ৰক্তিমৰ গাড়ীখন ঘৰৰ ওচৰত ৰ'ল আৰু গেটখন মানুহজনে খুলি দিলে!!
ইমান ডাঙৰ ঘৰটো শান্ত হৈ আছিল আৰু আন্ধাৰো আছিল!!ৰক্তিমৰ দেউতাক কিবা কামত বাহিৰলৈ গৈছিল!!( Assamese Storyboard )
আগতে ৰক্তিমৰ ককায়েক ইয়াতে আছিল !! কিন্তু চাকৰি পালত চাকৰি কৰা ঠাইত পত্নী আৰু সন্তানৰ লগত থাকিব ল'লে!!
ৰক্তিম ঘৰত অকলে আছিল আৰু সি নিজৰ ৰুমলৈ গ'ল!! তাৰ পাছত কাপোৰ সলাই সি গা ধুবলৈ গ'ল!!
কোৰোবাৰ ছাহঁ এটা তাৰ গাড়ীত মনে মনে সোমাই আহিছিল আৰু তাই আন্ধাৰৰ সুযোগ লৈ গাড়ীখনৰ পৰা উলাল!!
তাই যেনেকৈ ৰক্তিমৰ ঘৰত সোমাইছিল যেন তাই আগৰ পৰা ক'ত কি আছে জানে!!
ৰক্তিমে গা ধুই উলাই আহিছিল!! তাৰ পাছত সি নিজৰ মোবাইলত নম্বৰ এটা বিচাৰিলে আৰু এজনী ছোৱালী লগত কথা পাতিবলৈ ধৰিলে!!
তাৰ কথাবোৰ তাৰ ৰুমত লুকাই থকা ছাহঁটোৱে মনে মনে ধ্যান দি শুনি আছিল!!!
ৰক্তিমে মদৰ বটল এটা খুলি খাবলৈ লওঁতে বাহিৰত কাৰোবাৰ ভৰিৰ মাত শুনা গ'ল!! ৰুমত লুকাই থকা ছাহঁটোৱে ভৰি মাত শুনি চক্ খাই উঠিল!!
ৰক্তিমে মদৰ গিলাচটো থৈ কোন চাবলৈ উলাই গ'ল!! ছাহঁটো উলাই আহি মদৰ গিলাচটোত বিষ মিলাই দিলে .................... আৰু ৰক্তিমৰ পাছে পাছে গ'ল!!
আন্ধাৰৰ সুযোগ লৈ তাই ওৱাল পাৰ হৈ পলাল!!
ৰক্তিমে বাহিৰলৈ উলাই বহুত চালে কিন্তু কাকো দেখা নাপালে!!সি ভিতৰলৈ গ'ল আৰু ভাবিলে ........ মোৰ নিচা লাগিছে চাগে!!
তাৰ পাছত তাৰ এনেকুৱা লাগিছিল যেন তাৰ পিছে পিছে কোনোবা আহি আছে!!সি ঘূৰি চালে................. কিন্তু কাকো নেদেখিলে!!
সি তাৰ পিছত বকি বকি ক'লে-"মোৰ নিচা হৈছে !! সেই কাৰণে মই এইবোৰ ভাবি আছোঁ!! "
সি ৰুমত সোমোই বহি লৈ মদৰ গিলাচতো উঠাই ল'লে!! সি পিঠিতো দৰ্জাৰ ফালে দি আছিল!!
এতিয়া আকৌ দ্বিতীয় ছাহঁটো উলাল আৰু ৰক্তিমৰ ৰুমৰ ফালে গ'ল!!
ৰক্তিমৰ পিঠিতো দৰ্জাৰ ফালে আছিল বাবে সি মনে মনে তাৰ ফালে গ'ল আৰু জেপৰ পৰা এডাল তাঁৰ উলিয়াই পিছফালৰ পৰা তাৰ ডিঙিটো তাঁৰডালেৰে টানি ধৰিলে!!
ৰক্তিমৰ গিলাচটো হাতৰ পৰা পৰি গ'ল!!
ৰক্তিমে উশাহ ল'ব নোৱাৰি নিজকে বচাবলৈ হাত ভৰি মাৰিবলৈ ধৰিলে!! সি নিচাতো আছিল!! অলপ পাছত ৰক্তিমৰ শৰীৰটো লৰচৰ নকৰা হ'ল আৰু ছাঁহটোৱে তাঁৰডাল জেপত ভৰাই তাৰ পৰা গুচি গ'ল!!( Assamese Storyboard )
ৰখীয়াজন হাৰ পালে আৰু নিজৰ ঘড়ীটো চাই দেখিলে ১১ টা বাজিছে!! তাৰ পাছত সি উঠি পানী এগিলাচ খাই মুখত পানী মাৰি এবাৰ চাৰিওফালে চাই আহোঁ বুলি ভাবিলে!!!
তাৰ পাছত তাৰ এনেকুৱা লাগিছিল যেন কোনোবা ঘৰৰ ভিতৰত সোমাইছে!!
সি কাণ ঠিথ কৰি শুনিবলৈ ধৰিলে আৰু ভাবিলে কোনোবা চুৰ কৰিবলৈ সোমাইছে !! সি হুলথূল কৰিলে আৰু নিজে তাক ধৰিবলৈ দৌৰি গ'ল!!
তাৰ মাত শুনি গোটেই চাকৰবোৰ হাৰ পালে আৰু তাত আহি জুম পাতিলে!!!
গোটেইবোৰ লাইট জ্বলাই দিলে আৰু এটাই ৰুমৰ ভিতৰলৈ গ'ল আৰু চক্ খাই চিঞৰি চিঞৰি দৌৰি উলাই আহিল!!
ছাঁহটোক সকলোৱে তাক বেৰি ধৰিলত ক'লে-"মোক কোনোবাই ধৰিলে !! সকলোকে মাৰি পেলাম!!!
সি পিষ্টলটো লৈ আগবাঢ়ি আহিল আৰু সিহঁতি আঁতৰি গ'ল!!!
যেতিয়াই সি পলাবলৈ ওৱালত উঠিল তেতিয়াই ৰখীয়াজনে সাহস কৰি ধৰিবলৈ আগবাঢ়ি গ'ল!! ৰক্তিমক খবৰ দিবলৈ চাকৰ এজন ভিতৰলৈ গ'ল......... আৰু চিঞৰি চিঞৰি বাহিৰলৈ উলাই আহিল!!
চাকৰটোৱে কঁপি কঁপি ৰখীয়াজনক ক'লে-" ৰক্তিম ছাৰ....................!!"
"কি হ'ল তেওঁৰ???"
"কোনোবাই তেওঁক মাৰি পেলালে!! লগে লগে পুলিচক মাতিলে!! দেউতাক আৰু ককায়েকক খবৰ দিয়া হ'ল!!
আধা ঘন্টাৰ পাছত পুলিচ আহি পালে!! পুলিচ বিজয় নাথ গাড়ীৰ পৰা নামিল আৰু আগবাঢ়ি গ'ল!! ৰখীয়া আৰু চাকৰবোৰে যাক ধৰি ৰাখিছিল তাক দেখি পুলিচজনে ক'লে- "আপুনি??????"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment