এগৰাকী বোৱাৰীৰৰ মনৰ কথা : Assamese Story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

এগৰাকী বোৱাৰীৰৰ মনৰ কথা : Assamese Story

Assamese Story

দুৱৰি, ইমান কি কামত ব্যস্ত হৈ থাকা! পাপাৰ ইমান গা বেয়া হৈছিল, তথাপিটো তুমি তেঁওক হস্পিটাললৈ লৈ নগলাAssamese Story ) ! তোমাৰ ওচৰত সময় নাছিল যদি মোক কোৱা হলে হয়। মই অফিচৰ পৰা চুটি লৈ আহিলো হয়। তোমাৰ মা দেউতাই এয়াকে শিকাই পঠাইছে নি, যে, ঘৰৰ ডাঙৰৰ সেৱা কৰিব নালাগে বুলি! কোনোবা অসুস্থ হলে, তেওঁৰ সেৱা কৰাৰ সলনি বজাৰলৈ বজাৰ কৰিবলৈ গুচি যাোৱা! কি তুমি মোৰ মা দেউতাৰ বেয়া হোৱাটো বিচাৰা! - মৃন্ময়ে একে উশাহতে সকলো কয় গৈ আছিল।


কিন্তু,……

কিন্তু, আৰু একো নাই। মই আৰু একো নাজানো। আজি তুমি যি কৰিলা, সেয়া শুদ্ধ নকৰিলা। এতিয়া মই অফিচৰ পৰা আহি পালত, পাপায়ে সকলো কথা কলে, তুমি তেওঁক ফোন কৰিবলৈকো নিদিলা। 

কিন্তু……

 কি কিন্তু, কিন্তু কয় আছা। তোমাৰ ওচৰত ইয়াৰ কোনো উত্তৰ হলেহে দিবা। নাজানিছো আৰু, আজিকালি ছোৱালীবোৰৰ কি হয় গল!

নিজৰ স্বামীৰ এনে কথা শুনি দুৱৰি আচৰিত হৈ পৰিল। মৃন্ময়ে প্ৰায়ে এনে কৰিছিল। কিন্তু আজি দুৱৰিৰ ধৈর্য্য বান্ধোন ডাল চিঙি গল। আৰু তাই কলে-

 হল নে,আৰু কিবা কবলৈ বাকী আছে!এতিয়া তোমাৰখিনি কলা,এতিয়া মই কওঁ শুনা,দুৱৰিয়ে অলপ খং কৰিয়ে কলে,বোৱাৰী হলো বুলিয়ে কি,শাহু শহুৰৰ বেয়াটো চিন্তা কৰিম নি! মা দেউতাটো তেওঁ মোৰো হয়।এয়া চোৱা,মোবাইলত,দেউতাৰ যোৱা কালিৰ ৰিপোৰ্ট আহিলে। দেউতাৰ বিশেষ একো হোৱা নাই।কেৱল অলপমান কলেষ্টৰ'ল বাঢ়ি আছে।ডাক্টৰৰ লগত মই কথা পাতিছিলো। ডক্টৰে কলে, দেউতাৰ ঔষধৰ প্ৰয়োজন নাই, ব্যায়মৰ হে প্ৰয়োজন। আৰু ইমান ঠাণ্ডা বতৰত মই তেওঁক পুৱা উঠি ব্যায়াম কৰিবলৈ কলে, তেতিয়া তেওঁ আৰু তুমি দুয়োয়ে মনা কৰি দিবা। সেয়ে মই বজাৰলৈ গৈ দেউতাৰ বাবে এই ব্যায়মৰ মেচিনটো আনিলোগে। পুৱা সদায়ে ঘৰতে, খোজ কাঢ়িলে, আৰু ইয়াত ব্যায়াম কৰিলে, তেওঁৰ কলেষ্টৰলো কম হব আৰু দেউতা সুস্থ হৈ পৰিব।Assamese Story ) 


 মোবাইল তেওঁ ভালদৰে ব্যৱহাৰ কৰিব নাজানে। দেউতাক এই কথাকে বিশ্বাস দিয়াবলৈ টান হৈছিল যে, তেওঁৰ ডাক্টৰৰ ৰিপোৰ্ট মোবাইলত আহিলে বুলি। তেওঁ  আকৌ ডাক্টৰৰ ওচৰলৈ গৈ ৰিপোৰ্ট আনিবলৈ যায়। সেইবাবে তেওঁ মোক কয় আছিল। মই নিজে নাযাও বুলিলো আৰু তোমালৈও ফোন কৰিবলৈ নিদিলো। দেউতাই সেই কথাকে লৈ খং কৰি আছে। অ, এতিয়া কোৱা, মই কিবা ভুল কৰিলো নি! যদিও তুমি ভাৱা মোৰ ভুল হৈছে, তেনেহলে মোক ক্ষমা কৰি দিবা। 

অ, নহয়, দুৱৰি, মই প্ৰথমৰ পৰাই লাজতে মূৰ তল কৰি ৰৈছো। মোৰো জানো কি হৈ গল, তোমাক সন্দেহ কৰিলো। আজি ইমান বছৰে, তুমি মা দেউতাক কৰা সেৱাক মই কিছু ক্ষণতে পাহৰি ৰলো। তুমি মোক ক্ষমা কৰি দিবা। নালাগে, তোমাৰ ক্ষমাৰ মোৰ কোনো প্ৰয়োজন নাই। যদি কিবা কৰিব বিচাৰা, তেনেহলে দেউতাক ব্যায়াম কৰিবলৈ মান্তি কৰোৱা। ব্যায়াম দেউতাৰ বাবে বৰ দৰকাৰী। 


বন্ধু বান্ধৱীসকল ঘৰখনত কিছু কথা হলে, বোৱাৰীজনীকে প্রথম দুখ দিয়া হয়। সমাজখনে এই কথা বুজিবলৈ বহুত সময় লাগে যে, বিয়াৰ পাছত শহুৰৰ ঘৰখনে বোৱাৰীজনীকে নিজৰ ঘৰ হৈ পৰে।

Assamese Story

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

 Assamese Story ) 

Assamese Story

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

1 comment:

Advertisement

Pages