কিছু দিনৰ আগতে দেবুয়ে তাৰ পত্নী শিল্পা আৰু ভনীয়েক প্ৰিতী লগত ফুৰিবলৈ গৈছিল। দেবুৰ ভনীয়েক আৰু পত্নী শিল্পা বহুত ভাল বান্ধৱী আছিল ( Assamese Story ) । সেইদিনা দেবুহঁত ঘৰলৈ ঘূৰি আহোঁতে নিশা,বহুত পলম হৈ গৈছিল। আৰু ঘৰলৈ ঘূৰি অহা বাটতে দেবুৰ ভনীয়েক প্ৰিতী বহুত অসুস্থ হৈ পৰিল। প্ৰিতীৰ বহুত ঠাণ্ডা লাগিবলৈ ধৰিলে। দেবুহঁতৰ ঘৰলৈ তেতিয়াও ১০০ কিলোমিটাৰ মান আছিল আৰু বাটত ৰখিবলৈ কোনো ঠাই পোৱা নাছিল। কিছু দূৰ দেবুহঁত অহাৰ পাছত এখন হোটেল দেখা পালে আৰু তাতে ৰৈ প্ৰিতীক আৰাম দিবলৈ শিল্পাই কলে।
সেই হোটেলৰ কাউন্টাৰ যেতিয়া দেবুৱে ৰূমৰ বাবে সুধিলে, তেতিয়া কাউন্টাৰত থকা জনে কলে, হোটেলৰ সকলো ৰূম বৰ্তমান ফুল হৈ আছে, কাৰণ সেই বাটত সেই হোটেলখনে এখন থাকিবলগীয়া হোটেল আছিল। কিন্তু সেই সময়তে হোটেলৰ মেনেজাৰে কলে, এতিয়াও এটা ৰূম খালী হৈ আছে। ৰূম নম্বাৰ ১৩। দেবুহঁতে সেই সময়ত আৰু কোনো কথা চিন্তা নকৰি ৰূমটো লৈ ললে। যেতিয়াই দেবুহঁত ৰূম নম্বাৰ ১৩লৈ গল, তেতিয়া তাহাঁটি এটা কিবা বিপৰীতে শক্তি অনুভৱ কৰিলে। সেই ৰূমটোৰ অৱস্হা ঠিকে আছিল কিন্তু শিল্পাৰ এনে লাগিল, বহু বছৰ ধৰি যেন ৰূমটোলৈ কোনো যোৱা নাই। শিল্পাহঁতে বেছিকৈ আৰু চিন্তা নকৰিলে। দেবুৱে শিল্পাহঁতক ৰূমতে থৈ, সি কাউন্টাৰৰ পৰা, ভনীয়েকলৈ মূৰৰ বিষৰ ঔষধ আনিবলৈ আহিলে। কাউন্টাৰৰ পৰা যেতিয়াই দেবুৱে ঔষধ লৈ ৰূমলৈ গল, তেতিয়া সি দেখা পালে, ভনীয়েক প্ৰীতিয়ে বেলকনিত ৰৈ কাৰোবাৰ লগত কথা পাতি আছিল। দেবুৱে ভাৱিলে, শিল্পা আৰু প্ৰীতিয়ে বেলকনিত ৰৈ কথা পাতি আছে। কিন্তু যেতিয়াই দেবুও বেলকনিলৈ গল, তেতিয়া তাত প্ৰীতিৰ বাহিৰে আৰু আন কোনো নাছিল।
তাকে দেখা পায়, দেবুৱে প্ৰীতিক সুধিলে, তুমি কাৰ লগত কথা পাতি আছা বুলি, তেতিয়া প্ৰীতিয়ে কেৱল মূৰটো লৰালে। তেনেতে শিল্পা বাথৰূমৰ পৰা ওলাই আহিল। তেতিয়া দেবুৱে অলপ ভয় খালে, যদি শিল্পা বাথৰূমৰ আছিল, তেতিয়াহলে প্ৰীতিয়ে কাৰ লগত কথা পাতিছিল! দেবুৱে প্ৰীতিক ঔষধ দিলে, আৰু খায় লৈ শুৱলৈ কলে। সেই নিশা শিল্পা আৰু প্ৰীতি বিচনাত শুলে আৰু দেবু ডাঙৰ চকীখনত শুলে। পুৱা যেতিয়া হোটেলৰ কাম কৰা জনে ৰূম চফা কৰিবলৈ আহিল, তেতিয়া ৰূমৰ দুৱাৰ খোল খায় আছিল। আৰু যেতিয়া হোটেলৰ কাম কৰা জন ভিতৰলৈ আহিল, তেতিয়া সেইজনে দেখা পালে, ৰূমটো তেজেৰে ভৰি আছিল আৰু তেতিয়ালৈকে প্ৰীতিয়ে মৃত্যুক সাৱটি লৈছিল। হোটেলৰ কাম কৰা জনে জোৰেৰে চিঞঁৰিলতহে,তেনেতে দেবুৰ টুপনি ভাঙিল, আৰু তেতিয়া দেবুৱে দেখা পালে, প্ৰীতিয়ে মৃত্যুক সাৱটি লৈছে আৰু শিল্পা মূৰ্চা গৈ মাটিতে পৰি আছে। তেতিয়া দেবুৱে চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিলে আৰু মেনেজাৰ মাতি পথিয়ালে। মেনেজাৰ আহি তৎক্ষনাৎ এম্বুলেঞ্চ মাতিলে আৰু শিল্পা আৰু প্ৰীতি দুয়োকে হস্পিটাললৈ লৈ গল। ( Assamese Story ) >
প্ৰীতিয়েটো মৃত্যুক সাৱটি লৈছিল। কিন্তু কিছু সময়ৰ পাছতে শিল্পাই চকু খুলিলে। যেতিয়াই শিল্পাই চকু খুলিলে, তেতিয়া তাই দেখা পালে, প্ৰীতিক। আৰু প্ৰীতিয়ে শিল্পাক উদ্দ্যেশি কৈছে, "তই মোক মাৰি পেলালি" আৰু এয়া কৈয়ে প্ৰীতি অদৃশ্য হৈ পৰিল।সেয়া শুনি, শিল্পাই বহুত ভয় খালে। কিছু সময়ৰ পাছত যেতিয়া দেবুৱে নিশাৰ সকলো কথাৰ বিষয়ে শিল্পাক সুধিলে, তেতিয়া শিল্পাই কলে, যোৱা নিশা যেতিয়া মই পানী খাবলৈ উঠিছিলো, তেতিয়া দেখা পালো প্ৰীতি পুনৰ বেলকনিত বহি আছিল আৰু কিব কথা পাতি আছিল। মই যেতিয়াই তাইৰ ওচৰলৈ গলো, আৰু তাইক সুধিলো, তাই তাত কি কৰি আছে বুলি, তেতিয়া প্ৰীতিয়ে মোক জোৰেৰে থেলা মাৰি দিলে, আৰু মোৰ মূৰটো বেৰত লাগিলত মই মূৰ্চা হৈ মাটিতে পৰি গলো। আৰু ইয়াৰ বাহিৰে মোৰ আৰু একো মনত নাই। যেতিয়াই শিল্পা হস্পিটালৰ পৰা চুটি পালে, তেতিয়া তাই দেবুৰ লগত সেই হোটেললৈ গল। আৰু দেবু আৰু শিল্পাই কাউন্টাৰত থকা জনক মেনেজাৰক মাতি দিবলৈ কলে। তেতিয়া কাউন্টাৰত থকা জনে দেবুহঁতক কলে, আপোনালোকৰ ঘটা দুৰ্ঘটনাৰ দ্বিতীয় দিনাই মেনেজাৰেও মৃত্যুক সাৱটি ললে। কাউন্টাৰত থকা জনৰ কথা শুনি, দেবু আৰু শিল্পা আচৰিত হৈ পৰিল।
দেবু আৰু শিল্পাই এই বিষয়ে হোটেলত কাম কৰা কৰ্মচাৰী এজনৰ পৰা জানিবলৈ চেষ্টা কৰাত, সেই কৰ্মচাৰী জনে কলে যে, আপোনালোকে যিটো ৰূমত আছিল, সেই ৰূমটো এজন প্ৰেতআত্মাৰ আছিল। আৰু সেই ৰূমত কোনো লোক নাথাকিছিল। কিন্তু মেনেজাৰে পইচাৰ লোভত আপোনাক ৰূমটো দিলে।সেই ৰূমটোত আগতেও ২টা এনে ঘটানা ঘটিছে। এতিয়াহে সকলোবোৰ কথা শিল্পা আৰু দেবুৱে বুজি পালে। এই ঘটনাৰ পাচত দেবু বহুত অসুস্থ হৈ পৰিল আৰু কোনোদিন কোন হোটেলত থাকিবলৈ নগল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Story )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment