৩০ তাৰিখ আজিৰ দিনটোলৈয়ে তাই বৰ আশাৰে ৰৈ আছিল । কিন্তু দুদিন ধৰি আকাশৰ কোনো খবৰ নাই ( Assamese Storyboard ) ।তাৰ বাবে পিঠা সি ভালপোৱা জলপান বনাই থৈছিল ৭ দিন আগৰে পৰা। দেউতাকে নামানে ৫ বছৰ নহয় ৫ মাহতে তাইক বিয়া দিব । ১০ বাজি গ'ল , তাই বিচনাতে আছে ।মাকে বহুত মাতিলে কিন্তু নাহে , একো নাখায় ।
কলিং বেলটো বাজিল.....
:: মাজনী যোৱাচোন কোন আহিছে চোৱা ।
:: নাযাওঁ মই । দেউতাক কোৱা ।
::: দেউতা নাই অ' বজাৰ গৈছে.... মই কাম এটা কৰি আছো যোৱা ।
:: নাযাওঁ যোৱা তুমি । মোক একো নক'বা ।
( কোন অলপ ৰ'ব গৈ আছো । মাকে ভিতৰৰ পৰা মাত লগালে। মাক ওলাই গ'ল, দুৱাৰখন খুলিলে অচিনাকি ল'ৰা এজনে মাকৰ ভৰিখন চুই আশীর্বাদ ল'লে )
:: কোন হয় তুমি ? বেয়া নাপাবা মই ঠিক ধৰিব পৰা নাই !
:: মা.. মই আকাশ .... পাহৰিলে নেকি ? এবাৰ আহিছিলো , বৃষ্টিৰ লগৰ ।
:: অ'... তুমি ! আহা সোণ বহা , বহুত সলনি হ'লা দেখোন আৰু বৃষ্টিয়েটো কৈছিল....
:: মই নাহো ৫ বছৰলৈ, নহয় জানো ?
:: উম্ হয় ।
:: মা মই তাইক surprise দিবৰ বাবে তেনেকৈ কৈছিলো । ক'ত আছে তাই ?
:: কালিৰ পৰা ভাত পানী এৰি বিচনাত পৰি আছে , কিয় এনেকুৱা কৰিব লাগে বাৰু ?
:: ভাল লাগে অ' মা... এটা কাম কৰক তাইক গৈ কওঁক চোন যে তাইক চাবলৈ কোনোবা আহিছে.... দেউতাই পছন্দ কৰা ।
:: কি যে হ'ব তোমালোকৰ.... ইমান দিনৰ পিছত আহিছা আৰু এটা দুখ দিব বিচাৰিছা ?
:: প্লিজ..... মা
:: বাৰু ৰ'বা ...
( হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ'ল.... অলপ গম্ভীৰ হৈ বৃষ্টিৰ কাষলৈ গ'ল )
:: মাজনী.... আলহী আহিছে উঠা.... ভাল কাপোৰ এযোৰ পিন্ধি লোৱা ।
:: আলহী আহিছে আহক , মই কি কৰিব লাগে ? কিয় পিন্ধিম মই , নাযাওঁ উলাই ।
:: তোমাক চাব আহিছে , দেউতাৰ বন্ধু এজনৰ ল'ৰা ।
:: মোক চাব আহিছে ? ভালকৈ দেখাই আছো মই কেনেকুৱা ।
( বৃষ্টিয়ে চুলিখিনি অলপমেলি ল'লে , তাই শুই থকা কাপোৰখন গাত মেৰিয়াই লৈ আলহীৰ ওচৰলৈ বুলি আহিল )
:: মাজনী কত গৈছা পাগলীজনীৰ দৰে ? ভালকৈ যোৱা ।
:: পাগলী বুলি ভাৱি পলাব লাগিব ।
( আকাশে বেৰত আৰি থোৱা ফটোবোৰ চাই আছিল , পিছফালৰ পৰা বৃষ্টিয়ে মাত লগালে )
:: আপুনি আহিছে নেকি মোক চাবলৈ ? চাওঁক মই আহিলো ।
( আকাশে তাইৰ ফালে ঘুৰি চাই... )
:: হয় । মইয়ে...
(বৃষ্টিয়ে তেনেকৈ আহিব বুলি সি কল্পনাই কৰা নাছিল , উচপ খাই উঠাৰ দৰে চিঞৰি উঠিল )
:: তুমি.....এনেকৈ....
(বৃষ্টিৰ বাবে কল্পনাৰো অগোচৰ আছিল সেইয়া যে আকাশ )
:: আকাশ তুমি.... মা... মা... মা...
( মাকক চিঞৰি চিঞৰি ভিতৰলৈ দৌৰ মাৰিলে, আকাশে হাঁহি ৰখাব নোৱাৰিলে.... )
:: মা... তুমি কিয় কোৱা নাছিলা আকাশ আহিছে বুলি । সি কি ভাবিছে মোক ?( Assamese Storyboard )
:: সি কবলৈ মানা কৰিছিল বাবেহে আৰু তুমিও চোন মোক কবলৈ সময় নিদিলাই ।
:: নাহো বুলি কৈছিল নহয় । কিয় আহিব লাগে । নামাতো মই......
( মুখৰ ভিতৰতে গালি পাৰি ভিতৰলৈ সোমাই গৈ দুৱাৰখন বন্ধ কৰি দিলে )
:: মাজনী দুৱাৰ খোলা সি বেয়া পাব নহয় । তোমাক surprise দিবৰ বাবেহে তেনেকুৱা কৰিছে ।
:: তুমি কৈ দিবা মা । মই কোনো আকাশক চিনি নাপাওঁ ।
( মাক আকাশৰ ওচৰত গ'ল । )
:: খং কৰি আছে তাই , কালিৰ পৰা কান্দি আছে । তোমাক গালি পাৰি আছে আৰু কোৱাচোন তোমাৰ খবৰ ঘৰত সকলোৰে ভাল নে ?
:: উম্ ভাল মা । মই কালি ৰাতিপুৱা ঘৰ পাইছোহি আৰু সোমায়েই ইয়াত আহিলোঁ । মা তাইৰ খঙটো মই আঁতৰাই আছোঁ ।
(আকাশ তাইৰ দুৱাৰ মুখত ৰৈ মাত লগালে । )
:: নামাতা মোক ? বেয়া পাইছা ? তোমাক দুঃখ দিয়া বাবে , বেয়া নাপাবা অ' অভিমানী , ক্ষমা কৰি নিদিয়া মোক ?
( বৃষ্টিয়ে ভিতৰৰ পৰা মাত লগালে । )
:: মা.... ! ও ..... মা.....! অচিনাকি মানুহবোৰে মোক মাতি থাকিলে মই বেয়া পাওঁ বুজাই দিয়া ।
:: সঁচাই নামাতা মোক । দুৱাৰ খোলা তোমাৰ বাবে এটা মৰম লগা উপহাৰ আনিছোঁ ।
:: নালাগে তোমাৰ উপহাৰ । ইমান দুঃখ দি এতিয়া উপহাৰ দিব আহিছা ।
:: মাজনী আহাচোন , আকাশে বেয়া পাব ।
:: পাওঁক........
( অভিমানী জনী আৰু বেছি অভিমানী হৈ পৰিল আকাশক ওচৰত দেখিb)
:: মোক তুমি ইমান বেয়া পোৱা নে ? ইমান দূৰৰ পৰা আহিছোঁ তোমাৰ বাবে অলপটো অভিমান কম কৰা ।
:: নকৰোঁ.....
মা..... মা... তুমি কিয় অচিনাকি মানুহক ভিতৰত আহিব দিয়া ।
( এইবাৰ তাই অলপ খং দেখুৱাই ক'লে )
:: মাজনী আহিবা নে ? কি কৈ আছা এইবোৰ । আকাশ অচিনাকি নেকি ?
( বৃষ্টি নিমাত হৈ পৰিল )
:: মা ....আৰু নামাতিব । বৃষ্টিয়ে ঠিকেই কৈছে , অচিনাকীয়ে মই..... পাগল আছিলোঁ মই সেই বাবে ইমান দূৰ গুচি আহিলোঁ । ভাবিছিলোঁ তাই মোক দেখি অভিমান কৰিব , খং কৰিব , গালি পাৰিব , কিন্তু এনেদৰে যে অচিনাকি হৈ যাম ভবা নাছিলোঁ । তাইক হঠাৎ আহি surprise দিম ভাবিছিলোঁ কিন্তু ইয়াত আহি নিজে surprise হৈ পৰিলোঁ । তাইৰ বাবে আজি মই অচিনাকি হৈ পৰিলোঁ । মই যাওঁ মা ।
( আকাশে মাকক দুঃখ মনেৰে ক'লে আৰু গুচি গ'ল )
:: আকাশ ...... শুনাচোন..... আকাশ.....
:: মাজনী কিয় এনেকুৱা হ'লা তুমি , ইমান খং ভাল নহয় । সি ইমান দূৰ তোমাৰ বাবে আহিছিল কিন্তু তুমি তাৰ মনত ইমান কষ্ট দিলা । চাহ একাপো নাখালে বেচৰাটোৱে ।
( মাকে বৃষ্টিক গালি পাৰিব ধৰিলে )
(বৃষ্টিয়ে অভিমান কৰি আছিল , কিন্তু খঙতে যে এনেকৈ কৈ দিব তাই নিজেও ভবা নাছিল । ওলাই আহি চালে আকাশ নাই সি মানে সঁচাকৈ গুচি গ'ল । চিঞৰি চিঞৰি কান্দিব ধৰিলে তাই........ )
:: মা... মা... মই ধেমালি কৰিছিলোঁ মা । সি কিয় গুচি গ'ল ! আকাশ ঐ আকাশ মই ধেমালি কৰিছোঁ ও ঘূৰি আহা আকাশ......মা ..... মা ..... আকাশক মাতি দিয়া..... সি নহ'লে মই মৰি থাকিম
( তাই ওচৰতে থকা চুৰি এখন হাতত তুলি ল'লে... )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( Assamese Storyboard )
(আগলৈ)....
ভাল লাগিলে share কৰিব ।।
ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব ।।
✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)
( ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব । )
ভাল লাগিলে Share কৰিব ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment