"সুপ্ত মনত আজি অতীতৰ
জাগ্ৰত ছবি,
নিশাৰ গহ্বৰত আশাৰ এটি
অন্তিম চাকি"
তাই ড্ৰেচিং কৰাৰ পিছত মাকে বস্তুবোৰ লৈ গ'ল। বিচনাখনৰ পৰা উঠি তাই ধীৰে-সুস্থিৰে গৈ সৰুৰেপৰা পঢ়া টেবুলখনৰ চকীখনত বহিলগৈ( Assamese Storyboard )। টেবুলখনৰ সন্মুখতে এখন খিৰিকী আছে তাই সেইখন খুলি দিলে, টানি দিলে খিৰিকীত লাগি থকা নীলা ৰঙৰ দীঘল পৰ্দাখন। এটা-এটাকৈ চুই চালে টেবুলখনৰ ওপৰত থকা প্ৰতিটো বস্তুক। কাৰণ প্ৰতিটো বস্তুতে জড়িত হৈ আছে তাইৰ শৈশৱৰ, কৈশোৰৰ আৰু যৌৱনৰ এগালমান স্মৃতি। সেই গণেশৰ মূৰ্তিটো, যিটো মূৰ্তিৰ আগত তাই সদায় পৰীক্ষা দিয়াৰ আগত ধূপ জ্বলাই কৈছিল --- " হে গণপতি বাপ্পা, এইবাৰ মোক যেনেতেনে পাছ কৰাই দিবা আৰু পিছৰ বছৰ আৰু ভালকৈ পঢ়িম।" যদিও তাই পঢ়া -শুনাত ভাল আছিল তথাপিও আৰু সকলো শিক্ষাৰ্থীৰ দৰে তাইৰ মনতো পৰীক্ষাক লৈ এটা ভয় আছিল। নাথাকিবনো কিয়? তাই মাষ্টৰৰ জীয়েক নহয় জানো, কম নম্বৰ পালে সুদাই এৰিব নেকি ঘৰত?
তাৰ পিছত তাইৰ কোমল হাতৰ স্পৰ্শ পৰিল তাইৰ বেঙুনীয়া ৰঙৰ কম্পাছটোত। কম্পাছটো লাহেকৈ খুলিয়েই তাই দেখিলে হিয়াৰ মৰমেৰে সোণালী আখৰেৰে জিলিকি থকা ৰক্তিমে তাইলৈ লিখা একমাত্ৰ চিঠিখন। যদিও সিহঁতে অনলাইন বা মেচেজ যোগে চিনাকি তথা কথা পাতিছিল তথাপিও এদিন ৰক্তিমে তাইক এই চিঠিখন দিছিল আৰু কৈছিল -----
" আমি এতিয়াৰ যুগৰ প্ৰেমিক-প্ৰেমিকা হ'লো বুলিয়েই চিঠি লিখিব নোৱাৰিম বুলি ক'ৰবাত লিখা আছে নেকি?"
চিঠিখন লৈ তাই যে তামাম হাঁহিছিল আৰু কৈছিল -- "নাই নাই ক'তো লিখা নাই। ঠিক আছে দিয়া চিঠিখন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। বাৰু কি লিখিছা পঢ়ি চাওঁ ৰ'বা।"
" হেই পাগলী হ'লা নেকি? চিঠি কিবা এনেকৈ মাজ ৰাস্তাত পঢ়ে নেকি?তাতে আকৌ প্ৰেমৰ চিঠি। অকণো লাজ-কাজ নাই দেই তোমাৰ। ঘৰলৈ গৈ ভালকৈ পঢ়িবা।"
লাহে লাহে কম্পাছটোৰ ভিতৰৰপৰা চিঠিখন উলিয়াই তাই আলফুলে চিঠিখনৰ ভাঁজবোৰ খুলিলে।
মৰমৰ ০১/০৬/২০২০
মানসী,
হিয়াৰ এবুকু মৰম তোমালৈ যাচিলোঁ। আশাকৰোঁ তুমি ভালে আছা। আমাৰ প্ৰেম অনলাইন যদিও অফলাইন বুলিওতো কিবা এটা আছে। সেয়েহে হিয়াৰ নিযুত মৰমেৰে তোমালৈ চিঠিখন লিখিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীলৈ এনেকৈ চিঠি লিখিছোঁ তাকো লুকাই-চুৰকৈ, মায়ে গম পালে মোৰ পিঠিত বেন বাজিব। আগতে স্কুলৰ পৰীক্ষাত লিখিছিলোঁ যদিও সেইয়া নম্বৰৰ বাবেহে কিয়নো তেতিয়া মই চিঠিৰ অৰ্থ বুজি পোৱা নাছিলো। বাৰু সেইবোৰ বাদ দিয়া।
এইখন আমাৰ প্ৰেমৰ প্ৰথমখন চিঠি। কি লিখো একো ভাবিয়েই পোৱা নাই। চিঠিখন লিখাৰ মূল কাৰণ হ'ল আমাৰ যেতিয়া ল'ৰা-ছোৱালী হ'ব তেতিয়া যদি সিহঁতে আমাক সোধে আমি চিঠি লিখিছিলোঁ নে নাই তেতিয়া সিহঁতক দেখুৱাব লাগিব নহয়। কাৰণ মেচেজবোৰতো সদায় নাথাকে আৰু। আচলতে মই এইবোৰত বেছি পাকৈত নহয় তথাপিও তোমাৰ বাবে কিবা এটা লিখিবলৈ চেষ্টা কৰিছোঁ আৰু।
"আজি মোৰ হিয়াত বৈ আছে তোমাৰ নামৰ প্ৰেমৰ
আকাশীগংগা
আশাৰ পাপৰিত ফুল হৈ ফুলি আছা তুমি।
চেতনাৰ পৰিধিৰ দূৰ-দিগন্তলৈ আছে,
মাথোঁ তোমাৰ নামৰ সাকোঁ।
আৰু সেই সাকোঁৰ অসীম গহ্বৰত এদিন,
আমি হ'ম তুমি আৰু মই।
নতুনকৈ কৰিছোঁ জীৱনটো পাতনি,
দিবানে মোক সহাঁৰি?
আৰু হ'বা জানো লগৰী?"
নীলা নীলা চকুৰে মোৰ মন সৰগত থকা অপেশ্বৰীজনীৰ বাৰু মোৰ কবিতাটো কেনেকুৱা লাগিল? জনাবা কিন্তু! বাকী মোৰ আৰু আমাৰ ঘৰৰ সকলোৰে ভাল। তোমাৰ ঘৰতটো সকলোৰে ভালেই কাৰণ য'ত তুমি থাকা তাত বেয়া হ'ব পাৰে নেকি কিবা? ( Assamese Storyboard )
আজিলৈ আৰু বিশেষ নাই। কিনো লিখিম আৰু মোৰ মানুহজনীলৈ ভাষায়ে নাই পাই।
ইতি
তোমাৰ ৰক্তিম
চিঠিখন পঢ়ি তাইৰ জলশিক্ত অশ্ৰুৰ বন্যা নিগৰিবলৈ ধৰিলে। চিঠিখন পঢ়ি ভালকৈ জপাই থৈ কম্পাছটোত ভৰাই আকৌ মানসীয়ে কম্পাছটো ভালকৈ থৈ দিলে। মন সাগৰৰ সিপাৰে থকা দূৰ স্বপ্নাতুৰ আলোকেৰে সুসজিত নাঁৱখনত আজি মানসী অকলশৰীয়া যাত্ৰী। পৰ্দাখন মেলি থোৱাৰ বাবে ক'ৰপৰা জানো জোনাকী পৰুৱা আহি কোঠাটোত প্ৰৱেশ কৰিলেহি? লাহেকৈ লাইটৰ চুইটচকেইটা হাতেৰে তাই অফ কৰি দিলে। লাইটৰ পোহৰ নোহোৱাকৈয়ে প্ৰকৃতিৰ দুটি অনবদ্য উপহাৰ জোন আৰু জোনাকীয়ে তাইৰ কোঠাতো পোহৰাই তুলিলে। সচাঁকৈয়ে জনসমুদ্ৰত থকা মানুহে এনেই নকয় "প্ৰকৃতি বৰ অনুপম" বুলি। প্ৰকৃতিৰ সচাঁ পোহৰ আজিহে মানসীয়ে ভালদৰে উপলব্ধি কৰিলে। আকাশত থকা জোন- তৰাবোৰে যেন তাইক দুহাত মেলি সিহঁতৰ কাষলৈ মাতিছে তাইৰ এনে লাগিল। নিস্তব্ধ নিশব্দ কোঠাটিত অকলশৰীয়া মানসীয়ে উপভোগ কৰিলে তৰা আৰু জোনৰ লুকাভাকু আৰু নৃত্য। আৰু তাৰ বিচাৰক হিচাপে চাৰিওফালে উৰি ফুৰা জোনাকী পৰুৱা জাকে কোঠাটিলৈ নমাই ইনিলে এখনি কল্পনাৰ সৰগ।
টেবুলখনৰ কাষৰপৰা উঠি আহি তাই পুনৰ বিচনাখনৰ ওচৰ পালেহি। বগা ৰঙৰ কভাৰ লগোৱা তাইৰ প্ৰিয় গাৰুটোক বুকুৰ মাজত সুমুৱাই লৈ বিচনাতে বাগৰ দিলে। অলপ পিছতে তাইৰ মাকে তাইলৈ তাই ভালপোৱা পায়স অলপ লৈ আনি লাইটতো জ্বলাই দি মাত দিলে।
: কি হ'ল মুনু? এনেকৈ আন্ধাৰে-মুন্ধাৰে কি কৰি আছা? গাটো বেয়া লাগিছে নেকি?
: নাই লগা মা, এনেই এনেকৈ আছোঁ।
: উঠা আৰু এইখিনি খাই লোৱা। দিনটো তুমি একোৱেই খোৱা নাই নহয়।
: কি?
: পায়স।
নামটো শুনিয়েই তাইৰ জিভাৰ পানী পৰি গ'ল। বহুত ভাল পায় তাই পায়স তথা মিঠাজাতীয় বস্তু খাই। কিন্তু বিয়াৰ পিছত আজিলৈকে তাই সেইখন ঘৰত নিজৰ পছন্দৰ একো বস্তু খাইয়ে নাপালে। লাহে লাহে তাই তাইৰ ভালপোৱা সকলোবোৰ বস্তুক আওকাণ কৰিবলৈ ধৰিলে। তাই ভালপোৱা কিবা এটা বস্তু বনাবলৈ ধৰিলেই শাহুয়েকে কয় --- "মাৰৰ ঘৰৰ পৰা লাখে লাখে টকা আনি থৈছ' যে। মোৰ ল'ৰাটোৰ মূৰটো খাই হেপাঁহ পলুৱা নাই তোৰ হা। শুন এইখন ঘৰ তোৰ মতে নচলে। তই যি ভাল পাৱ' সেইয়া আমি নাখাওঁ। আমি যি ভালপাওঁ সেইয়াহে তই খাব লাগিব।" ইমানখিনি শুনাৰ পিছত কাৰোবাৰ কিবা খাবলৈ ইচ্ছা যাব নেকি বাৰু?
: তুমি বনাইছা নেকি?
: নাই, ক'তনো সময় পাইছোঁ মই। শইকীয়া খুড়াৰ ল'ৰাটোৰ আজি জন্মদিন আছিল, সেয়ে খুড়ীয়ে আহি দি গ'লহি।
: অ'।
: সোনকালে খাই লোৱা। দাদা আহি পাবই এতিয়া।
: কি দাদা আহিছে? ক'ৰ পালেহি সি?
: মেইন ৰাস্তা সাৰি আহিল পাবহিয়ে এতিয়া, তুমি সোনকালে খাই লোৱা।
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment