মানসীয়ে আলমাৰীৰ পৰা এযোৰ বগা আৰু হালধীয়া ৰঙৰ কাপোৰ উলিয়াই পিন্ধি ল'লে( Assamese Storyboard )। লগতে মাকৰ বাবেও কাপোৰ এযোৰ উলিয়াই চাদৰখন ধুনীয়াকৈ জাপি থ'লে।
: মুনু তোমাৰ হ'লনে?
: অ' মা মোৰ হৈ গ'ল। তোমাৰহে আছে এতিয়া।
: ক'তা তুমি দেখোন ফোট-সেন্দুৰ লোৱাই নাই।
সেন্দুৰৰ মিছা প্ৰলেপ আৰু নঘঁহো মা। নলওঁ আৰু আনৰ নামৰ মিছা ৰঙা ফোট নিজৰ কপালত। দুৰ্ভাগ্যই কোঙা কৰা মোৰ ফুটা কপালখন ৰঙা ৰঙৰ ফোট-সেন্দুৰে ঢাকি ৰাখিব পাৰিব? যদি পাৰে তেন্তে কিমান দিনলৈ পাৰিব? ফোট-সেন্দুৰ ল'লেই জানো মোৰ আগৰ ৰক্তিমটো মোৰ ওচৰলৈ উভতি আহিব? কৰিব জানো সি মোক আগৰ দৰে মৰম?
: কি হ'ল মুনু? ডেচিঙৰ ওপৰতে ৰঙা ফোট আৰু সেন্দুৰ আছে। লৈ লোৱা যোৱা।
আকৌ এবাৰ তাই হাৰি নিজৰ ওচৰতে। নোৱাৰিলে তাই মাকক "মই আৰু সেন্দুৰ নলওঁ অ' মা" বুলি ক'বলৈ। নোৱাৰিলে তাই মাকক আৰু দুখ দিবলৈ। নাৰী চাগে অন্য নামেই হৈছে সুখিনী। নিজে জীয়াই জীয়াই মৰি থাকিলেও কেতিয়াও আনক তিলমানো কষ্ট পাবলৈ নিদিয়ে। নোৱাৰে কৰিব আনৰ কষ্ট সহ্য।
"কিমান আৰু সহিবি দুখ তই জীৱন
যিমানে সহিবি সিমানেই বঢ়াম।
কাৰণ মই নাৰী।
আনৰ দুখখিনিও আনি তোকেই দিম জীৱন,
আৰু আনে নিদিলেও ভগৱানক কৈ হ'লেও আনিম।
কাৰণ মই নাৰী।"
ডেচিঙখনৰপৰা সেন্দুৰৰ টেমাতো লৈ অনামিকা আঙুলিয়াটোৰে তাই চকুহাল মুদি নিজৰ উকা কপালত বোলাই ৰঙীন কৰি দিলে সেন্দুৰৰ মিছা প্ৰলেপে।ঢাকি দিলে ৰঙা ফোটটোৰে নিজৰ দুৰ্ভাগ্যখনক।
: ব'লা মুনু, মোৰ হৈ গ'ল।
দুয়ো মাক-জীয়েক মন্দিৰলৈ বুলি ওলাই গ'ল।
: হেৰি আমি মন্দিৰৰ পৰা আহোগৈ। এইৰ হৈ চাকি এগছি দি আহো।
: অহহ্ যোৱা। চাকি কিয় শৰাই এখনেই দিব লাগিছিল নেকি?
: এহ্ এতিয়া নালাগে দিয়ক। দিপৰ বিয়াখন ঠিক হৈ লওঁক তাৰপিছত এদিন জোঁৱাইহঁতকো মাতি একেলগে শৰাই এখন দিম।
: হ'ব দিয়া তেন্তে।
: ব'লা মুনু ............ আমি আহিছোঁ।
মন্দিৰভাগ সিহঁতৰ ঘৰৰ পৰা বেছিদূৰ নহয় বাবে দুয়োজনীয়ে খোজ কাঢ়িয়েই গ'ল। মন্দিৰৰ নিৰিবিলি পৰিবেশটো, পুখুৰীটোত থকা ভেঁট, পদুম ফুলবোৰ; চৰি থকা হাঁহবোৰ, উৰি থকা চৰাই-চিৰিকটিবোৰ তাই বৰ ভাল পায়। প্ৰকৃতিৰ এটি মনমুগ্ধকৰ পৰিৱেশত থাকি যেন তাইৰ দেহৰ মনৰ সকলো অৱসাদ নোহোৱা হৈ যায়।আগতে বছৰত বহুতবাৰ সিহঁত এই মন্দিৰভাগলৈ আহে। শিৱ মন্দিৰ যিহেতু শিৱৰাত্ৰীৰ দিনা ইয়াত মেলাসদৃশ পৰিৱেশৰ সৃষ্টি হয়।
: মা, গামোছা আনিছানে?
: উমম্ বেগতে ভৰাই আনিছোঁ।
কথা পাতি পাতি দুয়োজনী কিছু সময়ৰ পিছতে মন্দিৰ পালেগৈ। মন্দিৰৰ সন্মুখ পাওঁতেই এছাতি মন জুৰ পেলোৱা বতাহে আহি যেন তাইৰ কাণে কাণে কিবা ক'লেহে তাইৰ এনে লাগিল।
: ব'লা মুনু। তেল-চাকি কিনি লওঁ।
দুয়োৱে গৈ ওচৰৰ দোকান এখনৰ পৰা চাকি, ধূপ, তেল, আদি কিনি সেৱা কৰি মন্দিৰত প্ৰৱেশ কৰিলে। চাকিগছি জ্বলাই সকলোৰে মংগলৰ বাবে তাইৰ ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালে। অঞ্জলি দি পূজাৰীজনৰ পৰা ফোট, নিৰ্মালি আৰু নৈবদ্য লৈ দুয়ো পুখুৰীটোৰ পাৰলৈ আহি বহিল।( Assamese Storyboard )
: আৰে মানসী! কেতিয়া আহিলি তই?
: অ' মঞ্জু বৰমা, কালি আহিলো।
: তোৰ হাতত এইয়া কি হ'ল অই? গিৰিয়েৰে মাৰিলে নেকি?
মানসীৰ কটা ঘাত যেন তেওঁ নিমখহে ছটিয়াই দিলে।
: নাই বৰমা, কাম কৰোঁতে কটাৰিয়ে কাটিলে।
: এহ্ বাইদেউ, আপুনিও যে আৰু কি কথাবোৰ কয় নহয়! মোৰ জোঁৱায়ে ইঞ্জিনীয়াৰ কৰে। বহুত ভাল ল'ৰা সি জানে! বহুত ভদ্ৰ আৰু শিক্ষিত ল'ৰা সি। ইমান জনাবুজা ল'ৰাই নিজৰ ঘৈণীয়েকক নামাৰে নহয়। আপোনাৰ ল'ৰাটোৰ নিচিনা আৰু মেট্ৰিক ফেইল নহয় নহয়।
মানসীৰ মাকেও ফচটি মাৰিয়েই কথাখিনি ক'লে। তেওঁ কথাত মঞ্জু বোলা মানুহজনী ভৰিৰ পৰা মূৰলৈ যেন ক'লা পৰি গ'ল।
: অহ হয় নেকি? মই আকৌ গিৰিয়েৰে মাৰা বুলিহে ভাবিছিলোঁ। তই কিন্তু বৰ ভাগ্যৱতী দেই মাৰে বাপেৰে মৰা বুলি ভাবি লৈও আকৌ জীয়াই তুলিলে। বাকী গিৰিয়েৰৰ ঘৰৰ চবৰে ভাল নহয়?
: উমম্ ভালেই বৰমা।
: ঠিক আছে তেন্তে আহিছোঁ দে কেইদিনমান থাকিবি নহয়!
: উমম্।
: এপাক আমাৰ ঘৰলৈকো যাবি নহ'লে......... চন্দনা আহিছোঁ দিয়া।
: অ' বৌ যাওঁক।
: মুনু এইবোৰ মানুহ তেনেকুৱাই। বেছি গুৰুত্ব নিদিবা এইবোৰৰ কথাত। যাওঁ ব'লা ঘৰলৈ। দেউতা অকলে আছে নহয়।
: অ' ব'লা।
দুয়োৱে পুনৰ মন্দিৰৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। সময়ৰ কিতাপখনত আকৌ এটা পৃষ্ঠা লিপিবদ্ধ হ'ল। দিনটো যোৱাৰ পৰিপ্ৰেক্ষিতত চন্দ্ৰটোৱে এটা নতুন নিশাৰ বাৰ্তা কঢ়িয়াই আনিলে। তৰাবোৰেও আকাশত এটা-দুটাকৈ ভুমুকি মাৰিলে। পদূলিমুখত গাড়ীৰ হৰ্ণৰ শব্দ শুনি তাই পৰ্দাখন দাঙি খিৰিকীখনৰ পাল্লাটো খুলি দিলে।
: হেৰি কোন আহিছেনো?
: মইনো কেনেকৈ জানো ৰ'বা মই গেটখন খুলি দিওঁগৈ।
বাপেকে গৈ গেটখন খুলি দিয়াত ৰক্তিম ভিতৰলৈ সোমাই আহিল।
: ৰক্তিম।
: অ' মা। এইখিনি লওঁক অথনি আহোঁতে একোৱেই নানিলো নহয়।
সি শাহুয়েকলৈ ফল-মূল, মিঠাই, হৰলিক্স আদিৰে ভৰা টোপোলাটো আগবঢ়াই দিলে।
: এইবোৰনো মিছাতে কিয় আনিব লাগে?
: একো নহয় দিয়ক মা.......... এই নাই নেকি?
: তাই সেইটো ৰুমত আছে যোৱা।
আঙুলিৰ ইংগিতেৰে শাহুয়েকে ৰক্তিমক মানসী থকা কোঠাটো দেখুৱাই দিলে।
: ঠিক আছে মা।
সি গৈ মানসীৰ কোঠাটো পালেগৈ।
: মানসী............।
: তুমি..........?
: অ' মই কি হ'ল?
: নাই।
তাই গৈ কোঠাটোৰ দৰজাখন মাৰি দিলে।
: দৰজাখন কিয় মাৰি দিলা? মতলব কি তোমাৰ?
সি অলপ দুষ্টালিৰ সুৰতে কথাটো ক'লে।
: মানে?
: মানে একো নাই। এইটো লোৱা।
: কি?
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment