ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২৪ ) : Assamese Storyboard

     

Assamese Storyboard

বাৰে বাৰে কালুলৈ ফোন লগাইয়ো সংযোগ স্থাপন কৰিব পৰা নাই নীহাই , কি কৰিম কি নকৰিম বুলি নূপুৰলৈ ফোন লগালে ( Assamese Storyboard ), কেনেবাকৈ যদি ঋত্বিকে কথাবোৰ কৈ দিয়ে গোটেই পৰিকল্পনা অথলে যাব , ঋত্বিকে মুখ খোলাৰ আগতেই তাক শেষ কৰিব লাগিব, কথাবোৰ ভাবি নীহা কিবা এটা উপায় বিচাৰি চিঞৰি চিঞৰি মাকৰ কাষলৈ গল.... মা..! মা.. কত আছা তুমি...! মৃণালিনীয়ে টিভিটো অন কৰি নিউজ চাই আছিল

: কি হল ...! ইমান টেঁটুফালিছ যে..? কিবা ভাল খবৰ আছে নেকি...

: ভাল খবৰ নহয় মা , বেয়া খবৰহে , বাৰে বাৰে চেষ্টা কৰিও কালুৰ লগত যোগাযোগ কৰিব পৰা নাই, তুমি কিবা এটা উপায় দিয়া মা...

: ৰহ ! মোক অলপ সময় দে... 

: আমাৰ হাতত সময় একেবাৰে কম মা, যি ভাবা এতিয়াই ভাবা...!

: তই মোক অলপ অকলশৰীয়া কৈ থাকিবলৈ দে চোন , মই কিবা এটা ৰাস্তা উলিয়াম , তই মোৰ কাষৰ পৰা আতঁৰহৈ যাচোন...


         ভোৰভোৰাই ওলাই গৈছিল নীহা..., বুকুত প্ৰতিশোধৰ জুই দপদপকৈ জ্বলি উঠিছিল , ইফালে ৰাতিপুৱা ঘৰুৱা কামবোৰ কৰি মনা আৰু ৰক্তিম ওলাই আহিছিল চহৰলৈ বুলি , বহু সময় অলিয়ে গলিয়ে বিচাৰি বিচাৰি ঘূৰি ফুৰোতে হঠাৎ চকুত প কণিকা ফটোঘৰৰ এখন হৰ্ডিং , ৰাস্তাতে গাড়ীখন ৰখাই ৰক্তিম গাড়ীতে বহি আছিল , মনাই গাড়ীৰ পৰা লাহেকৈ নামি আহি , চিৰি বগাই প্ৰথম মহলালৈ উঠি গৈছিল , সুন্দৰ সুঠাম এজন যুৱক কম্পিউটাৰত ব্যস্ত হৈ আছে , .... দাদা শুনকচোন, ল'ৰাজনে মূৰ তুলি চালে , ... কিবা আছিল নেকি ..., ফটো এখনৰ এডিটিং কৰিব লগা আছিল , বুলি কৈ মনাই বেগটোৰ পৰা ফটোখন উলিয়াই ল'ৰাজনক দিলে..., আপোনাক নীহা বাইদেউৱে পঠিয়াইছে নেকি...

: হয় , মই নীহাৰ খুড়াকৰ ছোৱালী , নীহা বৰ্মা লগত মিটিঙলৈ গৈছে , সেয়ে আপোনাৰ ঠিকনাটো দি মোকেই পঠাই দিলে ,

: কেই কপি লাগিব বুলি কৈছিল ,

: চাৰি কপি মান দিলেই হব, ফটোখন আৰু অলপ এডিত কৰিবলৈ কৈছে , 

: ঠিক আছে আপুনি দহ মিনিট বহক , 


        মনাই বেগৰ পৰা মোবাইল ফোনটো উলিয়াই সকলো ঘটনা মনে মনে ভিডিঅ' কৰি থলে , ...... বাইদেউ এবাৰ চাই দিবচোন , মনাই লাহেকৈ উঠি ফটোকেইখন চালে , .... ঠিকেই আছে , কিমান দিব লাগিব

: দুশ টকা দিলেই হব , 

 

           মনাই টকা দুশ উলিয়াই লৰাজনক দিলে আৰু মিঠা এটি হাঁহি মাৰি লৰাজনৰ পৰা বিদায় ললে , চিৰিখনে নামি আহি এখোজ দুখোজ কৰি আগুৱাই গৈ গাড়ীত বহিল ,...... তুমি চাগৈ ব'ৰ হৈ গলা ন...! বলা কিবা এটা খাই লওঁ, বৰ ভোক লাগিছে , 

: কত যাবা নো...? 

: তুমিহে জানা , যত ভাল তালৈকে ব'লা , 


           ঠেক গলীটোৱে ৰক্তিমে লাহে লাহে গাড়ীখন আগুৱাই নিলে , কিছুদূৰ যোৱাৰ পিছত সৰু ৰেস্তোৰাঁ এখনত গাড়ীখন ৰখাই দিলে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ , ৰেস্তোৰাঁৰ সমুখত এখন ফুলনী , একা বেঁকাকৈ এটা দীঘলীয়া পুখুৰী , পুখুৰীৰ পাৰে পাৰে সৰু সৰু জোপোহা গছ , তাৰ মাজে মাজে দুই তিনিখনমান ঘূৰণীয়া টেবুল , সেউজীয়া পৰিবেশটোৱে ৰক্তিমৰ মন টানি নিলে , প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব বাবেই বাহিৰৰ টেবুলখনতে দুয়ো বহিলে , ক্ষীণ ল'ৰা এজন আহি মেনুএখন আগবঢ়াই দিলে , ওপৰে ওপৰে চকু ফুৰাই ৰক্তিমে চিকেন চাওঁ দুই প্লেট , আৰু দুকাপ কফি অৰ্ডাৰ কৰিলে , মনা লাহেকৈ বহাৰ পৰা উঠি গৈ নূপুৰ লৈ ফোন লগালে ,.... হেল্ল'... নূপুৰ কি কৰিছা,

: এনেয়ে আছো বৌ কোৱা , 

: ঋত্বিক আছে নাই ...? 

: আছে আছে বৌ , তাৰ লগত কথা পাতিব নেকি ...!

: ঋত্বিকৰ লগত জৰুৰী কথা এটা পাতিব লগা আছে , তাক ফোনটো দিয়াচোন, ... নূপুৰে ফোনটো ঋত্বিকলৈ আগবঢ়াই দিলে.... বৌ কওকচোন , 

: ঋত্বিক, তুমি কোৱা মতেই মই এটা প্ৰমাণ গোটালোঁ , আৰু এটা প্ৰমাণ বাকী আছে , তুমিয়েটো কৈছিলা ডাক্তৰজন তোমাৰ চিনাকি বুলি..., তেওঁক মই কত লগ পাম বাৰু, 

: "চাই নাৰচিংহোম এন ৰিচার্য ইনষ্টিটিউট"ত তেখেত বহে , ডাঃ মুকল পাঠক তেওঁৰ নাম , কিন্তু বৌ তেওঁক লগ পোৱাটো ইমান সহজ নহয় , ( Assamese Storyboard )

: তুমি সেইবোৰ চিন্তা কৰিব নালাগে , এইখিনি সহায় কৰি দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ , এতিয়া ৰাখিছোঁ দিয়া , মই ৰাতি কথা পাতিম তোমাৰ লগত ......ফোনটো কাটি দিছিল মনাই ,  চকীখন অলপ বাহিৰলৈ টানি মনা লাহেকৈ বহিল, কফিৰ কাপটো হাতত লৈ চুমুক দিবলৈ লওঁতেই চকুত পৰিলে ৰক্তিমে একেথৰে চাই আছে মনালৈ.... কি চাইছা এনেকৈ..? 

: তোমাকেই চাইছোঁ মনালিছা ..! তোমাৰ মোৰ প্ৰতি থকা বিশ্বাস আৰু ভালপোৱাৰ বাবে ইমানখিনি হৈ যোৱাৰ পাছতো তুমি আমাৰ সম্পৰ্কটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছা , তোমাক ধন্যবাদ দিবলৈ মোৰ ভাষা নাইকিয়া হৈ পৰিছে মনালিছা , 

: হ'ব অলপ বেছি হল নেকি... বিয়াৰ পাছত দুয়ো প্ৰথম এইদৰে ৰেস্তোৰাঁত খাবলৈ আহিছে , মনৰ আনন্দতে মনাই কেইখনমান চেল্ফি ললে আৰু লগেলগে whatsappত ষ্টেটাচ দিলে , ........হ'ব হ'ব দিয়া সেইবোৰ পাছত কৰিবা , এতিয়া খাই লোৱাচোন, নহলে ঘৰ পোৱালৈ বেলি ভটিয়াব.. ৰক্তিমে কলে

: খাই বৈ ঘৰলৈ নহয় ডাক্তৰৰ ওচৰলৈ যাব লাগিব , 

: কিয় ..? তোমাৰ গা বেয়া নেকি..

: গা ভালেই , ডাক্তৰ এজনক লগ কৰিব লগা আছে , তুমি চাই নাৰ্ছিংহোম চিনি পোৱানে ,

: উম...! পাওঁ ,

: ঠিক আছে , তুমি বাহিৰত ৰৈ থাকিলেই হব , বাকীখিনি কাম মই কৰিম , 

: ok, 


      খাই উঠাৰ পাছত দুয়ো আকৌ গাড়ীত উঠিল ,চহৰৰ মাজ মজিয়াত অৱস্থিত "চাই নাৰ্ছিংহোম" খন বিচাৰি উলিয়াবলৈ ৰক্তিমৰ বৰ বেছি সময় নালাগিল , মনাক গেটৰ ওচৰত নমাই , পাৰ্কিং প্লেচত গাড়ীখন ৰখাই দিলে , গ্লাছৰ দুৱাৰখন ভিতৰলৈ ঠেলি মনা সোমাই গল , পোনে পোনে মনাই কাউণ্টাৰত খবৰ কৰিলে 

: এক্সকিউচ মি প্লীজ..!

: ইয়েচ মেডাম , 

: ডাঃ মুকুল পাঠক ছাৰৰ লগ পাব লাগিছিল।

: চ'ৰি মেম ...! ছাৰ ছুটিত আছে, 

: অ'....! হয়নেকি...! কাইলৈ লগ পাম নেকি ,

: এক মিনিট মেডাম , মই ছাৰক সুধি লৈছোঁ..... কাউণ্টাৰত থকা ছোৱালীজনীয়ে ডাক্তৰলৈ ফোন লগালে , ...... মেডাম ছাৰে কাইলৈ মৰ্ণিং জইন কৰিব.., 

: ঠেংক ইউ চ' মাচ 

: মষ্ট ৱেলকম , 


             দিনটো ঘূৰি ঘূৰি মনাৰ বৰ ভাগৰ লাগিছিল , গাড়ীখনত উঠিয়ে তাই চকুহাল জপাই দিছিল , মৃদু মৃদু বতাহজাকে মনাৰ মেঘালী চুলিকোচা বৰকৈ কোবালে , মৃদু বতাহজাকে যেন মনাৰ দেহ মন সকলো শিহৰিত কৰিছিল , উৰুৱাই নিছিল সকলো মলীনতা..

(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages