মাক আৰু ককায়েকৰ মৰমৰ শ্ৰুতিজনীৰ আজি বিয়া।সকলোৰে মনত আনন্দ।কাৰণ শ্ৰুতি সকলোৰে মৰমৰ( Assamese Storyboard )।স্বভাবতেই শান্ত আৰু ধুনীয়া ছোৱালী শ্ৰুতিৰ প্ৰেমত বহু ল'ৰাই পাগল আছিল।কিন্তু মাক আৰু ককায়েকে বেয়া পাব বুলি তাই এইবিলাক সম্পৰ্ক কৰা নাছিল।বি•কম লাষ্ট চেমিষ্টাৰটো বাকী থাকোতেই খুৰীয়েকে অনা ভাল সম্বন্ধটোৰ বাবে সকলোৱে বিবাহত মত দিছিল।মাক আৰু দেউতাকৰ একমাত্ৰ সন্তান সমীৰ চলিহা এজন টেট শিক্ষক।দেউতাকজনো অৱসৰ প্ৰাপ্ত শিক্ষক।সকলো ফালৰ পৰা ভাল সম্বন্ধটো তাইলৈ অহাৰ বাবে তাইও সুখী হৈছিল।
বিয়াৰ আগতে তাই এদিন সমীৰক ফোনত সুধিছিল-
ঃমোক বিয়াৰ পিছত পঢ়িবলৈ দিব নে আপুনি?
ঃপঢ়িবলৈ কিয়,পাৰা যদি চাকৰিও কৰিবা।তোমাৰ ভাল লগা বোৰ একো সংকোচ নহোৱাকৈ কৰিব পাৰিবা।মা আৰু দেউতাৰ বাদে আন কোনো নাই মোৰ।কেৱল তেওঁলোকক সন্মান কৰিবা।
সম্পৰ্কটো ঠিক হৈ বিয়াৰ পৰ্যায় সোনকালেই পাইছিলগৈ।বিয়াৰ দিনাখন আয়তীৰ উৰুলিৰ মাজত নিজৰ মাক আৰু ককায়েকক এৰি যোৱাৰ বেদনাই তাইৰ কলিজা কপাই নিছিল কিন্তু আনফালে তাইৰ ভালো লাগি আছিল।এতিয়াৰে পৰা তাই যে তাইৰ মনৰ মানুহজনক ওচৰতেই পাব।সমীৰ সমীৰ লগা ভাল লগা অনুভৱ এটিয়ে তাইক বাৰে বাৰে চুই গৈছিলহি।( Assamese Storyboard )
পিছদিনাখন বিয়াঘৰলৈ ককায়েকে ফাৰ্ণিচিয়াৰ খিনি লৈ গৈছিল।মৰমৰ ভনীয়েকক দৰা ঘৰে যৌতুকত অপ্ৰয়োজনীয় বস্তু আনিবলৈ মানা কৰিছিল যদিও যথাসাধ্য ভাবে প্ৰয়োজনীয় বস্তুখিনি ভালকৈয়ে দিছিল।
আহিবৰ সময়ত দৰাৰ দেউতাকে কৈছিল,
ঃবোপা তুমি চাকৰি কৰা ল'ৰা,কিন্তু ওচৰৰ মানুহবোৰে কৈ থকা শুনিছো তুমি ভনীয়েৰাক দিয়া বস্তুবিলাক আমাৰ ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলা নাই।
সেই কথা শুনি জাঙুৰ খাই উঠিছিল কইনাৰ বস্তু দিবলৈ যোৱা কইনাৰ খুৰাক আৰু বেলেগ মানুহবোৰ।
পৰিৱেশ বেয়া হোৱাৰ আগতে কইনাৰ ককায়েক ৰক্তিমে ক'লে ,
ঃদেউতা আপোনালোকেই কৈছিলচোন কইনাৰ লগত প্ৰয়োজনীয় বস্তুবিলাকহে দিবলৈ।আপোনালোকে কোৱা বাবেহে আমি সেইবোৰ বস্তু দিয়া নাছিলো।দিয়াতো প্ৰয়োজন বুলিও ভবা নাছিলো।
তই মনে মনে থাকচোন ৰক্তিম।ইহতে এতিয়াই বস্তুৰ বাবে কথা শুনাবলৈ ধৰিছে আৰু পিছলৈ বা ভনীয়েৰক কি কৰে ঠিক নাই।কিবা এটা কৰাই ভাল হ'ব।ভনীয়েৰজনী কেনেকৈ থাকিব ইয়াত।
কাজিয়া শুনি সকলোবোৰ মানুহ গোট খালে।কোনোবাই আকৌ মহিলা সমিতিতো খবৰ কৰিলে।
দৰাৰ দেউতাকেও কি কৈ দিলো বুলি ঠাইতে মুক হৈ বহি পৰিল।
স্থানীয় মহিলা সমিতিৰ সহযোগত কইনাক ঘৰলৈ লৈ যোৱা হৈছিল।লাহে লাহে উকিলৰ সহযোগত বিবাহ বিচ্ছেদৰ কাম-কাজ বিলাকো সোনকালে হৈ গৈছিল।
সমীৰ হঁতৰ পৰিয়ালটোৱে বিনা দোষত সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হৈছিল।আৰু সমীৰ?সি যেন অশান্ত হৈ পৰিছিল,শ্ৰুতিক পাইও হেৰুৱাৰ দুখত সি যেন শেষ হৈ গৈছিল।মানুহে দিয়া যৌতুক লুভীয়া বদনাম বোৰো মুৰ পাতি লৈছিল সি।কিন্তু যাক বহুত ভাল পাই পেলাইছিল তাইও যেন তাৰ পৰা আতৰি গৈছিল।ফোন কৰিও তাইৰ একো সহাৰি পোৱা নাছিল সি।বিচ্ছেদৰ যন্ত্ৰনাত দগ্ধ হৈ গৈছিল সি।
-এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in
( Assamese Storyboard )
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment