কলেজীয়া জিৱনৰ প্ৰেমৰ অন্ত পৰিল এনেদৰে : Assamese Story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 4, 2021

কলেজীয়া জিৱনৰ প্ৰেমৰ অন্ত পৰিল এনেদৰে : Assamese Story

Assamese Story

আকাশখন গোমা হৈ পৰিছিল।"বৰষুণ আহিব চাগে" ৰাজদ্বীপে মনতে ভাৱিলে ।সময় দিনৰ ১১.৩০বাজিছে । দত্তচাৰৰ কেমেষ্ট্ৰি ক্লাছটো কৰিম নকৰিম ভাৱি থাকোতে পাছফালৰ পৰা সুনয়নাই মাত লগালে... ( অসমীয়া প্ৰেম কাহিনী )

:" ৰাজ,দত্তছাৰৰ ক্লাছটো নকৰা নেকি"

:- তাকেহে, আজি একেবাৰে মুড নাই দেখোন ।এহ, নকৰো দিয়া, তুমি কৰাগে, পৰিক্ষালৈ বেছিদিন নাই"

:–"ঠিক আছে,হ’ব দিয়া বুলি" তাই ক্লাছলৈ খোজ ললে ।ৰাজে তাইৰ প্ৰতিটো কামৰ খতিয়ান লয় । সুখ–দুখৰ প্ৰতিটো মূহুৰ্তৰ কথা তাইৰ সতে ছ্যেয়াৰ কৰে । তাৰ এতিয়াও মনত আছে তাইক লগ পোৱা সেই প্ৰথম দিনটোৰ কথা ।

    ক’লেজ আৰম্ভ হোৱাৰ দিনা চিনিয়ৰ কেইজনমানে এজনী ছোৱালীক আগচি ধৰি ৰেগিঙৰ নামত যি এতি প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিছিল । দৃশ্যটো সি নাতিদূৰৰ পৰা লক্ষ্য কৰি আছিল ।হুলস্থুল বাঢ়ি যোৱাত কাষলৈ আহি দেখে,

দীঘল ঢৌ-খেলা চুলিটাৰিৰে,সুগভীৰ দুনয়নৰ, প্ৰথম চাৱনিতে যিকোনো ডেকা ল’ৰাই প্ৰেমত পৰিব খোজা এজনী ছোৱালী ।


"চাওঁক, মোক যাবলৈ দিয়ক" ছোৱালীজনীয়ে বিনীতভাৱে কলে ।

ৰাজদ্বীপে চিনিয়ৰকেইটাৰ স্বভাৱৰ কথা জানে । মদ–ভাং খাই ছোৱালী জোকোৱাৰ বাহিৰে বেলেগ কাম নাই ইহঁতৰ ।

সি আৰু দেৰি নকৰি সিহঁতকেইটাৰ মাজত সোমাই পৰিল ।

"কোন বে তই" তাৰে এজনে কৈ উঠিল ।

" শুনক, প্লিজ তাইক যাবলৈ দিয়ক" ৰাজদ্বীপে নম্ৰভাৱে কলে ।

"ঐ পোৱালী, ছোৱালীৰ আগত হিৰো’গিৰি দেখুৱাইছ নেকি, আমাক চিনি পোৱা নাই" বুলি কৈ আন এজনে তাৰ চাৰ্টৰ ক’লাৰত খামুচি ধৰি গৰজি উঠিল।

"চাল্লা ইয়াক" বুলি ঘোচা এটা শোধাব লওতে ত’তমুহুৰ্ততে ৰাজদ্বীপে ঘোচাটো ব্লক কৰি "বেক কিক্‌" মাৰি বগৰাই দিলে । ৰাজদ্বীপে "মাৰ্চিয়েল আৰ্ট"ৰ প্ৰশিক্ষণ লৈছিল বাবে এই কাইদিয়াটো সি জানিছিল ।

তাৰপিছত সি তাত নৰৈ ছোৱালীজনীৰ হাত এখন ধৰি ক্লাছলৈ বুলি খোজ ললে ।

সেইদিনা সিহঁতৰ প্ৰথম চিনাকী । প্ৰথম চিনাকীতেই ৰাজদ্বীপৰ তাইৰ প্ৰতি ভাল লগা ভাৱ এটা জাগি উঠিছিল । তাইও ৰাজদ্বীপক হয়তো সৎ, সন্মনীয় ল’ৰা বুলি ভাৱি লৈছিল ।

(বন্ধুত্বৰ পাছৰে পৰা ৰাজদ্বীপক সুনয়নায়ে "ৰাজ" বুলি আৰু ৰাজদ্বীপে "নয়না"বুলি মাতে)

"ৰাজ...ৰাজ, কি ভাৱি আছা । ব’লা, যাওঁ" । খকমক‌কৈ ঘুৰি চাই দেখে সুনয়না তাৰ কাষত ৰৈ আছে । কথাবোৰ ভাৱি কেতিয়া যে ক্লাছ শেষ হ’ল সে গমেই নাপালে ।


" বলা" বুলি কৈ কেম্পাছত থকা কৃষ্ণচূড়া গছৰ

তলত বহি থকাৰ পৰা উঠি ঘৰলৈ বুলি দুয়ো খোজ ললে ।

গৈ থাকোতে মাথোঁ এটা কথায়ে ভাৱি গৈ থাকিল, আজি অন্তত যিকোনো প্ৰকাৰে নয়নাক তাৰ মনৰ কথাটো কব ।

তাইৰ অবিহনে সি যে তাৰ জীৱনটোও কল্পনা কৰিব নোৱাৰে কিম্বা সাজিব নোৱাৰে এখনি সপোনৰ কাৰেং ।

"নয়না, ৰ’বাচোন" বুলি ৰাজে মৌনতা ভংগ কৰি মাত লগালে ।

সি পেন্টৰ পকেটৰ পৰা ৰঙা গোলাপ এপাহি উলিয়াই মনত অলপ সাহস গোটাই নয়নাক প্ৰেমৰ প্ৰস্তাৱ দিলে । 

ইফালে নয়নাও ৰাজক মনে মনে ভাল পাই আছিল ,কিন্তু বন্ধুত্বৰ খাতিৰত মনৰ কথা খুলি কোৱা নাছিল ।

আজি ৰাজে প্ৰেমৰ প্ৰস্তাৱটো দিয়াত তাইও খুবেই আনন্দিত হ’ল ।

ৰাজৰ পৰা গোলাপফুল পাহ লৈ মিচিকিয়া হাঁহিৰে মৌন সমৰ্থন আগবঢ়ালে । ৰাজ আজি বহুত সুখী, তাৰ মনে বিচৰা লগৰীজনীক পাই ।

      তাইৰ জন্মদিনটো উদযাপন কৰিছিল "চিকিম"ৰ মায়াময় পৰিৱেশত । সেইদিনা সি তাইক পিন্ধাই দিছিল মৰমৰ চিন স্বৰুপে এযোৰি নূপূৰ । চিকিমৰ গধূলি মায়াসনা পৰিৱেশ, পূৰ্ণিমাৰ জোন আৰু এচাতি শীতল বতাহে চুই গৈছিল সিহঁতক ।

   এটা সময়ত ৰাজে নয়নাক এহাতেৰে টানি কাষলৈ লৈ আহি কৈ  উঠিছিল" কিমান ভালপোৱা তুমি মোক...কোৱানা..."?

তাৰ প্ৰশ্নৰ একো সমিধান নিদি মাথোঁ তাই ৰাজৰ বুকুৰ মাজত সোমাই পৰিছিল।

  সিহঁতলৈ চাই পুৰ্ণিমাৰ জোনেও যেন লাজতে মুখ লুকাইছিল ডাৱৰৰ মাজত । 

      সময়বোৰ পাৰ হৈ গৈ থাকিল ।

বি.এ ৰ শেষ চেমিষ্টাৰৰ পৰিক্ষাৰ দিন চমু চাপিল হি । পঢ়াৰ বোজা বাঢ়ি যোৱা বাবে সিহঁতেও তেনেকে লগ নকৰা হ’ল ।

     শেষৰ পৰিক্ষাৰ দিনা নয়নাই কোৱা কথাখিনিয়ে ৰাজক বাৰুকৈৱে ভৱাই তুলিলে । তাইৰ হেনো বিয়াৰ কথা ওলাইছে ঘৰত ।( অসমীয়া প্ৰেম কাহিনী )

কিন্তু এতিয়া সি কি কৰিব । সময়মতে সি উপাৰ্জনৰ পথ উলিয়াব পাৰিব জানো। যদি নোৱাৰে হয়তো সি নয়নাক হেৰুওৱাব লগা হ’ব পাৰে । কথাবোৰ ভাৱি ৰাজদ্বীপৰ অন্তৰত বিষাদে হেচি ধৰিলে ।


      যথা সময়ত পৰিক্ষাৰ ৰিজাল্ট ওলাল । ৰাজদ্বীপে সুখ্যাতিৰে পাছ কৰি মুম্বাইৰ এটা মাল্টিনেচনেল কোম্পানীত জইন কৰিলে ।এতিয়া সি যিকোনো মূহুৰ্তত নয়নাক নিজৰ কৰি লবলৈ প্ৰস্তুত ।

      তেনেতে ৰাজৰ মোবাইলটো বাজি উঠিল । স্ক্ৰীনত এটা অচিনাকী নম্বৰ । সি ৰিছিভ কৰিলে...

:- "হেল্লো"

: হয়, মই নয়নাৰ বান্ধৱী শেৱালিয়ে কৈছো আপুনি ৰাজদীপ দা হয়নে..."

:"হয়, কোৱাচোন"

:-"কাইলৈ নয়নাৰ বিয়া ।পাৰিলে আপুনি আহিব" কথাখিনি কৈয়ে শেৱালিয়ে ফোনটো  ৰাখিলে ।

কথাখিনি শুনি ৰাজদ্বীপৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল । সি থিয় হৈ থাকিব নোৱাৰি চকীখনত ঢাচকৈ বহি পৰিল । 

  সি জানে নয়নাৰ স্মৃতিয়ে তাক বাৰুকৈয়ে আমনি দি থাকে ।

আন কাৰোবাক বিয়া পাতিলেও হয়তো সি সুখী হ’ব নোৱাৰিব ।

সেইবাবে সি বিয়া নপতাটোৱে থিৰাং কৰিলে ।

          বাল্যবন্ধু ৰাহুলৰ বিয়াৰ নিমন্ত্ৰণমৰ্মে ৰাজদ্বীপে সুদীৰ্ঘ সাত বছৰৰ মূৰত আজি মুম্বাইৰ পৰা ফ্লাইটেৰে নিজ গৃহ অভিমুখে ৰাওঁনা হৈছে । ফ্লাইটেৰে আহি থাকোতে নয়নাৰ কথাবোৰে তাৰ মনত দোলা দি থাকিল । এই সাতটা বছৰে সি এক মুহূৰ্তৰ বাবেও পাহৰিব নোৱাৰিলে তাইৰ কথা ।

    গধূলি ৭ মান বজাত ৰাজদ্বীপে গৈ বিবাহস্থলীত উপস্থিত হয় ।

:ৰাজদ্বীপ, কি খৱৰ তোৰ, ভালে আছ’,

হঠাতে ৰাহুলে তাক দেখা পাই মাত লগালে । ভাল বেয়া দুই এটা কথা পাতি হাতত ধৰি ভিতৰলৈ লৈ ৰাজক বহিব দিলে ।

টেবুলত থকা পেপাৰ এখনত চকু ফুৰাই থাকোতে " চাহ খাওঁক" বুলি কাৰোবাৰ মাত শুনি বাতৰিকাকতখন চাই থকাৰ পৰা চকুহাল ওপৰৰফালে যোৱাত সি আচম্বিত হৈ পৰিল  ।

সি একেথিৰে চাই ৰ’ল অবাকভাৱে ।সপোনতো ভৱা নাছিল এনেকৈয়ে সুনয়নাক ল’গ পাব বুলি ।

তাইও তাক দেখি বিস্মিতভাৱে চাই ৰ’ল । হঠাৎ কাৰোবাৰ শব্দত দুয়োৰে সম্বিৎ ঘুৰি আহিল । ৰাজদ্বীপে ঘুৰি চাই দেখে ৰাহুলে তাৰ কাষত থিয় হৈ আছে । 

: "তাই মোৰ মাহীৰ ছোৱালী সুনয়না, তাই দুদিনমান ইয়াতে থাকিব" ৰাহুলে ৰাজদ্বীপক 

চিনাকী কৰি দিলে । ৰাজদ্বীপ  আচৰিত হ’ল । ৰাহুলে তাক কোনোদিনে কোৱা নাছিল যে তাৰ মাহীয়েকৰ ছোৱালী আছে বুলি ।


দুয়োকে চিনাকী কৰাই দি ৰাহুলে সেই ঠাইৰ পৰা প্ৰস্থান কৰাত নয়নাই থুকাথুকি মাতেৰে ৰাজদ্বীপৰ ফালে চাই কৈ উঠিল...

" তুমি ভালে আছা, তোমাৰ ল’ৰা–ছোৱালীকেইটাৰ.........."

:"তুমি কেনে আছা, মই নিঃসংগতাকে লগৰী কৰি লৈছো" ৰাজে আবেগিকভাৱে কলে ।

তাৰ কথাত হুকহুকাই কান্দি কৈ উঠিল...

"বিয়াৰ সাতদিনৰ পাছতেই আকস্মিকভাৱে............"

: অহ, i am extremely  sorry" সি তাইক সান্তনা দিয়াৰ সুৰত কলে ।

: "বেয়া নোপোৱা যদি এটা প্ৰস্তাৱ তোমাৰ সন্মুখত ৰাখিব বিচাৰো , তুমি মোৰ জীৱন লগৰী হ’বানে " ।

: তুমি কি কৈছা ৰাজ, এয়া অসম্ভৱ । মই এগৰাকী বিবাহিতা নাৰী,সমাজে জানো স্বীকৃতি দিব" নয়নাই আচৰিত হৈ ৰাজক কলে ।

:" তুমি মোক ভুল নুবুজিবা, তোমাৰ অসহায় অৱস্থাটোৰ সুযোগ লব বিচৰা নাই,  মাথোঁ আজিও তোমাক ভালপাওঁ বাবেহে......যিখন সমাজে মানুহৰ মৰম ভালপোৱাৰ সন্মান দিব নোৱাৰে তেনে সমাজৰ কথা মোক নকবা" ৰাজে বুজনিৰ সুৰত কৈ

  আকুলতাভাৱে দুহাত মেলি দিলে...

নয়নাই কান্দি কান্দি ৰাজদ্বীপৰ বুকুৰ মাজত সোমাই পৰিল ,এবুকু সঁচা মৰম পাবলৈ । সিও এবুকু মৰম ঢালি সজোৰে তাইক সাৱটি ধৰিলে ।

          সমাপ্ত

✍️কিশোৰ হালৈ 

নলবাৰী, টিহু

Assamese Story

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

অসমীয়া প্ৰেম কাহিনী )

Assamese Story

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

No comments:

Post a Comment

Advertisement

Pages