এদিন দুদিন কৰি ২৮ দিন হ'ল । দুদিন পিছতে আকাশ গুৱাহাটীলৈ আহিব আৰু আহিয়েই তাইৰ ঘৰত আহিব ( Assamese Storyboard )। ইমান দিনৰ পাছত তাক পাব, আগতে এবাৰ আকাশ তাইৰ ঘৰত আহিছিল আৰু তাই ঘৰৰ সকলোৱে তাক ভাল পাইছিল ।
অতি ভদ্ৰ-নম্ৰ । এতিয়া বা সি আগৰ দৰেই হৈ আছে নে ? ঘৰত বাৰু তাক গ্ৰহণ কৰিব নে ? বিভিন্ন চিন্তাই তাইক আৱৰি ধৰিলে । নিজকে সান্তনা দিলে যে সি মাথোঁ তাইৰ হ'ব । সি চাগে আজিয়েই গুৱাহাটী আহিব । বৃষ্টিয়ে তাক ফোন কৰিলে সি উত্তৰ নিদিলে ।
অলপ পিছত সি নিজেই ফোন কৰিলে আৰু বৃষ্টিয়ে ভাৱিব নোৱাৰা কিছুমান কথা ক'লে ।
:: বৃষ্টি, মই গুৱাহাটী নাযাওঁ ।
:: কিন্তু কিয় ? আহিবলৈ নিদিয়ে নেকি অফিচৰ পৰা ?
:: দিছে, কিন্তু মই নাযাওঁ । তুমি মোৰ বাবে পাঁচবছৰ অপেক্ষা কৰিব লাগিব।
:: কিন্তু কিয় নাহা তুমি ?কৈছিলা ন আহিম বুলি ! মই অপেক্ষা কৰিম তোমাৰ বাবে, মাথো এবাৰ মোৰ ঘৰত আহি কৈ যোৱা তুমি মোক নিজৰ কৰি ল'ব খোজা । প্লিজ,,,,!!
:: নাযাওঁ মই, তুমি যদি মোৰ হ'ব খোজা অপেক্ষা কৰিবা ।মোৰ তাত থাকি কাম কৰাৰ মন নাই মই ইয়াতেই সুখী ।
:: কিন্তু আকাশ , মোৰ মা-দেউতাক মই কি উত্তৰ দিম ? যিজনে মোক ভালপায় তেওঁ মোৰ বাবে দুদিনৰ কাৰণে আহিব নোৱাৰিলে..?? মাথোঁ কৈছে তেওঁ মোক নিজৰ কৰি নিব ।
:: মই সেইবোৰ বুজি নাপাওঁ, তোমাৰ যি ইচ্ছা তাকেই কৰা । যদি অপেক্ষা কৰিব নোৱাৰা আনৰ হৈ যোৱা ।
:: আকাশ, শুনাচোন....
( সি ফোনটো কাটি দিলে )
কি হ'ল আজি আকাশৰ ....! আগতে কেতিয়াও তাইক সি তেনেকৈ কোৱা নাছিল... কি ভুল কৰিলে তাই.... কিয় এনেকোৱা কৰিছে সি ....! ফোনটোও অফ কৰি দিলে সি । অভিমানী বৃষ্টিজনীৰ দুচকুৰ পানীৰে দুগাল সেমেকাই তুলিলে । ৰাতি অকলশৰে শুই থকা ছোৱালীজনী আজি মাকৰ ওচৰত শুই পৰিল বিষাদ মনেৰে....। তাই জানে মাকে তাইৰ দুখবোৰ বুজি পাব ।
:: মাজনী ! কি হ'ল আজি মোৰ ওচৰত আহিলা যে..?
:: নাই মা ! তোমাৰ কোলাত মূৰ থৈ এবাৰ শুব মন গৈছে অ'। (উচুপি উঠিল)
:: কি হ'ল অ' তোমাৰ ? কিয় কান্দিছা ? দেউতাই কিবা ক'লে নেকি ?
:: একো হোৱা নাই অ' মা । মই ইমান ডাঙৰ হ'লো নে মা ? আজি মোৰ জন্ম ঘৰখনত মোৰ বাবে অলপ ঠাই ন'হব !
:: কি কৈ আছা অ' মাজনী , কোনে কৈছে তোমাক এইবোৰ, এইখন তোমাৰে ঘৰ ।
:: মা ন'হলে কিয় মোক আনৰ কৰি দিব লৈছা ?
:: মাজনী এইয়া নিয়ম । তোমাক আমি ডাঙৰ কৰিছোঁ আৰু আমিনো কিমান দিন জীয়াই থাকিম , তোমাক যদি ভাল ঘৰ এখন চাই বিয়া দিব পাৰো আমি শান্তি পাম । ( Assamese Storyboard )
:: মই আকাশক ভালপাওঁ মা , মই আনৰ হ'ব নোৱাৰো । তুমি দেউতাক বুজাবা মা ।
:: মই জানো মাজনী , মই দেউতাক কৈছিলোঁ , দেউতাই তাক মাতিছে আৰু আমি সিহঁতৰ ঘৰৰ বিষয়ে একো নজনাকে কেনেকৈ তোমাক দিম কোৱা ? সিহঁতৰ ঘৰৰ মানুহৰ লগত কথা পাতিব লাগিব মাজনী । এইটো তোমাৰ জীৱনৰ সিদ্ধান্ত , চাই চিতি ল'ব লাগিব ।
:: মা , সি ৫ বছৰ পিছতহে আহিব বোলে । তেতিয়ালৈকে মই অপেক্ষা কৰিম মা ।
:: মাজনী পাগল নহ'বা , এতিয়া তোমাৰ বিয়া বয়স , ইমান দিন অপেক্ষা কৰিব নোৱাৰা । সি নাহিলে দেউতাই আনৰ লগত কথা পাতিব । তুমি তাক মাতা মাজনী । তুমি তাৰ লগতে সুখী হ'বা । মোৰ তাত আপত্তি নাই , কিন্তু ইমান দিন অপেক্ষা কৰিব নোৱাৰা ।
:: মা , মই কি কৰো ! দেউতাক কোৱা মা , আকাশ অবিহনে বৃষ্টিৰ কোনো ঠিকনা নাই মা ।
:: তুমি এতিয়া শুৱা মাজনী , মই দেউতাৰাৰ লগত আলোচনা কৰিম ।
আকাশৰ বুকুৰ স্পন্দন শুনি শুই পৰা ছোৱালীজনী মাকৰ বুকুৰ মাজত সৰু ছোৱালীজনী হৈ শুই পৰিল । তাইক তেনেকৈ শুই থকা দেখি মাকৰ দুচকুৱেদি চকুলো বৈ আহিল । এজনীয়ে মাথোঁ ছোৱালী,,, কেনেকৈ বাৰু আনৰ কৰি দিব ! দিবটো লাগিবই । তাই যদি আকাশৰ হ'ব খোজে তাত মাকৰ কোনো আপত্তি নাই । দেউতাকক বুজাব কিন্তু আৰু পাঁচবছৰ গাভৰু ছোৱালী এজনী জানো ৰাখিব পাৰি ! সেই সৰুতে মা পুতলা এটা আনি দিয়া বুলি এনেকৈয়ে তাই শুই পৰিছিল কান্দি কান্দি মাকৰ বুকুৰ মাজত । আজি তাই ডাঙৰ হ'ল সচাঁই,,,, নিজৰ ভালপোৱাজনক আনি দিবৰ বাবে কান্দিছে । আকাশে বাৰু কিয় পাঁচ বছৰ ৰবলৈ কৈছে ? সি বাৰু মাজনীক ভাল নাপায় নেকি ?দেউতাকক বাৰু এতিয়া কেনেকৈ বুজাব ? বৃষ্টিৰ মূৰত মৰমেৰে হাত বুলাই মাকও তাইৰ কাষতে শুই পৰিল ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/2021/08/assamese-storyboard_22.html?m=1
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( Assamese Storyboard )
(আগলৈ)....
ভাল লাগিলে share কৰিব ।।
ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব ।।
✍ জ্ঞান জ্যোতি গগৈ (ধেমাজি)
( ৰৈ যোৱা ভুলৰ বাবে ক্ষমা কৰিব । )
ভাল লাগিলে Share কৰিব ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment