ৰাধিকা ৰ সেই পৃষ্ঠাটো আছিল ডায়েৰী ৰ শেষ পৃষ্ঠা । গাড়ীৰ নাম্বাৰ আৰু তেজৰ চেকুৰা ! সেয়া নিশ্চয় ৰাধিকা ৰ কেঁচা তেজ ( Assamese Storyboard )। তাৰমানে এই গাড়ী খনৰে হয়টো ৰাধিকা ক লৈ অনা হৈছিল । যিহেতু ৰাধিকা ৰ এই হত্যাকাণ্ড ক এক্সিডেন্ট ৰ ৰূপ দিব বিচাৰিছিল হত্যাকাৰী য়ে । বৰুৱা ই ওৱাৰলেচ ডিপাৰ্টমেন্টৰ নিৰ্মল সন্দিকৈ ক নিৰ্দেশ দিলে যাতে অতি সোনকালেই উক্ত নাম্বাৰৰ গাড়ী খন এৰেষ্ট কৰা হয় ।
আজি মাক বিহীন ঘৰ খনলৈ আহিছে নিয়ৰ । তাৰ আগৰ কথা মনত পৰিছিল । যেতিয়া সি গুৱাহাটী ৰ পৰা ঘৰলৈ আহে মাকে দহ বাৰৰ ওপৰত ফোন কৰে । সি খাই ভালপোৱা খাদ্য বোৰ ৰান্ধে । কিন্তু আজি তাক ফোন কৰিবলৈ তাৰ মাক ঘৰত নাই । ঘৰত নহয় এইখন পৃথিৱীত নাই । হয়টো আজি এনেবোৰ পাকচক্ৰত নোসোমালে তাৰ মাক এই পৃথিৱী ৰ পৰা নোহোৱা নহ'ল হেঁতেন । তাৰ মাক অবিহনে তাৰ দেউতাক বা কিমান কষ্টত আছে ! সি আহি থাকোঁতে হঠাৎ তাৰ চকুত পৰিছিল সিহঁতৰ গাৱ ত থকা প্ৰাথমিক বিদ্যালয় খনৰ সন্মুখত এখন ধুনীয়া তোৰণ । যত লিখা আছিল " স্বৰ্গীয় অঞ্জলি কাকতি সোঁৱৰণী তোৰণ " । সি গাড়ী খনৰ ব্ৰেগ মাৰিছিল ।
- কি হল নিয়ৰ ?
কাবেৰীয়ে তাক সুধিছিল ।
- সেয়া চোৱা ।
সি তাইক তোৰণ খনৰ ফালে দেখাই দিছিল ।
- কাবেৰী য়ে পঢ়িছিল " স্বৰ্গীয় অঞ্জলি কাকতি সোঁৱৰণী তোৰণ " । তাৰমানে
- মা ইমান সোনকালেই স্বৰ্গীয় , সোঁৱৰণী , স্মৃতি হৈ যাব বুলি ভৱা নাছিলোঁ কাবেৰী ।
- নাপায় নিয়ৰ দুখ কৰিবলৈ নাপায় ।
- নহয়, কাবেৰী মোৰ মাৰ মৃত্যু ৰ বাবে দায়ী ।
- এয়া অসম্ভৱ । তোমাৰ মাৰ মৃত্যু ৰ বাবে তুমি কেতিয়াও দায়ী নিয়ৰ । এয়া বিধাতাৰ লিখন ।
- মই সচাকৈ যোগ্য সন্তান নহয় কাবেৰী ।
- হ'ব , গাড়ী চলোৱা আৰু বলা ঘৰলৈ ।
নিয়ৰে আকৌ গাড়ী চলাইছিল । কিন্তু তাৰ গাওঁ খনত সোমোৱাৰ লগে লগে তাৰ মনটো হাহাকাৰ কৰি উঠিছিল । কাৰণ সি আজি গোটেই বিচাৰি চলাথ কৰিলে ও তাৰ মাকক সি বিচাৰি নাপায় । কাৰন তাৰ মাক এতিয়া স্বৰ্গীয় ।
এটা সময়ত সিহঁত আহি নিজৰ ঘৰ পাইছিল । গাড়ীৰ পৰা নামি কাবেৰী আৰু নিয়ৰে ঘৰলৈ সোমায় গৈছিল । ঘৰৰ দৰ্জা খিৰিকি বোৰ মেল খাই আছিল । নিয়ৰ আৰু কাবেৰী য়ে ইটো সিটো ৰুমত বিচাৰি চলাথ কৰিছিল কিন্তু দেউতাকক বিচাৰি পোৱা নাছিল । নিয়ৰ বলিয়া হৈছিলে । দেউতাক কত গ'ল বাৰু । গোটেই ঘৰ চলাথ কৰিলে কতো নাই তেন্তে ! এইবাৰ নিয়ৰ আৰু কাবেৰী য়ে দেউতাকক বিচাৰি সিহঁতৰ বাৰী ৰ পাছত থকা পুখুৰী ৰ পাৰলৈ গ'ল ।
ইতিমধ্যে বৰুৱা ৰ নিৰ্দেশ ত অসমৰ বিভিন্ন প্ৰান্তত উক্ত নাম্বাৰৰ গাড়ী খন এৰেষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হ'ল । আৰু গাড়ী খন ধৰিবলৈ আৰক্ষী বাহিনী ও যথেষ্ট তৎপৰ হ'ল ।সকলো ফালেই আৰক্ষীয়ে ৰাখিছিল তীক্ষ্ণ নজৰ । গাড়ীখনৰ নাম্বাৰটো হ'ল কোকৰাঝাৰ জিলাৰ । আৰক্ষীয়ে সকলো অনুসন্ধান কৰি গাড়ী খন মালিক সহিতে জব্দ কৰিলে । গাড়ী খনৰ মালিক ৰাহুল ব্ৰহ্ম । ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে ৰাহুল ব্ৰহ্মক এৰেষ্ট কৰি গুৱাহাটীলৈ লৈ আহিছিল ।
অফিচাৰ বৰুৱাই নিজৰ আৰক্ষী কোঠাত ৰাহুল ব্ৰহ্মৰ ওপৰত জেৰা আৰম্ভ কৰিলে ।
- মিষ্টাৰ ব্ৰহ্ম আপোনাৰ গাড়ী খন অপৰাধ মূলক কামলৈ নিশ্চয় ভাড়া দিয়ে ?
- নহয় ছাৰ । গাড়ী খন ভাড়া দিওঁ । কিন্তু আজিলৈ কোনো বেয়া কামৰ বাবে গাড়ী খন ভাড়া দিয়া নাই ।
- আপুনি এইবোৰ কামৰ বিনিময়ত যথেষ্ট টকা পায় সেয়েহে আপুনি গাড়ী খন বেয়া কামত ব্যৱহাৰ কৰে ।
- ছাৰ আপুনি বিশ্বাস কৰক মই মোৰ অকনমানী ল'ৰা জনৰ শপত খাইছো মই জীৱন ত কেতিয়াও বেয়া কাম কৰি পোৱা নাই ।
- যদি আপুনি সচা কথা কৈছে তেন্তে কওক যোৱা ১৩/০৫/২১ তাৰিখে গাড়ী খন কত আছিলে ?
- মোৰ গাড়ী খন গুৱাহাটী তে ভাড়া চলে ।
- আৰু আপুনি য়ে চলাই নিশ্চয় ?
- ছাৰ গাড়ী মই নচালাও ।
- তেন্তে কোনে চলাই ?
- দ্ৰাইভাৰ আছে ছাৰ । যিহেতু মই পেচাত এজন শিক্ষক সেয়েহে মই দ্ৰাইভাৰ ৰাখিছোঁ ।
- তেন্তে আপুনি জানে নে ! যোৱা ১৩/০৫/২১ তাৰিখে আপোনাৰ গাড়ী খনে এটা হত্যাকাণ্ড সংঘটিত কৰিছে ।
- কি !
- উম , ৰাধিকা নামৰ ছোৱালী জনীক হত্যা কৰি আপোনাৰ গাড়ীতে লৈ আহি বশিষ্ঠ ৰ ব্যস্ত ৰাজপথত পেলাই থৈ গৈছিল ।
- ছাৰ এইবোৰ কথা মই একো গম নাপাওঁ ।
- এতিয়া আপুনি গম পালে । গতিকে এতিয়া আপুনি মোক সহায় কৰিব লাগিব ।
- ছাৰ মই আপোনাক কিদৰে সহায় কৰিম ?
- যিহেতু আপুনি নিজে গাড়ী নচলাই গতিকে আপোনাৰ নিশ্চয় দ্ৰাইভাৰ আছে । উক্ত দিনটোত আপোনাৰ গাড়ী খন কাৰ দায়িত্ব ত আছিল সেই কথা আপুনি আমাক কব লাগিব মিষ্টাৰ ব্ৰহ্ম ।
- মই কম ছাৰ। অৰু আপোনালোকক মই সকলো প্ৰকাৰে সহায় কৰিম ।
ৰাহুল ব্ৰহ্ম এজন সহজ সৰল বড়ো জনজাতিয় ব্যক্তি । এজন শিক্ষক যদি ও মানুহ জন বৰ বেছি চতুৰ নহয় । ইতিমধ্যে ই ব্ৰহ্ম ই তেওঁ ৰ গাড়ী খনৰ দ্ৰাইভাৰৰ ঠিকনা পৰ্যন্ত আৰক্ষীক দিছে । উক্ত ঠিকনাৰ সহায়ত আৰক্ষীয়ে ৰাহুল ব্ৰহ্মৰ দ্ৰাইভাৰ প্ৰকাশ কুমাৰক এৰেষ্ট কৰিছিল।
কাবেৰী আৰু নিয়ৰ দেউতাকক বিচাৰি বাৰীৰ পাছফালৰ পুখুৰী লৈ গৈছিল । কাবেৰী আৰু নিয়ৰে দেখিছিল নিয়ৰৰ দেউতাক মনমোহন মাষ্টৰে বাৰীৰ পাছফালৰ পুখুৰী ৰ নিৰ্জনতাৰ পাছ ফালে কিবা কিবি লিখি আছিল । হয়টো এই সময় খিনি নিয়ৰৰ দেউতাকে এনেকৈ পাৰ কৰি আছে । সি লাহে লাহে দেউতাকৰ ওচৰলৈ গৈছিল ।
- দেউতা !
- কোন !
পাছফালে নোচোৱাকৈ দেউতাকে কৈছিল ।
- মই দেউতা নিয়ৰ ।
- নিয়য় ।
হাতত থকা বহীটো টেবুল খনত থৈছিল । লাহে লাহে ঘূৰি চাইছিল । নিয়ৰৰ ফালে একেথৰে চাই আছিল । হয়টো নিয়ৰৰ এই ৰূপটো একেবাৰে সহ্য হোৱা নাছিল । লাহে লাহে দেউতাক তাৰ কাষলৈ আহিছিল । কপা কপা হাত দুখন ৰে তাৰ গাল দুখন দেউতাকে চুই চাইছিল । হঠাৎ তাক জোৰকৈ বুকুৰ মাজলৈ তানি নিছিল ।( Assamese Storyboard )
- দেউতা !
- কিয় , আহিছ তই ! এইখন ঘৰত তোৰ এতিয়া মা নাথাকে । থাকোঁ অকল মই তোৰ দুৰ্ভগীয়া বাপেৰ ।
- দেউতা ! মা নাই , মা এতিয়া স্মৃতি । কিন্তু তুমি টো আছা মোৰ একমাত্ৰ সাহস ।
- তোৰ মাৰ ই মোক বৰ দুখ দি গৈছে অ ।
- দেউতা মাৰ আত্মা শান্তিত থাকক । শুনা দেউতা মই নিৰপৰাধী বুলি চিনাক্ত হলো ।
- কি !
- অহ, দেউতা মই তোমাক কৈছিলো নে মই অপৰাধী নহয়, মই হত্যাকাৰী নহয় ।
- কিন্তু মই ,,,,,,,
- তুমি ধৰ্য ধৰিছিলা । কিন্তু মায়ে মোক হয়টো বিশ্বাস কৰা নাছিল দেউতা ।
- কৰিছিল তোৰ মাৰ ই তোক মোতকৈ বেছি বিশ্বাস কৰিছিল । আৰু সেইকাৰণে ,,,,,,,
- ছাৰ
কাবেৰী নিয়ৰ দেউতাকক মাত দিছিল ।
- কাবেৰী
নিয়ৰৰ দেউতাকে হাতজোৰ কৰি মাতিছিল ।
- নাই ছাৰ , আপুনি মোক হাতজোৰ নকৰিব ।
- তুমি মহান কাবেৰী । তুমি মোৰ একমাত্ৰ পুত্ৰ নিয়ৰক আজি মুকলি কৰি লৈ আহিলা ।
- ছাৰ এয়া সকলো অফিচাৰ বৰুৱা ছাৰৰ কাৰনে সম্ভৱ হৈছে ।
- দেউতা তুমি ওলোৱা ।
- কলৈ ?
- গুৱাহাটী লৈ । মোৰ ৰুমলৈ ।
নিশা বহুত হৈছিল । ইতিমধ্যে ব্যস্ত চহৰৰ পথ বোৰ ক্ৰমান্বয়ে নিস্তব্ধ হৈ পৰিছিল । আজি বৰুৱা ই অকনমান মদ্য পান কৰিছে । আচলতে বৰুৱা ৰ মদ্যপান কৰাটো অভ্যাস নহয় । কেতিয়াবা মন গলে অকনমান কৰে । বৰুৱা ই থানা লৈ আহি বৰ্মনক নিৰ্দেশ দিলে প্ৰকাশ কুমাৰক উলিয়াই আনিবলৈ । বৰুৱা ৰ নিৰ্দেশ মৰ্মে বৰ্মনে প্ৰকাশ কুমাৰক উলিয়াই আনিলে । আজি বৰুৱা ৰ চকু দুটা ৰঙা হৈছিল । সাধাৰণতে ৰঙা চকু দেখিলে বহু মানুহে ভয় কৰে । যিহেতু ৰঙাৰ প্ৰতিক বিপদ ।
- প্ৰকাশ কুমাৰ ?
- হয় ছাৰ ।
- দ্ৰাইভাৰ ?
- হয় ছাৰ ।
- ঘৰত কোন কোন আছে ?
- ছোৱালী দুজনী আৰু মোৰ মাইকী মানুহ ।
- ছোৱালী কিমান ডাঙৰ ?
- ডাঙৰ জনীৰ এঘাৰ বছৰ , সৰু জনী পাচ বছৰ মান হ'ব ।
- যদি কেতিয়াবা তুমি হঠাৎ নোহোৱা হৈ যোৱা । তেন্তে তোমাৰ ঘৰখন কেনেকৈ চলিব ?
- কিবা কৈ চলিব ছাৰ । যিহেতু আমি সৰু মানুহ । মোৰ মাইকী য়ে কাৰোবাৰ ঘৰত কাম কৰি হ'লে ও মোৰ ছোৱালী দুজনীক ডাঙৰ কৰিব ।
- বেলেগ ৰ ঘৰত কাম কৰি দুজনী ছোৱালী ডাঙৰ কৰাটো সহজ নে ?
- নহয় ছাৰ।
- সেই কাৰণে কিছুমান কাম ভাৱি চিন্তি কৰিব লাগে ।
- মই বুজা নাই ছাৰ ।
- ৰাধিকা ক চিনি পোৱা ?
- ৰাধিকা ! ৰাধিকা
- মনত কৰা এই নামটো কেতিয়াবা শুনিছিলা নে ?
- ঠিক মনত পৰা নাই ছাৰ ।
- ১৩/০৫/২১ এই তাৰিখটো মনত আছে নে তোমাৰ ?
- ছাৰ , আমি সাধাৰণ মানুহ । মালিকৰ গাড়ী প্ৰতিদিনে ভাড়া মাৰো । সেয়েহে তাৰিখ ,বাৰৰ লগত আমাৰ বৰ বিশেষ কথা নাথাকে ।
- কিন্তু সেইদিনাই তোমাৰ গাড়ীত আহিছিল ৰাধিকা নামৰ ছোৱালী ।
- ৰাধিকা নামৰ !
- হয়, ৰাধিকা নামৰ এজনী ছোৱালী ক হত্যা কৰি তোমাৰ গাড়ীতে আনি বশিষ্ঠৰ ব্যস্ত ৰাজপথত পেলাই থৈ যোৱা হৈছিল ।
- ছাৰ এইবোৰ কথা মই একো নাজানো ।
- চোৱা মোৰ ওচৰত কোনোবাই মিছা কথা কবলৈ চেষ্টা কৰিলে তাক এনেকুৱা শাস্তি দিওঁ নহয় , সি জীৱনত পাহৰিব নোৱাৰিব ।
প্ৰকাশ কুমাৰে বৰুৱা ৰ ভৰিত পৰিছিল । আৰু কান্দি কান্দি কৈছিল ।
- ছাৰ আপুনি বিশ্বাস কৰক । মই সাধাৰণ দ্ৰাইভাৰ , মই এইবোৰ ৰ মাজত নাই ।
- সেইটো মই বুজিছো । কিন্তু সেইদিনা তোমাৰ গাড়ী খন কোনে ভাড়া কৰিছিল সেইটো কোৱা
- ছাৰ
- কোৱা !
- ছাৰ আপোনাক কলে সিহঁতে মোক মাৰি পেলাব ।
- তুমি বৰ্তমান কাৰ সন্মুখত আছা ?
- ছাৰ আপোনাৰ ।
- মই কোন ?
- আপুনি পুলিচ অফিচাৰ ছাৰ ।
- তেন্তে মোৰ আগত সিহঁতৰ কথা কবলৈ তোমাৰ ভয় লাগে ?
- নালাগে ছাৰ । কিন্তু ,,,,,
- ঠিক আছে তোমাক মই কি কৰিব লাগে কৰি আছোঁ । বৰ্মন লাঠি তিনিডাল লৈ আনা ।
- মই কম ছাৰ ।
- কোৱা !
- সেইদিনা মোৰ গাড়ীত আকাশ দাস আৰু পূৰ্ণিমা ডেকা আহিছিল ।
- তাৰমানে সিহঁতে !
- হয় ছাৰ সিহঁতে ছোৱালী এজনীৰ মৃতদেহ মোৰ গাড়ীত উঠাইছিল ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment