অৰুনাক জেৰা কৰি এটা হত্যাৰ হত্যাকাৰী বিচাৰি পোৱা ৰ দিশে বৰুৱা । ৰেখা ! পলাশ থকা ভাড়া ঘৰৰ মালিকৰ ঘৈনীয়েক ( Assamese Storyboard )। তাৰমানে ভাড়া ঘৰৰ মালিকৰ ঘনীয়েক ও জড়িত আছিল এই কামত । ইতিমধ্যে বৰুৱা ই থানা লৈ মাতি পঠাইছিল ৰেখাক । ৰাধিকা ৰ ডায়েৰীৰ জড়িয়তে পলাশ হত্যাৰ তদন্তৰ ক্লু পালে বৰুৱা ই । সেয়েহে ৰাধিকা ৰ ডায়েৰী খন দুদিন মানৰ কাৰনে থৈ দিলে । প্ৰথম তদন্ত পলাশৰ হত্যাকাৰী বিচাৰি হ'ব । তাৰ পাছত বিচৰা হ'ব ৰাধিকা ৰ হত্যাকাৰী ।
নিয়ৰ আৰু অংকুৰণ ৰ লক আপৰ ভিতৰত থাকি দিন নাযায় , ৰাতিপুৱা পোহৰ নহয় যেন লাগিছিল । বন্দীত্ব জীৱন কটাই বেয়া পোৱা নিয়ৰ ৰ এই দিন কেইটা আছিল অভিশপ্ত দিন । আৰু কিমান দিন কটাব লাগিব পিঞ্জৰাৰ ভিতৰত ! ক্ৰমান্বয়ে ধৰ্য হেৰাই গৈছিল নিয়ৰ ৰ ।
বৰুৱা ই নিজৰ কোঠাত বহি কেছ ৰেজিষ্টাৰ বুক কেইটা মান খোচৰি আছিল । ঠিক তেনেতে বৰুৱা ৰ ৰুমত সোমাই আহিছিল এজনী কম বয়সীয়া মৰম লগা মহিলা ।
- নমস্কাৰ ছাৰ ।
- নমস্কাৰ । আপুনি ?
- মই ৰেখা , আপুনি ফোন কৰি মাতি পঠাইছিল ।
- অহ, বহক বহক ।
ৰেখাই বৰুৱা ৰ সন্মুখৰ চকী খনত বহিছিল । ৰেখাক দেখাত খুব সৰল মহিলাৰ দৰে লাগিছিল । কিন্তু বাহ্যিক আভৰণ ৰ তলত ও কিছুমান ৰ থাকে অন্য এটা ৰূপ ।
- ছাৰ মোক হঠাৎ থানা লৈ কিয় মাতি পঠাইছিল ?
- মোৰ আপোনাক সুধিব লগা কেইটা মান প্ৰশ্ন আছে ।
- ঠিক আছে সোধক ছাৰ ।
ৰেখাই গম পাইছিল হয়টো পলাশৰ ওপৰতে তাইক প্ৰশ্ন কৰা হ'ব ।
- আপুনি নিশ্চয় পলাশ ক চিনি পাইছিল ?
- হয় পাইছিলো ছাৰ । সি আমাৰ ঘৰতে ভাড়া আছিলে ।
- পলাশ কেনেকুৱা ল'ৰা আছিল ?
ৰেখাই কও নকও কৈ কৈছিল ।
- মোৰ দৃষ্টিত ভালে আছিলে ছাৰ ।
- আপোনালোকৰ ঘৰ খনৰ লগত তাৰ সম্পৰ্ক এজন ভাৰাতীয়া হিচাপে নে আন্তৰিকতাৰে গঢ়ি উঠিছিল ?
এইবাৰ যে ৰেখা সজাগ হ'ল । যাতে প্ৰশ্ন বোৰৰ উত্তৰ দিওঁ তে উজুটি নাখায় ।
- ছাৰ সি যিহেতু আমাৰ ঘৰত বহু দিন ভাড়া আছিলে পিছত আমাৰ ঘৰ খনৰ লগত কিছু পৰিমাণে সি সহজ হৈছিল ।
- আচ্ছা ! সি আপোনাৰ লগত কথা বতৰা পাতিছিল নে ?
- হয়, মাজে মাজে পাতিছিল ।
- সি কি কাম কৰিছিল আপুনি জানে নে ?
- মই তাৰ কামৰ সন্দৰ্ভত একো নাজানো ছাৰ ।
- মিছা কথা আপুনি তাৰ কামৰ বিষয়ে বহুত ভালকৈ জানিছিল ।
- আপুনি বিশ্বাস কৰক ছাৰ মই একো নাজানো ।
- মই কেনেকৈ বিশ্বাস কৰিম । আপুনি য়ে অৰুনাক পলাশৰ ওচৰত কাম দিছিলে ?
- অহ, সেইটো কথা । ছাৰ অৰুনা মোৰ সম্পৰ্কীয় বাইদেউ । তাইৰ বিয়া নহ'ল । কিন্তু তাইৰ ককায়েক আৰু নবৌয়েক হতে তাইক সদায় ঘৰ খনৰ বোজা বুলি নানা ধৰনে মানসিক অত্যাচাৰ কৰি আহিছিল । মই যিহেতু চহৰৰ বাসিন্দা সেয়েহে তাই মোক এদিন কান্দি কান্দি অনুৰোধ কৰিছিল " ৰেখা তই মোক যিকোনো প্ৰকাৰে এটা কাম জোগাৰ কৰি দে । নহ'লে মই ঘৰতে আত্মহত্যা কৰিব লাগিব । " বাৰ কথাটো মই যিকোনো প্ৰকাৰে ৰাখিবলৈ চেষ্টা কৰিলোঁ । মই পলাশক লক্ষ্য কৰিছিলোঁ সি এটা ভাল কাম কৰাৰ নিচিনা জীৱন কটাইছিল । সেয়েহে সিদ্ধান্ত ললো মই কিবা এটা কামৰ কাৰনে পলাশকে অনুৰোধ কৰিম ।
তাৰ দুদিন পাছত মই পলাশৰ লগ কৰি সুধিছিলো ।
- পলাশ মোৰ তোমাৰ লগত এটা কথা আছে ।
- হয় কওক ৰেখা নবৌ ।
- তোমাক কথা এটা সুধিম যদিহে বেয়া নোপোৱা ।
- সোধক ,আৰু আপোনাক বেয়া পোৱা ৰ কোনো প্ৰশ্ন ই নুঠে ।
- তুমি কি কাম কৰা ?
- মই এটা ক'ম্পেনীৰ মেনেজাৰ ৰ দায়িত্ব পালন কৰি আছোঁ ।
- অহ, বঢ়িয়া । তোমাৰ ওচৰত কিবা কাম আছে নেকি ?
- মোৰ ওচৰত ধেৰ কাম আছে । কিন্তু কাৰ কাৰনে লাগে নবৌ ?
- মোৰ এজনী বাইদেউ আছে । তাইক যিমান পাৰি সিমান সোনকালেই এটা কামৰ প্ৰয়োজন ।
- আজি লাগিলে আজিয়ে পাব । আপুনি মাত্ৰ তেখেতক মোৰ ফোন নং টো দিব ।( Assamese Storyboard )
পলাশৰ পৰা সহাৰি পায় মই অত্যন্ত সুখী হৈছিলোঁ । হয়টো মই এই সময়ত বাইদেউ ক সহায় কৰিব পায় নিজে ধন্য হ'ম ।
ৰেখাৰ কথা শুনি বৰুৱা কিছু সময় মৌন হৈ থাকি কৈছিল ।
- উম , আপোনাৰ কথা শুনি এনেকুৱা লাগে যেন আপুনি সত্য কথাই কৈছে । কিন্তু মই বিশ্বাস কৰিব ও তান পাইছোঁ । এটা কাম কৰোঁ মই অৰুনা শইকীয়া ক থানা লৈ ফোন কৰি মাতো । আপুনি অলপ অপেক্ষা কৰক ।
- ঠিক আছে ছাৰ ।
বৰুৱা ই অৰুনাক ফোন কৰি থানা লৈ মাতি পঠালে । বহুত দেৰি হ'ল । ইমান সময়ে অপৰাধী ধৰা পৰিব লাগিছিল । নাই এতিয়া যিমান পাৰি সিমান সোনকালেই তদন্ত কৰিব লাগিব । বৰুৱা ই নিজে কথা বোৰ ভাৱি আছিল । পলাশ ভাল ল'ৰা নাছিল বৰুৱা ই বুজি পালে । হয়টো ঘৰুৱা অভাৱে তাক এইফালে তানি আনিলে । অভাৱ যদি আছিলে সি সৎ পথেৰে ও উপাৰ্জন কৰিব পাৰিলে হৈ । কিয় সি এনেকুৱা অসৎ পথ বাছি লৈছিল ! কিন্তু সি ভাল বেয়া যিয়ে নহওক কিয় তাক যিহেতু হত্যা কৰা হৈছে সেই হত্যাকাৰী বিচাৰিব লাগিব ।কাৰন মানুহ হত্যা কৰাৰ অধিকাৰ কাৰো নাই । কিছু সময় পাছত অৰুনা আহি থানা পাইছিল । আৰু চিধাই বৰুৱা ৰ কোঠালৈ সোমায় আহিছিল । আহিয়ে তাই দেখিছিল ইতিমধ্যে বৰুৱা ৰ সন্মুখত ৰেখা বহি আছিল ।
- ছাৰ !
- অহ, আহক বহক ।
অৰুনাই ৰেখাৰ ওচৰৰ চকী খনত বহিছিল ।
- তাৰমানে ছাৰক মোৰ ফোন নং টো তই দিছিলি বা ?
ৰেখাই অৰুনা ক সুধিছিল ।
- অহ, মই দিছিলোঁ ।ছাৰে মোক কালি জেৰা কৰিছিল ।
- বাৰু মিছেছ অৰুনা আমি আমাৰ কথালৈ আহো ।
- ঠিক আছে ছাৰ ।
- আপুনি কালি কৈছিল আপুনি ৰেখাৰ জড়িয়তে পলাশক চিনি পাইছিল !
- হয় ছাৰ , মই তাইক এটা কামৰ কাৰনে খাতনি ধৰা বাবে পলাশৰ ফোন নং টো তাই মোক দিছিলে ।আৰু তাই কৈছিল কাম সম্পৰ্কে এই ল'ৰা জনৰ লগত কথা পাতিবি ।
- আচ্ছা ! তাৰ ওচৰত কি কাম পাব সেই কথা ৰেখাই আপোনাক কৈছিলে নেকি ?
- নাই ছাৰ তাই মোক কৈছিল কি কাম তাই বিশেষ নাজানে ! মাত্ৰ সি ক'ম্পেনী এটাত কাম কৰে বুলি তাই গম পায় ।
- তাৰ পাছত আপুনি কাম সম্পৰ্কে পলাশৰ লগত যোগাযোগ কৰিছিল ?
- হয় ছাৰ ।
- কেনেকৈ কৰিছিল ,পৰাশে আপোনাক কি কৈছিল অলপ বহল বাবে বৰ্ণনা কৰিব নেকি ?
- কৰিম ছাৰ ।
ৰেখাই মোক ফোন নং দিয়া ৰ পাছতে মই পলাশক যোগাযোগ কৰিব চেষ্টা কৰিছিলোঁ । কাৰন সেই সময়ত যিমান পাৰি সিমান সোনকালেই মোক কাম এটাৰ প্ৰয়োজন হৈছিল । মই তাক ফোন কৰিছিলোঁ ।
- হেল্ল ' হয় কোনে ক'লে ?
- মই অৰুনা শইকীয়া ই কৈছিলো । আপোনাৰ ফোন নং মোক ৰেখা ই দিছিলে ।
- অ, আচ্ছা , আপোনাক অতিশিঘ্ৰে কাম এটাৰ প্ৰয়োজন ন ?
- হয় ।
- পায় যাৱ । আপোনাৰ কণ্ঠ খুব শুৱলা । আপুনি চাগৈ মানুহ জনী ও ধুনীয়া ?
- নহয় , মই দেখাত বহুত বেয়া ।
- ধুনীয়া মানুহ বোৰে নিজক বেয়া বুলি কোৱাটো এটা চখ ।
কথা খিনি কৈ সি হাহিছিল । মই বুজা নাছিলোঁ কাম এটাৰ লগত ধুনীয়া , কণ্ঠ শুৱলা এইবোৰ ৰ কি সম্পৰ্ক ।
- পিছে মোৰ কাম !
- হৈ যাৱ । আপুনি মোক আপোনাৰ ফটো এখন হোৱাটচ এপ ত পঠাওক ।
- আচলতে মোৰ তেনেকুৱা মোবাইল নাই ।
- তেন্তে কাইলৈ ৰাতিপুৱা আপুনি গুৱাহাটী আহিব পাৰিব ?
- পাৰিম , মই কাইলৈ ৰাতিপুৱা ই যাম । মোক এটা কামৰ প্ৰয়োজন ।
- নিশ্চয় কাম পাব । তেন্তে কাইলৈ ৰাতিপুৱা আপুনি গুৱাহাটী লৈ আহক ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment