চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১২ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ১২ ): Assamese Storyboard

Assamese Storyboard


ৰমেন আৰু নয়নে ভয়ে ভয়ে সুধিলে আপুনি কোন হয়?

মহাপুৰুষ জনে ক'লে," মোৰ নাম ৰামচন্দ্ৰ ।" কথাটো শুনিয়ে সিহঁতি আচৰিত হৈ মুখ মেলি চাই থাকিল।

( Assamese Storyboard )


অলপ পাছত চাৰিজন বন্ধুৱে জোৰে চিঞৰি ক'লে ,কি আপুনিয়ে চন্দালিকাৰ দেউতাক ৰামচন্দ্ৰ? কিন্তু আপোনাৰ ৰত্নাকৰৰ লগত যুদ্ধ কৰোতে  মৃত্যু হৈছিল চোন ন? 

ৰামচন্দ্ৰ হাঁহি মাৰি ক'লে,চন্দালিকা আৰু ৰত্নাকৰে তোমালোকক যিবোৰ কাহিনী শুনাইছিল সকলো মিচা আছিল । আচলতে ইহঁতি দুয়োটাই দেৱী মাৰ চমৎকাৰী পাথৰটো ল'ব বিচাৰিছিল।


মই এই দেৱী মাৰ পূজাৰী আছিলোঁ আৰু আগৰে পৰা আমাৰ পৰিয়ালৰ মানুহকহে দেৱী মাৰ পূজাৰী হ'বলৈ দিয়া হয়। এই দেৱী মণিটোৱে সংসাৰৰ সকলো কাম কৰিব পাৰে আৰু ইয়াক যিয়ে ধাৰণ কৰিব সি বহুত শক্তিশালী হৈ পৰিব। কিন্তু বহুত আগৰে পৰা আমাৰ পৰিয়ালৰ মানুহে এই মণিটো সুৰক্ষিত কৰি আহিছে। আমি এই মণিটো কোনো মানুহ আৰু জীৱ জন্তু হাতত পৰিবলৈ দিব নোৱাৰোঁ। এই মণিটো মন্দিৰৰ এটা ৰুমত সুৰক্ষিত ভাৱে থোৱা আছে। তালৈ মোৰ আদেশ নাপালে কোনো যাব নোৱাৰে।

( Assamese Storyboard )

 

ৰত্নাকৰ আৰু চন্দালিকাই মণিটো বিচাৰিবলৈ ইয়ালৈ আহিলে আৰু বুদ্ধি কৰি মন্দিৰৰ ৰখীয়া হৈ পৰিল। সিহঁতি লাহে লাহে মোৰ বিশ্বাস জয় কৰি ল'লে আৰু এদিন ৰত্নাকৰে মণিটো‌ লৈ বাহিৰলৈ যাবলৈ ধৰিলে। তেতিয়াই চন্দালিকাই নিজৰ আচল ৰূপ দেখালে আৰু দুয়োটাই যুদ্ধ কৰিবলৈ ধৰিলে। তাৰ মাজতে মই মোৰ শক্তি প্ৰয়োগ কৰি চমৎকাৰী পাথৰটো লুকুৱাই সুৰক্ষিত স্থানত থৈ দিলোঁ আৰু ৰত্নাকৰক অভিশাপ দিলোঁ যে সি যদি  দেৱীৰ মূৰ্তি সন্মুখলৈ আহে সি জ্বলি ভষ্ম হৈ যাব।


 চন্দালিকা মহিলা আছিল আৰু আমাৰ মতে মহিলা যিমান বেয়া হ'লেও শাস্তি দি নোৱাৰি। তাৰ সুযোগ লৈ তাই নিজৰ যাদু মন্ত্ৰৰ সহায়েৰে মোক মানৱ ৰূপী জন্তুলৈ পৰিৱৰ্তন কৰি দিলে। কিন্তু তাই মোক মাৰিব পৰা নাছিল। কাৰণ তাই এই চমৎকাৰী পাথৰটো পোৱা নাছিল। মোক তাই কৈছিল মই মণিটো তাইক যদি দিও তেতিয়াহে তাই মোক মুক্ত কৰিব । কিন্তু মই মানি নল'লো।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages