এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 21, 2021

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ১৫ ) : Assamese Storyboard

Assamese Storyboard

 

ৰক্তিমৰ দেউতাকহঁত আহি পালত দুপৰীয়া লৈ ৰক্তিমক খৰি দিয়া হ'ল!!


 পুলিচে ৰক্তিমৰ ৰুমৰ পৰা সকলো লগা বস্তু লৈ গৈছিল আৰু কাগজ কেইখনমান দেখি তেওঁ চক্ খাই উঠিল!!( Assamese Storyboard )


তাৰ পাছত পুলিচ অশোকৰ ঘৰলৈ গ'ল আৰু তাৰ মাক-দেউতাক চাকৰ সকলোকে কিবাকিবি প্ৰশ্ন সুধিলে আৰু তাৰ ৰুমলৈ গ'ল তাত বহুত বস্তু পালে আৰু লগতে এজনী ছোৱালীৰ ফটো পালে!!

  

এইফালে আশোকক  পুলিচে কিবাকিবি প্ৰশ্ন সুধিলে!!


আনফালে কিশোৰৰ অফিচলৈ গৈ পুলিচে সকলো চালে আৰু কিশোৰক সুধিলে -"আপুনি পইচা চুৰ হোৱা বুলি কেতিয়া গম পালে!!"


কিশোৰে ক'লে-" সন্ধিয়া অফিচ বন্ধ কৰিব সময়ত মই গম পালোঁ!!"


তাৰ পাছত মই গম পালোঁ যে মনোজক দহ লাখ টকাৰ লগা হৈ আছিল !! সেই কাৰণে মই তাক সন্দেহ কৰিলোঁ!!


সি আপোনাৰ কেবিনলৈ আহিছিল নেকি???


অ' সি আহিছিল,চকিদাৰ আৰু কেইজনমান আহিছিল মোৰ মনত নাই!!


তাৰ পাছত পুলিচে কিশোৰৰ লগত বহি চি.চি টিভিৰ এটা এটা খণ্ড ভালকৈ চালে!!


পুলিচজনে দুই তিনিবাৰ মান ৰেকৰ্ড খিনি চালে !!


 তাৰ পাছত তেওঁ কিশোৰক সুধিলে-"আপুনি জানে নে আপোনাৰ মালিক অশোক ৰক্তিমৰ হত্যাৰ বাবে জেলত আছে?"


এতিয়া কোৱা অশোক আৰু ৰক্তিমৰ কি সম্পৰ্ক আছে!!


ছাৰ!! মই জনা মতে তেওঁলোক দুয়োজনৰ মাজত প্ৰতিযোগিতা আছিল!!কাৰ কোম্পানী আগবাঢ়ি যাব পাৰে!! আৰু এদিন কাজিয়া ও হৈছিল!!


চকিদাৰ আৰু মনোজক কিবাকিবি প্ৰশ্ন কৰি পুলিচজন গুচি গ'ল!!


নেহাৰ সন্মুখত পুলিচ বিজয় নাথ বহিলে আৰু ক'লে তোমাৰ লগত ৰক্তিমৰ বিয়া হোৱা কথা আছিল আৰু এনেকুৱা হৈ গ'ল!! তুমিটো তাক ভাল পাইছিলা !!কৃপা কৰি  তুমি যি জানা মোক সঁচা কথা কোৱা!!



অশোক আৰু ৰক্তিমৰ কাজিয়া হৈছিল নেকি???সি ৰক্তিমক মাৰিম বুলি ধমকি কিয় দিছিল?? আৰু কি কথা আছিল যে সি ৰক্তিমক মাৰি পেলালে??


তোমাৰ ফটো অশোকৰ ৰুমত পোৱা গৈছে !! ইয়াৰ কাৰণ কি??


এনেকুৱা কি কথা আছিল যে নিজৰ সন্মানক পাহৰি ৰাতি ১১বজিত মনে মনে গৈ ৰক্তিমক মাৰি পেলালে!!


যাৰ মানসিক অৱস্থা ভাল সি এনেকুৱা কেতিয়াও নকৰে!!


নেহাই কান্দি কান্দি ক'লে-"মই একো নাজানোঁ!!"


অ' তাৰ মানে তুমি এইটোও নাজানা যে মনোজে তোমাক পাগলৰ দৰে ভাল পায়!!  তোমাৰ কাৰণে মৰিবলৈ ও সাজু আছে!!


 তুমি তাক কৈছিলা দহ লাখ টকা গোটাব পাৰিলে তাৰ লগত বিয়া হ'বা!!( Assamese Storyboard )


বিজয় নাথে খঙ কৰি‌ ক'লে-"তুমি যদি ৰক্তিমক ইমান ভাল পাইছিল !! তেতিয়া মনোজক কিয় কৈছিলা দহ লাখ টকা গোটাব পাৰিলে তাৰ লগত বিয়া হ'বা বুলি!!


কোৱা নেহা এইবোৰ কি ???


তাই সৰুকৈ ক'লে-" মই গম পোৱা নাছিলোঁ যে লগৰ ছোৱালী লগত এদিনৰ বাবে লগোৱা চৰ্ত ইমান বেয়া হ'ব!!"


কৈ কৈ তাই যেন ক'ৰবাত হেৰাই গল আৰু  বিজয় নাথক পাৰ হৈ যোৱা সময়ৰ কথাবোৰ ক'বলৈ ধৰিলে!!!


ৰক্তিম ঢুকুৱা তিনি দিন হৈ গ'ল!! তাৰ মাজতে তেওঁ দহ লাখ টকাৰ কথাটো সমাধান কৰিলে!!লেবৰ পৰা ৰিপ'ৰ্ট ও আহিল!!


কিন্তু ৰিপ'ৰ্ট বোৰত একো নাপালে!!


 পুলিচে ৰক্তিমৰ দেউতাকক তাৰ বিষয়ে সুধিলে -

"তেওঁ ক'লে ৰক্তিম সৰুৰ পৰাই চুকা আছিল তাৰ পাছত সি এজনী ছোৱালী ভাল পাইছিল আৰু কেইদিনমানৰ পাছত সিহঁতৰ এৰা এৰি হ'ল আৰু সি বেলেগ এজনী ছোৱালী ভাল পালে!!


তাৰ পিছত সি চাকৰি ও পাইছিল আৰু তাৰ মৃত্যু হৈ গ'ল বুলি কৈ তেওঁ কান্দিবলৈ ধৰিলে!!


"এইজনী নেকি ছোৱালীজনী বুলি বিজয় নাথে জেপৰ পৰা ফটোখন উলিয়াই দেখালে!!"


ৰক্তিমৰ দেউতাকে চক্ খাই ক'লে-"হয় এইজনী ছোৱালী!"


"ঠিক আছে বুলি কৈ বিজয় নাথে ফটো খন ভৰাই থলে!!"


তাৰ পাছত তেওঁ দেউতাকক প্ৰশ্ন ওপৰি প্ৰশ্ন সুধি গৈ আছিল!!


অলপ পাছত তেওঁ বৃস্তিহঁতৰ ঘৰলৈ গ'ল আৰু সিহঁতি তেওঁৰ সন্মুখত বহি আছিল!!


বৃস্তিয়ে বিজয় নাথলৈ পানী আনিবলৈ গ'ল!!


পুলিচজনে বৃস্তিৰ দেউতাকক ক'লে-"মোৰ ক'বলৈ বেয়া লাগিছে কিন্তু বৃস্তিয়ে ৰক্তিমক হত্যা কৰিছে!!!"


দেউতাকহঁত চক্ খাই উঠিল যেন তেওঁলোকক কিহবায়ে কামুৰিলে!!


আমি এতিয়া প্ৰমাণ হে বিচাৰি আছোঁ !! প্ৰমাণ পোৱা পাছত তাইক আমি এৰেষ্ট কৰিম!!!


পুলিচজনলৈ পানী আনোতে তাইৰ হাত কঁপিবলৈ ধৰিলে!!!


বিজয় নাথে পানীৰ গিলাচটো ৰুমালেৰে ধৰি ক'লে-"তোমাৰ আঙুলিৰ চাপ মিলাই চাম মিলিলে তোমাক কোনেও বচাব নোৱাৰে!!"


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages