উৰণীয়া পক্ষীৰ দৰেই সময়। নৰয় কাৰোৰ বাবেই ই। মাথোঁ বৈ যায় বুঢ়ালুইত খনৰ দৰেই( Assamese Storyboard )। শিলে শিলে ঠেঁকা খাই ইয়াৰ জলৰাশিৰ। তথাপিও বৈপৌনঃপৌনিকভাবেই। কষ্ট অনুভৱ কৰিলেও গুৰুত্ব নিদিয়ে। মাথোন বৈ যায়। চিন্তা নকৰে কাৰোৰে কথা না নিজৰ না আপোনজনৰ। খালি কৰ্ম অনুসৰি বৈ যায় নিৰৱধি ভাৱে।
মানসীৰ মাকৰ মন পখিলাই গৈ অতীত ফুলৰ পাহি চুমিলেগৈ। তেতিয়া ২০১৫ চনৰ কথা। মানসী তেতিয়া হায়াৰ চেকেণ্ডাৰীৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী মানে তেতিয়া তাই দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হৈছে। মতলীয়া হৈছে তাইৰ সৰ্বশৰীৰ প্ৰেম নামৰ বতাহজাকৰ প্ৰভাৱ পৰি। নতুনকৈ তাই চকুত কাজল আৰু ওঁঠত লিপষ্টিক সানিবলৈ ধৰিছে। যৌৱনৰ উন্মাদনা আৰু কেঁচা তেজৰ পিৰপিৰণি তাইৰ দেহত লাহে লাহে হ'বলৈ ধৰিলে। কিন্তু ইয়াৰ নাম প্ৰেম নাছিল। কাৰণ তাই কাৰোৰে প্ৰতি তেতিয়ালৈকে কোনো অনুভূতি অনুভৱ কৰা নাছিল। কিন্তু সময় সদায় জানো একে থাকে। নিশ্চিন্তকৈ একে নাথাকে। ই তাৰ ধৰ্ম অনুসৰি সলনি হ'বই। তাইৰ জীৱনৰ সময়ো সলনি হ'বলৈ ধৰিলে। প্ৰথমে মৃদু মৃদুকৈ বলা প্ৰেমৰ বতাহ জাক ক্ৰমাৎ ধুমুহাৰ দৰে ব'বলৈ ধৰিলে। এক অচিন শিহৰণে গা শৰীৰ স্পৰ্শ কৰিবলৈ উত্ৰাৱল হৈ পৰিল। লাহে লাহে সেই অচিন শিহৰণ সাফল্যমণ্ডিত হ'বলৈ ধৰিলে। তাইৰ লগত ৰিদিপ্ত বোলা ল'ৰাজনৰ সৈতে তাইৰ মনৰ অচিন শিৰহণে গা ঘহিয়াবলৈ ধৰিলে। লাহে লাহেকৈ তাই ৰিদিপ্তৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলে। অকল তাইয়ে নহয় তাৰো তাইক ভাল লগা হৈছিল ধীৰে ধীৰে। প্ৰথম বছৰত দুয়োয়ে এদিনো কথা পাতা নাছিল কিন্তু দ্বিতীয় বছৰত প্ৰথমে বন্ধুত্বৰে আৰম্ভ হোৱা সম্পৰ্কটো প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ ধৰিলে।
এইয়া আছিল তাইৰ প্ৰথম প্ৰেম। আচলতে ৰক্তিম হ'ল তাইৰ দ্বিতীয় প্ৰেম। লাহে লাহে সিহঁতৰ সম্পৰ্কটো অধিক গ্ৰাহ হ'বলৈ ধৰিলে। কলেজৰ সকলোৱে গম পালে সিহঁতৰ সম্পৰ্কৰ কথা। সকলোৱে সিহঁতক জোকাবলৈ ধৰিলে।সময়বোৰ পাৰ হৈ গৈ আছিল। কিন্তু প্ৰতিটো সময়েই পৃথক অন্য এটা সময়তকৈ। প্ৰতিটো সময়তে ঘটে কিছুমান অৱাস্তৱ আৰু অকল্পনীয় ঘটনা কিন্তু প্ৰতিটো সময়তে নঘটে এনেকুৱা ঘটনা। স্বাধীন সময়ৰ ই এক অন্য সুকীয়া বৈশিষ্ট্য। ইয়াক মাত্ৰা প্ৰদান কৰে জীৱশ্ৰেষ্ঠ মানুহে।
এদিন সিহঁতৰ সম্পৰ্কৰ কথা মানসীৰ বাপেকে গম পালে। গম পালে মানে সিহঁতৰ কলেজৰ চকীদাৰ মানসীৰ হৰকান্ত খুড়াকেই মানসীৰ বাপেকক কথাটো ক'লে। সেইদিনা ৰাতিপুৱাই হৰকান্ত খুড়াক আহি মানসীহঁতৰ ঘৰ পালেহি। কিবা এটখ দিৱস আছিল বাবে সেইদিনা কলেজ বন্ধ আছিল। কিন্তু তেতিয়ালৈকে মানসী শুৱাৰ পৰা উঠাই নাছিল।
-"দদাইদেউ, অ' দদাইদেউ.......নবৌ অ' নবৌ।
-"অ' হৰকান্ত। আজি দেখোন নহা মানুহ আহিলি!"
-"এ দদাইদেউ লাজনো কিয় দিয়ে। আহিম আহিম বুলি সদায় ভাবোঁ কিন্তু কলেজৰ কাম ঘৰৰ কাম পথাৰৰ কাম এইবোৰৰ পৰা আজৰিয়েই নাপাওঁ।"
-"কিন্তু আজিনো কেনেকৈ আজৰি পালি?"
-"দদাইদেউ আজি বিশেষ সকাম এটাতহে আহিছোঁ।"
-"বাৰু আহ্ আহ্ ভিতৰলৈ আহ্।"
-"ব'লক।"
-"হেৰা, শুনিছানে। বোলো হৰকান্ত আহিছে চাহ এপিয়লা লৈ আহাচোন।"
-"এপিয়লা কিয় দদাইদেউ আপুনি......."
-"মই তই অহাৰ অকণমান আগতে খাই উঠিছোঁ।"
-"অ'.....পিছে দীপ ঘৰলৈ কেতিয়া আহিব?"
-"এইবাৰ কাতি বিহুলৈ অহাৰ কথা আছে কি হয় আৰু! একো লেথা-লুথলি নোলালে বিহুলৈ নিশ্চয় আহিব।"
-"হয় দিয়ক। মাজনী উঠিল জানো( Assamese Storyboard )।"
-"এহ্ সেইজনীৰ কথা নক'বা আৰু বুজিছা হৰকান্ত তাই মোক জ্বলাই মাৰিছে। অ'ত কওঁ গাভৰু ছোৱালী ৰাতিপুৱা অলপ সোনকালে উঠিবি। মন গ'লে দুই-এখন কামকে কৰিবি আৰু মন নগ'লে পঢ়াৰ টেবুলতে বহিবি। কিন্তু নাই ....বুজিছা মোৰেই ফুটা কপাল। কোনেও মোৰ কথাই নুশুনে এইখন ঘৰত। যি এটা ল'ৰাই মোৰ কথা শুনিছিল তাকো সি ঘৰ এৰিলে। এয়াই মোৰ সংসাৰ আৰু।"
হাতত হৰকান্তলৈ বুলি চাহৰ কাপটো লৈ কোঠাটোলৈ মানসীৰ মাক সোমাই আহিয়েই ক'লে।
-"এহহ্ তাইৰ বয়সনো হৈছে কিমান? এতিয়াই কি তাই ঘৰৰ কামবোৰ কৰি নিজৰ কুমলীয়া হাতখন গছৰ কাঠ কৰিব নেকি? আৰু মই তাইক ঘৰৰ কাম কৰিবলগীয়া মানুহলৈ বিয়া নিদিওঁ বুজিছা। একেবাৰে ৰাজৰাণী কৰি ৰখা ঘৰলৈহে বিয়া দিম তাইক।"
-"হৰকান্ত চাহ লোৱা।"
-"দিয়া নবৌ।"
-"আৰু এটা কথা। এসময়ৰ ৰজা এসময়ৰ পথৰ ভিক্ষাৰী হোৱাৰ নমুনাও এই সংসাৰতে আছে গতিকে আপোনাৰ জীয়ে যাতে ৰাজৰাণী হ'লেও খাব পাৰে আৰু ভিক্ষাৰীণী হ'লেও খাব পাৰে তাৰ উপযুক্ত শিক্ষা দিয়াটো প্ৰয়োজন।"
-"এহহ্ থোৱা থোৱা তোমাৰ কথা। মই কি মৰি গ'লো নেকি? মই থকালৈকে তাইক ভিক্ষাৰীণী হ'ব কেতিয়াও নিদিওঁ।"
-"আৰু আপুনি নথকাৰ পিছত?"
-"এ দদাইদেউ নবৌ হ'ব আৰু থোৱা এতিয়া সেইবোৰ কথা যাৰ কপালত যি আছে সেইটো হ'বই।"
-"এৰা।পিছে তই কি সকামত আহিল ক'চোন?"
===================================
"মানসী মোৰ মাৰ নাম আছিল ৰেখামণি বৰুৱা আৰু দেউতাৰ নাম বীৰবিজয় বৰুৱা।"
-"কি?"
নাম দুটা শুনি যেন মানসী চকুহাল ছন পৰি গ'ল। এষাৰো কথা তাইৰ মুখৰ পৰা নোলাল। বাক্যৰ পোণত যেন বানৰ অভাৱ। ভাষাৰ সকলো শব্দ তাইক মূৰৰ আৰু মনৰ পৰা যেন নোহোৱা হৈ গ'ল।
"কিয় হয় এনেকুৱা, কিয় আহে বিষাদ?
কিয় থান্ থান্ কৈ ভাঙে সপোনৰ পজা।
দোষ ক'ত অপৰাধ ক'ত মোৰ?
কিয় হয় বিষাদৰ উন্মুক্ত বিচৰণ মোৰ জীৱনত।"
-"কি হ'ল মানসী? কিয় তুমি এনেকুৱাখন কৰিছাঁ?"
-"হা .........নাই..........একো হোৱা নাই।"
-"নাই কিবা এটাতো নিশ্চয় হৈছে মোক খুলি কোৱাচোন তুমি?"
-"ক'ম সকলো ক'ম কিন্তু তাৰ আগতে তুমি মোক তোমাৰ অতীতৰ সকলোখিনি কৈ লোৱা তাৰ পিছতে মই তোমাক সকলো ক'ম।"
স্বপ্নবোৰ ইমানেই ঠুনুকা নে? ইমানেই লেহুকা নে? ইমানেই শক্তিহীন নে? বাৰে বাৰে উজুতি খোৱা পথৰেই কিয় আকৌ পথিক হয় মানুহ। এইয়া চক্ৰান্ত, লীলা নে মায়া? শতাব্দী যুগৰ নিশাব্দী বেদনা কিয় হয় মানুহৰ লগৰী? কিহৰ হেপাঁহ জন্মে....কিহৰ খোঁৰাক আহে..? আদ্যমতাৰ কোলাহলতাত মৰণোত্তৰৰ আবেষ্টনিয়ে কিহৰ সংকেত দিয়ে.... জাননীৰ পৰিহাৰ পাৰে জানো আঁতৰাব? কাৰণ উকা কপালত সেন্দূৰৰ ফোটৰ দৰেই ৰঙীন নহয় সকলো মানুহৰ জীৱন। কুলি চৰাইৰ দৰে নিজৰ সন্তানক চিৰবসন্তলৈ হেৰুৱাৰ যন্ত্ৰণাৰ সসীম ৰাষ্ট্ৰৰ নিবাসীও একাধিক আৰু একাংশ মানুহ । তেওঁলোকৰো আছে অসীম দুখ..... পাৰাপাৰহীন বেদনা। তথাপিও তেওঁলোকে কিয় ত্যাগ কৰে? কিয় হেৰুৱায় নিজৰ অস্তিত্বক।
"অসংখ্যক সংখ্যক কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস মোৰ।
কিন্তু সফলতা উচ্চ শিখৰত উপনীত হ'মনে?
কিন্তু প্ৰয়াস মানেই জানো সংগ্ৰাম নহয়?
আৰু সংগ্ৰাম মানেইটো জীৱন।
মই কেৱল জীৱন উজ্জাপিত কৰিছোঁ।
সংগ্ৰাম কৰিছোঁ হাঁহি থকাৰ।
প্ৰয়াস কৰিছোঁ জীয়াই থকাৰ।"
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Kobita besike likhe. Story tu olop olop die. Kobitatke besi story tu dibole besi jotno koribo sun
ReplyDelete