"হেঙুলীয়া আকাশত হালধীয়া চৰাইৰ সমাৱেশ,
নগ্ন সত্যতাক অসত্যতাৰ আৱৰেণেৰে ঢকাত মিছাৰ সমাৱেশ;
সন্মান আৰু সুখৰ কাম্যতাত( Assamese Storyboard )
হেৰুৱাই পেলাব ধৰা এখন শিপাৰ সন্ধানত থকা ৰহস্যামবৃত দেশ।"
শব্দৰ মাজেদি গঠিত হয় এটা বাক্য,,, বাক্যৰ মাজেদিয়েই গঠিত হয় এটি পদ্য,এটি গদ্য,,,, আৰু ইয়াৰ মাজদিয়েই প্ৰকাশ শব্দালুত হৃদয়ৰ গোপন কথা ভগ্নাৱশেষ হৃদয়ৰ নিমাত কুলতা,, পোৱাৰ হাবিয়াস, হেৰুৱাই পেলাব ধৰা মনৰ আশা, হাস্যবংগী শব্দৰ দৃষ্ট্যতা। সম্পূৰ্ণ পৃথিৱীখনেই এখন মায়া,, এখন মায়াজাল, ই হয় স্বৰূপ সভ্যতাৰ আদিম কিম্বা আধুনিক। ইয়াতেই আছে মৰিশালীৰ মাটি আৰু পবিত্ৰ তীৰ্থস্থানৰ মাটি; ইয়াতেই আছে সত্যৰ তেজৰ গোন্ধৰ স্পৰতা আৰু অসত্যৰ কু-অভিসন্ধিৰ তেজৰ জ্ঞানহীন লোকৰ চৰম অমানৱীকতা। ইয়াৰ মানুহেই হয় মাতৃহীনা, পুত্ৰহীনা আৰু ইয়াৰ মানুহেই হয় মাতৃত্যাগী, পুত্ৰত্যাগী।
মনত বৈ আছিল তেতিয়া দুখৰ নদী। ইয়াৰ উপত্যকাত আছিল মৃত্যুৰ কিৰিলি। সীমনাত আছিল হেৰুৱাৰ ব্যথা। মাতৃহীনা হোৱাৰ সংশয়। পত্নীৰ বাবে মাতৃক কৰা অনাদৰৰ ভিষণ স্বীকাৰোক্তি। যন্ত্ৰণাৰ তাঁত খন বৰ খৰকৈ ব'বলৈ ধৰিছে। বৈছে কোনে? দুখৰ ঢেঁকীটোও গুম্ গুম্ কৰি আহিব ধৰিছে। কোনে দিছে? নাজানো, নোৱাৰোঁ, নকৰোঁ, নসহো আৰু নিপিন্ধো। কিন্তু কি? সিদ্ধান্তত উপনীত যেতিয়া হৈছিলোঁ মনত একো সংশয় নাছিল। নাছিল একো সম্ভাবনাও কিন্তু যেতিয়া ইয়াৰ ভয়াৱহ পৰিণতিৰ সম্বন্ধে জ্ঞান পৰিচিত হ'ল লগে লগেই চলিল এখন ভয়ংকৰ যূদ্ধ। মোৰ মন আৰু মগজুৰ মাজত। ৰণভূমিত পৰিণত হ'ল মোৰ চিন্তা। আটাইতকৈ ডাঙৰ কথা মই ধৰিব পৰা নাই কোন কৌৰৱ আৰু কোন পাণ্ডৱ? কোন কৃষ্ণ আৰু কোন কৰ্ণ?
দুপৰৰ বেলিটি লাহেকৈ পশ্চিমাকাশলৈ ধপলিয়াবলৈ ধৰিছে। তেনেতে দেউতা ভৰলুমুখৰ সেই মৃত্যুৰ দ্বীপত গৈ উপস্থিত হৈছিল। মনৰ ভিতৰত মাতৃ হত্যাৰ কলংক পোৱাৰ অলেখ চিন্তা আৰু মনৰ বাহিৰত মাতৃহত্যাৰ দেহাৰ সম্পূৰ্ণ শৰীৰটো। তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল গোটেই ঠাইখিনি, অগনণ মানুহৰ ভিৰ। সেই ভিৰ ফালি দেউতা আগবাঢ়ি গৈছিল নিজৰ মাতৃৰ নস্বৰদেহৰ সমীপলৈ। চকুত খঙৰ জুই নিজৰ ওপৰতে। মানুহৰ ভিৰৰ মাজৰ পৰা যেতিয়া দেউতা গৈ ঠাইটুকুৰা পাইছিলগৈ তেতিয়া তাত দেখিছিল এটি শব্দবিহীন, ভাষাবিহীন,কল্পনাবিহীন, মানৱতাবিহীন দৃশ্য। নটা বস্তাৰ সম্পূৰ্ণ ৰঙা। তাৰ ভিতৰত আছিল নটা টুকুৰা আইতাৰ দেহৰ য'ৰ পৰা এদিন দেউতাই ওলাই এই পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিছে। প্ৰতিটো বস্তা বান্ধি থোৱা ৰছীডালৰ কাষেদি ওলাই তেজৰ কণিকা। তাৰ মাজৰে কোনোবাটোত আছিল আইতাৰ মূৰ, কোনোবাটোত আছিল আইতাৰ ভৰি, কোনোবাটোত আছিল আইতাৰ হাত আছে কোনোবাটোত আছিল আইতাৰ পেট।
দেউতাই সেয়া দেখি কান্দি পেলাইছিল। ইয়াৰ আগতে হেনো কেতিয়াও দেউতাই কন্দা নাছিল। দেউতাক তেনেকৈ কন্দা দেখি পুলিচ বিষয়া এজন কাষ চাপি আহিছিল।
-"আপুনি এওঁৰ পৰিয়ালৰ নেকি?"
-"মোৰ মা হয়।"
-"অ' মিষ্টাৰ,,,,,,,,?"
-"সীমান্ত হাজৰিকা।"
-"অ'কে মিষ্টাৰ সীমান্ত হাজৰিকা আপুনি নিশ্চয় টি.ভি.ত মৃতদেহটোৰ কাষৰ।পৰা আমি উদ্ধাৰ কৰা বস্তুবোৰ দেখিছেই তথাপিও আহক আকৌ এবাৰ ভালকৈ চাই লওঁক। আৰু যদি তেওঁ আপোনাৰ মা হয় তেন্তে আপুনি ফৰ্মেচিটিচ খিনি পূৰ্ণ কৰিব লাগিব।"
-"ঠিক আছে।"
তাৰ পিছত দেউতাই গৈ সেই আটাইবোৰ বস্তু চাইছিল যিবোৰ তেওঁলোকে মৃতদেহটোৰ কাষৰ পৰা পাইছিল। হয় সেই সকলোবোৰ আইতাৰেই আছিল। আইতাৰ সেই বুটা বছা ৰঙা ৰঙৰ ৰিহাখন, মুগাৰ-পাটৰ চাদৰ মেখেলাবোৰ, ডিঙিৰ পিন্ধা গলমণি পাত, কাণৰ থুঁৰিয়াজোৰ সকলোবোৰ।
=======================================
জীয়েকৰ মাতটো শুনিহে চন্দনা বৰা দেহটো শাঁত পৰিল। মাতৃ হৃদয় হ'বই এনেকুৱা( Assamese Storyboard )।
-"কি কৰি আছিলি ভিতৰত?"
-"নাই এনেই আছিলোঁ।"
-"অ' কলেজত যাবি জানো?"
-"উমম্।"
-"ঠিক আছে তই গাটো ধুই আহ, মই কিবা এটা খাবলৈ বনাওঁগৈ।"
-"অ'কে।"
তাৰ পিছত দুয়ো নিজৰ নিজৰ কামত গুছি গ'ল। মাক গ'ল পাকঘৰত আৰু জীয়েক গ'ল বাথৰুমত।
-"হেৰা কি কৰি আছানো?"
-"এইলৈ খাবলৈ বনাইছোঁ।"
-"পিছে তুমি মোৰ বুদ্ধিটো কেনেকুৱা পালা?"
-"মানে,, কিহৰ কথা কৈছে?"
-"আজিৰ ঘটনাটোৰ কথা কৈছোঁ আকৌ তুমি কি ভাবিছাঁ এইবোৰ কি নিজে নিজেই হ'ল?"
-"মানে মই বুজা নাই......"
-"মানে এই সকলোবোৰ মোৰ খেল আছিল। আচলতে ৰিদিপ্ত বোলা ল'ৰাটো ভাল সি আমাৰ এইক সচাঁকৈয়ে বহুত ভাল পায় কিন্তু তাৰ বংশৰ কোনো চিনচাব নাই। মাক হ'ল এজাতিৰ আৰু বাপেক হ'ল এজাতিৰ। সেয়া বাৰু সেয়াই তাতে ধন বুলিবলৈ ফুটা কড়ি এটাও নাই। আমাৰ এই বিয়া হৈ গ'লে ভিক্ষা কৰি কৰি খাব লাগিলহেঁতেন। ভাগ্য ভাল মোক সিহঁতৰ কলেজৰ প্ৰিন্সিপালে পৰহি ফোন কৰি কথাটো ক'লে। নহ'লে আজি কি হ'লহেঁতেন দেখিছাই নহয়। তাতে আমাৰ এই হৰকান্তই আজি কথাটো ক'বলৈ আহিছে। নাম নাজানো তাৰ। কম চকুচৰহা নে সি বা.... মানি গৈছোঁ দেই এইবিলাকক।"
-"সেইবোৰ বাৰু বুজিলোঁ কিন্তু আপুনি কৰিলেনো কি?"
-"কৰিলোঁ মানে কথাটো গম পোৱাৰ পিছতে মই তাৰ বিষয়ে সকলো খবৰ উলিয়ালোঁ। ভাবিছিলোঁ আমাৰ মাজনীয়ে পছন্দ কৰা ল'ৰা যেতিয়া কোনোবা চহকী বংশৰেই হ'ব চাগৈ কিন্তু তাৰ পাছতহে গম পালোঁ সি বাওনা হৈ চন্দ্ৰলৈ হাত মেলে।
"হাতত নাই কণটো,
বৰসবাহলৈ মনটো।"
তাৰ পিছত আৰু কৰিবলৈ কিটো আছে। মই গৈ একেবাৰে সিহঁতৰ ঘৰ ওলালোগৈ। কিন্তু গৈহে দেখিলোঁ নাই যে নাই বহিবলৈ পীড়া এখনো নাই। কি যে দুখীয়াৰ জাত অ'। দুখীয়াৰো ভাগ থাকে বুজিছা ইহঁত চাগৈ একো ভাগতে নপৰিব। তাৰ পিছত মই তাক কথাখিনি হয়নে নহয় সুধিলোঁ সি টো হয় বুলি ক'লে। লগে লগেই থাচ্ থাচ্ কৈ তিনিচৰ বহুৱাই দিলোঁ তাৰ গালত বাপ্পেকে।
-"ঠিক কৰিলে,, মই হ'ব লাগিছিল আটাইকেইডাল চুলি চিগিলোঁ হয়।"
-"উমম্ তাৰ পিছৰখিনি শুনা,,,, সি মোক ক'লে বোলে সি হেনো আমাৰ এইক বৰ ভাল পায় এই নহ'লে হেনো জীয়াই থাকিব নোৱাৰে।"
-"আই ঐ দেহী।"
-"মই বোলো ইয়াক আজি মাৰিয়েই পেলাওঁ নেকি? বহুত ধৈৰ্য্য ধৰি তেনেকুৱা একো নকৰিলোঁ আৰু।"
-"পিছে সি মানিলে কেনেকৈ?"
-"তাৰ পিছত মই তাক পা-পইছা অলপ দিম বুলি ক'লো বোলো এইসোপা ল' আৰু আমাৰ এইক এৰি দে। কিন্তু তাক হেনো নালাগে।"
-"কিয়? তাতকৈ বেছি লাগে চাগে!"
-"নহয় তাক হেনো পইছা নালাগে আমাৰ এইকহে লাগে। কথাষাৰ শুনি মোৰ মূৰটো একেবাৰে শাওঁণ মাহৰ বেলিটিৰ দৰে হৈ গ'ল নহয়।"
-"নহ'বনো কিয়?"
"সময়ৰ সোঁতত সকলো সলনি
ৰাখিব নোৱাৰিলোঁ সময় গ'ল বাগৰি,
চিনাকি অচিনাকি খেল কিমান খেলিবা?
স্মৃতিবোৰক বুকুত বান্ধি সাত্বনা লভিবা!"
(দিপাংকৰ দাস)
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment