ইটস্বতাৰ সীমনাতো সাহসী এক কোবাল সোঁতৰ অপেক্ষাত আছোঁ। জীৱনটো মানেই যেন এতিয়া দ্বিগ্ধা। মানসপথত স্পষ্ট অতীতৰ ছবি( Assamese Storyboard )
, যোৱা ৰাতিৰ ছবি আৰু এজন প্ৰেমিকৰ ছবি। গ্লানিত কৰোঁ নে আকৌ এবাৰ যুগ্ম জীৱনৰ দ্বিতীয় আৰম্ভ কৰোঁ। কচু পাতৰ পানীৰ দৰে শংকিত এটি মন, মনত উত্ৰালিত ভাবনাৰ প্ৰণৰী। প্ৰহেলিকাৰ প্ৰথম নে প্ৰহেলিকাৰ অন্তিম? দুষ্টালিত মনৰ দুষ্ট শব্দবোৰ কিন্তু এজন প্ৰেমিকৰ মনৰ শব্দবোৰ...? ৰাধা নহয় কিন্তু অৰ্ধ ৰাধাৰ হ'ব বিচাৰোঁ, সম্পূৰ্ণ নহয় কিন্তু তোমাৰ অৰ্ধ আকাশ হ'ব বিচাৰোঁ। ক্লিপলতা নহয় কিন্তু ক্লিপালীঘ্নতা হ'ব বিচাৰোঁ।
ফোনটো কাটি ৰক্তিম চকীখনত বহিল। দুখ, সাঁথৰ নে ৰহস্য। দুখৰ বালিত ৰৈ এক ৰহস্যময় অতীতৰ অভেদ। জটিলতাৰ সাঁথৰৰ কথাবোৰৰ মাজৰ মেৰপাক মাৰিবলৈ জীৱনটোত বৰ ত্যাগী আৰু কঠোৰ হ'ব লাগে। কিন্তু নোৱাৰে আৰু সি মানসীৰ লগত কঠোৰ হ'বলৈ।
"মানসী ইমান দিনে তুমি বহুত কষ্ট ভুগিলা এইবাৰ মোৰ পাল। ইমান দিনে তোমাৰ লগত বহুত অন্যায় হ'ল, কিন্তু তোমাৰ লগত আৰু মই অন্যায় হ'বলৈ নিদিওঁ। বহুত সহ্য কৰিলা তুমি এইবাৰ মোৰ পাল। মই আৰু কেতিয়াও তোমাক দুখ নিদিওঁ, কেতিয়াও নিদিওঁ।" মূৰটো হেলনীয়াকৈ চকীখনত পেলাই সি কথাবোৰ ভাবি থাকোতেই তাৰ চকুৰে চকুপানী ওলাই আহিল।
: ছাৰ, ছাৰ।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰমেনৰ মাতত সি চকু মেলি চালে। দুখৰ নাওঁ খনৰ বঠা এৰিলে। চকুহাল খৰধৰকৈ মুচি সি ক'লে ----
: কোৱা ৰমেন দা?
: ছাৰ আপুনি ঠিকে আছেতো?
: উমম্ আছোঁ। তুমি কিয় আহিছিলা কোৱা?
: ছাৰ আপোনাৰ ডাঙৰ ছাৰে মাতিছে।
: মই গৈ আছোঁ যোৱা।
=================================
: ভন্টি দোকান পালোহি, ব'ল।
: ব'লা।
খটকৈ শব্দৰে দৰজাখন খুলি প্ৰথমতে বাওঁ আৰু দ্বিতীয়তে সো ভৰীখন বসুমতীৰ কোলাত পদাৰ্পন কৰি গাড়ীখনৰ পৰা নামি দোকান অভিমুখে এক যাত্ৰা আৰম্ভ কৰিলে।
: দাদা ভাল লেডিছ চেণ্ডোল দেখুৱাকচোন।
: কিমান নম্বৰৰ লাগিব বাইদেউ?
: ৬ নম্বৰৰ দিয়ক।
: হিল দেখুৱাম নে নন হিল দেখুৱাম নে চিম্পল দেখুৱাম বাইদেউ?
: নন হিলে দিয়ক কিন্তু গেৰুৱাটো অলপ উঠা দিয়ক।
: ঠিক আছে.............. বাইদেউ ইয়াতে ৬ নম্বৰৰ আপুনি বিচৰা ধৰণৰ চেণ্ডোল আছে কেনযোৰ লাগে চাওঁকহিচোন।
: অহহ্ গৈছোঁ ৰ'বা।
ল'ৰাজনে মাতা ঠাইখিনি লৈ মানসী আগবাঢ়ি গ'ল।
: দাদা এই লাইট ব্ৰাউন যোৰ দিয়কচোন। বৰ ভাল লাগিছে।
: ঠিক আছে বাইদেউ আপুনি এইযোৰ ট্ৰাই কৰি চাওঁক।
: পাৰফেক্ট।
: ঠিক আছে তেন্তে বাইদেউ মই এইযোৰ পেক কৰি দিওঁ।
: নালাগে। মই পিন্ধিয়েই লওঁ মানে মই ফুৰিব যাওঁ।
: অ'।
: দাদা মই এইযোৰ ল'লো। কেনেকুৱা লাগিছে?
: ধুনীয়া লাগিছে। ৰহহ্ মই পইছাতো দি আহো।
মাখন ৰঙৰ লংপেন্টটোৰ পিছ পকেটৰপৰা পাৰ্চতো উলিয়াই দোকানীজনক পইছাতো দি দিপ আকৌ মানসীৰ ওচৰলৈ আহিল। দোকানখনত মানুহৰ অত্যাধিক সমাগমে এক ব্যস্ততাময় হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল। কণ কণ শিশুৰ পৰা ভৰ যৌৱনা ডেকা-গাভৰু, বৃদ্ধ লোক আদি সমাজৰ সকলো বয়সৰ লোকৰ উপস্থিতিয়ে দোকানখনৰ শোভাবৰ্ধন কৰিছিল। এটা ব্যস্ততাময় জীৱনৰ গ্ৰাসিত নিদাৰুণতাত সেই ক্ষণত তাত থকা প্ৰত্যেকজন ব্যক্তিয়েই বাস কৰিছিল।( Assamese Storyboard )
"সময়ৰ চাল বুজি কৰিবা কাম
তেতিয়াহে পাবা সমাজত সুনাম।"
: দাদা ব'ল সৌ হোটেলখনৰ পৰাই মিঠাই কিনি লওঁ।
: ব'ল।
কথা মতেই কাম। বসুন্ধৰাৰ বক্ষেৰে দুয়ো গৈ হোটেলখনত উপস্থিত হ'লগৈ। তাতো সেই একেই পৰিৱেশ। কাৰোৰে কাৰো প্ৰতি সময় নাই। সম্পূৰ্ণ ব্যস্ত এক সময়। চাৰিওফালে কেৱল ব্যস্ততাৰে ভৰা।
: দাদা কিবা লাগিছিল?
: হয়...... অই ভন্টি কি কি লওঁ?
: আ........ ৰসগোল্লা, কালাগান, নিমকী আৰু ভূজিয়া ল'লেই হ'ল।
: ঠিক আছে........... দাদা এইখিনি দিয়ক।
হ'বলগীয়া মিতিৰৰ ঘৰলৈ সোৱাদত মিঠা মিঠা মিঠাইৰ টোপোলা কেইটা লৈ দুয়োটা পুনৰ গাড়ীত বহিল। আগৰ দৰে গাড়ীখন ষ্টাৰ্ট দি দিপে গাড়ীখন আগুৱাই নিলে।
: ভন্টি তোৰ এইটো নতুন মোবাইল নেকি?
: উমম্ কালি ৰক্তিমে দিছে।
: অ'।
: দাদা গান এটাকে লগা নহ'লে!
: ৰখ।
লগে লগে গাড়ীখনৰ চাউণ্ডবক্সটো বাজি উঠিল--------
"মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তুনা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা।"
=================================
: হেল্ল'......
ৰক্তিমৰ মাকে গিৰিয়েকলৈ ফোন লগালে---
: অ' কোৱা।
: এটা ভাল খবৰ আছে।
: কি কোৱা?
: আমাৰ ৰক্তিমলৈ ছোৱালী এজনী ওলাইছে।
: কি? কি কৈছা তুমি? তুমি নাজানা নেকি সি মে বিবাহিত!
: জানো জানো। কিন্তু সি কিয় বিবাহিত সেইটোও জানো! শুনক এইজনীৰ পৰা মাটিখিনি লৈ তাইক ৰক্তিমে ডিভোৰ্চ দিব। আৰু তাৰ পাছত মই আমাৰ ভন্টিয়ে চোৱা ছোৱালী জনীৰ লগত ৰক্তিমৰ বিয়া পাতি দিম। সিহঁত মানসী হঁততকৈও ধনী মানুহ গম পাইছেনে নাই? একমাত্ৰ ছোৱালী তাই। বাপেকে বেংকত কৰে।
: হ'ব বাৰু যি কৰা কৰিবা। বিয়া পাতা কিবা পাতা পাতি থাকিবা কিন্তু মাটিখিনি আমাৰ নামত হোৱাৰ পিছত বুজিছা নহয়?
: উমম্।
: বাৰু তোমাৰ ভনীয়েৰাই চোৱা ছোৱালীজনীৰ ঘৰ ক'ত?
: লংকাত।
: অ'। ঠিকে আছে দিয়া। এইটো কাম খালি সোনকালে কৰি লোৱা তেতিয়াহে ইটো কাম কৰিব পাৰিবা। নে কি কোৱা?
: হমম্।
: হ'ব দিয়া ৰাখিছোঁ।
: অ' অ' ৰাখক।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment