বহাগ মহীয়া এটি কোমল পুৱা। পুৰণিক বিদায় দি নতুনক আদৰাৰ এক অনন্য আমন্ত্ৰণী। ফুলে-ফলে জাতিস্কাৰ সকলোবোৰ, চাৰিওফলৰ পৰিৱেশ( Assamese Storyboard )। কুলিৰ ইননি-বিননী, ব'হাগ অহাৰ জাননী, ঢোল-পেঁপাৰ শুনিলেই কঁকাল ভাঙি নাচিবলৈ মন যোৱাৰ চেও, গছৰ ডালত কপৌ, তগৰ, নাহৰ, সোণাৰুৰ অপূৰ্ব সমাহাৰ। যেন সকলোহে আদৰণিহে জনাইছে তাৰ কাষলৈ। ইমান ধুনীয়া!! ইমান মনোমোহা!! সচাঁই ব'হাগ মাথোঁ এটা ঋতুয়েই নহয় ই হ'ল সৌন্দৰ্যৰ প্ৰতীক, নৱক আদৰাৰ প্ৰতীক।
আৰু সেইদিনা সেই সুমধুৰ পুৱাৰ আমেজ লৈ মই লংকাত থকা মোৰ বন্ধু বিশালৰ ঘৰলৈ গৈছিলোঁ। আচলতে সি আৰু মই বি.এছ.চি একেলগে পঢ়িছিলোঁ তেতিয়াৰ পৰাই আমি দুয়ো বহুত ভাল বন্ধু। সেই তেতিয়াৰ পৰাই সি মোক সিহঁতৰ ঘৰলৈ মাতি আছিল কিন্তু মইহে যাব পৰা নাছিলোঁ। কিন্তু সেইবাৰ বসন্তত জানো কি মন গ'ল তাৰ ঘৰলৈ যাবলৈ। আৰু মন গ'ল যেতিয়া আৰু ইয়াকটো আৰু বান্ধি ৰাখিব নোৱাৰি সেয়ে তাক ফোন কৰি তাৰ ঘৰলৈ গ'লো। মোতকৈ তাৰ হে বেছি ফূৰ্তি। এতিয়া অৱশ্যে সিও নগাঁও কলেজৰ এজন অধ্যাপক।
ৰাতিপুৱা দহটামান বজাতে গৈ সিহঁতৰ ঘৰ পালোগৈ। বহুত বেছি ধুনীয়া সিহঁতৰ গাঁওখন। তাত থকা মানুহবোৰতো আৰু বেছি ধুনীয়া। গাঁও খনত সোমাইয়ে মোৰ কাণত পৰিছিল ঢেঁকী, ঢোল আৰু পেঁপাৰ মাত।নাকত লাগিছিল তিলপিঠা, ঘিলাপিঠা, নাৰিকলৰ লাডু, পকা মিথৈ, বৰ পিঠা, চুঙা পিঠা, মুঠীয়া পিঠা আদি অসমীয়া জাতিৰ অপূৰ্ব খাদ্যৰ অমীয়া গোন্ধ। আমাৰ ঘৰত মা আৰু দেউতা দুয়ো ব্যস্ত বাবে এইবোৰ সদায় দোকানৰ পৰা কিনি অনা হৈছিল। কেতিয়াও ঘৰত বনোৱা নাছিল। সেয়ে এইবোৰৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাই। কিন্তু খাই মই বহুত ভাল পাওঁ এইবোৰ। কিন্তু গাঁও খনত ভৰি থৈয়ে মোৰ মনত এক বিশেষ অসমীয়া ডেকা হোৱাৰ অনুভৱ জাগি উঠিছিল যিটো মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। তাত একপল থাকিয়েই গম পোৱা যায় যে অসমীয়াৰ বাপতি সাহন ৰঙালী বিহু তেতিয়া পদূলিমুখত ৰৈ আছে। মাথো ঢোল-পেঁপাৰে সৈতে তাক আদৰিহে আনিব লাগে।
মই গৈ তিনিআলিটো পোৱাৰ লগে লগে বিশাল আগৱাঢ়ি আহিছিল। সিও দেখিবলৈ বৰ ধুনীয়া আছিল। সুঠাম চেহেৰাৰ এজন গাঁৱলীয়া হেনচাম ডেকা। মোক দেখি সি মোৰ বাইকখনৰ কাষলৈ দৌৰি আহিছিল।
: পালিহি,,,, একো অসুবিধা হোৱা নাই নহয়!
: নাই নাই একো অসুবিধা নাই হোৱা।
: ঠিক আছে ব'ল মাহঁত চব তোৰ কাৰণে ৰৈ আছে।
এইবুলি কৈ সি মোৰ বাইকৰ পিছত বহিল। ময়ো বাইকখন ষ্টাৰ্ট দি সিহঁতৰ ঘৰৰ অভিমুখে আগৱাঢ়িলোঁ। অলপ সময়ৰ পাছতে দুয়ো গৈ সিহঁতৰ ঘৰ পালোগৈ। বাইকখন ষ্টেণ্ড দি থৈছিলোহে তেনেতে তাৰ মাক ভিতৰৰ পৰা ওলাই আহি মোক মাত দিলে--
: আহিলা ৰক্তিম।
: অ' মা।
ময়ো গৈ তেওঁৰ ভৰিখন চুই সেৱা কৰিলোঁ।
: হ'ব হ'ব আহা ভিতৰলৈ।
তেওঁৰ পিছে পিছে মই গৈ তেওঁলোকৰ ভিতৰ পালোগৈ।
: মা,,, এইখিনি লওঁক।
: কি এইবোৰ?
: নাই বিশেষ একো নহয়,, বিহু বুলি আপোনালোকলৈ কিবা এটা আনিছোঁ।
: মিছাতেনো এইবোৰ কিয় আনিব লাগে? বাৰু তুমি বিশালৰ ৰুমতে বেগটো থৈ পিছফালে আহা তাতে কলপাৰতে মুখ-হাতকেইখন ধুই ল'বা।
: ঠিক আছে।
মই তেওঁ কোৱামতেই সকলোবোৰ কৰি গ'লো। হাত-মুখ ধুই আহি মই চোফাখনতে বহিলোঁ। তেওঁ চাহ আনি মোক দিলেহি।
: চাহ খোৱা ৰক্তিম।
গোটেই প্লেটখন পিঠাৰে ভৰা। দেখিয়েই অৱশ্যে মোৰ লোভ লাগি গ'ল।
: দিয়ক মা,,,,,, বিশাল ক'লৈ গ'ল?
: অ' সি.......... সি মাংস আনিবলৈ গ'ল।
: অ'....
মোৰ চাহ-পানী খাই হয় মানে সি আহি পালেহিয়েই মোনা এটাত এসোপামান বস্তু লৈ।
: চাহ খালি?
: উমম্।
: মোৰ লগত এফালে ব'ল।
: ক'ত?
: ব'লচোন গম পাবি নহয়!
একো বুজি নাপায় মই তাৰ পিছে পিছে গ'লো। এইবাৰ সি তাৰ গাড়ীখন গেৰেজৰ পৰা উলিয়াই দৰজাখন খুলি মোক বহিবলৈ ক'লে। বহিলোঁ মই গাড়ীখনত। সি গাড়ীখন আগুৱাই নিলে। অলপ পিছত আমি গৈ এখন পথাৰ পালোঁগৈ। এটুকুৰা ঠাইত সি গাড়ীখন ৰখাই দিলে। গাড়ীৰ পৰা নামি গ'ল সি। ময়ো নামিলো। দুপৰীয়া হোৱা নাছিল যদিও প্ৰায় দুপৰীয়াৰ দৰেই আছিল পৰিৱেশটো। মৃদু-মৃদুকৈ বলি আছিল বতাহ। পুখুৰীত মাছৰ শব্দ হয়তো পানীত খেলি আছে নাইবা দানা খাই আছে। মেটেকাও আছে পুখুৰীটোত। ৰ'দো দি আছিল যদিও ইমান এটা গৰম লগা নাছিল। কিবা এটা ভাল লাগিছিল পৰিৱেশটো মোৰ। মুগ্ধ হৈ পৰিছিলোঁ। বতাহে বাৰে বাৰে মোক কোবাই থৈ গৈছিল। ময়ো নিজকে এৰি দিছিলোঁ সেই বতাহৰ মাজত। পুখুৰীটোৰ পাৰত ঘাঁহনি আৰু তাৰ সেই ঘাঁহনিৰ ওপৰত আমি। বহি পৰিলোঁ সেই ঘাঁহনিতে মই আৰু বিশাল। কুশুলা বন, দুবৰি বনে ভৰি আছিল ঘাঁহনিডৰা। আমাৰ পৰা অলপ দূৰৈত কেইটামান গৰুৱে ঘাঁহ খাই আছিল( Assamese Storyboard )।
: কচোন কিয় মোক ইয়ালৈ লৈ আনিলি?
: এটা ডাঙৰ কথা ক'বলৈ। ইমান দিনে যে মই তোক মাতি আছিলোঁ সেই কথাটো ক'বৰ বাবেই।
: তইটো মোক ফোনটো ক'ব পাৰ'!
: পাৰোঁ কিন্তু তই মোক বিশ্বাস নকৰিবি।
: মানে এনেকুৱা কি কথা?
: তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটোৰ কথা?
: কি... সত্য?
তাৰ পিছত সি যিখিনি কথা কৈছিল সেইখিনি শুনি মোৰ গাৰ নোম শিয়ৰি গৈছিল। কেতিয়াও শয়নত সপোনত ভবা নাছিলোঁ এনেকুৱা এটা মোৰ অতীত আছিল বুলি। তেতিয়াহে মই গম পাইছিলোঁ মোৰ অতীতৰ কথা মোৰ অস্তিত্বৰ কথা।
" এটি মাথোঁ জীৱনৰ গৰাকী আমি,
কেইটামান দিনৰ আলহী আমি,
আমি যে নহয় চিৰস্থায়ী
আমি যে নহয় অধিক দীৰ্ঘস্থায়ী,
হয় আমাৰ জীৱন দুদিনীয়া
তথাপিও নকৰোঁ আমি অকণো শংকা,
কৰি যাওঁ ভুল
কৰি আছোঁ ভুল
আৰু কৰি যাম ভুল।"
==================================
: ঠিক আছে মা,, সেয়ে হ'ব। কপালৰ লিখনিটো আৰু কোনেও খন্দাব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিবা মা ভগৱান বুলি কিবা এটা বস্তু আছে আৰু তাৰ লগতে আছে ন্যায়-অন্যায় বুলি আনকেইটামান বস্তু।
এইবুলি কৈ তাই চিধাই গৈ ৰুমত সোমাইলগৈ। মৰম চিৰদিনলৈ নাইকীয়া হ'ল, সপোন চিৰদিনলৈ ভাঙিল, শেষ হ'ল সকলোবোৰ চিৰদিনলৈ।
: হেৰা তুমি একো চিন্তা নকৰিবা...... সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। অলপ সময় লাগিব কিন্তু তাৰ পাছত দেখিবা আমাৰ মাজনী পুনৰ আগৰ দৰে হৈ পৰিছে।
: হু..... ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা।
: ব'লা এতিয়া শুঙগৈ।
পূবৰ বেলিটোৱে ৰাতিপুৱা হোৱাৰ জাননী লৈ আনিছে। সকলো আগৰ দৰে কৰিবলৈ আগৰ দৰে হ'বলৈ আজিৰ পৰা মানসীয়ে চেষ্টা কৰিব বুলি তাই কালি ৰাতি নিজৰ ওচৰত নিজে প্ৰতিজ্ঞা কৰিছে। সেয়ে আজি তাইৰ নতুন সংকল্পৰ শুভ উদ্বোধন। কিন্তু তাই যিমান চেষ্টা কৰিও সম্পূৰ্ণৰূপে নিজৰ মনৰ পৰা ৰিদিপ্তক উলিয়াব পৰা নাই। কিন্তু তাই চেষ্টা কৰি আছে তাক পাহৰিবলৈ,, তাৰ স্মৃতিবোৰক পাহৰিবলৈ,, নতুনকৈ জীৱনটোৰ আৰম্ভণি কৰিবলৈ। কাৰণ সময় আৰু জীৱন কাৰোৰে বাবে ৰৈ নাথাকে। গতিকে ইয়াৰ বাবে ৰৈ থাকিও একো লাভ নাই। আৰু যাৰ বাবে তই ৰ'ব সিটো আৰু এই জনমত আৰু কেতিয়াও তাইৰ কাষলৈ উভতি নাহে। তথাপিও তাইৰ মনত সি সদায় থাকিব। তাইৰ এজন প্ৰেমিক হিচাপে নহ'লেও এজন বন্ধু কিম্বা শুভাকাংশী হিচাপে।
হাঁহিৰে আজি তাই দিনটোৰ শুভাৰম্ভ কৰিছে। সোনকালে শোৱাৰ পৰা উঠিছে। উঠিয়েই অলপ ফুৰিও আহিছে। ফুৰি-চাকি আহি মুখ-হাত ধুই মা- বাপেক সকলোকে তায়েই চাহকাপ দিছে। আগদিনাৰ সকলোবোৰ ঘটনা যেন তাই পাহৰি গৈছে। যেন একো হোৱাই নাছিল। তাইৰ এই পৰিৱৰ্তন দেখি মা-বাপেকো কিছু আচৰিত হৈছে যদিও আনন্দিতও হৈছে। অলপ পিছতে গা-পা ধুই তাই কলেজৰ চুৰিদাৰযোৰ পিন্ধি পাকঘৰলৈ আহিছে।
: মা ভাত দিয়া মোৰ দেৰিয়ে হ'ব এতিয়া।
: অ' নিছোঁ নিছোঁ........।
তেওঁ তাইলৈ ভাত আনি খাবলৈ দিলে।
: মাজনী আজি তুমি ইমান...... মানে ইমান.... সলনি হ'লা যে?
: বেয়া পাইছা নেকি?
: কিয় বেয়া পাম?
: মা,,, মই আজিৰ পৰা নতুনকৈ জীৱনটো আৰম্ভ কৰিম। ৰিদিপ্ত নোহোৱাকৈ এটা জীৱন। প্ৰথমতে অলপ কষ্ট হ'ব কিন্তু পিছলৈ সকলো ঠিক হৈ যাব।
: একেবাৰে সঠিক সিদ্ধান্ত লৈছা তুমি।
: হি....হি.... মোৰ হৈ গ'ল। মোৰ দেৰি হৈছে মই যাওঁ দেই।
: আৰে ভাতকেইটাতো ভালকৈ খাই যোৱা।
: নহয় এতিয়া ভাত খাই থাকিলে সিফালে গালি খাব লাগিব। ..................
উমম......মম মা বাই দেই
..................
দেউতা বাই.....
: বাই।
তাই হাঁহি মুখে গ'ল কলেজলৈ। নিজৰ প্ৰতিজ্ঞা তাই যেন পূৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। নতুনকৈ আৰম্ভ কৰিছে জীৱনটো।
: হেৰা তাই সলনি হ'ল দেখিছা?
: উমম্ ভগৱানে যেন তাইক এনেকৈয়ে চকু মেলি চায় যেন। কৃষ্ণ প্ৰভু কৃষ্ণ।
: হ'ব দিয়া এতিয়া ব'লা মোকো কিবা এটা খাব দিয়া।
: আহক..... আহক।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
৪৩ ৰ পাছৰ খণ্ডসমুহ পোৱা নাই। আপলোড কৰা হোৱা নাই নে মইহে পোৱা নাই বাৰু?
ReplyDeleteStory bur nidiya hl j kio ami wait kori asu
ReplyDelete