ৰাহুল, যি ঘৰৰপৰা দূৰত থাকি পঢ়িবলৈ গৈছিল। ৰাহুলৰ সপোন আছিল যে, সি এদিন এনে কাম কৰিব, যাৰ দ্বাৰা তাক সকলোৱে মনত ৰাখিব। ( Assamese Story )
ৰাহুলে নিজৰ কামৰ দ্বাৰা সকলোৰে আগত চিনাকি দিব বিচাৰিছিল।
সি পইচাৰ লগতে নিজৰ নামতো উজ্বলাব বিচাৰিছিল। ৰাহুলে দৰিদ্ৰ লোকৰ সহায়তা কৰিব বিচাৰিছিল। এদিনাখন ৰাহুলৰ ফেচবুক একাউন্টত এজনী ছোৱালীৰ ফ্ৰেন্দ ৰিকুৱেষ্ট আহিল। সি সেই ছোৱালীজনীৰ ৰিকুৱেষ্ট একচেপ্ট কৰি ললে। তাৰ পাছত দুয়োয়ে ফেচবুকত কথা পাতিবলে ধৰিলে।প্ৰথমে ৰাহুলৰ এনে লাগিল, এইজনী কোনো ছোৱালী নহয় লৰাহে! তেতিয়া ৰাহুলে ছোৱালীজনীক কলে, মোৰ সন্দেহ হৈছে, তুমি ছোৱালী নহয় লৰা বুলি! যদি তুমি ছোৱালী হয়, মই তোমাৰ মাতষাৰ শুনিবলৈ বিচাৰো। মৌলৈ ফোন কৰা, মই তোমাৰ মাত শুনিবলৈ বিচাৰো। ৰাহুলে এনে কোৱাতে, ছোৱালীজনী কিছু সময়ৰ বাবে, অফলাইন হৈ গল। কিন্তু এদিনাখন আচৰিত ভাৱে ছোৱালীজনীয়ে ৰাহুললৈ ফোন কৰিলে। আৰু সুধিলে, মোক চিনি পাইছানে! ৰাহুলে উত্তৰ দিলে, নাইপোৱা। কোন হয় তুমি! ছোৱালীজনীয়ে কলে, মই সেই ছোৱালীজনীয়ে হয়, যাৰ লগত তুমি ফোনত কথা পাতিবলৈ বিচাৰিছিলা। তেতিয়া ৰাহুলে ছোৱালীজনীক চিনি পালে আৰু কলে, অ, তুমি সেই ছোৱালীজনীয়ে হয়। মোক ক্ষমা কৰি দিবা। মই তোমাক এটা লৰা বুলি ভাৱিলো।
ছোৱালীজনীয়ে কলে, কোনো কথা নাই। তাৰপাছত তাহাঁতি পুনৰ ফেচবুকত কথা পাতিবলৈ ধৰিলে। এনেদৰেই ৬মাহ দুয়োৰে কথা বতৰা চলি থাকিল। আৰু দুয়োয়ে এজনে আনজনক বহুত ভালপাবলৈ ধৰিলে। ছোৱালীজনী আনতকৈ কিছু বেলেগ আছিল। তাই নিজৰ পৰিয়ালক লোকৰ লগত আৰু ৰাহুলৰ বাহিৰে অন্য কাৰো লগত কথা নাপাতিছিল। দুয়োয়ে এজনে আনজনক বহুত ভাল পাই পেলালে। কিন্তু মাজে মাজে দুয়োৰে মাজত কাজিয়াও হৈছিল। ছোৱালীজনীয়ে যেতিয়া কিবা ভুল কৰিছিল, তেতিয়া ৰাহুলে তাইক গালি দিছিল আৰু ছোৱালীজনীয়ে তেতিয়া কান্দি দিছিল। তেতিয়া ৰাহুলে তাইক মনাইছিল। ৰাহুলে সদায়ে ছোৱালীজনীক কৈছিল, যদি মোৰ বাবে তোমাৰ কোনো কষ্ট হয়, আৰু মোৰ পৰা দূৰ হলে তুমি সুখী হবা, তেতিয়া তুমি মোৰপৰা আঁতৰাই যাবা। কিন্তু ছোৱালীজনীয়ে সদায়ে কৈছিল, ৰাহুল, মই তোমাৰ লগত থাকিব বিচাৰো। তোমাক এৰি থৈ কেতিয়াও নাযাও। ঠিক এনেদৰে ১বছৰ পাৰ হৈ গল।
সময়ৰ লগে লগে ছোৱালীজনী সলনি হবলৈ ধৰিলে। তাই আনৰ লগত কথা পাতিবলৈ ধৰিলে। কথা লুকুৱাবলৈ ধৰিলে। আৰু মিছা মাতিবলৈ ধৰিলে। ৰাহুলৰ এই সকলোবোৰ একেবাৰে পচন্দ নাছিল। ৰাহুলে কৈছিল, কেতিয়াও মোক মিছা নামাতিবা। কাৰণ কেতিয়াবা যদি মিছা কোৱা, সকলোবোৰ সচাঁৰ দৰে নেলাগে। সেইবাবে তুমি কেতিয়াও মিছা নামাতিবা। কিন্তু ছোৱালীজনী সলনি হৈ পৰিছিল। তাই একো বেয়া নাপাইছিল যে, ৰাহুলে কি ভাৱিব তাইৰ বিষয়ে। ছোৱালীজনীয়ে অন্য লৰা লগত কথা পাতিবলৈ ধৰিলে। ৰাহুলৰ এই এটা ভয় আছিল যে, ছোৱালীজনীক যাতে তাৰপৰা কোনেও আঁতৰাই লৈ নাযায়। কাৰণ ৰাহুলে ছোৱালীজনীক বহুত ভাল পাইছিল। ৰাহুলে তাইক হেৰুৱাব বিচৰা নাছিল। ৰাহুলৰ বাবে সেই ছোৱালীজনী এতিয়া নিজৰ জীৱনতকে অধিক মৰমৰ হৈ পৰিল। লাহে লাহে ছোৱালীজনীয়ে ৰাহুলৰ লগত কমকে কথা পাতিবলৈ ধৰিলে। ছোৱালীজনীৰ পৰিয়ালৰ লোকে ৰাহুলৰ কথা গম পাই গৈছিল। ৰাহুললৈ ছোৱালীজনীক ফোন অহাটো কম হৈ পৰিল। ৰাহুলে তাইক ফোনো কৰিব নোঁৱাৰিছিল, কাৰণ ছোৱালীজনীক নিজৰ ফোন নাছিল, তাই মাকৰ ফোনৰ পৰা ৰাহুলৰ লগত কথা পাতিছিল। ( Assamese Story )
আচৰিত ভাৱে ৰাহুললৈ ছোৱালীজনীৰ ফোন অহা একেবাৰে বন্ধ হৈ পৰিল। এনেদৰে ২মাহ পাৰ হৈ গল। ৰাহুলৰ বহু চিন্তা হল। সেইবাবে সি মনে নিবিচাৰিলেও ছোৱালীজনীলৈ ফোন কৰিলে। ছোৱালীজনীৰ মাকে ফোন ৰিচিভ কৰিলে। ৰাহুলে তেতিয়া মাকক ছোৱালীজনীৰ বিষয়ে সুধিলে আৰু তাহাঁত দুটাৰ বিষয়ে মাকক সকলো কয় দিলে। আৰু কলে, আপুনি আমাৰ দুটাৰ বিয়া কৰোৱাই দিয়ক। মই তাইক বহুত সুখত ৰাখিম। ছোৱালীজনীৰ মাকে কলে, মই তোমাৰ বিয়া তাইৰ লগত কৰোৱাব নোঁৱাৰো। আজিৰেপৰা আৰু ফোন নকৰিবা। বহুত দিনৰ পাছত ছোৱালীজনীয়ে এদিন ৰাহুললৈ ফোন কৰিলে। আৰু কলে, ৰাহুল, তুমি সদায়ে মোক সুখত দেখা পাবলৈ বিচাৰা ন! আৰু তুমি কৈছিলা নহয়, তুমি মোৰ সুখৰ বাবে সকলো কৰিবা বুলি! ৰাহুলে কলে, মই তোমাৰ সদায়ে সুখ হোৱাটো বিচাৰো। কিন্তু এনেকৈ তুমি কিয় সুধিছা! তেতিয়া ছোৱালীজনীয়ে কলে, এতিয়া মোক তোমাৰ আৰু প্ৰয়োজন নাই। মই আৰু তোমাৰ লগত থাকিব নিবিচাৰো। সেইবাবে তুমি মোৰ সুখৰ বাবে তুমি মোক পাহৰি যোৱা। ৰাহুলে কলে, কি হৈছে! তুমি মোক এনেদৰে কিয় কৈছা! যদি মোৰ দ্বাৰা কিবা ভুল হৈছে, তেতিয়া হলে মোক ক্ষমা কৰি দিয়া। কিন্তু মোক এনেদৰে এৰি থৈ নাযাবা। মই তুমি নহলে থাকিব নোঁৱাৰিম।
ছোৱালীজনীয়ে একো নুবুজিলে। ৰাহুলে তেতিয়া কলে,ঠিক আছে, তুমি যদি মোৰপৰা আঁতৰি যাব বিচাৰিছা, তেতিয়া হলে যোৱা। কিন্তু নিজৰ কথা চিন্তা কৰিবা আৰু অচিনাকিৰ লগত কথা নাপাতিবা। কিন্তু যোৱাৰ আগতে মোৰ এটা কাম কৰি দিবানে। মোক ফেচবুকত ব্লক কৰি দিবা। কাৰণ মই যেতিয়াই ফেচবুকত তোমাক দেখা পাম, তেতিয়া মোৰ তোমালৈ বহুত মনত পৰিব। ৰাহুলে পুনৰ ছোৱালীজনীক সুধিলে, মোক এনেদৰে এৰি থৈ যোৱাৰ, কোনো কাৰণ এটাটো কয় থৈ যোৱা। ছোৱালীজনীয়ে কলে, মই কলো নহয়, মোৰ তোমাৰ কোনো প্ৰয়োজন নাই বুলি। ৰাহুল, তুমি যদি মোক সচাঁকৈয়ে ভালপোৱা, তেতিয়া হলে মোক পাহৰি যোৱা। এয়া কয়ে ছোৱালীজনীয়ে ফোনটি কাটি দিলে। ছোৱালীজনীয়ে ৰাহুল ফেচবুকত ব্লক কৰি দিলে। ৰাহুল চিন্তিত হৈ কান্দিবলৈ ধৰিলে। ৰাহুলে নিজৰ পঢ়া শুনা বাদ দি ঘৰলৈ গুচি গল। ৰাহুল বহুত সলনি হৈ গল।
সি এতিয়া কাৰো লগত ভালদৰে কথা নপতা হল। কতো ওলাই নোযোৱা হল। লাহে লাহে সি বেয়া অভ্যাসৰ সংগ হৈ পৰিল। সি নিচা কৰিবলৈ ধৰিলে। আৰু ৰাহুলে দিনে ৰাতিয়ে এয়াকে ভাৱিছিল যে, যি জনী ছোৱালীয়ে তাক ইমান ভালপাইছিল। সেই ছোৱালীজনীয়ে তাক অকলশৰীয়া কৰি কেনেদৰে এৰি থৈ আঁতৰি গল! এইবোৰ কে ভাৱি ৰাহুল পল পল, প্ৰতিপল মৰি মৰি জীয়াই থাকিল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Story )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment