ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২৫ ) : Assamese Storyboard

      

Assamese Storyboard

ৰক্তিম মই এটা কথা ভাবিছোঁ , নীহাই যেতিয়া আমাক লৈ খেল খেলিলে , এইবাৰ ময়ো এটা খেল খেলিম বুলি ভাবিছোঁ , সেই খেলখনৰ খেলুৱৈ তুমি , তুমি নীহাক সন্তানৰ পিতৃৰ পৰিচয় দিম বুলি কবা , কিন্ত এটা চৰ্টত... ব্যঙ্গ হাঁহি এটা মাৰি মনাই ৰক্তিমক কলে.( Assamese Storyboard )

: তুমি এইবোৰ কি কৰিবলৈ ওলাইচা মই একো বুজি পোৱা নাই  , নীহাক সন্তানৰ পিতৃ পৰিচয় দিয়া মানে বৰ ডাঙৰ ভুল কৰা হ'ব, 

: তুমি কথাবোৰ ভালকৈ শুনি লোৱা , নীহাক ফোন কৰি ক'বা তুমি তাইৰ চৰ্টটো মানি লৈছা , কিন্ত নীহায়ো এটা চৰ্ত পূৰণ কৰিব লাগিব , তোমাৰ লগত মন্দিৰত বিয়াত বহিব লাগিব , যদি তাই অমান্তি হয় তেন্তে তুমিও অমান্তি হ'বা , আৰু বিয়াৰ দিনা হোমৰ গুৰিত বহাৰ আগতেই মই সকলো সত্য ৰাজহুৱা কৰিম , মৃণালিনী চলিহাৰ সকলো সুনাম ধূলিৰ লগত উৰুৱাই দিম ...., 

: ৱাহ...! মনা মানিছোঁ তোমাক , নাৰী সঁচাকৈ বৰ চলনাময়ী , মোৰ বিশ্বাস এই খেলখনত জয় তোমাৰেই হ'ব , কিয়নো তুমি সত্যক সমাজৰ আগত দাঙি ধৰিব বিচাৰিছা , 

: শিৰৰ এই সেন্দুৰখিনিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৰক্তিম , তুমি নিহালৈ ফোন কৰা ,..... আৰু শুনা কি কি কথা পাতা সকলো ৰেকৰ্ড কৰি থবা , সময়ত কামত আহিব ,...... মই চাহ কৰোগৈ তুমি কথা পতা...... মনা চাহ কৰিবলৈ যোৱাৰ পাছত ৰক্তিমে নীহালৈ ফোন লগালে , নীহাই প্ৰথমে ফোনটো কাটি দিছিল , কিন্তু বাৰে বাৰে ফোন কৰি থকা দেখি ৰিচিভ কৰিছিল ....


: হেল্ল' ! ৰক্তিম কোৱা ...কি মনত পৰিল আজি

: মনত পৰে কিন্তু তুমিটো জানাই মোৰ লগত এতিয়া মনা থাকে ,

: অ' মই পাহৰিছিলোঁৱেই , কত আছা এতিয়া

: ঘৰতে আছোঁ , তুমি কত ?

: মই আশ্ৰমত আছোঁ , আইতা এগৰাকীৰ জ্বৰ তাকে খবৰ কৰিবলৈ আহিলোঁ , 

: নীহা, মই তোমাক জৰুৰী কথা এটা কবলৈহে ফোন কৰিছিলোঁ ,

: কি জৰুৰী কথা ওলাল আকৌ....?

: ভয় কৰিব নালাগে , মই তোমাৰ সন্তানৰ পিতৃ পৰিচয় দিবলৈ সাজু আঁচো , কিন্তু তুমি মোৰ এটা চৰ্ত মানি লব লাগিব , 

: চৰ্ত....! ইয়াত আকৌ চৰ্ত ক'ৰপৰা আহিল ,

: শুনা , তুমি যিহেতু অৱিবাহিত গতিকে  সন্তানৰ মাতৃ হ'লে সকলোৱে তোমাক হাঁহিব , মই ভাবোঁ সন্তান জন্ম হোৱাৰ আগতেই তুমি আৰু মই মন্দিৰত বিয়া হৈ লওঁ..

: কিন্তু....! সেয়া জানো সম্ভৱ ৰক্তিম , মনাই জানো মোক আদৰি ল'ব ,

: মনাক বাৰু মই মান্তি কৰাম , এতিয়া তুমি কোৱা মোৰ লগত বিয়াত বহিবা নে নবহা ...!

: নবহাৰ প্ৰশ্নই নুঠে ৰক্তিম , 

: গুড , তুমি কথাটো এতিয়াই ৰাজহুৱা নকৰিবা , তোমাৰ আৰু মোৰ মাজতেই সীমাবদ্ধ , ক'ত কেতিয়া বিয়া হ'ব মই তোমাক জনাম , মাত্ৰ তুমি সাজু হৈ থাকিবা ,

: ঠিক আছে ৰক্তিম , তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ বহুদিন অপেক্ষা কৰিলোঁ , আজি মই বহুত সুখী , তোমাৰ লগত মনাই হাঁহি স্ফূৰ্তি কৰি কথা পাতি থকা দেখিলে মোৰ কেনে অনুভৱ হয় জানা...! টেঁটু চেপি মাৰি পেলাবৰ মন যায় , মই ঠিকেই ভৱিছিলোঁ তুমি সলনি হোৱা নাই , মাথোঁ মনাই তোমাক বাধ্য কৰাইছে , 

: ঠিক আছে দিয়া মনাই চিঞৰি আছে , মই ফোন কৰিম , তুমি ফোন নকৰিবা , by ..... ফোনটো কাটি দিছিল ৰক্তিমে , মনালিছা..... মনৰ আনন্দতে চিঞৰি দিছিল ৰক্তিমে ,উধাতু খাই ওলাই আহিছিল মনা .... কি হল ৰক্তিম কিয় ইমান চিঞৰিছিলা...?

: তোমাৰ প্লেন সফল হব , নীহা বিয়াত বহিবলৈ ৰাজি...

: কি কোৱা ৰক্তিম তুমি সচাকৈ কৈছা নে...!

: সচাকৈ কৈছোঁ , এতিয়া বাকী কাম তোমাৰ , মোৰ কাম মই কৰি দিলোঁ , 

: নীহা ৰাজী যেতিয়া এতিয়া কোনো সমস্যা নাই , তাইৰ যিমান বন্ধু বান্ধৱী আছে সকলোকে ইনভাইট কৰি দিবলৈ ক'বা , তেতিয়াহে খেলখন জমিব , এইবাৰ নীহাই উচিত শিক্ষা পাব তুমি চাই থাকা , তাই মোক ধ্বংস কৰে , ময়টো ইমান মূৰ্খ নহয় , প্ৰতিশোধ কি নীহাই এইবাৰ বুজিব....,

: বিয়াৰ দিনা ঋত্বিক আৰু নূপুৰকো ইনভাইট কৰিব লাগিব , 

: আজি কি বাৰ ৰক্তিম...

: বুধবাৰ.. কিয় সুধিলা ? 

: অহা সোমবাৰে নীহাৰ বিয়া , তুমি তাইক তাৰিখটো জনাই দিবা , 

: কিন্তু....?

: কোনো কিন্তু নাই... মই যি কৈছোঁ সেইটোৱেই হ'ব , মই ঋত্বিকক ফোন কৰি জনাই দিম , সেইদিনাই মন্দিৰত সিহঁতৰো বিয়া হ'ব , তুমি দেউতাক কথাটো কবা , এতিয়া অলপ আৰাম কৰি লোৱা , সন্ধিয়া বজাৰ কৰিবলৈ যাব লাগিব , ঋত্বিক আৰু নূপুৰকটো কিবা এটা দিব লাগিব, 

: মনা ঘৰলৈ যোৱা নহলেই দেখুন , আজিয়ে পাক এটা মাৰি আহোঁ ব'লা , মই দেউতাক ওলাবলৈ কওঁ , তুমি ৰেডী হোৱাগৈ ,

: আইডিয়াটো বেয়া নহয় ঋত্বিক , তুমি দেউতাক ৰেডী কৰা মই ৰেডী হওঁগৈ.... বিহু বুলি ঘৰলৈ যাব পিঠা পনা কেইটামান লগত লৈ যাব লাগিব , মনাই টেমা এটাত দেউতাকে ভাল পোৱা নাৰিকলৰ পিঠা , ভায়েকে ভাল পোৱা ফেনী পিঠা , মাকলৈ বুলি ভজাবৰা চাউল কেইটামান ভৰাই ললে ,  বেগত বস্তু কেইটা ভৰাই হাত মুখ ধুই আইনাৰ সমুখত বহিলে ,  চকুত কাজল আৰু ওঁঠত গাঢ়কৈ লিপষ্টিক ললে , চুলিকোচা পকাই সামান্য ঢোপ উঠাই খোপা বান্ধিলে , জোৰনত দিয়া কমলা ৰঙৰ কাপোৰ যোৰৰ মেখেলাখনৰ লগত বুটা কৰা পাটৰ বগা ৰিহাখন মেৰিয়াই ললে , কপালত জিলিকি থকা দগমগীয়া সেন্দুৰৰ ফোটটিয়ে মনাৰ সৌন্দৰ্য দুগুণে উদ্ভাসিত কৰি তুলিলে , ....তোমাক আজি বৰ ধুনীয়া লাগিছে মনা..., প্ৰশংসা কৰিলে ৰক্তিমে

: ধন্যবাদ, দেউতাৰ হ'ল নে .... , 

: হৈছে , তুমি গাড়ীত বহাগৈ , মই তলা মাৰি গৈ আছোঁ , 


        দুৱাৰখন খুলি মনা লাহেকৈ গাড়ীত বহিলগৈ , গাড়ীত বহিয়েই তাই মাকলৈ ফোন লগালে , 

... হেল্ল' মা , ঘৰত আছা নে ..

: আছোঁ মাজনী , কিয় সুধিলা

: আমি গৈ আঁচো , হঠাৎ সিদ্ধান্ত লোৱা হল , সেয়ে তোমাক ফোন কৰি জনাই দিলোঁ , দেউতাও যাব আমাৰ লগত 

: ঠিক আছে মাজনী , ( Assamese Storyboard )


       খবৰটো পোৱাৰ লগে লগেই মাকৰ গাত তৎ নাইকিয়া হল , চিঞৰি চিঞৰি ল'ৰাটোক বজাৰলৈ পঠিয়ালে , ডিভানটো খুলি নতুন বিচনা চাদৰ এখন আৰু কোচন কভাৰ কেইটা উলিয়াই ড্ৰয়িং ৰূমটো সুন্দৰকৈ সজালে , পদূলি মূৰত ফুলি থকা নাহৰৰ - তগৰ কেইপাহমান চিঙি আনি কলহ এটাত ভৰাই কৰ্ণাৰ টেবুলখনত সজাই থলে , সজীৱ ফুলৰ মৃদু মৃদু সুগন্ধ কোঠাটোত বিয়পি পৰিল , খৰখেদাকৈ কামকেইটা কৰি আজৰি হ'ম বুলি ভাবোঁতেই পদূলিত গাড়ী এখন ৰখোৱাৰ শব্দ শুনি বাহিৰলৈ ওলাই আহিল মনাৰ মাক .... আহক...! আহক বিয়ৈ.., আহা ৰক্তিম..., বহকচোন বিয়ৈ , মই চৰবত আনোগৈ বৰ গৰম পৰিছে , 

: আপুনি বহকচোন বিয়নী... , কিয়নো ইমান খৰখেদাখন কৰিছে , বিয়ৈ নাইনেকী ..? 

: আছে , আছে , নাথাকি ক'ত যাবনো..! মাজনী তুমি চৰবত কণ ঠিক কৰাগৈচোন ..... মনাৰ মাকে মনাক নিৰ্দেশ দিলে 

: হ'ব মা , তোমালোকে কথা পাতা , মা নেমু আছে নাই ..? দেউতাই কিনা চৰবত নাখাই , 

: ফ্ৰীজতে আছে মাজনী , পৰ্দাখন দাঙি মনাৰ দেউতাক ড্ৰয়িং ৰুমলৈ ওলাই আহিছিল , আৰু দেউতাকক মাতষাৰ দি মনা ভিতৰলৈ সোমাই গৈছিল...,

: ভালে আছে বিয়ৈ...? ৰক্তিমৰ দেউতাকে মনাৰ দেউতাকক প্ৰশ্ন কৰিলে ।

: আছোঁ আৰু কোনৰকম , বেমাৰী দেহা ,  এটাৰ পিছত এটা বেমাৰ ওলায়ে থাকে , ৰক্তিম বোপা কেইদিনৰ ছুটিত আহিচা ... প্ৰশ্নবোধক দৃষ্টিৰে চালে ৰক্তিমলৈ 

: আৰু বেছিদিন নাই , শুক্ৰবাৰে যামগৈ , আকৌ পূজাত আহিম , 

: আপুনি ঔষধবোৰ সময়মতে খাই আছে নে...! 

: কিমান খাবা অ' বোপাই , সিফলীয়া হোৱা হ'লেই ভাল আছিল , 

: কিয় তেনেকৈ কৈছে দেউতা ...

: নাপায় বিয়ৈ , তেনেকৈ কিয় ভাবিছে , আমিবোৰ আছোঁ নহয় , আপুনি এনেকৈ মন পেলাই দিলে কেনেকৈ হব , ল'ৰালৈ বিয়া পাতিবলৈ আছেই , বোৱাৰী হাতে ভাত এসাঁজ নোখোৱাকৈ কেনেকৈ যাব... , ৰক্তিমৰ দেউতাকে খুহুতিয়া কৈ কথা কেইটা কলে , 

: আপুনি কোৱা কথাটো ইমান মিছা নহয় , হা:......, হা:.... , প্ৰাণখুলি হাঁহিল মনাৰ দেউতাকে , হাতত চৰবত ট্রেখন লৈ মনা ওলাই আহিল , হাতত মোনা এটা লৈ উধাতু খাই সোমাই আহিছিল মনাৰ ভায়েক ..... অ'হ ! চৰি দেই বা , 

: ভাইটি , তোৰ দুষ্টামিবোৰ এতিয়াও একেই আছে , কোনৰকম ট্রেখন নপৰাকৈ ৰাখিলোঁ , দৌৰি যে আহিছ লাহে লাহে খোজ কাঢ়িবলৈ পাহৰি গলি নেকি ...., যা বেগটো ভিতৰত থৈ ভিনদেউ আৰু খুড়াক মাত এষাৰ দে হি........ ট্রেখন টেবুলত থৈ মনা ৰক্তিমৰ কাষতে বহিল , চৰবত গিলাচটো হাতত লৈ মনাই দেউতাকৰ ফালে আগবঢ়াই দিলে... দেউতা লওকচোন আপোনাৰ নেমুপানী , মা তুমি আজি পাকঘৰলৈ যাব নালাগে ৰক্তিম আৰু মই দুয়ো পাকঘৰত সোমাম , তোমালোকে দেউতাৰ লগত কথা পাতা , 

: নালাগে মাজনী , 

: একো নহয় মা...! মোৰ অভ্যাস আছে , ব'লা মনা , .... ৰক্তিম আৰু মনা দুয়ো ভিতৰলৈ সোমাই গল , বিয়ৈ বিয়নী মিলি হাঁহি ধেমালি কৰি নানা কথা পাতিলে , হেৰাই যোৱা মুখৰ হাঁহিবোৰ যেন মনাৰ আগমনত আকৌ ঘূৰি আহিল... বুইছে বিয়ৈ মাজনীৰ বিয়াৰ পাছৰে পৰা মন খুলি এখেতে হাঁহিবলৈকে এৰিলে , বৰ খিঙখিঙীয়া হৈ গল , সৰু কথাতে খং উঠে , আপোনাৰ আগমনে এখেতৰ হেৰাই যোৱা হাঁহিটো আজি ঘূৰাই দিলে ..... মনাৰ মাকে মিঠা হাঁহি এটা মাৰি কথাটো কলে ,

: মানুহৰ জীৱনটোৱে এনেকুৱা বিয়নী , সুখ দুখঃ , হাঁহি কান্দোনৰ সমষ্টি , 


          কথাৰ মাজতে মনাৰ ভায়েক আহি মাত লগালে ...... খুড়া , ভালে আছে , 

: ভাল ভাল ডেকা ল'ৰা , তোমাৰ কোৱা...?

: মোৰ বিন্দাচ খুড়া ,

: বিহুত নগলা যে এপাকো ,

: সময়ে মিলাব পৰা নাই অ' খুড়া ,

: বায়েকৰ ঘৰলৈ গ'লে তিনিআলি চাৰিআলিত আড্ডা দিব কোনে .... ! সঁচা কথাটো কৈ নিদিয় কিয় , .... মাকে তপৰাই কলে 

: মা... তুমি যি টি কথাবোৰ কিয় কৈ থাকা , খুড়া টিউচনৰ পৰা আহোঁতে তিনি আলিত লগৰ কেইটাৰ লগত অলপ কথা পাতি মাইণ্ডটো ফ্ৰেচ কৰোঁ , সেইটো কথাক লৈয়ে মাৰ সদায় বলকনি , 

: পিছে ডেকা ল'ৰা , সময়বোৰ অবাবত খৰচ কৰাতকৈ পাৰিলে মাকে অলপ সহায় কৰি দিবা , দেউতাক লগ দিবা , তুমিয়ে জানো এতিয়া ঘৰখনৰ দায়িত্ব ল'ব নালাগিব...!

: মই এতিয়াই সেইবোৰ দায়িত্ব ল'ব নোৱাৰোঁ দেই , 

: কিন্তু এদিন নহয় এদিনটো ঘৰখনৰ দায়িত্ব ল'বই লাগিব , মই কিবা মিছা কৈছোঁ নেকি বিয়নী !

: আপুনি ঠিক কথাই কৈছে বিয়ৈ , ইয়াক লৈ মোৰ বৰ চিন্তা হয় , সদায় এনেকৈ থাকিলে পঢ়া শুনাটো শেষ হ'বই লগতে এই ঘৰখনো ঘৰ হৈ নাথাকিব ... ! ...... বৰ দুখেৰে কথা কেইটা কলে মনাৰ মাকে , 


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages