এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 15, 2021

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১০ ) : Assamese Storyboard

Assamese Storyboard

 

 মনোজে ঘড়ীটো চাই দেখিলে ৮ টা বাজিছে !!অফিচ খুলিবলৈ আৰু এঘন্টা আছিল!!মনোজে এঘন্টা কি তাইৰ লগত ১০০ঘন্টাও থাকিব পাৰে!!( Assamese Storyboard )


তাইৰ কাৰণে সি অফিচ ও এৰি পাৰে এঘন্টানো কি!


মনোজক দেখিয়ে নেহাই হাঁহিলে আৰু তাৰ খঙ নাইকীয়া হৈ গ'ল!!


ইমান দিনে তাক দিয়া কষ্ট তাক চিনি নাপাওঁ বুলি কোৱা সকলো কথা সি পাহৰি গ'ল!!


তাৰ লগত হৈ যোৱা সকলো কথা পাহৰি সি অকল নেহাকে চাই থাকিল!!নেহা তাৰ ওচৰলৈ আহিল আৰু তাৰ হাতত ধৰি ক'লে-" ইয়াত বহিবলৈ বেয়া লাগিছে!! ব'লা অলপ পাৰ্কত গৈ বহো!!


 মোৰ তোমাৰ লগত বহুত জৰুৰী কথা পাতিব লগা আছিল !! সেই কাৰণে তোমাক মাতিছোঁ!!

মনোজে তাইৰ ফালে চালে আৰু সি জানিবলৈ চেষ্টা কৰিছে তাই মনত কি চলি আছে!!


"কি ভাবি আছা মনোজ?ব'লা যাওঁ!!"


"অ' মনোজে চক্ খাই উঠি ক'লে............!!তাৰ পাছত দুয়োটা পাৰ্কৰ ফালে গ'ল!!


পাৰ্কত এতিয়া বেছি মানুহ নাছিল!! নেহাই মনোজক ক'লে-" বহা!! তাৰ পাছত তাই ও এখন বেঞ্চত বহিল!!


 মনোজে তাই কথাবোৰ শুনি চক্ খাই আছিল!! তাই এনেকুৱা ব্যৱহাৰ কৰিছিল যেন একো হোৱাই নাই!!



মনোজ বহিল আৰু সি নেহা ফালে চাই ক'লে-" কিয় মাতিছিলা তুমি মোক নেহা??আৰু তুমি চোন মোক চিনি নাপাওঁ বুলি কৈছিলা!!"


নেহাই হাঁহি হাঁহি ক'লে-"ৰবা এক মিনিট তুমি কৈ থাকিবা নে মোক ক'বলৈ দিবা!!"


মনোজে ক'লে-"মই তোমাৰ কথা সকলো শুনিম !! কিন্তু আগত কোৱা মোৰ লগত বিশ্বাস ঘাটকতা কিয় কৰিলা!!"


নেহাই গম্ভীৰ হৈ ক'লে-"প্ৰথম কথা মই তোমাক কেতিয়া ভাল পাওঁ বুলি ক'লো???"


মনোজে সকলো কথা মনত পেলাবলৈ ধৰিলে !! কিন্তু তাৰ মনত নপৰিল যে তাক তাই ভাল পাওঁ বুলি কৈছিল!!


নেহাই ক'লে-"মই যেতিয়া তোমাক ভাল পাওঁ বুলি কোৱাই নাই বিশ্বাস ঘাটকতা ক'ৰ পৰা কৰা হ'ল!!"


তুমি মোৰ জীৱনটো বচালা এইটো তোমাৰ মোৰ ওপৰত বহুত ডাঙৰ উপকাৰ!! 


আচলতে তুমি মোৰেই নহয় মোৰ মাৰো জীৱন ৰক্ষা কৰিলা!! কাৰণ মোৰ মাৰ হৃদয়ৰ ৰোগ আছে !! মই মৰা হ'লে মোৰ মা ও মৰি গ'ল হয়!!


"মোৰ কাহিনী বহুত দুখ লগা........ !!মোৰ মা-দেউতা আৰু মই বহুত আৰামেৰে আছিলোঁ!!!! তাৰ পাছত দেউতাক গাড়ীয়ে খুন্দিয়ালে আৰু দেউতাক বহুত চিকিৎসালয়ত দেখোৱা হ'ল!! বহুত পইচা খৰচ হ'ল কিন্তু তেওঁ নাবাচিলে!!!


"আমাৰ বেয়া দিন আৰম্ভ হ'ল!! আমাৰ গাঁৱত যি সম্পত্তি আছিল খুৰাই বুদ্ধি কৰি লৈ ল'লে!! 


মোৰ মা তালৈ সিদিনা গৈছিল কিন্তু খুৰাক একো ক'ব নোৱাৰিলে আৰু আমি তাৰ পৰা গুচি আহিলোঁ!৫ঃ

ৰাস্তাত মা অৱস্থা বেয়া হৈ গ'ল আৰু সিহঁতি আহিব লগা হ'ল!! 


মনোজ বিশ্বাস ঘাটকতা মোৰ লগত ভাগ্যয়ে কৰিছে আৰু তাৰ পাছত খুৰায়ে........!!! কৈ কৈ তাই কান্দিবলৈ ধৰিলে!!


তাই কথাবোৰ মনোজে মনে মনে শুনি আছিল!! সি তাই কথাবোৰ শুনি বহুত দুখ পাইছিল!!


সি ভাবিছিল তাই ইমান কষ্টত আছিল আৰু মই তাইৰ কথা কিমান বেয়াকে ভাবি আছিলোঁ!!( Assamese Storyboard )


"বৃস্তি আৰু তাইৰ মাকে মোক পাগল বুলি কৈ ফুৰে!! কোৱা মই পাগল নেকি?? সিহঁতি তোমালোক থকা ঠাইতে থাকে!!


মনোজে এই কথাবোৰ শুনি আচৰিত হৈ আছিল!! আৰু দুখ কৰি আছিল!!


মনোজে চক্ খাই ক'লে-"তুমি কেনেকৈ গম পালা মই ক'ত থাকোঁ???


চকু পানী মহাঁৰি মহাঁৰি নেহাই ক'লে মই তোমাৰ অফিচৰ পৰা গম পালোঁ যে তুমি তাত থাকা??


 মনোজে ভাবি ক'লে-"সিদিনা তুমি মোক কিয় চিনি নাপাওঁ বুলি ক'লা??"কাৰণ মোৰ উপাই নাছিল......... তুমি জানা দেউতা মৰা পাছত ৰক্তিমে আমাৰ ঘৰৰ দায়িত্ব লৈ ল'লে!!


মাৰ চিকিৎসা কৰিলে আৰু দেউতাৰ লগতো বহুত পইচা খৰচ কৰিলে!! আৰু দেউতাৰ বহুত সেৱা কৰিলে!!"


"এতিয়া ৰক্তিম আকৌ কোনো??" 


তাৰ পাছত তাৰ মনত পৰিল সেইদিনা গাড়ী লৈ অহা ধুনীয়া ল'ৰাটোৱে চাগে ৰক্তিম!!


মোৰ দেউতাৰ লগৰ এজনৰ ল'ৰা!! সি এটা কোম্পানীৰ মেনেজাৰ!! 


মনোজৰ কাণত প্ৰকাশৰ কথা বাজিবলৈ ধৰিলে!! মেনেজাৰৰ লগত তাইৰ সম্পৰ্ক আছে!!


"কিন্তু মোৰ কোম্পানী মেনেজাৰ চোন কিশোৰ হে??"


" তোমাৰ কোম্পানী মেনেজাৰৰ নাম কিশোৰ মই ও জানো!!তাতে কি হ'ল?? তোমাৰ কোম্পানী মেনেজাৰৰ লগত মোৰ কি কথা আছে!!......... মইটো ৰক্তিমৰ কথা কৈ আছোঁ!!"


"কিন্তু মোৰ কোম্পানী মেনেজাৰৰ লগত তোমাৰ সম্পৰ্ক আছে বুলি প্ৰকাশে মোক কৈছিল!!"


"সি ইনেই কৈছিল মনোজ!!  হেই ভগৱান কি কি কথা শুনিব লগা হৈছে!!"


"মই জানো যে তুমি মোক বহুত ভাল পোৱা!! সেই দিনা অফিচত তুমি সকলোৰে আগত কৈ দিলা হয়!!


 ইমান সময় নাছিল যে মই তোমাক মোৰ কথাবোৰ ক'ব পাৰিম!! সেই কাৰণে মই তেনেকুৱা কৰিলোঁ!! অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিবা!!"


"সকলোৱে গম পোৱা হ'লে কি পাহাৰ ভাঙি পৰিল হেঁতেন নি?" এতিয়া মনোজৰ আকৌ খঙ উঠিল!!"


প্ৰথমতে গোটেই কথাটো শুনি লোৱা বুলি কৈ নেহাই কান্দি উঠিল!! 


দেউতায়ে মোৰ বিয়া ৰক্তিমৰ লগত ঠিক কৰিছিল!! দেউতা ঢুকুৱা পাছত ৰক্তিমে আমাক বহুত সহায় কৰিলে!!  


তাৰ পাছত মায়ে ক'লে সোনকাল বিয়া পাতি লওঁ নহ'লে আমাৰ ঘৰো বিকীব লাগিব!!


এতিয়া তুমিয়ে ভবা যদি তুমি মোক ভাল পাওঁ বুলি কৈ দিলা হয় !! তেতিয়া ৰক্তিমে মোৰ লগত বিয়া ভাঙি দিলে হেঁতেন আৰু মাৰ কি হ'ল হেঁতেন ঠিক নাই!!


মই এতিয়া মোৰ ভৰি ওপৰত থিয় হ'লো !! সেই কাৰণে সিদিনা নিজৰ কোম্পানী কামত তোমালোকৰ অফিচলৈ গৈছিলো!!


অকলশৰীয়া ছোৱালী পৃথিৱীত জীয়াই থাকিতো বহুত কষ্টকৰ !! 


মই যদি তাৰ লগত বিয়া নাপাতো মই তাৰ সকলোবোৰ পইচা ঘূৰাই দিব লাগিব!!


"কোৱা মই ইমান পইচা ক'ৰ পৰা আনিম!!"


মনোজ তোমাৰ ভাল পোৱাত একো খুট নাই !!কিন্তু মই তোমাৰ লগত বিয়া হ'ম বুলি ক'লে-"সকলো পইচা ঘূৰাই দিব লাগিব আৰু মই ইমান সোনকালে ইমান পইচা ক'ত পাম!!


"দ্বিতীয় কথা মায়ে কথাটো মানি ন'লব!! আৰু মই নিবিচাৰোঁ মা মোৰ মৃত্যু কাৰণ হয়!!


তাই ক'লে -"এতিয়া কি সিদ্ধান্ত লোৱা তোমাৰ কথা মোৰ একো আৰু উপায় নাই!!"


"প্ৰায় দহ লাখ মান টকাৰ ধাৰ লাগি আছে!!যদি তুমি কিবা কৰিব পৰা মই ৰক্তিমৰ লগত বিয়া ভাঙি তোমাৰ লগত পাতিম!!"


"চোৱা আমি ভাল বন্ধু হ'ব পাৰোঁ !! এতিয়া তোমাৰ কথা  তুমি কি কৰা মোক ভাবি কবা!!"


কিন্তু এতিয়া তুমি মোক একো দোষ জাপি নিদিবা!!


কাইলৈ কথাবোৰ ভাবি কি সিদ্ধান্ত লোৱা মোক আহি ইয়াতে লগ কৰি জনাবা!!


যদি পৰা মোৰ লগত বিয়া পাতা নহ'লে গোটেই জীৱন বন্ধু হৈ থাকা আৰু মোকো শান্তিত থাকিব দিয়া!!


কাইলৈ আকৌ ইয়াতে লগ কৰিম বুলি কৈ তাই উঠি থিয় হ'ল!!


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আজি আমাৰ ৱেবচাইটত প্ৰকাশ পাব লগীয়া কেইটামান বিশেষ লেখাৰ সময়সূচী।নিৰ্দিষ্ট সময়ত লেখা সমূহ পঢ়িবলৈ গুগুলত চাৰ্ছ কৰিব - smj24.in

Assamese Storyboard


বিঃদ্ৰঃ নিতৌ প্ৰকাশিত ধাৰাবাহিক সমূহ পূৰ্বৰ সময়তে প্ৰকাশ পাব,ধন্যবাদ।



No comments:

Post a Comment

Advertisement

Pages