ৰিংকু: অ সোধা।
বেদান্ত: তুমি তোমাৰ ৰুমলৈ কিয় নোযোৱা?( Assamese Storyboard )
এইটো প্ৰশ্নত ৰিংকুয়ে উদাস হৈ কলে," সেইদিনা ৰাতি পাৰ্টিৰ পাছত মই ৰিয়াক মোৰ ৰুমলৈ লৈ যোৱাৰ কথা ভাবিছিলো।কিন্তু মোৰ ভুলৰ বাবে তাই ঘৰ এৰি যাব লগা হল।"
তাৰ চকু সেমেকি উঠাত বেদান্তই কলে," কি যে দাদা তুমিও? মই ভাবিছিলোঁ এইটো ৰুমত মই থাকিম আৰু ঝুলনাৰ মজা লম। কিন্তু ইয়াত তুমি মোতকৈ আগতেই আহি দখল কৰি ললা।" কৈ সি মুখ ফুলাই ললে।
ৰিংকুয়ে তাৰফালে চাই হাঁহি দিলে," কিয় তোমাৰ হিংসা হৈছে?"
বেদান্ত: অ দাদা, কিয় নহব হিংসা। এইটো মোৰ বাৰ ৰুম হয়।
ৰিংকু: অ তেন্তে বাৰ ভাইটি আকৌ আহি যোৱা। ৰিয়াৰ ভাইটিৰ পৰা মোৰ ভাইটিলৈ ঘূৰি অহা , নহলে....
বেদান্ত: 'নহলে কি দাদা?' আৰু হাঁহি হাঁহি তাৰ পৰা গুচি আহিলে। ৰিংকু তাৰ পিচে পিচে দৌৰিলে। ৰুমৰ ভিতৰতেই দুয়োটাই দৌৰি থাকিল। কিছুসময় পিছত দুয়োটা ভাগৰি পৰি বিছনাত শুই দিলে। দৌৰি দৌৰি দুয়োৰে উশাহ ৰৈ গৈছিল। কিছুসময় পাছত নৰ্মেল হৈ বেদান্তই কলে," দাদা, পাপাই কিন্তু এইটো ভাল নকৰিলে।"
ৰিংকু: কি?
বেদান্ত:তোমাক দিল্লীলৈ পঠিয়াই।
ৰিংকু: পাপাই কিবা চিন্তা কৰিয়েই চাগে মোক দিল্লীৰ কোম্পানীটোৰ দায়িত্ব দিছে।
বেদান্ত: কিন্তু আমি দুয়ো মিলি ৰিয়াক বিচাৰি উলিওৱাৰ কথা ভাবিছিলোঁ।
ৰিংকু: অ সেইটো হৈ যাব। আমি দুয়ো মিলি তাইক বিচাৰি উলিয়াম। তুমি ইয়াত বিচাৰিবা আৰু মই তাত।
বেদান্ত: কিন্তু দাদা, তোমাৰ এনেকুৱা লগা নাই নে মা- পাপাই যেন আমাৰ পৰা কিবা লুকুৱাইছে?
ৰিংকু আচৰিত হল,"অ তুমি ঠিকেই কৈছা। কেতিয়াবা তো মোৰ এনে লাগে যে মা- পাপাই ৰিয়া কত কেনেকৈ আছে সকলো জানে। নতুবা তেওঁলোক ইমান নিচিন্ত কেনেকৈ হব পাৰে?"
তেতিয়া বেদান্ত উঠি বহি দিলে," এক মিনিট দাদা, এনেকুৱা নহয় তো যে ৰিয়া দিল্লীত আছে? আৰু সেইবাবে পাপাই তোমাক দিল্লীলৈ পঠিয়াইছে।"
ৰিংকু: হয়তো, মই এই বিষয়ে নাভাবিলোয়েই। সেইকাৰণে চাগে পাপাই মোক হঠাৎ দিল্লীলৈ যাব দিছে।
বেদান্তই ফুৰ্তিত কলে," তেনেহলে তুমি নিশ্চয় যাব লাগে আৰু তালৈ গৈ তাইক বিচাৰিব লাগে। চুটি পালে মইও গৈ তোমাক সহায় কৰিম। তাৰ পাছত দুয়ো মিলি 'মিছন ৰিয়া' সম্পূৰ্ণ কৰিম
ৰিংকুয়ে হাঁহি মাৰি কলে,"ঠিক আছে তেনেহলে মই অহা কালিৰ পৰাই 'মিছন ৰিয়া' আৰম্ভ কৰিম।( Assamese Storyboard )
বেদান্ত:দাদা তুমি অহাকালীৰ বাবে পেকিং কৰিলা নে?
ৰিংকু: অ, সকলো পেকিং হৈ গল
বেদান্ত: 'ঠিক আছে দাদা, এতিয়া তুমি শুই যোৱা।ৰাতিপুৱা তোমাৰ ফ্লাইট আছে গুড নাইট।' সি এনেকৈ কৈ যাবলৈ ওলোৱাত ৰিংকুয়ে তাক বাধা দিলে," আজি ইয়াতেই থাকি যোৱা। টোপনি মই কাইলৈ পোৰা কৰি লম। কিন্তু আজি মই এই তিনি বছৰৰ অভাৱ পূৰণ কৰিম। ইয়াত ব'হা আৰু মোৰ লগত কথা পাতা।"
বেদান্ত: ঠিক আছে দাদা।কু: মোৰ কাৰণে তুমি আৰু উৰ্মি বেলেগ কৈ থাকিব লগা হল। উৰ্মি বহুত ভাল ছোৱালী হয় জানা। তাই মা- পাপা আৰু মোৰ বহুত ভালদৰে যত্ন ললে। মোৰ সকলো ভুল মাফ কৰি মোক ডাঙৰ দাদাৰ সন্মান দিলে। বহুত মৰম লগা হয় তাই। তাইৰ কেতিয়াও লগ এৰি নিদিবা।"
বেদান্ত: মই জানো দাদা, তাই সৰুৰে পৰা পৰিয়াল অবিহনে হোষ্টেলত ডাঙৰ দীঘল হোৱা গতিকে তাই পৰিয়ালৰ মহত্ব বুজি পায়। আৰু ৰিয়াক তাই মোতকৈ বেছি মৰম কৰে।" তাৰ পাছত চকু মুদি সি উৰ্মিৰ ভাৱনাত মগন হল ।
ৰিংকুয়েও তাৰফালে চাই মিচিকিয়াই দিলে," ঠিক আছে এতিয়া শুই যোৱা। মোৰো টোপনি ধৰিছে গুড নাইট।" সি লাইট তো অফ কৰি দিলে। চকু মুদি সি ভাবিব ধৰিলে," ৰিয়া, যদি তুমি সঁচাই দিল্লীত আছা তেনেহলে মই সোনকালেই তোমাক বিচাৰি উলিয়াম।
তাৰ পাছত তুমি যি শাস্তি দিব বিচৰা মই মানি লম। কিন্তু তোমাক মান্তি কৰাই হে মই উভতি আহিম। তেন্তে সাজু থাকিবা ৰিয়া। কিয়নো তোমাক আনিবলৈ ৰিংকু আহি আছে দিল্লীলৈ।" আৰু মোবাইলত তাইৰ ফটো উলিয়াই তাইক চুমা যাছিলে,"গুড নাইট মোৰ পত্নী।"
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment