্ধিয়া প্ৰায় আঠ মান বাজিছিল । মই ৰুমত সোমায় টিভি চাই আছিলোঁ । সন্ধিয়া ৰ সময় খিনিত মোৰ এখন ভাল লগা ছিৰিয়েল " কুম কুম ভাগ্য " মই সদায় চাও । সেইদিনা ও সেই একেখিনি ছিৰিয়েল চাই মই বহি আছিলোঁ । ঠিক সেই সময়তে আমাৰ ঘৰলৈ আহিছিল অংকুৰণ দা । অংকুৰণ দা প্ৰায় সন্ধিয়া ৰ সময়ত আমাৰ ঘৰলৈ আহে । সেই দিনা ও আহিছিল । মানুহ জনে প্ৰায় দ্ৰিংকচ কৰে । বাহিৰতে দ্ৰিংকচ কৰি হে আমাৰ ঘৰলৈ আহে । সেই দিনা কিন্তু অংকুৰণ দাই আমাৰ ঘৰলৈ মদৰ বটল লৈ আহিছিল । মই ভাৱিছিলো অংকুৰণ দাই আজি চাগৈ আমাৰ ঘৰতে মদ খাৱ । আৰু ভৱা কথাটো সত্য । কিছু সময় পাছত মোৰ মাহী মা ৰুমৰ ভিতৰত সোমায় আহিছিল । আহিয়েই মোক কৈছিল ।
- ৰাধিকা তই পাকঘৰ লৈ গৈ ভাতৰ জোগাৰ কৰ ।
মই মাহী মাৰ ওপৰত কোনো দিন কথা কোৱা নাই । আৰু সেইদিনা ও নকলো ।অহ বুলি কৈ ৰুমটোৰ পৰা ওলাই আহিলো ।
মোৰ মাহী মায়ে মাজে মাজে দ্ৰিংকচ কৰি মাতাল হয় সেই কথা মই জানো । সেই দিনা কিন্তু মাহী মা আৰু অংকুৰণ দাই একেলগে মদ খাইছিল । সুৰাৰ ৰাগীত মাতাল হৈছিল অংকুৰণ দাই ।
কিছু সময় পাছত মায়ে ওলাই আহি মোক কৈছিল ।
- মাজনী জীৱন ত তোক টকা লাগিব নে নালাগে ?
- লাগিব মা ।
- আজি আমাৰ ঘৰত বহুতো টকা আহিব ।
- কিন্তু কেনেকৈ মা ?
- শুন তই অংকুৰণ ৰ লগত যৌন সম্ভোগ কৰিব লাগিব ।
- চি: তুমি মা হৈ মোক এইবোৰ !
- লাজ কৰিলে নহ'ব । টকা লাগিব টকা ।
- কিন্তু মই এইবোৰ নোৱাৰোঁ মা ।
- পাৰিব লাগিব আৰু নোৱাৰিলে !
মাৰ ৰঙা চকুৰ ভয়ত মান্তি হলো । জীৱন ত নভৱা কাম কৰিবলৈ মই বাধ্য হৈ আগুৱালো ।সতীত্ব নাৰী ৰ বহুত ডাঙৰ সম্পদ । তাৰ মানে মোৰ মায়ে মোৰ বিয়াৰ আগতে মোৰ স্বামীক বিশ্বাস ঘাটকতা কৰাৰ দিশত মোক ঠেলি দিলে । মাৰ নিৰ্দেশ ত মই অংকুৰণ দা থকা কোঠাত সোমালো । ইতিমধ্যে অংকুৰণ দা নিছা হত টোপনি ত লালকাল । মাৰ নিৰ্দেশ ত মই অংকুৰণ দাক সম্পূৰ্ণ উলংগ কৰিছিলোঁ । আৰু নিজে ও উলংগ হৈছিলোঁ । তাৰ পিছত যি কৰিব লগা হল মই ইয়াত বৰ্ণনা কৰিব নোৱাৰিম । সেইদিনা গোটেই নিশা মই কান্দি থাকিলো ।
৫/০৫/২০২০
মাই অংকুৰণ দাৰ লগত ফোন ত কথা পাতি আছিলে ।
- হেল্ল মিষ্টাৰ অংকুৰণ । কালি ৰাতিৰ ভিডিঅ' টো মই তোমাক পঠাই দিছোঁ । যদি এইটো বাহিৰ কৰিব নালাগে এতিয়া ই পাচ লাখ টকা লৈ মোৰ ঘৰলৈ আহা ।
সেইদিনা মই বুজিলো মায়ে কি পদ্ধতি ত টকা উপাৰ্জন ৰ খেল পাতিছিল । আচলতে সেইদিনা ৰাতি মায়ে অংকুৰণ দাক মদৰ লগতে শ্লিপিং টেবলেট খুৱাই দিছিল ।
ডায়েৰী খনৰ পৃষ্ঠাবোৰ বৰুৱা ই আকৌ এবাৰ পঢ়ি চাইছিল ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment