এটা কথা এই খিনিতে কব লাগিব । ৰেখাৰ মন পিছল খোৱা ৰ কাৰন হ'ল নিজৰ স্বামীৰ গুৰুত্বহীনতা । যদিহে স্বামীয়ে ৰেখা ক অলপ হ'লেও গুৰুত্ব দিলে হেঁতেন ( Assamese Storyboard )! ব্যস্ত জীৱন ৰ অলপ সময় ৰেখাৰ কাৰনে ৰাখিলে হেঁতেন তেন্তে ৰেখাৰ দৰে ভাল বোৱাৰী এজনী ৰ মন পিছলি নাযায় । অবৈধ সম্পৰ্ক আমাৰ সমাজৰ এক অপৰাধ বা এই সম্পৰ্ক ক মই সমৰ্থন কৰা নাই । কিন্তু কিছুমান অবৈধ সম্পৰ্ক কেনেকৈ , কিয় আৰম্ভণি হয় তাৰ এক উদাহৰণ হে ব্যাখ্যা কৰিছোঁ ।
লাহে লাহে পলাশ আৰু মোৰ প্ৰেম কাহিনী আগুৱাই গৈছিল । এতিয়া মই মোৰ স্বামীৰ মৰমৰ অভাৱ অনুভৱ নকৰা হলো । দিনত বা ৰাতি প্ৰায় পলাশৰ লগতে কথা পাতি সময় বোৰ উপভোগ কৰোঁ । তাক এদিন নেদেখিলে বলিয়াৰ দৰে হৈ পৰো । সি কেতিয়াবা এদিন দুদিনলৈ ঘৰলৈ যায় । সেই কেইটা দিন যে মই বৰ অশান্তিত থাকোঁ । পলাশক মই কিয় নিজতকৈ ও বেছি ভালপোৱা হলো শুনক ।
কেইদিন মানৰ পৰা মোৰ ছোৱালী জনী ৰ গাটো ভাল নাছিল । খোৱা লোৱাত মন নাই । দিন ৰাতি মোক খুব আমনি কৰি থাকে । কিন্তু এই কথা খিনি মোৰ স্বামী , ভনী সকলোৱে গম পাইছিল । কিন্তু কাৰো একো গুৰুত্ব নাছিল । কিন্তু এদিন ৰাতি তাইৰ ভীষণ জ্বৰ উঠিছিল । অত্যন্ত কাহিছিল । মাজে মাজে উশাহ ল'বলৈ পাহৰি গৈছিল । তেতিয়া লৈ মোৰ স্বামী আহি ঘৰ সোমোৱা নাছিলে । কি কৰোঁ মই ভাৱি নাপায় মল্লিকা ৰ ওচৰলৈ গৈছিলো ।
- ভনী , মাইনাৰ ভীষণ জ্বৰ উঠিছে ।
- একো নহয়, এই খিনি সময়ত সৰু ল'ৰা ছোৱালী ৰ জ্বৰ হোৱাটো স্বাভাৱিক ।
- তুমি বুজা নাই , কাহি কাহি মাজে মাজে উশাহ পাহৰি গৈছে তাই ।
- উফ ! একো নহয় বুলি কৈছোঁ নে ! যোৱা মোক এতিয়া আমনি কৰি নাথাকিবা ।
মই হতাশ মনৰে তাইৰ ওচৰৰ পৰা আতৰি আহিছিলো । হয়টো তাই নিজৰ ছোৱালী হোৱা হ'লে উপলব্ধি কৰিলে হেঁতেন । কি কৰিম মই ! একো ভাৱি নাপায় ছোৱালী জনীক বুকুৰ মাজতে সাৱটি স্বামীৰ অপেক্ষা ত বহি থাকিলো । কিছু সময় পাছত ধলং পলং কৈ স্বামী আহি ঘৰ সোমাইছিল । মই ভয় ভয়কৈ তেওঁ ৰ ওচৰলৈ গৈছিলো । আৰু কৈছিলো ।
- শুনিছেনে !
- কি হল ?
- মাইনাৰ ভীষণ জ্বৰ উঠিছে ।
- মই কি কৰিব লাগে ?
মই আচৰিত হলো , নিজৰ ছোৱালী জনীৰ বেমাৰৰ কথা কওঁতে তেওঁ কৈছে মই কি কৰিব লাগে !
- আপুনি নাজানে কি কৰিব লাগে ?
- যি কৰা তুমি কৰা । মোক ভাত দিয়া টোপনি ধৰিছে ।
- ডিঙিলৈকে গিলি আহিলে টোপনি কিয় নধৰিব ।
- তোমাৰ কথা কিন্তু বাঢ়ি গৈ আছে । চাই আছোঁ , যিদিনা ধৰিম একেবাৰে বাঘে ধৰা দিম ।/p>
গম পালোঁ , এইখন ঘৰৰ মানুহৰ মৰম স্নেহ , সহানুভূতি একো নাই । এই ঘৰৰ মানুহ বোৰ ব্যক্তিকেন্দ্ৰিক । সিদ্ধান্ত ললো মই নিজে মাইনাৰ কিবা ব্যৱস্থা কৰিব লাগিব । ৰাতিটো ভালে ভালে গ'লে হয় । ছোৱালী জনী অলপ সময় টোপনি গৈছিল । সেই সময়তে সিহঁতক ভাত দি বাচন ধুই আজৰি হৈ ললো । আজি দিনটো তাইৰ কাৰনে মোবাইল টো চোৱা হোৱা নাই । এবাৰ মোবাইল টো চালোঁ । অহ, পলাশ ৰ ফোন । বাহিৰলৈ ওলাই আহি ফোনটো ৰিচিভ কৰিলোঁ ।
- হেল্ল'
- কি হৈছে তোমাৰ ? ইমান ফোন কৰিছোঁ ফোন টো ৰিচিভ নকৰা ।
- মাইনাৰ বহুত জ্বৰ উঠিছে ।
- অহ, কেতিয়াৰ পৰা ?
- তোমাক কোৱা নাছিলোঁ জানো আজি দূদিনৰ পৰা তাইৰ গাটো ভাল নহয় । আজি দিনৰ পৰা ভীষণ জ্বৰ ।
- ডাক্তৰৰ ওচৰলৈ লৈ গলা নাই ?
- নাই ।
- কিয় ?
- সকলোকে কৈছোঁ । কোনেও গুৰুত্ব নিদিয়ে । মই বৰ বিপদত পৰিছো ।
- হ'ব চিন্তা নকৰিবা । কাইলৈ ৰাতিপুৱা ওলাবা মই লৈ যাম ।
- পলাশ !
- হ'ব এতিয়া তাইৰ ওচৰলৈ যোৱা ।
- উম ।
- ঐ শুনা , বেছি চিন্তা কৰি নাথাকিবা কিন্তু ।
- নাথাকো ।
- বাই গোড নাইট ।
যিজন দেউতাকে নিজৰ ছোৱালী জনীৰ বেমাৰৰ সময়ত ও গুৰুত্ব নিদিলে সেই সময়ত মোৰ ওচৰত থিয় হ'ল পলাশ । সি মোক আৰু মাইনাক মেডিকেল লৈ লৈ গ'ল । আৰু তাৰ এই সহায় ৰ কাৰনে মাইনা সোনকালেই ভাল হ'ল । সেইদিনা ৰ পৰা তাক মোৰ বেছি ভাল লগা হল কাৰন সি অকল মোক নহয় সমানে মোৰ ছোৱালী জনীক ও ভালপায় । এনেকৈ আমাৰ ভালপোৱা আগবাঢ়িছিল । কিন্তু সেইদিনা হঠাৎ পলাশ ক কোনে কেনেকৈ হত্যা কৰিলে সেই কথা মই নাজানো ছাৰ । পলাশক বিচাৰি এতিয়া ও মোৰ মনটো হাহাকাৰ কৰে । কিন্তু মোৰ মনৰ ভিতৰত জ্বলি থকা জুই কুৰা মই কাকো দেখাব নোৱাৰোঁ ।
- তাৰমানে পলাশক কোনে হত্যা কৰিছে এই কথা আপুনি নাজানে ?
- নাজানো ছাৰ । আৰু জনা হ'লে আপোনাৰ আগত প্ৰকাশ কৰিলোঁ হৈ ।
- উম ঠিক আছে মিছেছ ৰেখা । আপুনি এতিয়া যাব পাৰে । প্ৰয়োজন হ'লে বিচাৰিম ।
- ঠিক আছে ছাৰ । মই পলাশৰ হত্যাকাৰী অতিশিঘ্ৰে ধৰা পৰাটো বিচাৰোঁ ।
- নিশ্চয় ( Assamese Storyboard )।
বৰুৱা ৰ আৰু বুজিবলৈ বাকি নাথাকিল । এই হত্যাকাণ্ড ৰ হত্যাকাৰী নিশ্চয় ৰেখাৰ ঘৰতে আছে । এই ক্ষেত্ৰত ৰেখাৰ স্বামী অবিনাশ দুৱৰা আৰু অবিনাশ দুৱৰাৰ ভগ্নী মল্লিকা দুৱৰাক জেৰা কৰিলে নিশ্চয় ওলাৱ পলাশৰ হত্যাকাৰী কোন । সেয়েহে বৰুৱা ই অবিনাশ দুৱৰা আৰু মল্লিকা ক থানা লৈ মাতি পঠিয়ালে । আৰু ঠিক সময়তে থানাত আহি উপস্থিত হ'ল ভাতৃ - ভগ্নী । প্ৰথমতে বৰুৱাই মল্লিকা ক নিজৰ কোঠালৈ মাতি পঠিয়ালে ।
- মল্লিকা
- হয়, ছাৰ ।
- বহক।
তাই বৰুৱা ৰ নিৰ্দেশ মতে বহিছিল ।
- খৱৰ কেনেকুৱা ?
- ভালেই ছাৰ ।
- আপোনাৰ সৰু ল'ৰা ছোৱালীক দেখিলে মৰম জাগে নে নাজাগে ?
- কিয় সুধিলে ছাৰ ?
- মই সোধা প্ৰশ্নত প্ৰশ্নৰ সৃষ্টি কৰিলে বেয়া পাওঁ ।
- সৰু ল'ৰা ছোৱালী দেখিলে মৰম লগাটো স্বাভাৱিক ছাৰ।
- কিন্তু আপোনাৰ ক্ষেত্ৰত স্বাভাৱিক নহয়। হয়নে নহয় কওক ?
- ছাৰ !
- আপোনাৰ ঘৰতে এটা দেবশিশু আছে । কিন্তু আপুনি মৰম কৰে জানো ?
- ছাৰ !
- আপুনি সেই মৰম লগা ছোৱালী জনীৰ যত্ন লয় জানো ?
- আচলতে ছাৰ মই সৰু ল'ৰা ছোৱালী ক উমলাব নাজানো ।
- আপুনি ঘৰৰ কাম কৰিব ও নাজানে ?
- কিন্তু ছাৰ এইবোৰ আপোনাক ?
- মই সকলো জানো মল্লিকা । বাৰু এইবোৰ বাদ দিয়ক । মই সুধিছো আপুনি পলাশ ক কিয় হত্যা কৰিলে ?/p>
- মিছা কথা ছাৰ । মই পলাশক কিয় হত্যা কৰিম ?
- মই যদি কও এয়াই সচা কথা !
- মিছা কথা ছাৰ । আপুনি বিশ্বাস কৰক ।
- কিন্তু আপুনি মোক এটা কথা কওক পলাশৰ ওপৰত আপোনাৰ শত্ৰুতা কিয় আছিল ?
- ছাৰ
- প্ৰতিটো কথা মিছা কবলৈ চেষ্টা নকৰিব । কাৰণ মোৰ হাতত প্ৰমান আছে ।
- কাৰণ পলাশক মই ভালপাৱ বিচাৰিছিলো । কিন্তু সি মোৰ প্ৰস্তাব কেতিয়াও গ্ৰহণ নকৰিলে । কিন্তু এদিন হঠাৎ মই আচৰিত হৈছিলোঁ কাৰন মোৰ নবৌৰ মোবাইল ৰ ডিচপ্লেত জিলিকি আছিল পলাশৰ এটা মেচেজ " আই লাভ ইউ ৰেখা " । যি কথা মই সহ্য কৰিব নোৱাৰিলোঁ । তাৰমানে মোৰ নবৌ আৰু পলাশৰ মাজত চলি আছে অবৈধ প্ৰেম । আৰু এই কথা মই মোৰ দাদাক কৈ দিছিলোঁ ।
- তাৰপিছত দাদা আৰু আপুনি লগ লাগি এই প্ৰেম ধ্বংস কৰাৰ কাৰনে পলাশক হত্যা কৰিলে ?
- নাই ছাৰ আমি পলাশক হত্যা কৰা নাই ।
- ঠিক আছে আপুনি বাহিৰলৈ যাওক ।মোৰ ওচৰলৈ আপোনাৰ দাদাক পঠাই দিয়ক ।
- ঠিক আছে ছাৰ।
মাত্ৰ আৰু এটা খোজ । এই খোজৰ পিছতে ওলাই পৰিব এটা চাঞ্চল্যকৰ হত্যাকাণ্ড ৰ মূল অভিযুক্ত । অবিনাশ দুৱৰা সোমাই আহিছিল ।
- বহক মিষ্টাৰ দুৱৰা ।
- হ'ব ছাৰ ।
- আচ্ছা দুৱৰা আপুনি মোক এটা কথা কওকছোন ।
- সোধক ছাৰ।
- আপুনি মদ খাই বহুত ভালপায় ন ?
অফিচাৰ বৰুৱাৰ প্ৰশ্ন শুনি দুৱৰাই থতমত খালে ।
- ছাৰ
- মিছা কবলৈ চেষ্টা নকৰিব ।
- মদ খাও কিন্তু ছাৰ ,,,,,
- আপুনি সদায় ৰাতি মাতাল হৈ ঘৰত সোমায় ?
- ছাৰ
- আপোনাৰ পত্নী আৰু মৰম লগা ছোৱালী জনীৰ কাৰনে আপোনাৰ হাতত সময় নাই ?
- ছাৰ এইবোৰ মিছা কথা ।
- এইবোৰ সকলো সচা কথা । আপুনি এনে এজন বাপেক নিজৰ ছোৱালী জনীৰ বেমাৰৰ সময়ত ও তাইৰ দায়িত্ব লবৰ আপোনাৰ সময় নাই ।
দুৱৰাৰ মুখৰ মাত হেৰাই গৈছিল । কি ক'ব বৰুৱা ৰ আগত । একো উত্তৰ বিচাৰি পোৱা নাছিল । কিন্তু বৰুৱা ই এইবোৰ প্ৰসংগত কিয় দুৱৰাক জেৰা কৰিছে দুৱৰাই একো বুজা নাই ।
- এতিয়া আহো আচল প্ৰসংগ লৈ । পলাশ ৰ হত্যাকাৰী চিনাক্ত হোৱা টো আপুনি বিচাৰে নে নাই দুৱৰা ?
পলাশ নামটো শুনাৰ লগে লগে বৰুৱা ৰ বুকু খন ধিপিং কৈ মাৰিছিল । কও নকওকৈ কৈছিল ।
- বিচাৰোঁ ছাৰ ।
- তেন্তে কওক আপুনি পলাশ ক কিয় হত্যা কৰিলে ?
- ছাৰ আপুনি কি কৈছে মই হত্যাকাৰী নহয় ।
- মই সুধিছো আপুনি পলাশ ক কিয় হত্যা কৰিলে ।
- মই পলাশক হত্যা কৰা নাই ছাৰ ।
- আপুনি সচা কথা কবনে নকয় ?
- মই কৈছোঁ দেখোন ছাৰ যে মই হত্যাকাৰী নহয় ।
- মই কৈছোঁ আপুনি হত্যাকাৰী হয় ।
- ছাৰ মই নহয় বুলি কোৱা ৰ পাছত আপুনি বাৰে বাৰে একেটা কথাই কৈ আছে কিয় ?
- মই হাজাৰ বাৰ কম আপুনি হত্যাকাৰী হয় ।
- এয়া মোৰ ওপৰত ষড়যন্ত্ৰ চলিছে ।
- যেতিয়া থাৰ্ড ডিগ্ৰী ব্যৱহাৰ কৰিম তেতিয়া নিজ মুখে স্বীকাৰ কৰিব ।
- আপুনি মোক মাৰি পেলালেও মই মানি ল'ব নোৱাৰোঁ যে পলাশৰ হত্যাকাৰী মই ।
ক্ৰমান্বয়ে উত্তাল হৈছিল বৰুৱা ৰ কোঠা । দুৱৰাই চিঞৰি চিঞৰি প্ৰমাণ কৰিব বিচাৰিছিল যে তেওঁ পলাশ ৰ হত্যাকাৰী নহয়। এইবাৰ বৰুৱা ই পুলিচৰ কৌশল প্ৰয়োগ কৰিলে ।
- আপোনাৰ পত্নীৰ লগত থকা অবৈধ সম্পৰ্ক ৰ বাবে আপুনি পলাশক হত্যা কৰিছে ।
এইবাৰ যে দুৱৰা ধৰা পৰি গ'ল । দুৱৰা ৰ মুখৰ পৰা একো শব্দ ওলাই অহা নাই ।
- হয় নে নহয় ?
- হয় ছাৰ , মই পলাশক হত্যা কৰিছিলোঁ ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
ক্ৰমশঃ © ৰাগ ৰঞ্জন
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment