: ৰক্তিম
পমি যাব যেন আজি এটা দেহ আনটোৰ লগত। মৰমৰ মায়াসনা ৰাতিত বিলীন হ'ব দুটা শৰীৰৰ মিঠা মিলন। ( Assamese Storyboard )সাৰ পাব শৰীৰৰ প্ৰতিডাল শিৰা-উপশিৰাই বৈ থকা কামনাৰ নৈখন। ( নৈখনৰ অঞ্জলি হ'ব আজি ৰক্তিম আৰু মানসী। সকলো লাজৰ পৰিধিৰ আঁচল উৰাই নিলাজ হ'ব প্ৰতিটো ক্ষণ, অনুক্ষণ।
মানসীয়েও ঘূৰি তাইক সজোৰেৰে সাৱটি ধৰিলে। কাৰণ তায়ো তেজ-মঙহৰে মানুহ। নিভাঁজ স্বাপ্নাহীন প্ৰেমৰ নৱৰঙী হেঙুল হাইঠালৰ নিলীম নিলীম বাসনাত মৰমেৰে লুতিপুতি খালে মানসী আৰু ৰক্তিমে। তাৰ নোমাল বুকুৰ মৰমৰ মাজত সম্পূৰ্ণ এটা ৰাতি কটাই ৰাতিপুৱা ৬.০০ মান বজাত মানসীয়ে সাৰ পালে।
জীৱন্ত ৰথৰ ক্লোশীলতাৰ দেৱদাসী ফূৰন্তই যেন আকাশখনহে চুমিব। সপ্তসুৰ সপ্তানল কিম্বা সপ্তামৃত যিয়েই নহওঁক কিয় বিপ্লৱী ধুমুহাই তচনচ কৰিলে বুকুভেদি বৈ অহা এধানি মৰমক। ভ্ৰণৰুতাৰ প্ৰকাশ নহয় যেন আকাশীলতাৰ প্ৰেম, হিম্প্ৰফাদৰ চুম্বন নহয় যেন ঘ্নাগীদূতৰ মেঘ, বৰষুণ নহয় যেন ইয়াৰ আগমন, আবিৰ নহয় যেন আবিৰৰ ৰঙ। মনদূতৰ প্ৰাপ্তিচ্ছনত হিংসাত্মক প্ৰত্যুত্তৰ নহয় যেন নম্ৰভাৱৰ এক বিণেষক ই।
: গুড মৰ্ণিং ডিয়েৰ।
: গুড মৰ্ণিং মিষ্টাৰ হাজৰিকা।
: ৰাতি কেনেকুৱা লাগিল.........?
এটি লাজকুৰীয়া মিম্ৰমান অন্তৰভেদী হাঁহি মাৰি তাই তাৰ কাষৰ পৰা উঠি আহিব খোজোতেই সি তাইৰ হাতখনত থাপ মাৰি ধৰি ক'লে --
: আজি ক'ৰবাত যাবা নেকি?
: উমম্.......
: ক'ত যাবা?
: লংকালৈ.....
: কিয়?
: বৌক চাবলৈ......দাদা লৈ।
: অ' তেন্তে আজি আমাৰ ঘৰলৈ যোৱা নহ'ব।
: চোৱা ৰক্তিম, তুমি হে মোক বুজি পাইছা কিন্তু তোমাৰ মাক-দেউতাই.........
: অ'কথাৰ গুৰি ক'ৰবাত। শুনা মা-দেউতাইয়ো তোমাক বুজিছে। বিশ্বাস হোৱা নাই ন'...........মায়ে তোমাৰ মা লৈ ফোন কৰিম কৰিম বুলি ভাবিয়েই আছিল কিন্তু.......
: কিন্তু কি...........?
: কিন্তু তোমাৰ লগত কেনেকৈ কথা পাতিব তাকেহে ভাবি ফোন কৰিব পৰা নাই। মই আজি মাক তোমাৰ নতুন নম্বৰটো দি দিম দিয়া তেতিয়া ফোন কৰিব।
: ঠিক আছে উঠা..... তুমি অফিচ নাযাবা জানো..?
: আজি নাযাওঁ নেকি...? তোমালোকৰ লগতে যাওঁ দিয়া ময়ো নহ'লে.....!
: নালাগে নালাগে দেই তুমি অফিচ লৈ যোৱা।
: যি আজ্ঞা মহাৰাণী।
তুমি যেন এতিয়া কোনোৱা দূৰ তৃষ্ণাতুৰ হিৰণময়ী দেশৰ বাটৰ বাটৰুৱা আৰু মই যেন কৃষ্ণচূড়া আৰু ৰাধাচূড়া দেশৰ পথৰ পথিক। কিয় জানো আজি নাহৰৰ নিৰিৱিলি ছাঁত ভদ্ৰাপদী ফাগুন হৈ বসন্তৰ ৰাগ জুৰিছে। মনবৰষুণৰ যজ্ঞসীমনাৰ এষাৰ উষ্ণ সিপ্ন আৰু দীঘ্ন বায়ুৰ কোবত প্ৰেম নামৰ ডাৱৰৰ আশ্ৰাফুলতাৰ ক্লেশবিঘ্নলতাৰ গছৰ তলত তুমি আৰু মই জিৰাম। কাৰণ প্ৰিয়তমা তুমি আৰু প্ৰিয়তম মই তোমাৰ।
"ঙ্ক্ৰাশী স্বপ্না দূৰ নিৰৱনা
জ্ৰাজীবনত এবাৰ ৰৈ কোৱানা
ভাল পাওঁ তোমাক।"
কেতিয়ানো সিহঁতৰ সম্বন্ধটো ইমান ধুনীয়া আৰু আগৰ দৰে হৈ পৰিল সিহঁত দুয়োটাই বুজি নাপালে। দুয়োটাই দুয়োটাৰ প্ৰেমত দ্বিতীয়বাৰৰ বাবে বিলীন হৈ গ'ল। ৰিক্ত নহয় কিন্তু সিক্ত হিয়াৰ এটা মধুৰ আবেগ যেন উতলি উঠিছে। কেঁকুৰি কেঁকুৰি য্যাযাহ্ৰনত থিতাপি লৈছে এক মনপছোৱা ফাগুনে। ফাগুন উন্মাদ, ফাগুন দ্মাপাত্মক কিন্তু ফাগুন চঞ্চলো।/p>
সময়ৰ চকৰি ঘূৰিবলৈ ধৰিলে। ভালৰপৰা বেয়ালৈ নে বেয়াৰপৰা ভাললৈ সময়ে পশ্চিমাকাশৰ নিমাত বেলিটিৰ দৰে ঘূৰিলে তাৰহে ভৰসা বা ভৰসা যসৎসনা কাৰোৰে ওচৰত নাই। পদ্মাৱতী পদ্মপথ আৰু চক্ৰাৱতীৰ চক্ৰপথৰ দৰে মানসীৰ জীৱনৰ পথৰ ঘ্নাপান্না অসীমত সীমনাৰ ভৱিষ্যতৰ ধাৰণাতহে ধ্ৰাৰিত হ'ব। বৰ্তমান ই অদূৰ অস্পষ্ট আৰু অজ্ঞান্য।
: হেল্ল' ৰক্তিম।
: অ' মা কোৱা?
: কি ক'লে মানসীয়ে.......? ক্ষমা কৰি দিলেনে তোমাক?
: উমম্ দিলে।
: উহহ্ ৰক্ষা দিয়া তেন্তে.........তাইক আজিয়েই লৈ আনা।
: নাই মা তাই ভাবিছে মইহে সলনি হ'লো তোমালোক নাই হোৱা..... গতিকে.......
: গতিকে......কি কৰিব লাগে মই জানো।
: ঠিক আছে মা কিন্তু মানসী আজি লংকালৈ যাব।
: কিয়?( Assamese Storyboard )
: ককায়েকৰ কাৰণে ছোৱালী চাবলৈ।
: হ'ব দিয়া। ৰাখিছো তেন্তে।
: অ'কে মা। আৰু শুনা মা মই কালি তাইক নতুন মোবাইল এটা গিফ্ট দিলোঁ... তাইৰ নম্বৰটো মই তোমাক মেছেজ কৰি দি আছোঁ ৰখা।
: ভালেই কৰিলা। দিয়া দিয়া।
কিছুমান মানুহৰ উপস্থিতি কিছুমান মানুহৰ বাবে এক যন্ত্ৰণা। নৈমাত্ৰিক উন্মাদনাৰ প্ৰৱল হেপাঁহ লৈ মানসীৰ বাপেক কোঠাটোত প্ৰৱেশ কৰিলে।
: কাৰ লগত কথা পাতি আছিলা ৰক্তিম।
ভয়, সংশয় নে আশ্চৰ্যচকিত। ঋতুপৰ্ণা, ঋধিগ্না নে ঋমাক্টিকা। একো নাই। সম্পূৰ্ণ গ্ৰাহ্যতাৰ এক অনুভৱ। চঞ্চলা নহয় কিন্তু দেহা কিন্তু প্ৰাণ উদ্বিনতাৰে ভৰি বিনাদ্বিনাৰ কবলত।
: হা..... অ' মা। মই মাৰ লগতেই কথা পাতি আছিলোঁ।
: কি কৈছে মায়ে?
: মায়ে আজি মানসীক লৈ যাবলৈ কৈছে।
: কিন্তু মানসী আজিটো যাব নোৱাৰিব।
: হয় মা মই জানো আৰু মাকো বুজাই কৈছোঁ।
: ঠিকে আছে দিয়া। এই ক'ত গ'ল।
: তাই বাথৰুমত গৈছে।
: অ' তুমিও মুখখন ধুই লোৱাহি। মই চাহ বনাওঁগৈ।
: ব'লক মা।
চাহপানী খাই কাপোৰকানি সলাই ৰক্তিম যাবলৈ ওলাল। শাহুয়েক-শহুয়েকক সেৱা কৰি ককায়েকক "অল দ্যা বেষ্ট" বুলি কৈ সি মানসীহঁতৰ ঘৰৰপৰা ওলাল।
: মুনু যোৱা ......তুমি ৰক্তিমক আগবঢ়াই থৈ আহাগৈ।
: হমম্।
দুয়ো ধীৰে ধীৰে গাড়ীখনৰ ফালে আগবাঢ়িল। যাবলৈ আৰু যাবলৈ দিবলৈ এটাৰো মন নাই। কিন্তু ক'বও পৰা নাই মনৰ কথাবোৰ। এয়াই ন' প্ৰেম। উষ্ম হৃদয়ত আনৰ মুখখনেৰে ৰক্তাক্ত কৰা এয়াই ন' প্ৰেমৰ স্পন্দন।
যোৱাৰ সময়ত সি মানসীৰ কপালত মৰমৰ পৰশ হিচাপে তাৰ তপত ওঁঠেৰে আঁকি দিলে এটি মিঠালিখিয়া কোমল চুমা। চুমা লৈ চুম্বিত হৈ পৰিল মানসী। গাললৈ অহা চুলিখিনি কাণৰ পিছলৈ আঁতৰাই দি সি ক'লে -----
: মানসী যাওঁ........ ভালকৈ থাকিবা। Take care of your health.
: অ'কে।
: বাই।
: বাই।
সকলো ঘূৰাই পোৱাৰ আনন্দেৰে ভৰা এটা হাঁহিৰ সৈতে মানসী পুনৰ ঘৰৰ ভিতৰলৈ আহিল।
"ইস্ ঝংকাৰ যে হৈছে প্ৰেমৰ গীতাৰৰ, প্ৰাদুন্য যে হৈছে প্ৰকাশৰ, চেষ্টা যে হৈছে এক হোৱাৰ সেয়ে অযুত।
: মুনু তুমি গা ধুলা নহয়।
: অ' মা।
: ঠিক আছে আহা চাহকাপ খাই লোৱা।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment