বিয়াৰ প্ৰথম নিশাৰ এই ধেমালী,দৰাৰ চিৰ দিনৰ বাবে মনত থাকিব : Assamese Story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

বিয়াৰ প্ৰথম নিশাৰ এই ধেমালী,দৰাৰ চিৰ দিনৰ বাবে মনত থাকিব : Assamese Story

 

Assamese Story

আজি জয়ন্ত আৰু পূজাৰ বিয়াৰ দিন আছিল। জয়ন্ত বিয়াৰ হোমৰ গুড়িত বহি পূজালৈ বাট চাই ৰৈছিল। Assamese Story ) 

কিছু সময়ৰ পাছত পুৰুহিতে হোমৰ কাষলৈ কইনাক ওলিয়াই আনিবলৈ কলে। তেতিয়া জয়ন্তই অশান্ত মনেৰে সেইফালে চাই ৰল, যি ফালৰপৰা কইনা ওলাই আহিব। কিছু সময়ৰ পাছত পূজা নিজৰ সখীসকলৰ মাজত কইনাৰ বগা ৰঙৰ পাটৰ সাজত লাজ কৰি বিয়াৰ হোমৰ গুড়িলৈ আহিছিল। যেতিয়া তাই জয়ন্তৰ কাষতে বহিল, তেতিয়া যেন জয়ন্ত আনন্দ বতাহতে উৰি ফুৰিল। জয়ন্তই নিজৰ কইনাজনীৰ পৰা দৃষ্টি আঁতৰাবই পৰা নাছিল। প্ৰৱিত্ৰ অগ্নিৰ সন্মুখত মন্ত্ৰ উচ্চাৰণৰ মাজেৰে লাহে লাহে দুয়ো, এজনে আনজনৰ হৈ গৈ আছিল। এই শুভ ক্ষণ তাহাঁত দুটাৰ সদায়ে মনত ৰাখিবলগীয়া সময় আছিল। কাৰণ এই ক্ষণ তাহাঁতৰ জীৱনলৈ আৰু কেতিয়াও পুনৰাই নাহে। সেইবাবে দুয়োয়ে সেই প্ৰৱিত্ৰ সময়কন আনন্দৰে উপভোগ কৰিছিল। চাওঁতে চাওঁতে সুখে আনন্দৰে বিয়া সম্পন্ন হল আৰু পূজা বিদায় হৈ শহুৰৰ ঘৰ আহি পালেহি।


পূজাৰ নতুন ঘৰখন পৰিপূৰ্ণ যৌথ পৰিয়াল আছিল। পূজাৰ শাহুমাক, লিলাই, এজন এজন সদস্যৰ লগত বোৱাৰীক চিনাকি কৰায় দিছিল। আৰু পূজাই তললৈ মূৰ কৰি ডাঙৰৰ ভৰি চুই সেৱা কৰিছিল। যাৰ বাবে ভৰি চুই চুই তাইৰ ককাঁল থৰঙা হৈ পৰিছিল। কিন্তু তাৰমাজটো কণ কণ লৰা ছোৱালীৰ হাঁহিৰে তাইৰ মন ভৰি পৰিছিল। আৰু মাজে মাজে নন্দেক আৰু নবৌয়েকৰ হাঁহি আৰু কথায় তাইৰ মনটো কোলকোলাই গৈছিল। পূজাৰ সমস্যা আৰু ভাগৰুৱা দেহাক দেখা পায়, তাইৰ শাহুমাকে কিছু সময়ৰ পাছত তাইক আৰাম কৰিবলৈ ৰূমলৈ পথিয়াই দিছিল। পূজাই নিজৰ ককাঁলটো পোন কৰি ভাৱিছিলে, কিমান মৰমৰ পৰিয়াল হয়, যত নতুন কইনাজনীৰ সমস্যাক দেখা পায় তাইৰ শাহুমাকে অনুভৱ কৰিব পাৰি, তাইক আৰাম কৰিবলৈ ৰূমলৈ পথিয়াই দিলে। আৰু আনফালে জয়ন্তৰ প্রথম নিশাক লৈ বহুতো সপোন আছিল ।ফুলশয্যাৰ কথা ভাবি সি দুদিন ধৰি ভালদৰে টুপনি যাব পৰা নাছিল। আৰু আজি তাৰ চকুত মিলনৰ কত যে সপোন আছিল। ফুলৰ সুগন্ধ আৰু ৰং বিৰংৰ পোহৰে সম্পূর্ণ ঘৰটো জিলিকি আছিল। আৰু জয়ন্তৰ মনটো এটা বেলেগ ৰংৰে ভৰাবলৈ ব্যাকুল হৈ আছিল। যেনে তেনে নিশা গভীৰ হবলৈ ধৰিলে, তেনেদৰে জয়ন্তৰ ৰংবোৰ অধিক হবলৈ ধৰিলে। যে কেতিয়া সি নিজৰ কইনাজনীৰ ওচৰলৈ ৰূমলৈ যাব পাৰিব! 


সেইসময়তে তাৰ ডাঙৰ নবৌয়েক, অংকিতাই তাক চকুৰ ইংগীতেৰে মাতিলে। তেতিয়া তাৰ মনৰ শুই থকা সপোন পুনৰ সাৰ পায় উঠিল। সি একেজাপে নবৌয়েকেৰ কাষ পালেহি। তেতিয়া তাৰ নবৌয়েকে কলে, 

অ দেৱৰ যি, কি এতিয়া আজি ৰাতি ইয়াতে বহি বন্ধু বৰ্গৰ লগত কথা পাতি থাকিবা! যোৱা, নিজৰ ৰূমলৈ যোৱা। দেওৰাণীয়ে অপেক্ষা কৰি আছে চাগৈ! জয়ন্তই হাঁহি মাৰি আগবাঢ়িব লওঁতে, নবৌয়েকে তাক বাধা দি কলে, এতিয়াই নো ইমান সোনকাল কিয়! মোৰ বস্তুটো কত! আপুনি মোলৈ একো উপহাৰ নাই অনা নি!

জয়ন্তই মূৰটো খজুৱাই লৈ কলে, নবৌ, উপহাৰৰ কথা আমি কাইলৈ পুৱা পাতিব নোঁৱাৰিম নে! এতিয়া মোক ৰূমলৈ যাব দিয়ক না! মোৰ বহুত এলাহ লাগিছে। 

নবৌয়েকে ধেমালি সুৰেৰে কলে, মই ভালদৰে জানিছো, আপোনাৰ কেনে এলাহ লাগিছে! পোনে পোনে উপহাৰৰ ওলিয়াই মোৰ হাতত দিয়া, তাৰপিছত যোৱা তুমি তোমাৰ নিজৰ ৰূমলৈ। তেতিয়া তোমাক কোনে বাধা দিব! 

জয়ন্তই হাঁহি মাৰি সুধিলে, কি লাগিব আপোনাক! 

নবৌয়েকে কলে, মই কি… উপহাৰ বিচাৰি লম নি! সেয়াটো অন্তৰেৰে দিয়া বস্তু। 

জয়ন্তই মুখ খন ফুলাই কলে, আৰু অন্তৰে তাকে নকয় যদি!

নবৌয়েকে মিছা খং দেখুৱাই চকু ডাঙৰ কৰি কলে, এয়া আকৌ কেনে কথা হল! এয়াটো সকলোবোৰ তোমাৰ বাহানা হয়। 


জয়ন্তই লাহে কৰি কলে, অ নবৌ মই উপহাৰ আনিবলৈ পাহৰি গলো। এতিয়া কি কৰোঁ! 

নবৌয়েকে হাঁহি মাৰি কলে, এতিয়া যেতিয়া সকলোৱে মোক সুধিব যে, দেওৰে কি দিলে, তেতিয়া মই সকলোকে কি উত্তৰ দিম! উপহাৰটো তুমি দিবই লাগিব! জয়ন্তই হাঁহি মাৰি কুৰ্তাৰ জেপৰ পৰা এটা সৰু বাকচ ওলিয়াই নবৌয়েকেৰ হাতত দিলে।অংকিতাই হাঁহি মাৰি কলে, অ মানে তুমি উপহাৰ আনিছিলা। তথাপিটো ইমান সময়লৈকে মোৰ লগত ধেমালি কৰি আছিলা! 

জয়ন্তই হাঁহি মাৰি কলে, অ, মোৰ মৰমৰ নবৌ, ধেমালি কৰাটো মোৰ অধিকাৰ আছে।  Assamese Story ) 

নবৌয়েকে ষ্টাইলত হাঁহি মাৰি কলে, চাই লোৱা দেৱৰ, তোমাৰ এই ধেমালি, তোমাৰ ওপৰতে যাতে ওলোটাই নপৰে। এনে কয়ে, অংকিতাই হাঁহি মাৰি তাৰপৰা আঁতৰি গলগৈ। আৰু মুখত হাঁহি লৈ, জয়ন্ত নিজৰ ৰূমলৈ আগবাঢ়ি গল। সি যেতিয়াই ৰূমত গৈ পালেগৈ, তেতিয়া সি দেখা পালে, তাৰ ন কইনাজনী বগা পাটৰ সাঁজত, দীঘল ওৰণি লৈ বিচনাত বহি আছিল। সম্পূর্ণ ৰূমটো ফুলেৰে সজাঁই তুলা হৈছিল। বিচনাখনত ফুলৰ পাহি দিয়া হৈছিল। জয়ন্তই দুৱাৰখন বন্ধ কৰি দিলে। সি প্ৰেমৰ সাগৰত বিলিন হবলৈ অশান্ত হৈ উঠিল। নতুন কইনাৰ যৌৱনৰ সৌন্দর্য্যৰ মৰম পাবলৈ সি ব্যাকুল হৈ পৰিল। তাৰ শৰীৰটোৱে মৰম পাবলৈ প্ৰস্তুত হৈ উঠিল। সি আগলৈ আহি কইনাৰ ওচৰত বিচনাখনত বহোতেই, কিন্তু এয়া কি ?


বিচনাখনত বহোতেই, বিচনাচাদৰৰ তলৰপৰা কিছু মাত আহিল। জয়ন্তৰ আচৰিত ধৰণৰ অনুভৱ হল। সি জাপ মাৰি উঠি থিয় হল আৰু জয়ন্তই বিচনা চাদৰ আঁতৰাই দেখা পালে, বিচনা চাদৰ তলত পাপৰ ৰখা হৈছিল। এই সকলোবোৰ দেখা পায় জয়ন্ত আচৰিত হল আৰু জোৰেৰে চিঞঁৰ মাৰি কলে, এয়া কাৰ কাণ্ড! জয়ন্তৰ চিঞঁৰ শুনি, ৰূমৰ বাহিৰৰ পৰা হাঁহিৰ মাত আহিল। জয়ন্তই বেয়া পায় দুৱাৰ খুলিলত, ৰূমৰ বাহিৰত তেতিয়া পৰিয়ালৰ বহু সদস্যই মুখত হাত ৰাখি হাঁহি আছিল। জয়ন্তই খংৰে কিবা কব লওঁতে, তাৰপৰা সকলো হাঁহি মাৰি আঁতৰি গল।জয়ন্তই মুখৰ ভিতৰতে কিবা কয়, পুনৰ দুৱাৰ বন্ধ কৰি দিলে। আৰু পুনৰ ৰূমলৈ সোমাই আহিল। তাৰপাছত অলপ লাজ কৰি নিজৰ ন কইনাজনীক কলে, শুনাচোন, তুমি অলপ সময় তললৈ নামি দিয়াচোন, মই এই সকলোবোৰ ঠিক কৰি দিওঁ। তাৰ কইনাজনীয়ে মৌন হয় দীঘল উৰণি লৈ বিচনাখনৰ তলত, এটা কোণাত থিয় হৈ দিয়ে। জয়ন্তই মনে মনে, এনে ধেমালি কৰা জনক গালি শপনি দি, সকলো পাপৰ আঁতৰাই, সম্পূর্ণ বিচনাখন চফা কৰি দিলে আৰু আলমাৰি পৰা এখন নতুন বিচনা চাদৰ ওলিয়াই, বিচনাখনত পাৰি, সি তাৰ নতুন কইনাজনীক কলে, এতিয়া আহা, বহাহি। এই মোৰ ঘৰৰ সদস্যবোৰো বহুত উৎপতীয়া হয়। চোৱাচোন, তোমাৰ লগতো এয়া কি কৰিছে! তাৰ কইনাজনীয়ে একোকে নকলে, কেৱল মূৰ লৰাই সহযোগ কৰিলে। তাৰ পাছত আকৌ এবাৰ জয়ন্তৰ সপোনবোৰ জাগি উঠিছিল। সি লাহে কৰি পূজাৰ কাষতে বহিল। আৰু তাইৰ বাবে অনা উপহাৰটো ওলিয়াই লৈ কলে, এনেটো তোমাৰ সৌন্দর্য্যৰ আগত, এইটা উপহাৰ সেমেকা হয়, তথাপিটো মোৰ ফালৰ পৰা আমাৰ জীৱনৰ প্ৰথম নিশাৰ, তোমাৰ বাবে এটি সৰু উপহাৰ লৈ আনিছো। আজিৰপৰা আমাৰ জীৱনৰ এক নতুন আৰম্ভণি হব। আৰু মই বহুত ভাগ্যৱান হয়, যি মোক এই বাটত, ইমান ধুনীয়া জীবনসংগী তোমাক পালো। 


জয়ন্তৰ অন্তৰখন হাহাকাৰ কৰি উঠিছিল। সি হাতখন আগবঢ়াই নিজৰ নতুন কইনাজনীক উৰণি আঁতৰাবলৈ বিচাৰিলে। তেতিয়া কইনাই নিজৰ মুখ খন অলপ পিছুৱাই লৈ গল। তাই এনে কৰাত জয়ন্তই ভাৱিলে, অ, তাই মোৰপৰা লাজ কৰিছে। সি হাঁহি মাৰিলে। তাৰপিছত পুনৰ উৰণি আঁতৰাবলৈ চেষ্টা কৰিলে। দুই তিনিবাৰ প্ৰয়াস কৰাৰ পাছত শেষত জয়ন্তই নিজৰ ন কইনাজনীৰ উৰণিখন আঁতৰাই দিলে। কিন্তু এয়া কি! কইনাৰ মুখ খন দেখা পায় সি চক খায় উঠি বহাৰ পৰা উঠি পৰিল আৰু কইনাৰ সাজত তাৰ ভিনিয়েকে জোৰেৰে হাঁহি মাৰি থিয় হৈ দিলে। ভিনিয়েকে লৰালৰিকৈ দুৱাৰ খুলি দিলে আৰু আকৌ এবাৰলৈ জয়ন্তৰ ৰূমটো পৰিয়ালৰ সদস্যৰ দ্বাৰা ভৰি পৰিল। সকলোৱে হাঁহি হাঁহি নিজকে ৰখাব পৰা নাছিল আৰু জয়ন্তৰ মুখ খন  খংত ৰঙা হৈ গৈ আছিল। খংৰ কোবতে তাৰ মুখৰ পৰা একো শব্দকে ওলোৱা নাছিল। 

তেনেতে পাছফালৰ পৰা জয়ন্তৰ মাক আহিল, আৰু জয়ন্তৰ সৰু ভনীয়েকৰ কাণত ধৰি লৈ কলে, এতিয়া হব আৰু। বহুত হৈ গল, হাঁহি ফুৰ্টি! মোৰ জয়ন্তক আৰু আমনি নকৰিবা। আনফালে নতুন কইনাজনীও ভাগৰুৱা হৈ পৰিছে। এতিয়া তাঁহাত দুটাক আৰাম কৰিবলৈ দিয়া। 

মাকক দেখা পায়, সকলোৰে হাঁহি ফুৰ্টি শান্ত হল। আৰু জয়ন্তৰ নবৌয়েকে কলে, অ দেওৰ, তুমি খং নকৰিবা। আমি এতিয়াই তোমাৰ অৰিজিনেল কইনাজনীক লৈ আনিছো। এয়া কয়ে সকলোবোৰ লাহে লাহে কৰি ৰূমৰ পৰা ওলাই আহিল। কিছু সময়ৰ পাছতে জয়ন্তৰ নবৌয়েকে পূজাক ৰূমলৈ লৈ আহিলে। পূজা কইনাৰ সাজত ধাক খায় আছিল। আৰু তাই দীঘল কৰি উৰণি লৈ আছিল। জয়ন্তই, নবৌয়েকৰ ফালে সন্দেহ ভৰা চকুৰে চালে, তেতিয়া নবৌয়েকে খিল খিলাই হাঁহি মাৰি কলে, অ দেৱৰ, এইবাৰ আমি নকলি কইনা নাই অনা! এয়া চাই লোৱা, এনে কয়ে নবৌয়েকে পূজাৰ উৰণিখন আঁতৰাই দিলে। আৰু পূজা লাজ কৰি তললৈ মূৰ কৰিলে। /p>


নবৌয়েকে ন কইনাক ৰূমত থলে আৰু জয়ন্তক জোকাৰি কলে, পুৱা, সোনকালে উঠি যাব আকৌ! তাৰপাছত নিজৰ আচলেৰে মুখত হেচা দি হাঁহি মাৰি ৰূমৰপৰা বাহিৰত ওলাই আহিল। জয়ন্তই বহাৰ পৰা উঠি ৰূমৰ দুৱাৰ বন্ধ কৰি দিলে। সেই হাঁহি ফুৰ্টিৰ মাজত তাৰ মূৰটো একেবাৰে গৰম হৈ পৰিল। কিন্তু ৰূমত পূজাৰ উপস্থিতিয়ে যাদুৰ দৰে কাম কৰিলে, আৰু পুনৰ জয়ন্তই ফুলশয্যাৰ নিশাৰ আনন্দক অনুভৱ কৰিলে। আৰু সি লাহে কৰি পূজাৰ হাতত ধৰি তাইক বিচনাত বহোৱাই দিলে। তাৰপাছত দুয়োয়ে এজনে আনজনৰ উপহাৰ দিলে। আৰু বহুতো কথা পাতিলে। আৰু কথা পাতি থাকোতে, এজনে আনজনত বিলিন হৈ পৰিল, দুয়োয়ে একো গমকে নাপালে। জয়ন্ত আৰু পূজাৰ বাবে সেই নিশা এক স্মৰণীয় নিশা হৈ পৰিছিল।।

Assamese Story

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

 Assamese Story ) 

Assamese Story

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages